ডিজিটেল ডেস্ক : 'জেনেৰেশ্যন জি (জেড)' শব্দটোৰ সম্প্ৰতি বৰকৈ চৰ্চা হৈছে। বিশেষকৈ নেপালৰ পূৰ্বৰ শাসকৰ পতনৰ অধ্যায়টোৱে 'জেন জি'ক অতি জনপ্ৰিয় কৰি পেলায়। এই অধ্যায়টোৰ পাছত 'জেন জি'ক লৈ বয়সস্থসকলৰ মাজত বিভিন্ন ধৰণৰ ধাৰণা গঢ় লৈ উঠা দেখা গৈছে। কোনোবাই 'জেন জি'ক উচ্ছৃংখল যুৱ প্রজন্ম বুলি ধৰি লৈছে, কোনোবাই সংজ্ঞায়িত কৰিছে দুর্নীতি-অপশাসন সহ্য কৰিব নোৱাৰা এটা প্রজন্ম ৰূপে। সংজ্ঞাবিলাকৰ সৃষ্টি কৰা হৈছে, তেওঁলোকৰ বাহ্যিক আচৰণবিলাকক লৈ, কিন্তু এই 'জেনেৰেশ্যন জি' প্রজন্মটোৱে বা ইয়াৰ পৰৱৰ্তী 'জেনেৰেশ্যন আলফা' প্রজন্মটোৱে কি ধৰণৰ এটা মানসিক অৱস্থাৰ মাজত ডাঙৰ হ'ব লগা হৈছে, তেওঁলোকৰ ইচ্ছা-অনিশ্চয়তাৰ সৈতে তেওঁলোকে সম্মুখীন হোৱা পৰিস্থিতিৰ সন্তুলন ৰক্ষা হৈছে নে নাই, তেওঁলোকৰ সুস্থ বিকাশৰ বাবে সমাজখনৰ, অভিভাৱকসকলৰ, প্ৰতিষ্ঠানৰ বা সামগ্রিকভাৱে চৰকাৰৰ দায়িত্ব, ভূমিকা কি হোৱা উচিত তাৰো বিশেষ কোনোধৰণৰ পর্যালোচনা হোৱা দেখা নাযায়। উল্লিখিত প্রজন্ম দুটাক আমি নৱপ্ৰজন্ম বুলি কওঁ। এই নৱ প্ৰজন্মৰ জীৱন-পৰিক্ৰমা আগবাঢ়ি যায় প্রৱেশ পৰীক্ষা-কেন্দ্রিক এক অস্বস্তিকৰ চিন্তা-কৰ্মৰে।
গৰিষ্ঠসংখ্যক অভিভাৱকে এই প্ৰজন্মৰ সন্তানসকলৰ সন্তুলিত বিকাশ কামনা নকৰা নহয়। তাৰ বাবে শিশু অৱস্থাত তেওঁলোকক নাচ-গান, খেলা-ধূলা, ছবি আঁকা, অভিনয় কৰা, ওমলা-জামলাৰ এটা পৰিৱেশ দিবলৈ চেষ্টা কৰা দেখা যায়। কিন্তু হ'লে কি হ'ব! সন্তানটি মাধ্যমিক শিক্ষাৰ ডেওনা পাৰ হোৱাৰ পাছত সকলো সলনি হৈ যায়। উচ্চ মাধ্যমিক শ্রেণীকেইটাত শুই উঠাৰ পৰা নিশা বিছনাত পৰালৈকে তেওঁলোকৰ নম্বৰত পিছত দৌৰাৰ জীৱন এটা আৰম্ভ হৈ যায়। পুৱা অতৃপ্ত মনেৰে শোৱাপাটীৰ পৰা উঠিয়েই বিদ্যালয়, আবেলি টিউশ্যন, নিশা হ'মৱর্ক, কিছু সময় টিভি বা ম'বাইল উপভোগ। এনেকুৱা এটা নতুনত্ব নোহোৱা, ব্যতিক্রমবিহীন জীৱন-যাত্ৰাৰে নম্বৰৰ পিছত দৌৰি মাধ্যমিক স্তৰ অতিক্ৰম কৰাৰ পাছত উচ্চতৰ মাধ্যমিক স্তৰটো আৰু জটিল হৈ পৰে শিক্ষাৰ্থীসকলৰ বাবে। কেৱল উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীর্ণ হ'লেইতো