আমাৰ ভাষা, তেওঁলোকৰ ভাষা

dainik janambhumi April 11, 2025

ডিজিটেল ডেস্কঃ কোৱা হয় ভাষা ভগৱানৰ দান। এই ভগৱানৰ দান ভাষা মানৱ সংস্কৃতিৰো এক গুৰুত্বপূর্ণ উপাদান। এই কথাটোত দ্বিমত নিশ্চয় নাই যে ভাষা আৰু সাহিত্যই বহু সময়ত এটা জাতিৰ জাতীয় পৰিচয় দাঙি ধৰে। সেই দিশৰ পৰা এটা শক্তিশালী ভাষা এটা শক্তিশালী জাতিৰ চিনাকি। একে সময়তে ভাষা এটা জাতিৰ স্বাভিমানো। আইৰ মুখৰ ভাষাৰ প্ৰতি বিশ্বৰ সৰ্বত্ৰ আছে এক সুকীয়া আদৰ, সন্মান। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ভাবত ভেঁজা দি ক'ব পাৰি মোৰ আইক ভালপাওঁ বুলি ক'লে যিদৰে আনৰ আইক ঘিণ কৰাটো নুবুজায়, ঠিক সেইদৰে নিজৰ ভাষাটো ভালপাওঁ বুলি ক'লে আনৰ ভাষাটোক অৱজ্ঞা কৰাও নুবুজায়। এইখিনিলৈকে ভাষাৰ কথাখিনি সার্বজনীন। কিন্তু একাংশ অসমীয়া ভাষী লোকৰ মাতৃভাষা প্ৰেমৰ প্ৰসংগটোত দ্বিধা-সংশয়ৰ সন্মুখীন হ'ব লগা হয়। ভাষা-কেন্দ্রিক চর্চাত প্রায়ে উত্থাপন হোৱা আধুনিক শিক্ষাৰ মাধ্যম ৰূপে অসমীয়া ভাষা কাৰ্যকৰী হয় নে নহয়, নে ইংৰাজীহে জ্ঞান-বিজ্ঞানৰ চৰ্চাৰ বাবে আধুনিক শিক্ষাৰ মাধ্যম ৰূপে উপযোগী ভাষা সেই পুৰণি বিতর্ক ইয়াত পুনৰ মেলিব খোজা নাই। সেয়া এক সুকীয়া আলোচনাৰ বিষয়। 

ভাষা বিষয়ক অন্য কেইটামান প্রসংগ কিন্তু সমানেই গুৰুত্বপূর্ণ। অসমীয়া মাতৃভাষীৰ লোকসকলৰ বাবে ইংৰাজী বিদেশী ভাষা, আনৰ ভাষা। দৈনন্দিন ব্যৱহাৰৰ ফালৰ পৰাও ই সাধাৰণতে আমাৰ দ্বিতীয় বা তৃতীয় ভাষাহে। হ'লেও এটা বহুল ব্যৱহৃত ভাষা ৰূপে ইয়াৰ গ্ৰহণযোগ্যতা আৰু প্রয়োজনীয়তাক কোনো কাৰণেই অস্বীকাৰ কৰিব নোৱাৰি আৰু সেয়ে যথেষ্ট যত্ন আৰু কষ্টৰে এই ভাষাটোৰ কথিত আৰু লিখিত ৰূপটো আয়ত্ত কৰিব লগা হয়। কোৱা হৈছেই এই ইংৰাজী ভাষাটো আমাৰ নিজৰ নহয়, তৎসত্ত্বেও এই ভাষাটোৰ উচ্চাৰণ, বানান, শব্দ প্রয়োগ, বাক্য গাঁথনিত ভুল হ'লে আমি প্ৰায়ে অনুভৱ কৰোঁ চৰম লজ্জা। হয়তো চাহাবৰ মুখৰ ভাষা ৰূপে এই ভাষাৰ প্ৰতি আছে এক অহেতুক সমীহৰ ভাব। কিন্তু আশ্চর্যজনকভাৱে সেই একেই অভিব্যক্তি, লজ্জাৰ ভাব প্রকাশ নেপায় নিজৰ মাতৃভাষাৰ উচ্চাৰণ, বানান, শব্দ প্রয়োগ, বাক্য-গাঁথনিত ভুল হ'লে। বৰঞ্চ মাতৃভাষাটো শুদ্ধকৈ ক'ব, লিখিব নোৱৰাটো বহু তথাকথিত অসমীয়াৰ বাবে গৌৰৱৰহে বিষয়হ 'স্কুল পাৰ হোৱাৰ পাছতেই অসমীয়া লিখিবলৈ এৰিলোঁ নহয়, অফিচৰ কামত ইংৰাজীহে ব্যৱহাৰ কৰোঁ, এতিয়া অসমীয়া লিখিলে বহুত ভুল হয় পায়' বুলি কৃত্রিম অনুশোচনা প্রায়ে শুনা যায়। এই 'অনুশোচনা'ত কিন্তু অসমীয়া লিখিব নোৱৰাৰ দুখতকৈ তেওঁ যে ইংৰাজী লিখিব পাৰে সেই গৌৰৱৰ প্ৰকাশ সৰহ। 

