ডিজিটেল ডেস্ক : শীতৰ আগমনৰ লগে লগে আহিছে গ্ৰন্থমেলাৰ বতৰো। গ্রন্থমেলা মানেই কিতাপৰ সুঘ্রাণ, ৰংচঙীয়া বেটুপাতৰ চমক আৰু এক বৌদ্ধিক চর্চাৰ থলী। গ্রন্থমেলা-লেখক, পাঠক আৰু প্ৰকাশকৰ ত্ৰিৱেণী সংগম। প্রিয় কিতাপখন হাতেৰে চুই চোৱাৰ, প্রিয় লেখকজনৰ সান্নিধ্য পোৱা, পঢ়ুৱৈৰ মনোভাব কাষৰ পৰা জনা, পাঠকৰ ৰুচিৰ সৈতে পোনপটীয়াকৈ পৰিচয় হোৱাৰ যে সহজ বাট এই গ্রন্থমেলা! গ্রন্থমেলা, কিতাপৰ মেলা। স্বাভাৱিকতেই গ্ৰন্থমেলাৰ গইনা লৈ প্রকাশ হ'ব অলেখ কিতাপ। অসমত এতিয়া আনকি এনে এটা পৰিৱেশ হৈছে যে প্রায় সকলো লেখক-প্রকাশক ৰৈ থাকে গ্ৰন্থমেলাৰ সময়ত কিতাপ প্রকাশ কৰিবলৈ। এই পৰম্পৰা ভাল নে বেয়া, সেয়া সুকীয়া প্ৰসংগ। কিন্তু গ্ৰন্থমেলাৰ অজুহাত লৈয়েই যে অসমত এতিয়া অধিকাংশ কিতাপ প্রকাশ হয়, সেয়া ঠিক। কিন্তু এই কিতাপবোৰত কি প্রকাশ হয় সেয়া বিচাৰ কৰি চোৱাটো প্রয়োজন।
এনেকুৱা অলেখ লেখক আমাৰ মাজত আছে, যাৰ লেখা পঢ়িবলৈ পাঠক আগ্রহী হৈ থাকে, প্রকাশকেও তেওঁলোকৰ কিতাপ প্রকাশ কৰি আনন্দিত, গৌৰৱান্বিত হয়। আকৌ এনেকুৱা আন কিছু লেখকো আছে, যি লেখকৰূপে হয়তো প্রতিষ্ঠিত নহয়, কিন্তু তেওঁৰ ৰচনাৰ বিষয়বস্তু, প্রকাশশৈলীত প্রকাশক মুগ্ধ হয়, জহৰী প্ৰকাশকে বুজে এই লেখকৰ কিতাপ পাঠকে আদৰিব-সেয়ে এনে লেখকৰ কিতাপ প্রকাশকে উৎসাহেৰে প্ৰকাশ কৰে। কিন্তু ইয়াৰ পাছতো এচাম লেখক থাকে। প্রতিষ্ঠিত প্রকাশকে তেওঁলোকৰ লেখা সাধাৰণতে প্রকাশ কৰিব নোখোজে, কিন্তু নিজৰ লেখাক ছপা ৰূপ দি লেখক হোৱাৰ তেওঁলোকৰ বৰ হেঁপাহ। প্রকাশকৰ তুলাচনীত উত্তীর্ণ নোহোৱা এনে অধিকাংশ লেখকৰে মূল কেৰোণ হ'ল তেওঁলোকৰ লেখাসমূহ মানবিশিষ্ট নহয়, সুখপাঠ্য নহয়। প্রকাশকে বিশ্বাস নকৰে এনে লেখকৰ লেখা ছপাই তেওঁলোকে বিনিয়োগ কৰা ধন ওভতাই পাব বুলি। ইয়াৰ স্বাভাৱিক পৰিণতিতে সেইসকল লেখকৰ লেখা প্রকাশকে ওভতাই পঠায়। কিন্তু গ্রন্থ ৰূপত নিজৰ লেখা দেখাৰ স্বপ্ন
