ডিজিটেল ডেস্ক : ফলাফলৰ ধাৰণা নোহোৱাকৈ আৰম্ভ কৰা এখন যুদ্ধৰ বাবে আজি সমগ্র বিশ্বই দুর্ভোগ ভুগিবলগীয়া হৈছে। ইতিহাসৰ গভীৰতম ইন্ধনৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে মধ্য প্রাচ্যৰ ইন্ধনৰ ওপৰত নিৰ্ভৰশীল দেশসমূহ। আমাৰ দেশো বাৰুকৈয়ে আক্রান্ত। দেশৰ চাহিদাৰ ৮৫ শতাংশ খাৰুৱা তেল আৰু ৰন্ধন গেছৰ বাবে মূলতঃ মধ্যপ্রাচ্যৰ ওপৰত নিৰ্ভৰশীল আমাৰ দেশৰ অৰ্থনৈতিক বিকাশৰ ধাৰাটোৱেই ব্যাহত হৈ পৰিছে সাম্প্ৰতিক এই যুদ্ধখনৰ বাবে। ইৰানে হৰমুজ প্রণালী অৱৰোধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত কেৱল ইন্ধনেই নহয়, সাৰ আৰু অন্যান্য কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেশবাসীক এক জটিল অৱস্থাৰ মাজলৈ লৈ গৈছে। এই পৰিস্থিতিৰ অৱসান ক'ত, কিমান দিনলৈ এই অনিশ্চয়তা অব্যাহত থাকিব সেই কথা কোনেও ক'ব নোৱাৰে। ড'নাল্ড ট্রাম্প আৰু বেঞ্জামিন নেটান্যাহুৱে ২৮ ফেব্ৰুৱাৰীত যেতিয়া যুদ্ধখনৰ সূচনা কৰিছিল, তেওঁলোকৰ ধাৰণা আছিল সম্পূর্ণ একপক্ষীয়। নিমিষৰ ভিতৰতে ক্ষেপণাস্ত্ৰ-বোমাৰ ধাৰাসাৰ আঘাতেৰে ইৰানক জৰ্জৰিত কৰি, ৰাষ্ট্ৰখনৰ মুৰব্বী আয়াতুল্লা আলী খামেনেইক হত্যা কৰি পৰিস্থিতি আমেৰিকা-ইজৰাইলৰ নিয়ন্ত্ৰণলৈ নিব, দেশখনৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাব আৰু দেশখনৰ ক্ষেপণাস্ত্র আৰু পাৰমাণৱিক বোমা নিৰ্মাণৰ শক্তিক তচনচ কৰি পেলাব। লগতে ইৰানক সমর্থন দি অহা বিদ্রোহী গোটবিলাককো একে সময়তে দমন কৰাও আছিল দুই শক্তিধৰ ৰাষ্ট্ৰৰ লক্ষ্য। প্রথম অৱস্থাত প্রবল আক্রমণেৰে ইৰানত ধ্বংসলীলা চলোৱা ট্রাম্পে ইৰানৰ সৈতে কোনো বুজাবুজি নহ'ব বুলিয়েই কৈছিল আৰু দেশখনে চর্তহীনভাৱে আত্মসমর্পণ কৰিব লাগিব বুলি হুংকাৰ দিছিল। কিন্তু ভবা কথা নহয় সিদ্ধি...!
