ডিজিটেল ডেস্ক : ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাস বর্ণাঢ্য। দাদাচাহেব ফাল্কেৰ প্ৰযোজনা আৰু পৰিচালনাত নির্মাণ হোৱা তথা ১৯১৩ চনত মুক্তি লাভ কৰা 'ৰাজা হৰিশ্চন্দ্ৰ' আছিল প্রথমখন ভাৰতীয় অবাক ছবি। ইয়াৰ ১৭ বছৰ পাছত অর্থাৎ ১৯৩১ চনত আদেশিৰ ইৰাণীৰ প্রযোজনা আৰু পৰিচালনাত নির্মাণ হোৱা 'আলম আৰা' আছিল প্রথমখন ভাৰতীয় সবাক ছবি। ৪০,০০০ টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে সূচনা কৰা এই যাত্রাই পৰৱৰ্তী সময়ত এনে এক পর্যায়ত উপনীত হয় যে আজিৰ তাৰিখত বিশ্বৰ সর্ববৃহৎ ছবি নির্মাণকাৰী দেশৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আমাৰ দেশ। ২০২৪ বৰ্ষত ভাৰতীয় বক্স অফিচত ১১,৮৩৩ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় চিনেমাই। তেনে এটা ছবি উদ্যোগৰ পৰা নিৰ্মাণ হোৱা চিনেমাই ব্যাৱসায়িক দিশত আশাতীত সাফল্য লাভ কৰিলেও চলচ্চিত্ৰ ক্ষেত্ৰৰ সর্ববৃহৎ বঁটা হিচাপে পৰিচিত দ্য একাডেমি এৱাৰ্ডছ, যাক আমি অস্কাৰ বঁটা হিচাপে বহুলভাবে জানো, সেই সন্মানীয় বঁটাৰ দৰে সন্মানৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে ভাৰতীয় ছবি।
৯৬ বছৰ পূৰ্বে অর্থাৎ ১৯২৯ চনৰ ১৬ মে'ত প্ৰথমবাৰৰ বাবে এই বঁটা প্রদান কৰা হৈছিল। এই বর্ণাঢ্য যাত্রাত মেহবুব খান পৰিচালিত ছবি 'মাদাৰ ইণ্ডিয়া'ই ১৯৫৮ চনত 'বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম' (শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্র) শিতানত আন ৪খন চলচ্চিত্ৰৰ সৈতে নির্বাচিত হৈছিল যদিও, এটা ভোটত জয়ী হৈ শেষ হাঁহি মাৰিছিল ইটালিয়ান ছবি 'নাইট্ছ অব্ কাবিৰিয়া'ই। ইয়াৰ পাছৰ পৰ্যায়ত ভাৰতীয় ছবি উদ্যোগত হাজাৰ হাজাৰ ছবি নিৰ্মাণ কৰা হ'ল যদিও অস্কাৰৰ দৰে অতি সম্মানীয় বঁটা লাভ কৰিবলৈ বহু বছৰ অপেক্ষা কৰিবলগীয়া হ'ল। আজিৰ তাৰিখলৈকে আমাৰ দেশৰ পৰা 'বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম' তথা পাছলৈ 'বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম' (শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্র) শিতানত মাত্ৰ চাৰিখনকৈ ছবিয়েহে নির্বাচিত হোৱাটো অতি দুখৰ কথা। এই শিতানত নির্বাচিত প্রথমখন ছবি আছিল 'মাদাৰ ইণ্ডিয়া'। মেহবুব খান পৰিচালিত ছবি 'মাদাৰ ইণ্ডিয়া'ই ১৯৫৮ চনত 'বেষ্ট ফৰেইন লেংগুরেজ ফিল্ম' (শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্র) শিতানত নির্বাচিত হৈছিল। সেই সময়ত অর্থাৎ ২০২০ চনৰ পূৰ্বে এই শিতানৰ নাম আছিল 'বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম'। বর্তমান ইয়াক 'বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম' (শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্র) শিতান হিচাপে জনা যায়। এই শিতানত এতিয়ালৈকে নির্বাচিত হোৱা ছবি চাৰিখন হৈছে-'মাদাৰ ইণ্ডিয়া' (১৯৫৮), ছালাম ব'ম্বে (১৯৮৯), লগান (২০০২), হ'মবাউণ্ড (২০২৫)। অৱশ্যে আন এক শিতানৰ জৰিয়তেহে ১৯৮৩ চনত 'গান্ধী' ছবিৰ বাবে 'শ্রেষ্ঠ কষ্টিউম ডিজাইন'ৰ অস্কাৰ বঁটা লাভ কৰিছিল