ডিজিটেল ডেস্ক : ড° মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰ কাৰ্যকালত যিকেইটা ঐতিহাসিক সিদ্ধান্ত হৈছিল তাৰে এটা আছিল ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ ঘোষণা আৰু গঠন। ভাৰতৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য, বিশেষকৈ শিশু আৰু মহিলাৰ যি দূৰৱস্থা আছিল, শিশুৰ মৃত্যুৰ হাৰ মহিলাৰ প্ৰসৱকালীন জটিলতা আৰু মৃত্যু, সাধাৰণ স্বাস্থ্য আদিৰ ক্ষেত্রত এটা ইতিবাচক পৰিৱৰ্তন সাধন কৰি HDI অর্থাৎ মানৱ উন্নয়ন সূচ্যাংকত ভাৰতৰ স্থান উন্নত কৰাৰ উদ্দেশ্যেই এই কাম কৰা হৈছিল। এতিয়াৰ পৰা পঁচিশ বছৰ আগতেই ২০১০ বৰ্ষৰ ১ মে'ৰ পৰা ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা লাভক নাগৰিকৰ অধিকাৰ ৰূপে স্বীকৃতি দিয়া হৈছিল। পৰৱৰ্তী কালত কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য স্বাস্থ্য মিছনক নগৰ অঞ্চললৈও সম্প্ৰসাৰণ কৰে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আখ্যা দিয়ে। সমগ্র অসমতে প্রযোজ্য হোৱা এই মিছনৰ বিত্তীয় ব্যৱস্থাপনাতো কেন্দ্ৰৰ অৰিহণাই অধিক। বিত্তৰ বোজা ৰাজ্যৰ ওপৰত জাপি দিয়া নাই। বর্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ব্যয়ৰ ৯০% কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে আৰু মাত্র ১০% ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা আহিব লাগে। বর্তমান অসম চৰকাৰে এই দহ শতাংশও আগবঢ়াব নোৱৰাত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়মীয়া প্রাপ্য আদায় পোৱাত অসুবিধা হৈছে। চৰকাৰৰ লগত এই বিষয়ত আলাপ-আলোচনাও হৈ আছে। কিন্তু অচলাৱস্থা দূৰ হোৱা নাই। সেই বাবেই যোৱা কিছুদিন ধৰি অসমত চলি আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অসম শাখাৰ কৰ্মচাৰীসকলৰ আন্দোলন। এইসকল আমাৰ সমাজৰে অংশ।
স্বাস্থ্য হ'ল আমাৰ এটা অত্যাৱশ্যকীয় সেৱা য'ত নাগৰিকৰ জীৱন-মৃত্যুৰ প্ৰশ্ন অৱধাৰিতভাৱে জড়িত হৈ থাকে। চৰকাৰৰ এটা নিয়মীয়া স্বাস্থ্য বিভাগো আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগেই দেশৰ স্বাস্থ্যখণ্ডৰ প্ৰশাসন পৰিচালনা কৰে। বর্তমান আমাৰ এই স্বাস্থ্যখণ্ডৰ স্বাস্থ্য বৰ ভাল নহয়। চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মীৰ অৱসৰৰ পাছত দীর্ঘদিন নতুন নিযুক্তি নাই। মেডিকেল কলেজ হৈছে, কিন্তু বহুততেই প্রয়োজনীয় আন্তঃগাঁথনি নাই, আই চি ইউ নাই। নিয়মীয়া স্বাস্থ্য বিভাগৰ ইমান অসুবিধা তথা চিকিৎসক-কর্মচাৰীৰ অভাৱ সত্ত্বেও আমাৰ স্বাস্থ্য বিভাগ এতিয়াও ঠিক মতে চলি থকাৰ এটা প্রধান কাৰণ হ'ল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকল। এইসকলৰ অবিৰত আৰু নিষ্ঠাপূর্ণ সেৱাই স্বাস্থ্য বিভাগক এটা গতি দি আছে। উল্লেখযোগ্য যে একোজন চৰকাৰী কৰ্মচাৰীৰ সমানেই কাম কৰা স্বাস্থ্য অভিযানৰ অসমৰ প্ৰায় বিশ হাজাৰ কৰ্মচাৰীয়ে দীর্ঘকাল সেৱা আগবঢ়োৱাৰ পাছতো অন্যান্য নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা বহু সা-সুবিধাই নাপায়। সেই প্রাপ্য চৰকাৰে ৰাতিটোৰ ভিতৰতে আদায় দিয়ক, তেনে দাবীও তেওঁলোকে তোলা নাই। তথাপি তেওঁলোকে যি বিচাৰিছে সেয়া নিতান্তই নায্য- যেনে সমকামৰ সম মজুৰি। অসম চৰকাৰে যোৱা ২০২১ৰ অসম ৰাজপত্ৰত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰিছিল গ্রেচুইটি। চৰকাৰ ঘোষিত এই