ডিজিটেল ডেস্ক : অধিকাংশ লোকৰে ধাৰণা- ৰোগ হ'লে চিকিৎসক আছেই আৰু চিকিৎসক আছে মানেই ঔষধ আছে। আৰু ঔষধ খালেতো বেমাৰ ভাল হ'বই, নহ'লে ঔষধনো কিহৰ ! সেয়ে এই চিন্তাৰে নিয়ন্ত্রিত হৈ অধিকাংশ লোকেই লাইফ ষ্টাইল অর্থাৎ জীৱনশৈলীৰ কথাটো প্রায়ে গুৰুত্ব নিদিয়ে। আনকি দীর্ঘদিন মধুমেহ ৰোগত ভুগি থকা ৰোগীয়েও গৰ্বেৰে ৰসগোল্লা এটা খাই কয়, 'ইমান দামী দামী দৰববোৰ খাইছোঁ কেলেই, যদি ৰসগোল্লা এটাই খাব নোৱাৰিলোঁ'। এচাম ৰোগীয়ে আকৌ চিকিৎসকে দিয়া প্রেছক্রিপশ্যনখন খুতিয়াই খুতিয়াই চাই কোনটো ঔষধৰ কি কাম সেয়া 'জানি-বুজি' ল'বলৈ চেষ্টা কৰে। আৰু 'জানি বুজি' ল'লোঁ বুলি পতিয়ন গ'লে স্বাস্থ্য, ৰোগ আৰু নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি সময়ে সময়ে দৰবৰ মাত্রা বঢ়াই-কমাই থাকে, কেতিয়াবা আনকি দৰবৰ ব্যৱহাৰ চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈয়ে বন্ধ কৰি দিয়ে। অর্থাৎ তেওঁলোক নিজেই হৈ পৰে একোজন একোজন চিকিৎসক। এই সময়ত প্রায়ে গুৰুত্ব নিদিয়ে এই কথা যে ৰোগ সম্পৰ্কত চিকিৎসক এজনৰ আছে পাঠ্যক্ৰম সম্বলিত বিস্তৃত প্রণালীবদ্ধ অধ্যয়ন আৰু অভিজ্ঞতা- যিটো ৰোগীজনৰ নিজৰ নাই। এচাম আকৌ আৰু এখাপ আগুৱাই গৈ গুগল খুঁচৰি নিজৰ ৰোগটোৰ বিষয়ে জানিব খোজে। নিজৰ ৰোগৰ বিষয়ে সচেতন হোৱাটো ভাল কথা। কিন্তু গুগল খুঁচৰি জ্ঞান ল'বলৈ যাওঁতে মনত ৰাখিব লাগিব অল্পবিদ্যা ভয়ংকৰী ! গুগল উপলব্ধ জ্ঞানেৰে 'গুগল ডাক্তৰ' হৈ ৰোগৰ চিকিৎসা কৰাই নহয়, পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক সন্দেহ কৰা বা বিশ্বাসত নোলোৱাৰ বা স্ব-চিকিৎসাৰ পৰিণতি কিন্তু সাধাৰণতেই হয় বিপজ্জনক।
ৰোগৰ পৰা উপশম পালে ঔষধ খোৱাৰ কি প্রয়োজন বুলি ভবা এনে এচাম ৰোগীয়ে প্ৰায়ে এন্টিবায়'টিক ঔষধ চিকিৎসকে দিয়াৰ সময়তকৈ আগতেই ত্যাগ কৰাৰ তথ্য পোৱা যায়। অথবা বিপৰীতক্রমে ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজে নিজে এন্টিবায়'টিক ব্যৱহাৰ কৰিবলৈ লয়। সম্প্রতি বিশ্বৰ বৃহৎসংখ্যক লোক এণ্টিবায়'টিকৰ অপব্যৱহাৰ আৰু অতিৰিক্ত ব্যৱহাৰৰ বলি হৈছে। ফলত প্রচলিত এন্টিবায়'টিক ঔষধসমূহ অকাৰ্যকৰী হৈ পৰিছে। ভাবুকি আহিছে আধুনিক চিকিৎসালৈ, ৰোগীলৈ। আনকি বিশ্ব স্বাস্থ্য সংস্থাও চিন্তিত এই বিষয়টো লৈ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতেই ২০১৯ চনত বিশ্বৰ ১২ দশমিক ৭ লাখ লোকৰ মৃত্যু হৈছিল এন্টিবায়'টিকে তেওঁলোকৰ শৰীৰত সঠিক ৰূপত কাম নকৰাৰ বাবেই, যাক কোৱা হয় এন্টিবায়'টিক ৰেজিটেন্স। এই কথাই পৰোক্ষভাৱে আৰু প্রায় ৫০ লাখ লোকৰো মৃত্যুৰ কাৰণ হৈছিল। মূল কথা হ'ল ৰোগ হ'লে চিকিৎসকৰ কাষ চাপি তেওঁলোকৰ পৰামৰ্শ মতে আগবঢ়াটোৱেই অধিক সময়ত নিৰাপদ। হয় ভুল চিকিৎসা, ভুল ৰোগ নিৰূপণ, অতিৰিক্ত ঔষধ প্রদান আদি বিভিন্ন অপবাদ আজিৰ একাংশ চিকিৎসকে আর্জিছে। কিন্তু ইয়াৰ বাবে সমগ্র চিকিৎসক সমাজক জগৰীয়া কৰা বা সন্দেহৰ চকুৰে চোৱা নিশ্চয় উচিত নহ'ব।
একে সময়তে গুৰুত্বপূর্ণ কথাটো হ'ল জীৱনশৈলী। কেৱল ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱনশৈলীৰ দিশটো একেবাৰে উপেক্ষা কৰিলে বা চিকিৎসকে কোৱা জীৱনশৈলী সম্পৰ্কীয় পৰামৰ্শখিনি অৱজ্ঞা কৰিলে কিন্তু ৰোগীৰ সামগ্রিক স্বাস্থ্যৰ কেতিয়াও বিকাশ নহয়। কেৱল ঔষধ নহয়, জীৱনশৈলীৰ পৰিৱৰ্তনে আমাৰ বহু ৰোগৰ উপশম ঘটাব পাৰে, বহু ৰোগক আদৰাৰ বাট ভেটিব পাৰে। আজিৰ চিকিৎসা বিজ্ঞানে সেয়ে সুস্থ থাকিবলৈ শৰীৰ, মনৰ চিকিৎসাৰ উপৰি জীৱনশৈলী কিমান গুৰুত্বপূর্ণ, তাত বিশেষ গুৰুত্ব আৰোপ কৰে। ব্যায়াম, নিয়মিত আহাৰ, মন আনন্দত ৰখা আদি সৰু-সুৰা কিন্তু অতি গুৰুত্বপূৰ্ণ কামবোৰৰ দায়িত্ব ভাল স্বাস্থ্যৰে সুস্থ হৈ জীয়াই থাকিবলৈ ইচ্ছুক প্রতিজন লোকে নিজে গ্রহণ কৰিব লাগিব। কেৱল ঔষধেই যে সকলো নহয়, সেয়া বুজিব লাগিব। প্রকৃততে, জীৱনটোৰ প্ৰতিটো মুহূৰ্তৰ আনন্দৰ সোৱাদ লোৱাৰ ইচ্ছাটোৱেই হ'ল সুস্থ জীৱনৰ এক মহৌষধ। এই ঔষধ নাথাকিলে চিকিৎসকৰ প্ৰেছক্রিপশ্যনৰ হাজাৰ ঔষধে সুস্থ জীৱন প্রদান কৰিব নোৱাৰে।