ডিজিটেল ডেস্ক: গণবিদ্ৰোহৰ অন্তত বাংলাদেশৰ পৰিস্থিতি আৰু ভৱিষ্যৎ সম্পর্কত নানা জল্পনা-কল্পনা হৈছিল। বাংলাদেশ হ'ল ভাৰতৰ এনে এখন চুবুৰীয়া ৰাষ্ট্ৰ, যাৰ সমুদ্রতীৰ বাদ দি আন ভূমিভাগ ভাৰতৰ এলেকাই আৱৰি ৰাখিছে। ভাষা-সংস্কৃতিৰ দিশৰ পৰাও ভাৰত-বাংলাৰ মিল। একেখন দেশৰ বিভাজন হৈ সৃষ্টি হোৱা এখন দেশ, অর্থাৎ পূৰ্বৰ পূব পাকিস্তান ১৯৭১-ত পশ্চিম পাকিস্তানৰ গাঁথনিৰ পৰা ওলাই আহিনতুন স্বতন্ত্র বাংলাদেশ হৈছিল ভাৰত চৰকাৰ আৰু বিশেষকৈ তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত। সেইবাবেই বাংলাদেশৰ পৰিৱেশ-পৰিস্থিতি আৰু ভাৰতৰ পৰিৱেশ-পৰিস্থিতিয়ে পাৰস্পৰিকভাৱে দুয়ো দেশকে প্রভাৱান্বিত কৰি আহিছে।
দক্ষিণ-পূব এছিয়াৰ সুস্থিৰতা ৰক্ষাৰ বাবেও ভাৰত-বাংলাদেশৰ সু-সম্পৰ্ক গুৰুত্বপূর্ণ। সেইবাবেই বাংলাদেশৰ বিদ্ৰোহ আৰু তাৰ ফলত সেই দেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশ এৰি আহি ভাৰতত আশ্রয় ল'ব লগা ঘটনাই দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাব বুলি আশংকা প্রকাশ কৰা হৈছিল। সদ্যহতে তেনে সম্ভাৱনা বহুদূৰ প্রশমিত হোৱাটো এটা আশাব্যঞ্জক কথা। পুৰণা চৰকাৰ ভংগ হোৱাৰ পৰা এখন নতুন নির্বাচিত চৰকাৰ আৰু প্রশাসনিক ব্যৱস্থা গঢ় লৈ উঠালৈ এই সময়খিনিত বাংলাদেশে বহুত উত্তেজনা আৰু অনিশ্চয়তাৰ মাজেৰে গতি কৰিলে যদিও এই মধ্যৱৰ্তী কালৰ বাবে নিযুক্ত হোৱা ৰাষ্ট্ৰপতি নোবেল বিজয়ী অর্থনীতিবিদ মহম্মদ ইউনুছে দেশখনৰ আইন-শৃংখলা ৰক্ষা কৰি, পৰিস্থিতি সুস্থিৰ কৰি গণতান্ত্রিক নির্বাচন সম্ভৱ কৰি তুলিলে।
বাংলাদেশত শেহতীয়াকৈ সম্পন্ন হোৱা নিৰ্বাচনত ইছলামিক মৌলবাদীৰ সমর্থনপুষ্ট জামাত-এ-ইছলামী দলে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি বহুতেই উদ্বেগ প্রকাশ কৰিছিল যদিও সেই দেশৰ জনতাই ধৰ্ম নিৰপেক্ষ শক্তিৰ সপক্ষেহে ৰায় দিলে। বি এন পি বা বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে এই নির্বাচনত স্পষ্টকৈ পূর্ণ বহুমত লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। বি এন পিৰ টিকটত তিনিজনকৈ হিন্দু ব্যক্তি নির্বাচিত হৈছে। তাৰে এগৰাকী মহিলা, আনকি মুছলমান প্রধান সমষ্টিতে হিন্দু প্রার্থীয়ে জয় লাভ কৰিছে।
সাম্প্রদায়িক সংকীর্ণতাৰ বিপৰীতে এই জয় বিশেষ উল্লেখনীয় আৰু ভাৰতৰ বাবেও শিক্ষাপ্রদ। যোৱা সময়ছোৱাত ভাৰতৰ সংবাদ মাধ্যমে বাংলা হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ-নিপীড়নৰ বহু বা-বাতৰি প্ৰচাৰ কৰাৰ বিপৰীতে এতিয়া দেখা গৈছে সংখ্যালঘু হিন্দুসকলে নির্ভয়ে আৰু মুকলিকৈ সেই দেশৰ ৰাজনৈতিক-অর্থনৈতিক ক্ষেত্ৰসমূহত নিজৰ ভূমিকা পালন কৰি আছে। নতুন প্রধানমন্ত্রী তাৰেক ৰহমানেও বাংলাদেশক এক নতুন ৰূপত গঢ় দিয়াৰ প্রতিশ্রুতি ব্যক্ত কৰিছে। বিশেষকৈ ৰাজনৈতিক অধিকাৰ আৰু সম ন্যায়ৰ ক্ষেত্ৰত সংবিধানক পূর্বতকৈ অধিক কার্যক্ষম কৰি তোলাৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বাংলাদেশৰ নিৰ্বাচন ব্যৱস্থা মুক্ত নহৈ পক্ষপাতিত্বমূলক হৈ উঠা বুলি অভিযোগ তুলি বিৰোধী দলসমূহে নির্বাচন বৰ্জন কৰিছিল।
