ডিজিটেল ডেস্ক : অলপতে এটা বাতৰিয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। মুম্বাইৰ এটা পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ এটা তৰমুজ খাই ৰহস্যজনকভাৱে মৃত্যু হৈছিল। তৰমুজত থকা বিষাক্ত দ্ৰব্যৰ বাবেই বিষক্রিয়া হৈ পৰিয়ালটোৱে কৰুণ মৃত্যুক আঁকোৱালি লোৱা বুলি প্ৰচাৰ হোৱাৰ পাছতেই স্বাভাৱিকতে সকলোতে আতংকৰ সৃষ্টি হৈছিল। গ্ৰীষ্মৰ ঋতুৰ পচন্দৰ ফল তৰমুজত কেমিকেল ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয় আৰু এই ঘটনাৰ পাছত স্বাভাৱিকতে সাধাৰণ মানুহৰ বাবে তৰমুজ আতংকৰ ফল হৈ পৰিছিল।
যদিওবা পৰৱৰ্তী তদন্তত উক্ত তৰমুজটোত ইচ্ছাকৃত বা দুর্ভাগ্যবশতঃ এন্দুৰ মৰা দৰব বেজিৰে ভৰোৱা হৈছিল বুলি প্রকাশ পাইছে তথা উক্ত ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে, তৎসত্ত্বেও ফল-মূলত কেমিকেলৰ ব্যৱহাৰৰ অভিযোগক লৈ সজাগতাৰ ব্যাপক প্রয়োজন আছে। কিয়নো বিভিন্ন সময়ত বজাৰত কেমিকেল মিহলোৱা ফল-মূল আৰু পাচলি বিক্ৰী কৰাৰ লগতে এনে বজাৰত অভিযান চলোৱাৰ তথ্য প্রকাশ হৈ আহিছে।উল্লেখযোগ্য যে তৰমুজত অসাধু ব্যৱসায়ীয়ে অধিক লাভৰ বাবে আৰু আকর্ষণীয় দেখুৱাবৰ বাবে এৰিথ্র'চিন (Erythrosine-B) নামৰ কৃত্ৰিম ৰং, কেলচিয়াম কার্বাইড (Calcium Carbide) আৰু অক্সিট'চিন (Oxytocin) আদি বিষাক্ত কেমিকেল ব্যৱহাৰ কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে আমাৰ শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ তৰমুজৰ ভিতৰভাগ উজ্জ্বল ৰঙচুৱা কৰিবলৈ এই এৰিথ্র'চিন নামৰ কৃত্রিম গুলপীয়া-ৰঙা ৰং ইনজেকশ্যনৰ দ্বাৰা দিয়া হয়। ইয়াৰ ফলত পেটৰ বিষ, বমি, ডায়েৰিয়া আদি ৰোগ হোৱাৰ লগতে দীর্ঘসময় ধৰি এনে ফল সেৱন কৰিলে থাইৰয়ড তথা লিভাৰৰ ক্ষতি হ'ব পাৰে। তৰমুজ সোনকালে পকাবলৈ কেলচিয়াম কার্বাইড ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা নিৰ্গত হোৱা এচিটিলিন গেছে মূৰৰ বিষ, মূৰ ঘূৰোৱা, ছালৰ ঘা আনকি কৰ্কট ৰোগ পর্যন্ত কৰিব পাৰে। ফলৰ আকাৰ ডাঙৰ কৰিবলৈ বহুতে অক্সিট'চিন কেমিকেল ব্যৱহাৰ কৰে, যাৰ ফলত স্নায়ুতন্ত্ৰৰ দুৰ্বলতা আৰু পেটৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। তৰমুজ গৰমৰ দিনত পর্যাপ্ত পানী থকা উপাদেয় ফল, যাৰ বাবে চহৰ-নগৰ এলেকাত তৰমুজৰ বজাৰ অতি ভাল হয় এনে দিনত। কিন্তু গৰমত নিজকে আর্দ্র ৰখাৰ নামত ডেৰশ টকাৰ পৰা দুশ টকা পর্যন্ত ভৰি কি ক্ৰয় কৰি অনা হৈছে সেয়া ভাবি চোৱা নহয়। কেৱল তৰমুজেই নহয়, বজাৰৰ সকলো ফলতেই এতিয়া বিষাক্ত কেমিকেল। কার্বাইড দি পকোৱা কলক লৈ সততে বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। অলপতে গুৱাহাটীৰ বেলতলা বজাৰত কুইণ্টলে কুইণ্টলে কার্বাইড দি পকোৱা কল আৰু আম জব্দ কৰিছে প্রশাসনে। জেঠ-আহাৰ মহীয়া বতৰ মানেই ফলৰ ৰজা আমৰ বতৰ। কিন্তু