সমাধিৰ স্থান

dainik janambhumi September 23, 2025

ডিজিটেল ডেস্ক : যোৰাবাট আৰু সোণাপুৰৰ মাজৰ হাতীমূৰা কমাৰকুছি হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা। অর্থাৎ সেই স্থানতে তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। দেওবাৰে পুৱা বিমানযোগে নতুন দিল্লীৰ পৰা বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমোৱাৰ পাছত পুষ্পসজ্জিত বাহনত জনসমুদ্ৰৰ লহৰৰ মাজেদি প্রায় সাত ঘণ্টীয়া এক ইতিহাস সৃষ্টিকাৰী যাত্ৰাৰ পাছত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ চৌহদত দুদিন ধৰি সেই লানি নিছিগা জনস্রোতে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি যাচিছে। মঙলবাৰে পুৱা সেই কিংবদন্তি শিল্পীৰ নশ্বৰ দেহ কমাৰকুছিৰ শেষ ঠিকনালৈ নিয়া হ'ব আৰু তাতেই অকাল মৃত্যুক সাবটি লোৱা বিৰল প্রতিভাসম্পন্ন শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হ'ব। এটা অকল্পনীয় পৰিস্থিতিত শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল। এতিয়া শেষকৃত্য তেখেতৰ আত্মাৰ সদ্গতিৰ এক আনুষ্ঠানিক পৰম্পৰাগতগত প্রক্রিয়াহে। সেই প্রক্রিয়া ক'ত সম্পন্ন হৈছে বা হ'ব সেইটো বিশেষ গুৰুত্বপূর্ণ কথা নহয়। দেহাৱসানৰ পাছত লাখ লাখ অনুগামীয়ে যিদৰে অসহনীয় ৰ'দ, গৰম, ধাৰাসাৰ বৃষ্টিপাতকো নেওচি সেই বিৰল শিল্পী সত্তাক দিব পৰা সর্বোচ্চ শ্রদ্ধা যাচিলে সেয়া ইতিহাসৰ পাতত এক যুগান্তকাৰী অধ্যায় ৰূপে জিলিকি থাকিব। 

