ডিজিটেল ডেস্ক : চীনৰ টিয়ানজিনত অনুষ্ঠিত 'ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ') 'ৰ মহা সন্মিলনখন বিশ্ব ৰাজনীতিৰ নতুন সমীকৰণৰ চেৰাশালি হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ স্বৈৰাচাৰী শুল্ক যুদ্ধই বিশ্বত খলকনি তুলি থকাৰ সময়তে অনুষ্ঠিত এই এছ চি অ' শীর্ষ সম্মিলনখন যেন গণ্য হৈছে আমেৰিকাৰ কর্তৃত্বাধীন এক মেৰুবিশিষ্ট বিশ্ব ব্যৱস্থাৰ বিৰুদ্ধে এক সমান্তৰাল সংঘবদ্ধ শক্তি জন্ম দিয়াৰ মঞ্চ! বিশ্বৰ ভু-ৰাজনৈতিক ব্যৱস্থাৰ ৰূপান্তৰৰ কচৰৎ চলা এই ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ ইতিহাস চালে দেখা যায় যে ২০০১ চনত গঠন হোৱাৰ সময়ত বিশ্ব বাজনীতিত ইয়াৰ সাংঘাতিক প্রভার একো নাছিল। তেতিয়া ই সীমাবদ্ধ আছিল মাত্র ছখন ৰাষ্ট্ৰৰ মাজত। ৰাষ্ট্ৰকেইখন হ'ল- চীন, ৰাছিয়া, কাজাখস্তান, কির্গিজস্তান, তাজিকিস্তান আৰু উজবেকিস্তান। গঠনৰ ১৬ বছৰৰ পাছত ২০১৭ চনত এই সংঘত অন্তর্ভুক্ত হয় দুই বৈৰী ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তান। ২০২৩ চনত ইয়াত সংযোগ ঘটে ইৰানৰ আৰু ২০২৪ চনত বেলাৰুছৰ। ইয়াৰ লক্ষ্য আছিল সীমিত। ওচৰা-উচৰিকৈ বসবাস কৰা ৰাষ্ট্ৰকেইখন সন্ত্রাসবাদ, পৃথকতাবাদৰ দৰে বিষয়ে অনা নিৰাপত্তাজনিত সমস্যাৰ মোকাবিলা কৰাৰ লক্ষ্যৰে সমবেত হৈছিল এই মঞ্চত। পিছলৈ যৌথ সামৰিক অনুশীলনৰ জৰিয়তে সামৰিক সহযোগিতাৰ লগতে অর্থনৈতিক সহযোগিতা বৃদ্ধিৰো কেতবোৰ পদক্ষেপ গ্রহণ কৰিলেও আমেৰিকা-কেন্দ্রিক চিন্তা-চর্চাত বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰক আবদ্ধ হৈ থাকিব লগা হোৱা বাবে আমেৰিকাৰ প্রভাৱ নথকা এনেধৰণৰ সংঘবোৰৰ বিকল্প শক্তিরূপে উত্থান ঘটাৰ কোনো পৰিৱেশ নাছিল।
কিন্তু ড'নাল্ড ট্রাম্পে দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহাৰ পাছত প্ৰদৰ্শন কৰা একনায়কত্ববাদী আচৰণে, বিশেষকৈ বিভিন্ন দেশৰ বিৰুদ্ধে আৰোপ কৰা অভাৱনীয় আমদানি শুল্কই বিশ্বত তুমুল জোকাৰণিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত তড়িৎ গতিত বিশ্বৰ ভূ-ৰাজনৈতিক চিন্তা-চৰ্চাৰ ৰূপান্তৰ ঘটিবলৈ আৰম্ভ কৰিছে। সেইবাবেই ইমানদিনে তুলনামূলকভাবে গুৰুত্বহীন হৈ থকা ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ টিয়ানজিনত দেও আৰু সোমবাৰে অনুষ্ঠিত শীর্ষ সম্মিলনখন হঠাৎ গুৰুত্বপূৰ্ণ হৈ পৰাই নহয়, আমেৰিকাৰ দম্ভালিৰ বিৰুদ্ধে এই সন্মিলনখন এক হুংকাৰৰূপে বিবেচিত হৈছে। এই এছ চি অ' সম্মিলনখনৰ আটাইতকৈ লক্ষণীয় দিশটো হ'ল- পৰিৱৰ্তিত পৰিস্থিতিত চীনে সম্মিলনখন এনেদৰে আয়োজন কৰিছে যাতে বহুমেৰু বিশিষ্ট বিশ্ব ব্যবস্থা গঢ়াৰ সুপৰিকল্পিত উদ্দেশ্য বিশ্বৰ সন্মুখত প্রকট হৈ উঠে। ইয়াৰ বাবে এইবাৰ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনক বিশেষ গুৰুত্ব