ডিজিটেল ডেস্কঃ অসমত দ্রুত গতিত বৃদ্ধি পাইছে জনসংখ্যা। ধাৰণা কৰা হৈছে ২০৩৬ চনলৈ ৰাজ্যৰ জনসংখ্যা প্রায় তিনি কোটি ৯৪ লাখ হ'বগৈ। এই বর্ধিত জনসংখ্যাৰ ভৰ ৰাজ্যখনে কিদৰে বহন কৰিব, তাক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। কিয়নো জনসংখ্যা বৃদ্ধিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশগত দিশত যথেষ্ট প্রভাৱ পেলায়। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা আছিল দুই কোটি ৬৭ লাখ। কিন্তু দহ বছৰৰ পাছত ২০১১ চনৰ লোকপিয়লত ৰাজ্যখনৰ জনসংখ্যা তিনি কোটি বাৰ লাখলৈ বৃদ্ধি পালে। অর্থাৎ দহ বছৰত অসমত বাঢ়িল প্রায় ৪৫ লাখ জনসংখ্যা।
এনে পৰিস্থিতত অহা ২০২৭ চনত অনুষ্ঠিত হ'ব লগীয়া লোকপিয়লত অসমৰ জনসংখ্যা তিনি কোটি ৬৭ লাখ হোৱাৰ সম্ভাৱনা আছে। ইফালে, জনসংখ্যাৰ ঘনত্ব ২০০১ চনৰ প্ৰতি বৰ্গ কিল মিটাৰত ৩৪০জনৰ পৰা ২০১১ চনতে ৩৯৮জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে অনাগত দিনত ৰাজ্যখনত ব্যাপক মাত্ৰাত মাটিৰ অভাৱ হ'ব। ইতিমধ্যে মাটিৰ অভাৱত বহু লোকে চৰকাৰী ভূমি দখল কৰাত ৰাজ্যখনত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰে বিভিন্ন স্থানত উচ্ছেদ অভিযান চলায়ো এই সমস্যা সমাধান কৰিব পৰা নাই। অৱশ্যে দেশৰ আন ৰাজ্যৰ তুলনাত অসমত জনসংখ্যা বৃদ্ধিৰ সৈতে আন বহু কাৰক জড়িত হৈ আছে। শিক্ষাৰ অভাৱ, জন্ম নিয়ন্ত্ৰণৰ সুবিধাৰ সীমিততা আৰু কিছুমান সামাজিক-সাংস্কৃতিক প্রথাই অসমত উচ্চ জন্ম হাৰত অৰিহণা যোগাই আহিছে। ইয়াৰ উপৰি অসমৰ ভৌগোলিক অৱস্থানৰ বাবে বাংলাদেশৰ পৰা হোৱা অনুপ্রৱেশ আৰু পশ্চিম বংগ, বিহাৰৰ পৰা কৰ্মৰ সন্ধানত অহা লোকেও জনসংখ্যা বৃদ্ধিত সহায় কৰিছে। ইফালে গ্রাম্য অঞ্চলৰ পৰা মানুহে উন্নত জীৱনযাত্ৰাৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰিছে। যাৰ ফলত গুৱাহাটীৰ দৰে নগৰীয়া অঞ্চলত জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পাইছে। সকলোতকৈ ডাঙৰ কথা যে জনসংখ্যা বৃদ্ধিৰ ফলত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা বৃদ্ধি পায়। ইতিমধ্যে ৰাজ্যত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। কৰ্মৰ সন্ধানত বহু যুৱক-যুৱতী আন ৰাজ্যলৈ গৈ কাম কৰিবলৈ বাধ্য হৈছে। ইফালে জনসংখ্যা বৃদ্ধিৰ ফলত অসমত খিলঞ্জীয়া লোকসকলৰ অস্বিত্বৰ প্ৰতিও ভাবুকি নামি আহিছে।
কিয়নো খিলঞ্জীয়া লোকসকলৰ যি হাৰত জনসংখ্যা বৃদ্ধি পাইছে তাতকৈ বাকী লোকসকলৰ জনসংখ্যা কেইবাগুণো অধিক হাৰত বৃদ্ধি পাইছে। যাৰ ফলত খিলঞ্জীয়া লোকসকল ক্রমাৎ সংখ্যালঘু হোৱাৰ দিশে গতি কৰিছে। ইতিমধ্যে বহুকেইখন জিলাত জনসংখ্যাৰ গাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। কেইবাটাও ৰাজনৈতিক দলে আৰম্ভ কৰা ভোটবেংকৰ ৰাজনীতিয়েও এই সমস্যাক অধিক জটিল কৰি তুলিছে। যদিহে সময় থাকোঁতেই চৰকাৰে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ নকৰে, তেনেহ'লে এদিন খিলঞ্জীয়া লোকসকল নিজৰ ঘৰতেই অঘৰী হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। বিশেষজ্ঞসকলৰ মতে, ৰাজ্য চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্য সেৱাত সর্বাধিক গুৰুত্ব নিদিলে ৰাজ্যত জনসংখ্যা বৃদ্ধি ৰোধ সম্ভৱ নহয়। বিশেষকৈ মহিলা শিক্ষাত গুৰুত্ব দি পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিব পাৰিব লাগিব। একেদৰে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰিব পাৰিলেহে অর্থনৈতিক স্থিতিশীলতা আহিব। অন্যথা জনসংখ্যা বৃদ্ধিয়ে অনাগত দিনত ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো একপ্ৰকাৰ নিশ্চিত।