ট্রাম্পে ভবাৰ দৰে পৰিণতি নহ'ল, বৰঞ্চ ইৰানে ইজৰাইলৰ লগতে মধ্য প্রাচ্যৰ দেশবোৰত থকা মার্কিন সামৰিক ঘাটিবোৰত ইমান ভয়ংকৰ ৰূপত আঘাত হানিবলৈ ধৰিলে যে আমেৰিকাৰ বাবে যুদ্ধখন বুমেৰাং হৈ পৰাৰ দৰে হ'ল; যাৰ বাবে তিনি মাহৰ পাছত অস্থায়ী যুদ্ধ-বিৰতিৰ বাবে আৰু হৰমুজ প্রণালী অৱৰোধমুক্ত কৰিবলৈ এক বুজাবুজিত উপনীত হ'বলৈ আমেৰিকাৰ অনুগত তৃতীয় পক্ষবিলাক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিল। সেই অনুসৰি পাকিস্তানৰ মধ্যস্থতাত দুয়োপক্ষ আলোচনাতো বহিছিল। বিভিন্ন মাধ্যমত প্রকাশ পোৱা মতে, আমেৰিকাই ইৰানৰ বন্দৰবোৰত চলোৱা অৱৰোধ উঠাই ল'ব বুলি দিয়া প্রতিশ্রুতিৰ বিনিময়ত হৰমুজ প্রণালীলৈ যুদ্ধৰ পূৰ্বৰ অৱস্থা ঘূৰাই আনিবলৈ ইৰান সন্মত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাৰ বিষয়টোত ট্রাম্প আঁকোৰগোজ হৈ লাগি থকা বাবে দুয়োপক্ষৰ মাজত বুজাবুজি পুনৰ ধূসৰ হৈ পৰিছে আৰু যুদ্ধখন পুনৰ অধিক জটিল হৈ পৰাৰ আশংকা ঘনীভূত হৈছে। যদি যুদ্ধখন পুনৰ ভয়ংকৰ হৈ উঠে তেতিয়া বিশ্বত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সেয়া যোৱা ৩ মাহৰ অভিজ্ঞতাৰ পৰা বিশ্ববাসীয়ে গম পাইছে। আগতেই উল্লেখ কৰা হৈছে যে এই যুদ্ধখনে ভাৰতীয় অর্থনীতিত বেয়াকৈ মাৰ শোধাইছে। খাৰুৱা তেলৰ দাম বৃদ্ধি, আমদানি-ৰপ্তানিৰ শৃংখল ব্যাহত, টকাৰ মূল্য পতনকে ধৰি জ্বলন্ত হেঁচাবোৰে আমাৰ দেশক বহু দূৰ পিছুৱাই নিছে। আমদানি ব্যয়ৰ আকাশলংঘী পৰিমাণে দেশক এই মুহূর্তত ২ লাখ কোটি টকাৰ ক্ষতিৰ সন্মুখীন কৰাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে পেট্রল, ডিজেল, ৰন্ধন গেছৰ দাম যোৱা কিছুদিনত ৪বাৰকৈ বৃদ্ধি কৰিবলগীয়া হৈছে। ৰাসায়নিক সাৰৰ আমদানি ব্যাহত হোৱাটো বৰ্তমানৰ শালি খেতিৰ বতৰত এটা ডাঙৰ আঘাত। যুদ্ধখনে বজাৰত কিমান প্রভাৱ পেলাইছে এইকেইটা দিনৰ শ্বেয়াৰ বজাৰৰ অৱস্থাটোলৈ চালেই গম পোৱা যায়। যুদ্ধখনৰ আগতে ভাৰতৰ জি ডিপিৰ বিকাশ আছিল বিশ্বৰ ভিতৰতে দ্রুত। সেই বিকাশৰ গতি হঠাৎ মন্থৰ হৈ পৰিছে। বিভিন্ন ৰেটিং এজেঞ্চিয়ে ভাৰতৰ জি ডি পিৰ বিকাশৰ সন্দৰ্ভত পূর্বানুমান কৰা হাৰ যথেষ্ট কমাই আনিবলৈ বাধ্য হৈছে।
এতিয়া সকলোৰে মনত এটাই প্রশ্ন জাগ্রত হোৱা দেখা গৈছে- কেতিয়া এই যুদ্ধখনৰ সামৰণি পৰিব? আমেৰিকাৰ তৰফৰ পৰা
এলানি প্রস্তাৱ ইৰানৰ সন্মুখত ৰখা হৈছে। অন্যহাতে, ইৰানেও দিছে ১৪দফীয়া চর্ত। দুয়োপক্ষক সৈমান কৰি যুদ্ধখনৰ অৱসান ঘটাবৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলি আছে। কিন্তু ইৰানে স্পষ্ট কৰি দিছে যে তেওঁলোকে আমেৰিকাক বিশ্বাস নকৰে। ইৰানৰ ৰাষ্ট্ৰীয় অধিকাৰ ৰক্ষা নপৰালৈকে কোনো চর্ত তেওঁলোকে মানি নলয়। এতিয়া কথা হ'ল যুদ্ধখন আমেৰিকাই আৰম্ভ কৰিছিল, ইয়াক শেষ কৰাৰ দায়িত্বও আমেৰিকাৰ। ইৰানৰ পাৰমাণৱিক অস্ত্র আহৰণৰ প্ৰচেষ্টা, ইউৰেনিয়ামৰ ভাণ্ডাৰ মজুতকৰণ উদ্বেগৰ বিষয় হয় ঠিকেই, কিন্তু এই বিষয়ৰ সমাধান কৰিবলৈ গৈ বিশ্বক বৰ্তমানৰ সংকটত পেলোৱাটোক কোনেও সহজভাৱে ল'ব পৰা নাই। বহু ৰাষ্ট্ৰ ট্রাম্পৰ আচৰণত ক্ষুব্ধ। আমেৰিকাক নিয়ন্ত্ৰণৰ চিন্তাও বিশ্বৰ নেতাসকলে কৰা উচিত।