সেই লেখকৰ মন-মগজুত থাকি গ'ল। এনে ক্ষেত্রত অনেকেই লয় বক্র পথ-য'ত লেখকৰ কিতাপ প্রকাশকে নিজা খৰচত প্ৰকাশ কৰি বিক্ৰীৰ ধনেৰে লেখকক 'ৰয়েলিটি' প্রদান কৰাটোৱেই গ্রন্থ প্রকাশ উদ্যোগৰ দীর্ঘদিনৰ অলিখিত নিয়ম, সেই নিয়ম সলনি কৰি এতিয়া অনেক লেখকেই ওলোটাই প্রকাশকক ধন দিয়ে তেওঁৰ কিতাপ প্রকাশকৰ নামত প্রকাশ কৰিবলৈ। পৰিণতিত মান নথকা, লেখা হিচাপে পাঠকৰ গ্ৰহণযোগ্য হোৱাৰ সম্ভাৱনা নথকা কিতাপেৰে বজাৰ ভৰে। বজাৰত কিতাপৰ পোহাৰ দেখি পাঠক বিভ্রান্ত হয় আৰু এনে পৰিস্থিতিত সেই মান নথকা কিতাপ গাঁঠিৰ ধন ভাঙি ক্ৰয় কৰি যেতিয়া পঢ়ি সোৱাদ নাপায়, তেতিয়া সাম্প্ৰতিক সময়ৰ সকলো কিতাপৰ প্ৰতিয়েই পাঠকে এটা বিৰূপ মনোভাব পোষণ কৰে। ফলত ভাল, মানবিশিষ্ট কিতাপো পাঠকৰ অৱহেলাৰ পাত্ৰ হয়গৈ। অর্থাৎ এই ধৰণেৰে প্ৰকাশ হোৱা কিতাপে সামগ্রিকভাবে কিতাপৰ বজাৰখনৰে ক্ষতি কৰিছে। বিপৰীতক্রমে, এনেদৰে কিতাপ প্রকাশ কৰা লেখকসকলৰ কিতাপ যেতিয়া বজাৰত বিক্ৰী নহয়, তেতিয়া তেওঁলোকেই হামৰাও কাঢ়ি ফুৰে 'অসমীয়া মানুহে কিতাপ নপঢ়ে', 'আমাৰ কিতাপ যদি কোনোৱে নপঢ়ে আমি লিখিম কাৰ বাবে' বুলি! (অনেকেই নিজৰ কিতাপৰ ক্ষেত্ৰত নিজেই প্রকাশকৰূপে অৱতীর্ণ হৈ গ্ৰন্থৰ ব্যৱসায়ত জড়িত হ'ব খোজে, তেওঁলোকৰ কথা সুকীয়া- সেইসকলক এই আলোচনাত সামৰা হোৱা নাই।)
লেখক হোৱাৰ বাসনা অপৰাধ নহয়, বৰঞ্চ এয়া এক আদৰণীয় কাম। সেইদৰে নিজৰ সৃষ্টিক বৃহৎ এখন সমাজৰ মাজলৈ আগবঢ়াই দিয়াৰ হাবিয়াসো কোনো অস্বাভাৱিক কথা নহয়। মাত্র লেখক হোৱাৰ হাবিয়াস কৰাসকলে নিজৰ লেখাৰ মান প্রকাশকে আগ্ৰহেৰে প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা, পাঠকে আদৰি ল'ব পৰাৰ পৰ্যায়লৈ উন্নীত কৰক। ইয়াৰ বাবে তেওঁলোকে কৰক কচৰৎ-দেশী-বিদেশী লেখকৰ লেখা পঢ়ি বুজক সেইসকলৰ লেখকৰ সাফল্যৰ আঁৰৰ কাহিনী আৰু চিনাক্ত কৰক নিজৰ দুৰ্বলতাসমূহ। প্রয়োজনত আশ্রয় লওক (পেছাদাৰী) সম্পাদকৰ। আজিকালি আন ভাষাৰ বহু কিতাপত পেছাদাৰী সম্পাদকে সম্পাদনা কৰি দিয়াৰ উল্লেখ দেখা যায়। অসমীয়া সাহিত্যত এয়া এতিয়াও বৰ জনপ্রিয় হোৱা নাই যদিও পাণ্ডুলিপি এটা প্ৰকাশৰ পূৰ্বে যে প্ৰচুৰ সম্পাদনাৰ প্রয়োজন, তাক দোহৰাৰ প্ৰয়োজন নাই। এনেবোৰ চেষ্টাইহে এজন লোকৰ লেখাৰ মান উন্নত কৰিব, পাঠকেও গাঁঠিৰ ধন ভাঙি তেনে কিতাপ পঢ়ি নিৰাশ নহ'ব। লেখকেও গ্রন্থ প্রকাশৰ বাবে প্রকাশকক নহয়, বৰঞ্চ প্রকাশকেহে লেখকক তেওঁৰ সৃষ্টিৰ বাবত 'ৰয়েলিটি' প্রদান কৰিব। গ্ৰন্থৰ 'ৰয়েলিটি' লেখকৰ এক সন্মানো, সেই সম্মানৰ প্ৰতি আগ্ৰহী হ'লেই লেখাৰ সামগ্রিক মান উন্নত হ'ব।