বজাৰত এতিয়া অত্যধিক কেলচিয়াম কার্বাইডেৰে ৰসাল আৰু ৰঙীন কৰি তোলা হাইব্রীড আমৰ পয়োভৰ। মালদহ, চণ্ডীগড় ইত্যাদিৰ পৰা অহা গোপালভোগ, হিমসাগৰ, লেংৰা, আম্রপালি, ফজলী, দশহৰী ইত্যাদি আম বজাৰত তিনিশ টকাৰ পৰা সাত-আঠশ টকালৈ কিল'ত বিক্রী হৈছে যদিও ফলৰ নামত যেন ঘৰলৈ কঢ়িয়াই নি থকা হৈছে বৰবিহ। এই হাইব্রীড ফলৰ হেঁচাত অসমৰ বাৰীয়ে বাৰীয়ে থকা টিলিকি আম, ৰূপহী আম, টেঙা আম, মিঠা আম ইত্যাদিৰো কদৰ নোহোৱা হৈছে। বাণিজ্যিকভাৱে খেতি কৰা কলৰ ক্ষেত্ৰতো অসাধু বেপাৰীয়ে অনুৰূপ ঘটনা সংঘটিত কৰাত অসমৰ মালভোগ, চেনিচম্পা ইত্যাদিও সন্দেহজনক হৈ পৰিছে। ফল-মূলেই নহয়, পাচলিৰ ক্ষেত্ৰত এই অৱস্থা আৰু ভয়াৱহ। সৌ সিদিনা বৰপেটাৰোডৰ পাচলিৰ পাইকাৰী বজাৰত পটলত সেউজীয়া ৰং প্ৰয়োগ কৰা কাৰখানাত অসাধু ব্যৱসায়ীৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। লিচুৰ বতৰত এতিয়া লিচুৰ ক্ষেত্ৰতো অনুৰূপ অভিযোগ। বিলাহী, পটল ইত্যাদিত সোনকালে পূৰঠ কৰা বা ৰং দিয়াৰ বাবে ৰাসায়নিক প্রয়োগ কৰাৰ ফলত খাদ্যই ঘাতক ৰূপ ধাৰণ কৰিছে। আনহে নালাগে, দুদিন আগত বাইহাটা চাৰিআলিত ৰাসায়নিক দ্রব্যৰে প্ৰস্তুত কৰা ২০ কেজি ভেজাল পনীৰ জব্দ কৰিছে প্রশাসনে। ফর্মেলিন দিয়া মাছ, বেজিৰে ডাঙৰ কৰা ব্ৰয়লাৰ ইত্যাদিৰ কথা নকলোৱেইবা।
উল্লেখযোগ্য যে নিশাটোৰ ভিতৰতে ফল পকাবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কার্বাইড হৈছে গম নোপোৱাকৈয়ে একপ্ৰকাৰ শৰীৰত লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰা বৰবিহ। ভাৰতত কৃত্রিমভাৱে ফল পকিবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কাৰণ ইয়াত থকা আৰ্ছেনিক আৰু ফছফৰাছে এচিটিলিন গেছ নির্গত কৰে, যি শৰীৰৰ বাবে ঘাতক।
অন্ন-বস্ত্র-বাসস্থান মানুহৰ মৌলিক প্রয়োজন। কিন্তু এই মৌলিক প্রয়োজনক লৈয়েই এতিয়া সর্বত্র জালিয়াতি চলিছে। অন্নৰ সুৰক্ষাৰ বাবে খাদ্য সুৰক্ষা আইন আছে, বিভাগ আছে, আনকি ইয়াৰ বাবে বিশেষ দিনো আছে। যোৱা সাত জুনত পাৰ গৈছে বিশ্ব খাদ্য সুৰক্ষা দিৱস। বিশ্বজুৰি মানুহৰ সুস্বাস্থ্য, খাদ্য সুৰক্ষা আৰু অর্থনৈতিক সমৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিনটো পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু খাদ্য ও কৃষি সংস্থা (FAO)-ৰ যৌথ উদ্যোগত এই দিৱসটি বিশ্বজুৰি স্বীকৃত। বিষাক্ত বা অপৰিষ্কাৰ খাদ্যৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধি, দূষিত খাদ্যৰ ফলত হোৱা ৰোগ প্ৰতিৰোধ, খাদ্যৰ মান নিৰূপণ ইত্যাদিৰ কথা খাদ্য সুৰক্ষা দিৱসত আলোচিত হয়। খাদ্য সুৰক্ষা বিভাগে এনে কাম চোৱা-চিতা কৰে। কিন্তু বজাৰত খাদ্যৰ নামত বিক্ৰী হৈ থকা এনে বৰবিহ এইহেন মহঙা দিনত অতি দামেৰে ক্ৰয় কৰি পাকঘৰলৈ অনাৰ পাছত খাদ্যৰ সুৰক্ষা কিমান দূৰলৈ সুনিশ্চিত হয়, সেয়াহে অজ্ঞাত।