মুক্ত আৰু নিকা নির্বাচন নিশ্চিত কৰিব পৰা ধৰণৰ সংবিধানৰ পুনৰ পৰ্যালোচনা নতুন চৰকাৰে নিজৰ কৰ্মসূচীত অন্তর্ভুক্ত কৰিছে। সামাজিক-সাম্প্রদায়িক-ধর্মীয় আদি বিষয়ত সংহতি ৰক্ষা কৰি এটা ঐক্যবদ্ধ জাতি গঢ়াৰ সংকল্পও তাৰেক ৰহমানৰ চৰকাৰে ঘোষণা কৰিছে। ভাৰতৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত হয়তো এই দেশত আশ্রয় লোৱা শেখ হাছিনাৰ প্ৰসংগই এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাংলাদেশৰ লগত চীনৰ বাণিজ্যিক সম্পৰ্কৰ শেহতীয়াকৈ কিছু উন্নতি ঘটিছে। আনহাতে ভাৰত-মার্কিন শেহতীয়া বাণিজ্য চুক্তিয়ে ভাৰতক অসুবিধাত পেলালেও বাংলাদেশৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। শেহতীয়াকৈ বাংলাদেশৰ অর্থনৈতিক অবস্থা তুলনামূলকভাৱে ভাৰততকৈ উন্নত। ডলাৰৰ বিপৰীতে বাংলা 'টাকা'ৰ মূল্য ভাৰতীয় 'টকা'তকৈ অধিক।
বাংলাদেশৰ বস্ত্ৰশিল্পৰ উদ্যোগে যদি আমেৰিকাৰ পৰা কপাহ কিনি সেই কপাহেৰে আমেৰিকাক বস্ত্ৰ যোগান ধৰে, তেন্তে শুল্ক শূন্য শতাংশ হ'ব। এই কথাই বাংলা বস্ত্রশিল্পক বিকশিত কৰাৰ বিপৰীতে ভাৰতক কিছু অসুবিধাত পেলোৱাৰ আশংকা আছে। ভাৰত-বাংলাদেশ সম্পৰ্কৰ অৱনতি হোৱাৰ সুযোগ যাতে চীন-আমেৰিকাই গ্রহণ কৰি অধিক সুবিধা ল'ব নোৱাৰে, তাৰ বাবে সজাগ হোৱাটো ভাৰতৰ দায়িত্ব। আমাৰ নুমলীগড় শোধনাগাৰত শোধিত তেল ভাৰতীয় বজাৰতকৈ কম মূল্যতে ভাৰতে বাংলাদেশক দি আছে। দুখন পৰস্পৰ সংলগ্ন দেশ ৰূপে ভাৰত আৰু বাংলাই পৰস্পৰক সহায় কৰাৰ যোগদি নিজেও লাভৱান হ'ব পাৰে। সেইবাবেই ভাৰত-বাংলা সম্পৰ্কৰ প্রশ্নটো পৰিৱৰ্তিত পৰিস্থিতিৰ আধাৰত নতুনকৈ আলোকপাত কৰাৰ প্ৰয়োজন আহি পৰিছে।
ভাৰতে 'কা' আইন বলবৎ কৰি বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু অনুপ্ৰৱেশকাৰী শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ এটা বান্ধাৰা সৃষ্টি কৰি থকাৰ সময়তে বাংলাদেশৰ নিৰ্বাচন আৰু নতুনকৈ গঠন হোৱা ধৰ্মনিৰপেক্ষ চৰকাৰৰ প্ৰসংগই নতুন কিছুমান প্রশ্নৰ অৱতাৰণা কৰিব। কোনো দেশেই আজিৰ একবিংশ শতিকাৰ পটভূমিত ধর্মীয়-সাম্প্রদায়িক পথেৰে উন্নয়নৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। এষাৰ কথা আছে- সকলো সলনি কৰিব পাৰিলেও প্রতিবেশী কেতিয়াও সলনি কৰিব নোৱাৰি।
ভাৰত-বাংলা সমস্যাৰ তিক্ততা বহুদিনীয়া। এতিয়া সেই তিক্ততাৰ পৰা শিক্ষা লাভ কৰি নতুন অধ্যায় আৰম্ভ কৰাৰ সময় সমাগত। সেইবাবেই বাংলাদেশৰ নতুন চৰকাৰৰ প্ৰতিশ্রুতিসমূহক আমি গুৰুত্ব দিব লাগিব, আদৰণি জনাব লাগিব। এখন সুস্থিৰ আৰু উন্নয়নশীল বাংলাদেশ ভাৰতৰ সুস্থিৰতা আৰু উন্নয়নৰো সহায়ক হৈ উঠিব পাৰে। আমি বাংলাদেশৰ নতুন প্রধানমন্ত্রী তাৰেক ৰহমান আৰু এই দেশৰ মধ্যকালীন ৰাষ্ট্ৰপতি মহম্মদ ইউনুছৰ পৰা ভাৰত-বাংলা সম্পৰ্কৰ উন্নতিৰ ক্ষেত্রত এটা সদর্থক ভূমিকা আশা কৰিছোঁ।