হয়, সাৱলীলভাৱে ইংৰাজী ক'ব, লিখিব পৰাটো গৌৰৱৰ বিষয়। আনৰ ভাষা এটা শিকিব পৰাটো এক বিশেষ যোগ্যতা। কিন্তু এই যোগ্যতা আৰ্জন কৰি যি আনন্দ আৰু সন্মান পোৱা যায় সেই একেই বা তাতোকৈ অধিক আনন্দ-সন্মান লাভ কৰা উচিত নিজৰ আইৰ মুখৰ মাত-কথাখিনি শুদ্ধকৈ আয়ত্ত কৰিব পাৰিলে, সাৱলীলভাৱে ব্যৱহাৰ কৰিব পাৰিলে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ সমাজত এনে লোক অনেক আছে যি ইংৰাজী ভাষাটোৰ ব্যৱহাৰত নিজে যদি কেনেবাকৈ ভুল কৰে তেনেহ'লে মৰাৰ সমান লাজ পায় বা আন কোনোবাই সেই বিদেশী ভাষাৰ প্রয়োগত ভুল কৰিলে ঠাট্টা, উপলুঙা কৰিবলৈও নেৰে। কিন্তু এই একেখিনি মানুহেই নিজৰ ভাষাক নিকা ৰূপেৰে ব্যৱহাৰ কৰাৰ ক্ষেত্রত নির্লিপ্ত। শুদ্ধকৈ ভাষাটো নজনাৰ হীনমন্যতা তেওঁলোকৰ কেৱল ইংৰাজীৰ ক্ষেত্ৰতহে প্রকাশ পায়, মাতৃভাষাৰ ক্ষেত্রত তেওঁলোক উদাসীন বা বেপৰোৱা। একেদৰে বহিৰাগত কোনো লোকৰ লগত কথা-বতৰা পাতোঁতে (বিশেষকৈ হিন্দী, বাংলাভাষীসকলৰ লগত) ভুলে-শুদ্ধই তেওঁলোকৰ ভাষাত কথা পাতিবলৈও অধিকাংশ অসমীয়া উত্রাবল। এই আচৰণ যদি কোনো অনা-অসমীয়া পৰ্যটকৰ ক্ষেত্ৰত প্রকাশ হয় তেনেহ'লে অসমীয়া লোকৰ অতিথিপৰায়ণতাৰ আন এটা ভাল দিশ বুলি গ্ৰহণ কৰিব পাৰি, কিন্তু বছৰ বছৰ ধৰি অসমতে থকা, অসমৰ বায়ু-পানী খাই ডাঙৰ হোৱাসকলৰ লগত পদে পদে তেওঁলোকৰ ভাষাত কথা-বতৰা পতাৰ এই আগ্রহে আমাকো হাঁহিয়াতৰ পাত্ৰ কৰে আৰু সেই অনা-অসমীয়াসকলকো অসমতে থাকি অসমীয়া ভাষাটো শিকাৰ সুযোগ নিদিয়ে। ভাৰতীয় ভাষা কেইটামান জনাটো নিশ্চয় গৌৰৱৰ কথা, বিশেষ পাৰ্গতালিৰ পৰিচয়। কিন্তু দুই এটা ভাৰতীয় ভাষা জানো বুলি ভবাসকলে এইটোও ভবাৰ প্রয়োজন যে অসমতে দীর্ঘদিন বসবাস কৰা অনা-অসমীয়াসকলক অসমীয়া ভাষাটো শুদ্ধকৈ শিকোৱাটোও তেওঁলোকৰ এক নৈতিক দায়িত্ব। কোনো ধৰণৰ সংঘাতলৈ নোযোৱাকৈ, জোৰ-জুলুম নকৰাকৈ শুৱলা অসমীয়া ভাষাটো শিকাৰ প্ৰতি স্বাভাৱিক আগ্রহ এটা বহিৰাগতসকলৰ মনলৈ আনিব পাৰিব লাগিব। 

শুদ্ধকৈ, শুৱলাকৈ, সাৱলীলভাৱে দেশীয়েই হওক, বিদেশীয়েই হওক এই ভাষা আয়ত্ত কৰাটো যিকোনো লোকৰ বাবেই গৌৰৱৰ বিষয়। কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও হ'ব নেলাগে যে তেওঁ নিজৰ মাতৃভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ প্রতি সচেষ্ট নহওক, নিজৰ মাতৃভাষাক লৈ এক হীনমন্যতাত ভোগক বা উদাসীন হওক। বিদেশী ভাষাৰ ভুল প্রয়োগত যিমান লাজ পোৱা যায় তাতকৈ মাতৃভাষাৰ ভুল প্রয়োগত বেছিকৈ লজ্জিত হোৱাৰ মানসিকতাইহে এক ভাষাক সন্মান দিব, জাতিৰ শকতি বঢ়াব। সেইদৰে অসমত বাস কৰা সকলোৱে অসমীয়া ভাষাক নিজৰ ভাষা বুলি স্বাভাৱিক প্রয়োজনত মৰমেৰে আঁকোৱালি লোৱাৰ পৰিৱেশেহে ভাষাক সঁচা অৰ্থত ধ্রুপদী কৰিব, সাৰ-পানীৰে শক্তিশালী কৰিব। মনত ৰাখিব লাগিব ভাষা জাতিৰ শক্তি, জাতিৰ স্বাভিমান।

Share This