মোদীৰ ভ্ৰমণ

dainik janambhumi September 16, 2025

ডিজিটেল ডেস্ক : ১১ বছৰৰ কাৰ্যকালত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সৰ্বমুঠ ৭৫বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্রমণ কৰিছে (বিজেপি নেতা বি এল সন্তোষৰ তথ্য মতে) যদিও ১৩, ১৪ ছেপ্টেম্বৰ (শনি, দেওবাৰ) ৰ দুদিনীয়া ভ্রমণ আটাইতকৈ উল্লেখযোগ্য, গুৰুত্বপূৰ্ণ আৰু ফলপ্রসূ বুলি ক'ব লাগিব। এই ভ্রমণ কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্যত যিকেইটা কাৰ্যসূচীত অংশগ্রহণ কৰিলে প্রতিটোৰে গুৰুত্ব পৃথক তথা সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পৰা। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰম্ভ হয় মিজোৰামৰ পৰা, য'ত তেওঁ নীলা পাহাৰৰ ঠাই ৰূপে খ্যাত অঞ্চলটোক প্ৰথমবাৰৰ বাবে দেশৰ ৰে'ল মানচিত্ৰৰ সৈতে সংযোজিত কৰে। তিনিখন নতুন ৰে'লগাড়ীৰ যাত্ৰাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে 'ফ্লেগ অফ' কৰে, ইয়াৰে এখন ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, এখন ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু আনখন ছাইৰাং-কলকাতা এক্সপ্রেছ। প্রধানমন্ত্ৰীগৰাকীয়ে উক্ত দিনটোক এক 'ঐতিহাসিক দিন' বুলি অভিহিত কৰে, উত্তৰ-পূবৰ অতি দুর্গম ৰাজ্যখনক ৰে'ল মানচিত্ৰত সংযোজিত কৰিব পৰা সাফল্যৰ বাবে। তেওঁ কয়, 'কেইবছৰমানৰ আগতে তেওঁ যেতিয়া আইজলত উপস্থিত হৈ ৰে'লপথ নির্মাণ-পৰ্বৰ শিলান্যাস কৰিছিল, তেতিয়া অতি জটিল পাহাৰৰ মাজে মাজে ৰে'লপথ নির্মাণ আছিল এক সাংঘাতিক প্রত্যাহ্বান, কিন্তু আজি (১৩ ছেপ্টেম্বৰত) ইয়েই বাস্তৱ হৈ উঠিল।' আক্ষৰিক অর্থতেই এইটো এটা সাংঘাতিক প্রত্যাহ্বান আছিল এইবাবেই যে বৈৰাবী-ছাইৰাঙৰ মাজৰ ৫১.৩৮ কিঃমিঃ দীঘল ৰে'লপথছোৱা সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মাণ কৰিব লগা হৈছিল ৪৮টা সুৰংগ আৰু ৫৫খন প্রধান দলং। ইয়াৰে ১৪৪ নং দলংখন 'আইকনিক' বুলি চিহ্নিত হৈছে এইবাবেই যে এইখন কুতুবমিনাৰতকৈ ওখ। এই ভ্রমণত প্রধানমন্ত্রীয়ে মিজোৰামত ৯ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে, যিটো মিজোৰামৰ ইতিহাসৰ বিৰল অধ্যায় বুলি গণ্য হৈছে। 