অসমবাসীয়ে প্ৰাণৰ শিল্পীক শেষ শ্রদ্ধা কিদৰে দিব লাগে সেই কথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ সময়ত দেখুৱাইছিল, এইবাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতো দেখুৱাই দিলে। মঙলবাৰে কমাৰকুছিত হ'ব লগা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়াতো তেনে দৃশ্যৰেই নিশ্চিতভাৱে পুনৰাবৃত্তি ঘটিব। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া ক'ত হ'ব সেই বিষয় লৈ ইতিমধ্যে বহুত বাদানুবাদ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ পাছত পৰিয়ালৰ ইচ্ছা সাপেক্ষে আৰু সবাতোকৈ সুচল স্থান হ'ব বুলি বিবেচনা কৰি কমাৰকুছিক বাছনি কৰে। সুধাকণ্ঠৰ সমাধিস্থলীক লৈও বহু দাবী উঠিছিল। অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱৰ প্ৰতি সঁহাৰি দি জালুকবাৰীৰ স্থানখিনি চূড়ান্ত কৰা হৈছিল। জুবিন গাৰ্গৰ শেষ ঠিকনাও গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতে হোৱাৰ প্রস্তাৱ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিল। সেই প্রস্তাৱ গ্রাহ্য নহ'ল। জুবিন গাৰ্গৰ ক্ষেত্ৰত আটাইতকৈ সবল দাবী উত্থাপন হৈছে যোৰহাটৰ পৰা। এই দাবীক অযুক্তিকৰ বুলি ক'ব নোৱাৰি। তাৰ একাংশ লোকে সংবাদ মাধ্যমৰ আগত অতি আৱেগেৰে কোৱা দেখা গৈছে যে জুবিন গাৰ্গ যোৰহাটৰ সন্তান। যোৰহাটে সেই প্রতিভাক উলিয়াই পঠিয়াইছিল। সেই জুবিনক যোৰহাটবাসীক ঘূৰাই দিব লাগে। যোৰহাটবাসীয়ে সুন্দৰ স্থানত জুবিন গাৰ্গৰ সমাধিস্থল স্থাপন কৰি সেই শিল্পী সত্তাক যুগ যুগলৈ স্মৰণীয় কৰি ৰাখিব। শেষত সমাধিস্থল কমাৰকুছিত চূড়ান্ত হোৱাত অসন্তুষ্ট সেই যোৰহাটবাসীসকলে উগ্র প্রতিবাদ সাব্যস্ত কৰি 'বন্ধ', অৱৰোধেৰে যোৰহাট অচল কৰি পেলাইছে। ৰাজ্য চৰকাৰে অৱশ্যে শেষকৃত্য কমাৰকুছিত সম্পন্ন কৰিবলৈ সিদ্ধান্ত ল'লেও যোৰহাটবাসীৰ আৱেগকো অশ্রদ্ধা কৰা নাই আৰু শিল্পীগৰাকীৰ অস্থি-চিতাভস্ম যোৰহাটলৈ নি তাত অন্য এখন স্মৃতিক্ষেত্র গঢ়ি তোলাৰ সিদ্ধান্ত ঘোষণা কৰিছে। এনে বাদানুবাদৰ পৰিপ্ৰেক্ষিতত এটা কথা ক'ব লাগিব যে তুৰাত জন্ম হোৱা, চিৰাং, তামুলপুৰ, যোৰহাটত শৈশৱ-কৈশোৰ কটোৱা জুবিন নামৰ শিল্পী সত্তাটো এতিয়া সীমাবদ্ধ হৈ থকা নাই। সীমাৰ পৰিধি ভাঙি জুবিন এক বিশাল শিল্পী সত্তালৈ ৰূপান্তৰ হৈছে। জনস্রোতৰ ধল বোৱাই শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ঠাইৰ পৰা লাখ লাখ মানুহে দিন-নিশা একাকাৰ কৰি জুবিন গাৰ্গৰ নশ্বৰদেহত শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পৰাই গম পোৱা যায়, সেই শিল্পী সত্তাই কেনেকৈ স্থান নির্বিশেষে মানুহৰ অন্তৰ দখল কৰিছিল। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগও কেনেকৈ জুবিনৰ বিয়োগত মর্মাহত হৈছে সেই দৃশ্য সামাজিক মাধ্যমৰ পৰা গম পোৱা যায়। 

গতিকে, সমাধিক্ষেত্ৰৰ বিবাদ বহলোৱা উচিত নহয়। ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ সমাধিক্ষেত্র পাবৰ বাবে টনা-আঁজোৰা চলিছে, এইটো জাতিৰ বাবে শুভ লক্ষণ, কিন্তু লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, মিত্ৰদেৱ মহন্ত, জগন্নাথ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে আধুনিক অসমৰ নিৰ্মাতাসকলৰ সমাধিস্থল ক'ত আছে? এতিয়া কমাৰকুছি আৰু যোৰহাট এই দুই স্থানত জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণ হ'ব। স্মৃতিক্ষেত্র দুখন যুগ যুগলৈ কেনেকৈ সুন্দৰভাৱে সুৰক্ষিত কৰা হ'ব, জুবিন গার্গে জাতীয় জীৱনলৈ আগবঢ়োৱা বিশাল অৱদানক কেনেকৈ অনন্তকাললৈ সংৰক্ষণ কৰিব পৰা যাব, কেনেকৈ জুবিনে খন্তেকীয়া জীৱন কালতে অবিস্মৰণীয় কাম কৰি নিজক বিৰল শিল্পী সত্তালৈ উত্তৰণ ঘটালে সেই আদৰ্শৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি নতুন নতুন প্রতিভা সৃষ্টিৰ পথ প্রশস্ত কৰিব পাৰোঁ সেই বিষয়বিলাক সকলোৱে গভীৰভাৱে চিন্তা কৰা উচিত। সেই শিল্পী সত্তাক অনন্তকাললৈ স্মৰণীয় কৰি ৰাখিব পৰাটোৱেই হ'ব তেওঁৰ প্ৰতি উৎকৃষ্ট শ্রদ্ধা।

Share This