অসমীয়াৰ উদং বুকু

dainik janambhumi November 06, 2025

ডিজিটেল ডেস্ক : স্বামী বিবেকানন্দই কৈছিল- 'অজ্ঞানতাৰে ভৰা জীৱনতকৈ মৃত্যু ভাল; পৰাজয়েৰে জীৱন যাপন কৰাতকৈ যুদ্ধক্ষেত্ৰত মৃত্যু হোৱাটোৱেই শ্রেয়।' এৰা, মৃত্যু মানেই পৰিৱৰ্তন। কিন্তু এই মৃত্যু হ'ব লাগে বীৰৰ দৰে। মৃত্যুক লৈ যে কত কবিৰ জয়গান, কত দর্শন! মৃত্যুকো শিল্পলৈ ৰূপান্তৰিত কৰাৰ হাবিয়াস কেৱল শিল্পীয়েহে কৰিব পাৰে। শিল্পীমনৰ মানুহৰ বাবেই পৃথিৱীখন সুন্দৰ হৈ উঠে। এই মানুহবোৰ চিৰদিনলৈ গুচি যোৱাৰ লগে লগেই যে তেওঁলোকৰ সৃষ্টিৰে ধুনীয়া কৰি থৈ যোৱা পৃথিৱীখনো উকা হৈ পৰে। উদং হৈ পৰে মানুহবোৰৰ হৃদয়।

শেহতীয়াকৈ যেন অসমত এনে এক উদং অনুভৱেই গা কৰি উঠিছে। ২০২৫ বৰ্ষটোত আৰম্ভণিৰ পৰাই অসমক ইটোৰ পাছত সিটোকৈ বেদনাগধুৰ খবৰে কঁপাই তুলিছে। ২০২৫ বৰ্ষটোৰ আৰু দুটা মাহ এতিয়াও বাকী। তেনে অৱস্থাত বিগত দহটা মাহত অসমৰ সাংস্কৃতিক জগতখন শূন্য কৰি এজনৰ পাছত এজনকৈ শিল্পী, পুৰোধা ব্যক্তিয়ে ইহজীৱনৰ পৰা মেলানি মাগি অসমখনকেই উদং কৰি যোৱাই নহয়, অসমীয়াৰ বাবে একপ্ৰকাৰ অভিশপ্ত হৈ পৰিছে এই বৰ্ষটো। বছৰৰ আৰম্ভণিতেই ১৩ জানুৱাৰীত তিনিচুকীয়াৰ ফিল'বাৰীত মাঘৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা অৱস্থাত জনতাৰ শিল্পীখ্যাত ৰাজীৱ শদিয়াই আকস্মিকভাৱে মৃত্যুক সাবটি লয়। উজনি অসমত দেশ প্রেম, জাতি প্ৰেমৰ গীত গাই জনমানসত বিশেষ স্থান অধিকাৰ কৰা ৰাজীৱ শদিয়াৰ ভোগালীৰ উৰুকাৰ দিনাই অকাল বিয়োগৰ খবৰে উজনি অসমক একপ্ৰকাৰ স্থবিৰ কৰি তুলিছিল। এই দুখ মাৰ নৌযাওঁতেই অসমৰ কৌতুক অভিনয় জগতত বিশেষ স্থান অধিকাৰ কৰি অহা জনপ্রিয় ধাৰাবাহিক 'বেহৰবাৰী আউটপ'ষ্ট'ৰ 'বাসু দা' খ্যাত ফাইলাও বসুমতাৰীও ২২ এপ্রিলত কোনোদিনে ঘূৰি নহাৰ বাটেৰে গুচি যায়। একেই বাটেৰে গুচি যায় শব্দৰ মায়াজালেৰে ফাগুনৰ ৰং ছটিওৱা সুকণ্ঠী গায়িকা গায়ত্রী হাজৰিকা। 'সৰা পাতে পাতে ফাগুন নামে', 'অহাৰ দৰেই উভতি আঁতৰি গ'লা' ইত্যাদি চিৰসেউজ গীতত কণ্ঠ নিগৰাই অসমীয়াৰ হৃদয় আলোড়িত কৰা গায়ত্ৰী হাজৰিকাৰ ২৫ মে'ত অকাল বিয়োগ ঘটে। আনকি ১১ আগষ্টত অসমৰ সাংস্কৃতিক জগতখনৰ অন্যতম পুৰোধা ব্যক্তি বিশিষ্ট নাট্যকাৰ, সংগীতকাৰ তথা চলচ্চিত্র জগতৰ অন্যতম ভোটাতৰা হেমন্ত দত্তৰ বিয়োগে অসমবাসীক পুনৰ সোঁৱৰাই দিয়ে এক অপূৰণীয় ক্ষতিৰ কথা। এই দুখৰ মাজতে গায়ক সমৰ কাশ্যপ, পলাশ ফাগুন গীটাৰবাদক ৰাজীৱ হাজৰিকাৰ অকাল মৃত্যুৱেও অসমীয়াক বাৰুকৈয়ে আঘাত দিয়ে। কিন্তু যোৱা ১৯ ছেপ্টেম্বৰৰ পাছত যেন সঁচাকৈ অসমত কালিকা লাগিছে। ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ পৰা অহা অসমীয়াৰ উশাহস্বৰূপ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাকাংক্ষিত ৰহস্যজনক মৃত্যুৰ খবৰে অসমবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে। আজি ৪৭টা দিন উকলি যোৱাৰ পাছতো অসমীয়াই এই শোকৰ পৰা মুকলি হ'ব পৰা নাই, শান্তিৰে শুব পৰা নাই। অসমী আইৰ অতি মৰমৰ পুত্ৰক এতিয়াও যেন বিদায় দিব পৰা নাই অসমৰ জনতাই। আনকি শোকস্তব্ধ অনুৰাগী, হাজাৰ হাজাৰ জনতাই এতিয়াও জুবিন গাৰ্গক শেষ শয়নথলীতো অকলশৰীয়া হ'বলৈ নিদিয়াকৈ মৰম, শ্রদ্ধা আৰু আকুলতাৰে আৱৰি আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ক্ষিপ্ৰ ন্যায়ৰ দাবীৰে কঁপাই আছে অসমৰ আকাশ-বতাহ।