প্রধানতঃ ৰে'ল আৰু পথ যোগাযোগ-কেন্দ্রিক এই প্রকল্পসমূহে লাহে লাহে শৈক্ষিক আৰু চিকিৎসাৰ ক্ষেত্ৰত লক্ষণীয় উন্নতি কৰা, পৰ্যটনৰো যথেষ্ট অৱকাশ থকা ৰাজ্যখনত যথেষ্ট ইতিবাচক প্রভাৱ পেলাব। প্রধানমন্ত্রীয়ে ভাষণত কয় যে মিজোৰাম এখন সৰু ৰাজ্য, ইয়াৰ ৰাজনৈতিক গুৰুত্ব নাই, সেই কাৰণে পূৰ্বৰ চৰকাৰে ইয়াৰ বিকাশত গুৰুত্ব দিয়া নাছিল, কিন্তু এতিয়া মিজোৰাম ভাৰতৰ বিকাশৰ অন্যতম অংশীদাৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ দ্বিতীয় স্থান আছিল ভাতৃঘাতী সংঘাতত জৰ্জৰিত মণিপুৰ। ২০২৩ চনত মেইটেই-কুকিৰ সংঘৰ্ষই ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰা মণিপুৰত যোৱা দুটা বছৰত প্রধানমন্ত্রীয়ে পদার্পণ নকৰাটো এটা ৰাজনৈতিক 'ইছ্যু' হৈ পৰিছিল। ইয়াৰ বাবে সংসদৰ মজিয়াতো বিৰোধীৰ তীব্র বাক্যবাণৰ সন্মুখীন হ'ব লগীয়া হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। দুবছৰৰ মূৰত গ্ৰহণ কৰা ৰাজ্যখনৰ ভ্ৰমণসূচীয়ে প্রধানমন্ত্রী মোদীৰ মূৰৰ ওপৰৰ পৰা অভিযোগৰ বোজাটোতো আঁতৰালেই, মাত্র কেইঘণ্টামানৰ তেখেতৰ উপস্থিতিয়ে ৰাজ্যখনৰ জনসাধাৰণক বাৰুকৈয়ে প্ৰভাৱিত কৰা পৰিলক্ষিত হ'ল। প্রধানমন্ত্রী যোৱা চূড়াচান্দপুৰৰ পীচ গ্রাউণ্ড আৰু ইম্মলৰ কাংলা ফ'ৰ্টত প্রতিকূল বতৰকো নেওচি প্রধানমন্ত্রীক দর্শন কৰিবলৈ বিশাল সংখ্যক মানুহৰ সমাগম হোৱাটো তাৎপর্যপূর্ণ বুলি ক'ব লাগিব। বেয়া বতৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ এৰি চূড়াচান্দপুৰলৈ ডেৰ ঘণ্টাৰ পথ গাড়ীৰে যাব লগা হয়। মণিপুৰতো মোদীয়ে ৭,৩০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে। তেওঁ তাৰ জনতাক শান্তি-সম্প্ৰীতিৰ বাবে জনোৱা আহ্বান, যুৱ সম্প্ৰদায়ৰ প্ৰতিভাক কৰা প্ৰশংসাই আগন্তুক দিনবোৰত কিছু হ'লেও প্রভাৱ পেলাব বুলি আশা কৰা যায়। কাংলা ফ'ৰ্টত সমবেত হোৱা জনতায়ো একেই আশা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা শুনা গৈছিল-ৰাজ্যখনত বিনষ্ট হৈ পৰা সম্প্ৰীতিৰ পৰিৱেশ মোদীৰ ভ্রমণে পুনৰ ঘূৰাই অনাত সহায় কৰিব। আনহাতে, অসমত প্রধানমন্ত্রীগৰাকীৰ এইবাৰৰ ভ্ৰমণৰ বৈশিষ্ট্য আৰু গুৰুত্ব ৰাজ্যবাসীয়ে উপলব্ধি নিশ্চয় কৰিছে। ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত দিয়া ভাষণটোত সুধাকণ্ঠৰ কেইবাটাও গানৰ কলি প্ৰধানমন্ত্ৰীগৰাকীয়ে তৎমুহূৰ্ততে মনলৈ আনি আওৰাব পৰাটোৱে শিল্পীগৰাকীৰ প্রতি থকা তেখেতৰ শ্ৰদ্ধাৰ গভীৰতাকে প্রকট কৰি তোলে। ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্রা ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা আৰু প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাটো উন্মোচন কৰাটোও অসমবাসীৰ বাবে অনন্য অভিজ্ঞতা। 

মঙলদৈত ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং, ৰিং ৰ'ড, মেডিকেল কলেজ, নাৰ্ছিং কলেজৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীৰ হতুৱাই স্থাপন কৰাটো ৰাজ্যখনৰ অৰ্থনৈতিক, শৈক্ষিক দিশৰ এক উল্লেখযোগ্য অধ্যায়। নুমলীগড়ত প্রধানমন্ত্রীয়ে উদ্বোধন কৰা বাঁহ-ভিত্তিক জৈৱ শোধনাগাৰটো সাম্প্ৰতিক বতৰ পৰিৱৰ্তনৰ যুগত এটা অভিনর অর্থনৈতিক অধ্যায় বুলি স্বীকাৰ কৰিবই লাগিব। ইতিমধ্যেই প্রকাশ পাইছেই যে বছৰি ৫০ হাজাৰ মেট্রিকটন ইথানল উৎপাদন হ'বলগীয়া এই শোধনাগাৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিব প্রায় ২০০ কোটি টকাৰ গ্ৰাম্য অর্থনীতি, কিয়নো এই শোধনাগাৰত ব্যৱহাৰ হ'বলগীয়া বাঁহ যোগানৰ বাবে এটা স্থানীয় নেটৱৰ্ক গঢ় ল'ব আৰু সৃষ্টি হ'ব কিছুমান আনুষংগিক ব্যবসায়। সেইকাৰণেই অনুষ্ঠানত দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে উচ্ছ্বাসেৰে ব্যক্ত কৰে যে বাঁহগছেও যে বিকল্প ইন্ধনৰ ৰূপত মানৱ সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে সেই আদর্শ অসমে দেখুৱালে। প্রধানমন্ত্রীৰ এই দুদিনীয়া ভ্রমণসূচীৰ সামগ্রিক দিশলৈ লক্ষ্য কৰি এটা কথা উপলব্ধি কৰিব পৰা যায় যে নিত্য নতুন চিন্তাৰে দেশৰ বিকাশৰ নিৰন্তৰ চেষ্টা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ উদ্যোগত চলি আছে। অসংখ্য পাহাৰৰ মাজেদি মিজোৰামলৈ ৰে'লগাড়ী চলোৱা, নুমলীগড়ত বাঁহ-ভিত্তিক জৈৱ শোধনাগাৰ এনে প্রচেষ্টাৰে অংশ। বিকাশৰ এনে প্রচেষ্টা চলি থকা বাবেই বিশ্বৰ বৰ্তমানৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ বিকাশৰ গতি আগবাঢ়ি থাকিব বুলি বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাই মত প্রকাশ কৰিছে। প্রধানমন্ত্রীৰ এইবাৰৰ উত্তৰ-পূব ভ্রমণে এক আশাৰ পৰিৱেশ ৰচনা কৰিলে।

Share This