ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ জলবায়ু আৰু অর্থনীতি- দুয়োটাই প্রধানকৈ মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰে আকৌ জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰৱাহিত দক্ষিণ-পশ্চিম মৌচুমী বতাহেই দেশৰ মুঠ বৰষুণৰ প্ৰায় ৭৫% তকৈও অধিক অংশ কঢ়িয়াই আনে। ভাৰতৰ দৰে কৃষি প্রধান এখন দেশত বৰষুণৰ গুৰুত্ব দোহৰাৰ প্ৰয়োজন নাই- এই কথাই প্রমাণ কৰে এই দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ গুৰুত্বৰ কথা।
কিন্তু এই গুৰুত্বপূৰ্ণ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ গতিপথ লৈ শেহতীয়াকৈ নানান প্রশ্ন উত্থাপন হৈছে। প্রশ্ন উঠিছে-জুনৰ পৰা ছেপ্টেম্বৰ- দেশৰ বৰ্ষাৰ এই প্রধান চাৰিটা মাহৰ বৃষ্টিপাতৰ বিন্যাসেও এই পৰিৱৰ্তিত গতিপথৰ ইংগিত দিবলৈ আৰম্ভ কৰিছে নেকি? দৰাচলতে দেশৰ বিভিন্ন প্রান্তত বিগত কেইবা বছৰ হোৱা বৃষ্টিপাতৰ ধৰণ বিশ্লেষণ কৰি বতৰ বিজ্ঞানীসকলে উল্লিখিত দিশসমূহত গুৰুত্ব দিবলৈ বাধ্য হৈছে। তেওঁলোকে লক্ষ্য কৰিছে গংগা অৱবাহিকাত বৰষুণৰ পৰিমাণ ক্ৰমশঃ হ্রাস পাইছে আৰু উত্তৰ-পশ্চিম ভাৰতৰ দিশত বৰ্ষাৰ চাৰি মাহত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বাঢ়িছে।
প্রসংগতে উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে শেহতীয়া কিছু বছৰত ভাৰতৰ মৌচুমী বতাহৰ প্ৰকৃতি যে নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে, সি নিশ্চিত। ফলত আজিকালি মৌচুমী বৰষুণৰ সময় আৰু ধৰণ অপ্রত্যাশিত হৈ পৰিছে। কোনো কোনো অঞ্চলত সময়তকৈ বহু দেৰিকৈ বৰষুণ আৰম্ভ হৈছে আৰু কোনো ঠাইত বিপৰীত ক্রমে সময়তকৈ বহু আগতেই বৰষুণ শেষ হৈছে। ফলত খেতিৰ পৰিকল্পনা কৰাতেই কৃষকসকল বিমোৰত পৰিছে। আৰু স্বাভাৱিক পৰিণতিত অনিষ্ট হৈছে কৃষিৰ, সমস্যাত পৰিছে দেশৰ অৰ্থনীতি। শেহতীয়া গৱেষণাসমূহত আৰু এক চিন্তনীয় দিশ উন্মোচিত হৈছে। সেয়া হ'ল বর্ষা ঋতুত বৰষুণৰ সামগ্রিক দিন কমি গৈছে, কিন্তু কম সময়ৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ প্ৰৱণতা যথেষ্ট বাঢ়িছে। অর্থাৎ পূৰ্বতে এমাহত যি পৰিমাণৰ বৰষুণ হৈছিল, এতিয়া সেই একে পৰিমাণৰ বৰষুণৰ মাত্র দুই-তিনিদিনৰ ভিতৰতে হৈ যায়। ইয়াৰ ফলত অসম, বিহাৰ, হিমাচল প্রদেশ, কেৰালাৰ দৰে ৰাজ্যসমূহত বানপানীৰ ভয়াৱহতা আৰু ভূমিস্খলনৰ হাৰ বাঢ়িছে।