ৰজাঘৰীয়াৰ ভেটিতো কঁপনি তোলা এই দাবী সম্প্রতি দেশৰ লগতে বিদেশতো চর্চিত হৈছে যদিও জুবিন গাৰ্গ নোহোৱাৰ খবৰ যেন এতিয়াও মানি ল'ব পৰা নাই অসমীয়াই। এনে এক আৱেগবিহ্বল সময়তে অসমীয়াৰ মূৰত সৰগ ভঙাৰ দৰেই পুনৰ দুটা দুঃসংবাদে শোকাহত কৰি তুলিছে অসমীয়াৰ মন-প্রাণ। 'নমস্কাৰ প্রিয় শ্রোতা বন্ধু' বুলি শুনা, সেই যাদুকৰী কণ্ঠেৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা বিশিষ্ট সুৰকাৰ, গীতিকাৰ, কণ্ঠশিল্পী তথা ঘোষক অসমীয়াৰ তেনেই চিনাকি নাম চৈয়দ ছাদুল্লাও জুবিন গাৰ্গৰ বাটেৰে সেই নেদেখা দেশলৈ গুচি যায়। আশীৰ দশকৰ পৰা অসমীয়াক ৰেডিঅ'ৰ শ্রোতা হিচাপে অনন্য অভিজ্ঞতা দি মোহাচ্ছন্ন কৰি অহা বিশিষ্ট ঘোষক, অনাতাৰ শিল্পী চৈয়দ ছাদুল্লাই মৃত্যুৰ আগলৈকে কৈ যায় প্রিয় ছাত্র 'জুবিন'ৰ কথা। জুবিন গাৰ্গৰ পৰিয়ালক এচিকুট সান্ত্বনা দিবলৈ নোপোৱাৰ দুখ সামৰিয়েই এই সংসাৰৰ পৰা বিদায় মাগে বিশিষ্ট শিল্পীজনে। তেওঁৰ পিছে পিছেই অসমীয়াক চকুপানী মোহাৰি শেষ হ'বলৈ নিদিয়াকৈ চিৰকালৰ বাবে গুচি যায় বাঁহীৰ সুৰৰ যাদুকৰ দীপক শৰ্মাও। তিনি নৱেম্বৰত যকৃতৰ জটিল ৰোগত ভুগি থকা, বাঁহীৰ সুৰেৰে বিশ্বক মুগ্ধ কৰা শিল্পী দীপক শর্মাই প্রিয় বন্ধু 'জুবিন'ক সংগ দিবলৈকে যেন অসমবাসীক চকুলোৰ সাগৰত পেলাই খৰখেদাকৈ গুচি যায়। একপ্ৰকাৰ অভিশপ্ত হৈ পৰা ২০২৫ চনটোত এটাৰ পাছত এটাকৈ সাংস্কৃতিক জগতৰ নক্ষত্ৰক হেৰুৱাই উদং হোৱা অসমীয়াই এতিয়া আৰু একো হেৰুৱাবলৈ নিবিচাৰে। আগন্তুক দুটা মাহে যেন শোকত ডুবি থকা অসমীয়াক হেৰুওৱা নক্ষত্ৰৰ দুখ সামৰিবলৈ শক্তি দিয়ে- এতিয়া তাৰেই আশা।

Share This