ডিজিটেল ডেস্ক : সন্দেহযুক্ত নাগৰিকে ৰাজ্যৰ নামনিৰ পৰা উজনিলৈ চৰ এলেকাবিলাকত সোমাই পৰাটো বাদেই, এতিয়া বিভিন্ন বনাঞ্চল, পি জি আৰ-ভি জি আৰবিলাকতো ব্যাপক হাৰত কৰা আগ্রাসনৰ ভয়াৱহ ছবিখন লাহে লাহে অধিক স্পষ্ট ৰূপত পোহৰলৈ অহাৰ লগে লগে খিলঞ্জীয়া মানুহৰ মাজত যি উদ্বেগ-আতংকৰ সৃষ্টি হৈছে সেয়া সকলোৱে দেখা পাইছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বনাঞ্চলবিলাকত উচ্ছেদ অভিযানৰ ধাৰাটো আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া চৌদিশৰ পৰা খবৰ অহা আৰম্ভ কৰিছে- কেনেকৈ সন্দেহযুক্ত লোকৰ আগ্রাসনৰ পৰিণতিত কিছুমান স্থানৰ জনগাঁথনিৰ ছবি সলনি হৈ পৰিবলৈ ধৰিছে। খোদ গুৱাহাটী মহানগৰীৰ আদিংগিৰি সংৰক্ষিত বনাঞ্চল এলেকাৰ সূৰ্য পাহাৰৰ নাম সলাই কুন্দৰতপুৰ কৰি পেলোৱাই নহয় তাৰ সূৰ্য মন্দিৰ অস্তিত্বহীন কৰি মছজিদ-মাদ্ৰাছা নির্মাণ কিছুদিনৰ ভিতৰত সম্ভৱ হৈ উঠিব পৰাটোৱেই উমান দিছে আগ্রাসন কি স্তৰত চলি আছে। এনে লোকৰ বিৰুদ্ধে এইবাৰ যেতিয়া এক পদ্ধতিগত উচ্ছেদ অভিযান আৰম্ভ হ'ল আৰু আইনৰ আওতাৰ ভিতৰত এই অভিযান চলোৱাৰ পদক্ষেপ চৰকাৰে ল'লে তেতিয়া বেদখলকাৰীৰ পক্ষৰ পৰা এটা চিঞৰ শুনিবলৈ পোৱা গৈছে যে এই লোকসকল বান-খহনীয়াত ক্ষতিগ্রস্ত। বান-খহনীয়াত সর্বস্বান্ত হোৱা লোকসকলে জীয়াই থকাৰ কোনো বিকল্প পথ নাপাইহে হেনো বনাঞ্চল, চৰকাৰী গ্রেজিংবিলাকত আশ্রয় গ্রহণ কৰিবলৈ বাধ্য হৈছে। নামনি আৰু মধ্য অসমৰ গৰিষ্ঠ অংশৰ ভূমিত নিজৰ দখল সাব্যস্ত কৰাৰ পাছত উজনিত পিয়াপি দি ফুৰা এনে লোকৰ বিৰুদ্ধে অভিযান চলিলেই সেই একেই চিঞৰ শুনা যায়। যুক্তিৰ খাতিৰত যদিও ধৰি লওঁ এওঁলোক ভাৰতীয় নাগৰিক আৰু বান-খহনীয়া পীড়িত হয়, তেনেহ'লে তেওঁলোকৰ প্ৰথম কৰ্তব্য আছিল নিজ গৃহ জিলাৰ প্ৰশাসনৰ ওচৰত তথা ৰাজ্য চৰকাৰৰ ওচৰত পুনর্বাসনৰ স্থান বিচাৰি আৱেদন কৰা। তাকে নকৰি সংৰক্ষিত বনাঞ্চল, চৰণীয়া পথাৰত মাটি দখল কৰি গাঁও স্থাপনৰ অধিকাৰ তেওঁলোকক কোনে দিলে?