নহ'ব! মেডিকেল বা এন আই টি-আই আই টিত আসন পাবলৈ, ভাল কলেজত অধ্যয়নৰ সুযোগ পাবলৈ প্রৱেশ পৰীক্ষা (এন্ট্রেন্স) ত লাখ লাখ প্রত্যাশী শিক্ষার্থীৰ মাজত তালিকাৰ ওপৰৰ ফালে নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ'ব লাগিব। নীট, জে ই ই, জেই ই (এডভান্স), চি ইউ ই টিৰ দৰে প্ৰৱেশ পৰীক্ষাত শ্ৰেষ্ঠসকলৰ মাজত স্থান লোৱাটো কিমান কষ্টকৰ সেই কথা অৱতীৰ্ণ হোৱাসকলেহে গম পায়। তেতিয়াৰ পৰা প্ৰকৃতাৰ্থত প্ৰৱেশ পৰীক্ষা-কেন্দ্ৰিক হৈ পৰে শিক্ষার্থীসকলৰ জীৱন। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে প্রস্তুতি চলাব লগীয়া হয়। বিসর্জন দিব লগা হয় উপভোগৰ সকলো ইচ্ছা। সেই কষ্টকৰ প্ৰস্তুতিৰ পাছতো সীমিত সংখ্যকেহে লাভ কৰে প্রত্যাশিত বিষয়ত বা প্রত্যাশিত শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ। বাকীসকলৰ সেই অতি কষ্টকৰ প্ৰস্তুতি অথলে যায়। তাৰ মাজত আকৌ ভূতৰ ওপৰত দানহ পৰাদি কিছুমান পৰিস্থিতিয়ে আহি শিক্ষার্থীসকলৰ সেই সমস্ত কষ্টক পানীৰ লগত মিলাই দিয়ে। এইবাৰেই তেনে হ'ল। 'নীট'ৰ ৩ মে'ৰ পৰীক্ষাটো ৰাজস্থানত প্ৰশ্নকাকতৰ এক অংশ ফাদিল হোৱা বাবে বাতিল কৰা হ'ল। অহা ২১ জুনত এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব। এনে অৱস্থাত পৰীক্ষাটোত অৱতীৰ্ণ হোৱা দেশৰ ২২ লাখ বিদ্যার্থীৰ মানসিক অৱস্থাটো কেনে হ'ব পাৰে সহজেই অনুমেয়। এনে কাণ্ড প্রথমবাৰ হোৱা নাই।
২০২৪ চনতো প্রশ্নকাকত ফাদিলৰ ঘটনা হৈছিল, ২০১৯ চনত ভুৱা পৰীক্ষাৰ্থী কেলেংকাৰি হৈছিল, ২০২২ চনত কেৰালাত ছোৱালী পৰীক্ষাৰ্থীক তালাচীক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। বিজেপি চৰকাৰ দেশৰ শাসনলৈ অহাৰ পাছত ২০১৭ চনত গঠন হোৱা নেশ্যনেল টেষ্টিং এজেঞ্চি (এন টি এ)ৰ নেতৃত্বত পৰিচালিত 'নীট' পৰীক্ষাক লৈ হৈ অহা এনেবোৰ বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাই এফালে এন টি এৰ সামর্থ্যক লৈ প্রশ্ন উত্থাপন হৈছে, আনফালে লাখ লাখ শিক্ষার্থী এই পৰিস্থিতিৰ বলি হ'ব লগা হৈছে। ফলত তেওঁলোকৰ মনত অনিশ্চয়তা আৰু হতাশাৰ ভাব সৃষ্টি হৈছে। উচ্চ শিক্ষাৰ বাবে এনেকৈ 