বতৰ বিজ্ঞানীসকলৰ মতে, এল নিনো আৰু লা নিনাৰ প্ৰভাৱ ভাৰতবৰ্ষৰ বতৰৰ এই পৰিৱৰ্তনসমূহৰ বাবে প্রধানকৈ জগৰীয়া। সহজ ভাষাত ক'লে, প্রশান্ত মহাসাগৰৰ পানী গৰম বা ঠাণ্ডা হোৱাৰ প্ৰক্ৰিয়াটোৱে ভাৰতীয় মৌচুমীক পোনপটীয়াকৈ প্রভাৱান্বিত কৰে। শেহতীয়া বছৰসমূহত 'এল নিনো'ৰ সঘন প্ৰভাৱৰ বাবে ভাৰতীয় মৌচুমী বৰষুণৰ পৰিমাণ হ্রাস পাইছে আৰু গৰমৰ প্রকোপ বৃদ্ধি পাইছে। আকৌ বতৰ বিজ্ঞানীসকলে কৈছে ভাৰতৰ পৰা প্ৰায় ১০ হাজাৰ কিল'মিটাৰ আঁতৰত থকা গ্রীনলেণ্ডৰ কাষৰ আটলান্টিক মহাসাগৰৰ ওপৰৰ এটা শীতল অংশৰ প্ৰভাৱেই বোলে ভাৰতবৰ্ষৰ বতৰৰ শেহতীয়া পৰিৱৰ্তনৰ কাৰক। এই শীতল অংশক কয় 'আটলান্টিক ক'ল্ড ব্লব'। মুঠতে মূল কথা হ'ল বিগত কিছু বছৰত ভাৰতৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ চৰিত্ৰৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। দেশৰ উত্তৰ-পশ্চিম অংশত এতিয়া আগৰ তুলনাত বহুত বেছি বৰষুণ হৈছে আৰু বিপৰীত ক্ৰমে বৰষুণৰ নাটনিৰ ফলত গংগা-যমুনাৰ অৱবাহিকাৰ সমতলত বৰষুণ ক্ৰমশঃ কমিবলৈ ধৰিছে। কিন্তু উৰ্বৰ ভূমি আৰু বৃহৎ পৰিমাণৰ কৃষিজাত সামগ্রী উৎপাদনৰ বাবে এই গংগাৰ সমভূমিৰ ওপৰত দেশৰ অধিকাংশ মানুহ বিশেষভাৱে নিৰ্ভৰশীল। তাৰ উপৰি ভাৰত আৰু দক্ষিণ এছিয়াৰ কেইবাশ কোটিৰো বেছি মানুহৰ অৰ্থনৈতিক স্থিতি নিৰ্ভৰ কৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে কঢ়িয়াই অনা বৰষুণৰ ওপৰতেই। এইখিনি মানুহৰ প্রাণস্বৰূপ মৌচুমী বতাহৰ চৰিত্ৰৰ পৰিৱৰ্তন হ'লে এই সমগ্ৰ অঞ্চলত পৰিব লগীয়া প্রভাৱ সঁচাকৈয়ে চিন্তনীয়। ই ইংগিত দিয়ে এক দীর্ঘদিনীয়া অর্থনৈতিক সংকটৰ।
শেহতীয়াকৈ বতৰৰ সম্ভাব্য প্রতিকূল পৰিস্থিতিত চলিত বাৰিষাৰ সময়ত দেশৰ কৃষিৰ ওপৰত যাতে প্রতিকূল প্ৰভাৱ নপৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰসমূহক কেন্দ্রই নির্দেশ দিেেছ। কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে কৃষকসকলৰ বাবে উপযোগী হোৱাকৈ দেশজুৰি এটা সজাগতা অভিযান 'খেতি বচাও অভিযান' ৰূপায়ণ কৰিছে। চৰকাৰে এই অভিযান কিমান সফলভাৱে ৰূপায়ণ কৰিব পাৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব দেশৰ অৰ্থনৈতিক ভৱিষ্যৎ।
হৰমুজ প্রণালীৰ ৰাজনীতিয়ে ইন্ধনৰ বজাৰত ঢেঁটু চেপা দিয়াৰ পাছত মৌচুমীয়েও যদি কৃষকক বিপাঙত পেলায়, তেনেহ'লে দেশৰ অৰ্থনীতি, জনতাৰ পেটৰ ভাত সঁচাকৈয়ে হৈ পৰিব গভীৰ সংকট-শংকাৰ বিষয়। হয়তো এক কঠিন সময় সমাগত।