উচ্ছেদ অভিযান আৰম্ভ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে যিবোৰ তথ্য প্ৰকাশ কৰিছে সেইবোৰ অতি ভয়ংকৰ। নামনি অসমৰ পৰা ৪০০ কিঃমিঃ পর্যন্ত উজাই গৈ এচাম মানুহে উজনিৰ চৰকাৰী ভূমি বেদখল কৰিছে, যিবিলাকৰ পূৰ্বৰ ঠিকনাততো মাটি আছেই, পূৰ্বৰ স্থান আৰু দখল কৰা স্থান দুয়ো ঠাইতে তেওঁলোকৰ আছে ভোটাধিকাৰ। প্ৰাণৰক্ষাৰ বাবে ক'ৰবাত আশ্রয় লোৱা মানুহৰ আকৌ ভোটাধিকাৰ ৰখাৰ চিন্তা! পৰিকল্পিতভাৱে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ চক্ৰান্তৰ যি অভিযোগ মুখ্যমন্ত্রীয়ে মুকলিকৈ উত্থাপন কৰিছে সেই লৈ ৰাজনৈতিক শিবিৰবিলাকৰ মাজত মতদ্বৈধতা থাকিব পাৰে, কিন্তু বনাঞ্চল বা অন্য চৰকাৰী মাটিত সেইসকল লোকৰ অধিকাৰ প্রতিষ্ঠাৰ সমগ্ৰ প্ৰক্ৰিয়াটো যে বিক্ষিপ্ত ঘটনা নহয়, সেইটো সন্দেহ কৰিব পৰাৰ যুক্তি নোহোৱা নহয়। গতিকে, এই লোকসকল প্রকৃততে বান-খহনীয়াত পীড়িত হোৱা সর্বস্বান্ত লোক নে সু-পৰিকল্পিত আগ্রাসনৰ অংশ তাক নিশ্চিত কৰা দৰকাৰ এইবাবেই যে বান-খহনীয়াৰ 'কাৰ্ডখন'ৰ আঁৰত কিবা অভিপ্রায় নিহিত হৈ আছে নেকি সেইটো স্পষ্ট হোৱা উচিত। কিয়নো অসমক লৈ স্বাধীনতাৰ আগৰে পৰাই যি চক্রান্ত চলি আছিল সেই চক্ৰান্তৰ শিপাডাল প্রোথিত হৈছিল ১৯০৫ চনৰ বংগ ভংগৰ সময়ৰে পৰাই। স্বাধীনতাৰ আগৰে পৰা স্বাধীনতাৰ বহু পিছলৈকে অসমৰ কংগ্ৰেছে ৰাজনীতিত নির্ণায়ক ভূমিকা লৈ থকা মইনুল হক চৌধুৰীৰ দৰে নেতাই 'ৰূপৰ থালত অসম উপহাৰ দিম' বুলি ভাৰত বিভাজনৰ নায়ক মহম্মদ আলী জিন্নাক প্রতিশ্রুতি দিয়াৰ কথা ইতিহাসে সোঁৱৰাই থাকে। সেই চক্রান্ত অনুসৰিয়েই তেতিয়াৰ পৰা পূৰ্ব বংগ, পূর্ব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ ধাৰা অব্যাহত আছে। সেই ভয়াৱহতাৰ পৰা বৃহত্তৰ অসমখনক ৰক্ষা কৰাৰ বাবে, প্ৰব্ৰজনকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন ১৯৫০, গৃহীত কৰিব লগা হৈছিল। কিন্তু কালান্তৰত সেই আইনখনৰ প্ৰাসংগিকতা নোহোৱা কৰি পেলোৱা হ'ল। অসম চুক্তিয়ে আমাক ১৯৭১ চনৰ এটা ভিত্তিহীন ভিত্তিবর্ষ উপহাৰ দিলে। ফলত তিনিটা দশকৰ অনুপ্ৰৱেশকাৰীয়ে আপোনা আপুনি ভাৰতীয়ৰ মৰ্যাদা পাই গ'ল। তাতে শেষ হোৱা হ'লেও ক'ব লগা নাছিল, কিন্তু এতিয়া কিবাকিবি যুক্তি উলিয়াই নামনি-মধ্য অসমৰ সন্দেহযুক্ত লোকসকলৰ উজনিলৈ প্ৰৱাহ ঘটিছে। গোজেই গছ হৈ উজনিৰ বনাঞ্চল, চৰকাৰী মাটি এওঁলোকে গ্রাস কৰি পেলাইছে।
কোনোবা কোনোবা 'বান-খহনীয়া' ক্ষতিগ্রস্তই ২০০ বিঘা পর্যন্ত ভূমিত দখল সাব্যস্ত কৰি লোৱাটো সহজ কথা বুলি গণ্য কৰিব পাৰি জানো? নিজৰ মাটি-ভেটি ৰক্ষাৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া লোকসকলৰ বহু ভুল আৰু দোষ-দুর্বলতা আছে ঠিকেই, সেইবুলি অনুপ্ৰৱেশেৰে খিলঞ্জীয়াসকলৰ প্ৰভাৱ সংকুচিত কৰাটো মানি ল'ব পৰা কথা জানো? সেয়েহে, কিছুমান মানৱীয় দিশ বিবেচনা কৰিবলগীয়া থাকিলেও সম্প্রতি চলি থকা উচ্ছেদ অভিযানক অনুচিত বুলি ভবা নাই ৰাজ্যৰ বেছিভাগ খিলঞ্জীয়া মানুহে। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কিছুমান জাতীয় সংগঠনেতো মুকলিকৈ চৰকাৰৰ এই সমর্থন প্ৰকাশ কৰিছে। কিন্তু লগতে এই কথাও সকলোৱে লক্ষ্য ৰাখিছে যে এয়া খন্তেকীয়া চমক সৃষ্টিৰে ৰাজনৈতিক মুনাফা অৰ্জনৰ পদক্ষেপ নে আগ্রাসন আৰু অনুপ্ৰৱেশৰ সমস্যাটোৰ পৰা ৰাজ্যখনক সকাহ দিয়াৰ ই এক আন্তৰিকতাপূর্ণ পদক্ষেপ? জনসাধাৰণে অনুপ্ৰৱেশৰ বিষয়টো কেৱল বিজেপি-কংগ্ৰেছৰ ৰাজনৈতিক হাথিয়াৰ হৈ থকাটো নিবিচাৰে। ইয়াৰ এটা স্থায়ী সমাধান লাগে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত উচ্ছেদৰ সমান্তৰালকৈ অন্য বিধিসন্মত ব্যৱস্থাবোৰতো গুৰুত্ব দিয়া উচিত।