ব্যৱস্থা এতিয়াও কাৰ্যকৰী নহ'ল। কৰ্মচাৰী ভৱিষ্য নিধি (EPF) এতিয়াও হৈ নুঠিল। কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ যথাযথ বিত্তীয় সহায্যৰ নিশ্চয়তা নাই। নিজৰ সমস্ত কর্মজীৱন উছৰ্গা কৰা এজন কৰ্মচাৰীয়ে অৱসৰত পেঞ্চন আশা কৰাটো তেওঁৰ অধিকাৰৰ ভিতৰুৱা। এনে আৰু দুই-এক আনুষংগিক দাবীৰ ভিত্তিতেই চলি আছিল স্বাস্থ্য অভিযান কৰ্মচাৰীৰ আন্দোলন। এই আন্দোলন চলোৱা হৈছিল স্বাস্থ্য চিকিৎসাৰ ব্যৱস্থাৰ অসুবিধা নিদিয়াকৈ। কেৱল সেই সময়তে কোনো চৰকাৰী স্বাস্থ্য আঁচনি ঘোষণা কৰি দিয়াতহে মাজতে কিছু অসুবিধা হ'ল।
স্বাস্থ্য যিহেতু নাগৰিকৰ অধিকাৰৰ অন্তৰ্ভুক্ত সেয়ে চিকিৎসালয়, স্বাস্থ্য কেন্দ্র আদিত যিসকলে স্বাস্থ্য সেৱা প্ৰদান কৰে বা তাৰ লগত জড়িত থাকে, চৰকাৰৰ সেইসকলৰ সমস্যাৰ খা-খবৰ ৰখা আৰু যতদূৰ সম্ভৱ নিৰাময় কৰাৰো দায়িত্ব থাকে। সেয়ে যদি নহয়, চিকিৎসাকর্মীসকল নিজেই সমস্যাত থাকে, ভৱিষ্যতৰ অনিশ্চয়তাত ভোগে তেন্তে তেওঁলোকে মুক্তমনে কাম কৰিব কেনেকৈ? স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে বৰ্তমান অসমৰ প্ৰায় চাৰিশ স্বাস্থ্য অনুষ্ঠান সচল কৰি ৰখাত ভূমিকা গ্ৰহণ কৰি আহিছে। আয়ুষ্মান আৰোগ্য মন্দিৰ নামৰ যি চৰকাৰী হিতাধিকাৰী ব্যৱস্থা অতি জনপ্রিয় হৈ উঠিছে- তাতো আছে তেওঁলোকৰ অৱদান। গ্রাম্য অঞ্চলৰ মিনি পি এইচ চি বা ক্ষুদ্র স্বাস্থ্য কেন্দ্ৰও তেওঁলোকৰ দ্বাৰাই পৰিচালিত। তেনেস্থলত সেৱাৰ বিনিময়ত পাপ্য সা-সুবিধা নিশ্চয় পাব লাগে। ৰাজ্যত স্বাস্থ্য বিভাগত সামান্তৰালভাৱে দুটা স্বাস্থ্য ব্যৱস্থাপনা চলি আছে। এটা হ'ল চৰকাৰী স্বাস্থ্য বিভাগ আৰু আনতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান। একেই কৰ্মচাৰী, একে কাম কিন্তু প্রাপ্যত বৈষম্য। তেনে এটা পৰিস্থিতিত স্বাভাৱিকতেই অসন্তুষ্টিৰ সৃষ্টি হ'ব, নায্য প্রাপ্যৰ বাবে বঞ্চিতসকলে দাবী তুলিব। বৰ্তমান অসমৰ স্বাস্থ্য বিভাগ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ অবিহনে সংকটত পৰিব, এই কথা ঠিক। তদুপৰি ৰাজ্য চৰকাৰে জনাইছে যে চৰকাৰৰ বিত্তীয় অসুবিধা দূৰ হ'লে বন্ধ হৈ থকা প্রাপ্য আদায় দিব। কিন্তু চৰকাৰৰ আৰ্থিক অৱস্থা সবল কেতিয়া হ'ব? প্রতি মাহে সহস্রাধিক কোটি টকা ঋণ নল'লে চলিব নোৱৰা অৱস্থাত আমি আছোঁ। হিতাধিকাৰী বৃদ্ধি, চাউল, দাইল, তেল, নিমখ যোগানৰ বৃহৎ চৰকাৰী ব্যৱস্থাই প্ৰমাণ কৰিছে যে অসম অর্থনৈতিকভাবে পাছপৰা ৰাজ্যৰ তালিকাৰ পৰা সহজে মুক্ত নহ'ব। হিতাধিকাৰী বাঢ়িছে মানে দৰিদ্ৰতা বাঢ়িছে। স্বাস্থ্য সেৱাটো যিহেতু জৰুৰী সেয়া, আৰু এই সেৱাৰ প্ৰয়োজন আর্থিকভাৱে দুর্বলসকলক অধিক প্রয়োজন। কাৰণ আর্থিকভারে সবলসকলে নিজৰ ব্যৱস্থা কৰিব পাৰে। সেয়েহে স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ প্ৰাপ্য আদায় দিয়াৰ লগত আমাৰ গাঁও-নগৰৰ আৰ্থিকভাৱে দুর্বলজনে সময় মতে সেৱা লাভ কৰা বিষয়টো অৱধাৰিতভাবে জড়িত। তদুপৰি আমাৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ ঠিকা ভিত্তিত শিক্ষক-কর্মচাৰীৰ সংখ্যা বাঢ়িছে। খালী থকা নিয়মীয়া পদসমূহ পূৰ কৰাৰ তেনে লক্ষণীয় ব্যৱস্থা চকুত পৰা নাই। সেয়েহে স্বাস্থ্য অভিযানৰ আৰু নিয়মীয়া কৰ্মচাৰীয়ে ঐক্যবদ্ধভাবে সেৱা আগবঢ়াই যোৱাৰ স্বাৰ্থতে চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰীৰ প্ৰতি ন্যায় প্ৰদান কৰক।