'এণ্ট্ৰেন্স'ৰ কঠোৰ সংগ্রামখনত অৱতীৰ্ণ হোৱাৰ পাছত মনে বিচৰা বা মনে নিবিচৰা পাঠ্যক্ৰমৰ অধ্যয়নৰ পৰ্বটো শেষ কৰাৰ পাছত এওঁলোক নামিব লগা হয় সংস্থাপন লভাৰ অন্য এখন কঠিন যুদ্ধত। কিছুমানে আকাংক্ষিত সংস্থাপন এটা লাভ কৰে, বেছিভাগেই নাপায়। নোপোৱাসকলৰ আৰম্ভ হয় অন্য এখন সংগ্রাম। এনেদৰে ইখনৰ পিছত সিখন সংগ্ৰামত নামি বিধ্বস্ত হৈ পৰা নতুন প্রজন্মটোৰ প্ৰায় সকলোৱেই বিসর্জন দিব লগা হয় মনৰ প্রত্যাশাক। আক্ষৰিক অর্থতে তেওঁলোক হৈ পৰে জুবিন গাৰ্গৰ গানৰ পংক্তিৰ দৰে 'একো একোটা যন্ত্র'! এনেকুৱা এক পৰিস্থিতিৰ মাজত ডাঙৰ হ'ব লগা হোৱা 'জেনেৰেশ্যন জেড বা জুমাছ', 'জেনেৰেশ্যন আলফা'ৰ প্ৰজন্ম দুটাৰ অন্তর্দ্বন্দ্বখিনিক 'জেনেৰেশ্যন বেবী বুমাৰ (১৯৪৬-৬৪)', 'জেনেৰেশ্যন এক্স (১৯৬৫-১৯৯৮)', অথবা 'মিলেনিয়েলছ' বা 'জেনেৰেশ্যন বাই'ৰ প্ৰজন্মৰ মানুহবোৰে কেনেকৈ উপলব্ধি কৰিব! এই নৱ প্ৰজন্মৰ সন্তানখিনিয়ে অবাঞ্ছিত পৰিৱেশৰ মাজত যুঁজ-খুঁজি ডাঙৰ হ'ব লগা হোৱা বাবে এওঁলোকৰ অন্তৰাত্মাই হয়তো ক্ষোভৰ আগ্নেয়গিৰি কিছুমান বহন কৰি ফুৰিছে। বৰ্তমানৰ সামাজিক ব্যৱস্থাটোৰ মাজত এই প্রজন্মটোৱে 'একাকীত্ব'ৰ বেদনা এটা সদায় অনুভৱ কৰি থাকে, পাৰিবাৰিক পৰিৱেশত এওঁলোক প্রায় নিঃসংগ। এওঁলোকৰ বেদনাবোৰ প্ৰকাশ কৰিব পৰাৰ নিৰ্ভৰযোগ্য সংগীৰো অভাৱ। তাৰ মাজত তেওঁলোক সম্মুখীন হ'বলগীয়া হয় শৈক্ষিক জীৱনৰ আৰু পেছাগত জীৱনৰ অবাঞ্ছিত পৰিস্থিতিৰ। এই পৰিস্থিতিৰ সৈতে যুঁজাটোতো তেওঁলোক প্রায় অকলশৰীয়া।
সেয়েহে, এনে পৰিস্থিতিৰ মাজত ডাঙৰ হোৱা এই নতুন প্রজন্মটো দুর্নীতি-ভ্ৰষ্টাচাৰৰ পংকিল অৱস্থাটো দেখিলে উগ্র হৈ উঠে। নেপালত সেই ক্ষোভৰেই বহিঃপ্রকাশ ঘটিছিল। এইবাৰ 'নীট'ৰ দৰে হোৱা দায়িত্বহীন কাণ্ডৰ পুনৰাবৃত্তি হৈ থাকিলে বা ৰাজনৈতিক, প্রশাসনিক ক্ষেত্ৰত হোৱা অ-ব্যৱস্থাৰ এওঁলোক বলি হ'ব লগা হ'লে আমাৰ দেশতো যে কেতিয়াবা এই প্রজন্মটোৰ ক্ষোভৰ আগ্নেয়গিৰি বিস্ফোৰণ নঘটিব সেয়া ক'ব পৰা নাযায়। নতুন প্রজন্মটোৱে সম্মুখীন হোৱা জটিল বিষয়বিলাক আৰু তেওঁলোকৰ অন্তর্দ্বন্দ্বৰ বহল পৰ্যায়ত বিশ্লেষণ হোৱা উচিত।