ভানু আথাইয়াই। ইয়াৰ কেইবাবছৰ পাছত ২০০৯ চনত একেলগে চাৰিটাকৈ শিতানত ভাৰতলৈ আহে অস্কাৰ বঁটা। ২০২৩ চনত দুটাকৈ অস্কাৰ আহিছিল ভাৰতীয় ছবিলৈ। অস্কাৰ বঁটাৰ দৌৰত এইবাৰ আন এখন ভাৰতীয় ছবিয়ে আশাৰ বতৰা কঢ়িয়াইছে। ৯৭ সংখ্যক অস্কাৰ বঁটাৰ বাবে 'বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম' (শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্র) শিতানত আন ১৪খন চলচ্চিত্ৰৰ সৈতে 'শর্ট লিষ্ট'ত স্থান লাভ কৰিছে নীৰৰ্জ ঘায়ৱানৰ ছবি 'হ'মবাউণ্ড'-এ। নীৰজ ঘায়ৱান। এটা ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা, দুটাকৈ ফিল্মফেয়াৰ বঁটাৰে সন্মানিত এইগৰাকী চলচ্চিত্র পৰিচালক-চিত্রনাট্যকাৰ। ২০১৫ চনত ঘায়বান পৰিচালিত প্রথমখন ছবিয়ে মুক্তিলাভ কৰিছিল। প্ৰথমখন ছবিৰ জৰিয়তেই এইগৰাকী পৰিচালকে চলচ্চিত্ৰপ্ৰেমীৰ লগতে চিত্র সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। প্রথমখন ছবি 'মাছান'-এ কান চলচ্চিত্র মহোৎসৱত দুটাকৈ বঁটাৰে সন্মানিত হোৱাৰ লগতে আন বহু চলচ্চিত্র মহোৎসৱত ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
চলচ্চিত্র ক্ষেত্রলৈ অভিষেক ঘটিছিল অনুৰাগ কাশ্যপ পৰিচালিত ছবি 'গেংছ অব্ বাছিপুৰ' (২০১২) আৰু ২০১২ চনত মুক্তিলাভ কৰা 'আগ্নি' ছবি দুখনত সহকাৰী হিচাপে কাম কৰিছিল ঘায়ৱানে। কাশ্মীৰী সাংবাদিক, লেখক, চিত্রনাট্যকাৰ বশ্বৰত পীৰৰ 'নিউয়র্ক টাইমূছ'ত প্রকাশ পোৱা প্রবন্ধ 'টেকিং অমৃত হ'মঃ এ ফ্রেন্ডশিপ, এ পেনডেমিক এণ্ড এ ডেথ বিছাই দ্য হাইৱে'ৰ অনুপ্ৰেৰণাৰে নিৰ্মাণ কৰা হৈছে 'হ'মবাউণ্ড'। এজন মুছলমান আৰু এজন দলিতৰ শৈশৱৰে পৰা থকা বন্ধুত্বৰ কাহিনীৰ চলচ্চিত্ৰখনৰ কার্যবাহী প্রযোজক হৈছে হলিউডৰ কিংবদন্তি মার্টিন স্ক'ৰছেজে। যোৱা মে' মাহত কান চলচ্চিত্র মহোৎসৱত 'আন চাৰটেইন ৰিগার্ড' শিতানত প্রথম প্রিমিয়াৰ হোৱা 'হ'মবাউণ্ড'-এ এতিয়া অস্কাৰৰ বাছনী শিতানৰ বাবে আর্জেন্টিনাৰ 'বেলেন', ব্রাজিলৰ 'দ্য ছিক্রেট এজেন্ট', ফ্রান্সৰ 'ইট বাজ জাষ্ট এন এক্সিডেন্ট', জার্মানিৰ 'ছাউণ্ড অব্ ফলিং' আৰু ইৰাকৰ 'দ্য প্রেছিডেণ্টছ কে'ক'ৰ সৈতে প্রতিদ্বন্দ্বিতা কৰিব লাগিব। এইটো শিতানত শ্বর্ট লিষ্টত স্থান লাভ কৰা আন চলচ্চিত্রসমূহ হৈছে জাপানৰ 'কোকুহো, জর্ডানৰ 'অল ডেছ লেফ্ট অব্ ইউ', নৰৱেৰ 'ছেন্টিমেন্টেল ভেলু', পেলেষ্টাইনৰ 'পেলেষ্টাইন ৩৬', দক্ষিণ কোৰিয়াৰ 'ন' আদাৰ চয়চ', স্পেইনৰ 'ছিৰাট', ছুইজাৰলেণ্ডৰ 'লেট শ্বিফ্ট', টাইৱানৰ 'লেফ্ট হেণ্ডেড গার্ল' আৰু টিউনিছিয়াৰ 'দ্য ভয়চ অব্ হিন্দ ৰাজাব।' কৰণ জোহৰ আৰু আদৰ পুনাৱালাই প্রযোজনা কৰা চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঈশান খট্টৰ, বিশাল জেঠৱা আৰু জাহ্নবী কাপুৰে। অস্কাৰ বঁটাৰ বাবে মনোনয়নপ্রাপ্ত চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হ'ব ২০২৬ চনৰ ২২ জানুৱাৰীত। ২০২৬ চনৰ ১৫ মাৰ্চত অবেশ্য হলিউডৰ ডলবি থিয়েটাৰত ৯৮সংখ্যক অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত দিনটোলৈ এতিয়া আশাৰে বাট চাই ৰৈছে প্ৰতিগৰাকী ভাৰতীয় চলচ্চিত্রপ্রেমী।