দিয়াটো পদে পদে প্ৰদৰ্শনৰ চেষ্টা কৰা হৈছে যাতে আমেৰিকা আৰু সমগ্র বিশ্বই বুজি পায় যে তিনিখন মহাশক্তিমান ৰাষ্ট্ৰৰ মুৰব্বীসকলে এটা মেঝত অৱস্থান গ্রহণ কৰিছে। মূল সম্মিলনৰ আগদিনা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়েতো কৈয়ে দিছে- 'আমি বিশ্বৰ অর্থনৈতিক ব্যৱস্থাক নতুন ৰূপ দিবৰ বাবে লক্ষ্য স্থিৰ কৰিছোঁ।' তেওঁ বিশ্ব বেংক আৰু আই এম এফৰ সংস্কাৰৰো পোষকতা কৰে। ইফালে চীনৰ ৰাষ্ট্রপ্রধান ঝি জিনপিঙে আমেৰিকাক পোনপটীয়াকৈয়ে ধমকি দি কৈছে, 'শীতল যুদ্ধ, ভাবুকি আৰু নচলিব।' ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ এই সম্মিলনে পাকিস্তানক লগত লৈয়ে পহলগাম-কাণ্ডক ধিক্কাৰ দি প্রস্তাব গ্রহণ কৰাটো আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে দৃঢ় কণ্ঠ প্রকাশ কৰিব পৰাটোও তাৎপর্যপূর্ণ। এই সম্মিলনৰ পৰা এটা কথা ধাৰণা কৰিব পৰা হৈছে যে চীন, ভাৰত আৰু ৰাছিয়া জড়িত হৈ থকা আন্তঃৰাষ্ট্ৰীয় অন্য সংঘবিলাকতো অনুৰূপ ধৰণেই আমেৰিকা-বিৰোধী চেতনা জাগ্রত হ'ব পাৰে বা কিছুমান সংঘ অপ্রাসংগিকো হৈ পৰিব পাৰে। ইতিমধ্যে বাতৰিত প্ৰকাশ পাইছেই যে চীনক লক্ষ্য কৰি আমেৰিকাৰ উদ্যোগত গঠন হৈছিল 'কোৱাড' নামৰ চাৰি ৰাষ্ট্ৰৰ সংঘটো। ইয়াত অংশীদাৰ হৈ আছে আমেৰিকাৰ উপৰি ভাৰত, অস্ট্রেলিয়া আৰু জাপান। এতিয়া ভাবতে চীন-ৰাছিয়াৰ সৈতে সম্পর্ক অধিক ঘনিষ্ঠ কৰিবলৈ আগবাঢ়িছে। আনহাতে, জাপান-অষ্ট্ৰেলিয়াও আমেৰিকাৰ আচৰণত সন্তুষ্ট নহয়। এনে অৱস্থাত 'কোৱাড' কিমান দিনলৈ সক্রিয় হৈ থাকিব তাত সন্দেহ আছে। আনহাতে, অন্য এক আন্তঃৰাষ্ট্ৰীয় সংঘ 'ব্রিক্'ক লৈও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ইতিপূর্বে বিষোদ্গাৰ প্ৰকাশ কৰি থৈছে। 'ব্রিক্ৰ'ৰ হৈ যোৱা সম্মিলনত পৃথক 'ব্রিক্ছ মুদ্রা' সৃষ্টি কৰাৰ প্ৰসংগটো উঠাত আমেৰিকা ক্ষুব্ধ হৈ পৰিছিল আৰু এনে কৰিলে বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিছিল। এতিয়া ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনে আমেৰিকা-বিৰোধী স্থিতি ব্যক্ত কৰাৰ পাছত যিকোনো মুহূৰ্ততে 'ব্রিক্'তো ইয়াৰ প্রতিফলন ঘটিলেও আচৰিত হ'ব লগা নাথাকিব।
উল্লেখযোগ্য যে ভাৰতৰ দৰে 'ব্রিক্ছ'ৰ অন্যতম প্রধান সদস্য ৰাষ্ট্ৰ ব্রাজিলৰ বিৰুদ্ধেও ট্রাম্পে ভাবতৰ দৰেই অভাবনীয় শুল্ক আৰোপ কৰিছে। সামগ্রিক দিশলৈ চাই এটা কথাই ধাৰণা কৰিব পাৰি যে ট্রাম্পৰ দম্ভালি অব্যাহত থাকিলে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ভূ-ৰাজনৈতিক সমীকৰণ আগৰ দৰে নাথাকিব। দিন বাগৰি যোৱাৰ লগে লগে আমেৰিকা-বিৰোধী চেতনাও প্রবল হৈ যোৱাৰ আশংকা থাকিব। ফলত পুটিন, জিনপিঙৰ দৰে নেতাসকলে কৈ থকাৰ দৰে বৰ্তমানৰ আমেৰিকা-কেন্দ্রিক ব্যৱস্থাটোৰ বিৰুদ্ধে বহু মেৰুবিশিষ্ট ব্যবস্থা এটা গঢ় লৈ উঠাটো আসন্ন হৈ পৰিব।