সোণৰ দাম আৰু কান্ধাৰ গাঁৱৰ আইন

dainik janambhumi October 27, 2025

ভাৰতীয় মানুহৰ মাজত সোণ সদায়েই এক বিশেষ আকৰ্ষণ আৰু গৌৰৱৰ প্ৰসংগ। 'বিয়াত সোণৰ খাৰু নেলাগে' বুলি কোৱা কইনা যিদৰে তাকৰ, সেইদৰে ধৰ্মীয়-সামাজিক আচাৰ-অনুষ্ঠানতো সোণৰ প্ৰয়োগ যথেষ্ট। সর্বোপৰি অলংকাৰৰূপে সোণ সদায়েই হেঁপাহৰ সম্পদ। ভাৰতীয় মধ্যবিত্তৰ জীৱনত সমস্ত অর্জন আৰু সঞ্চয়ৰ এক বুজন অংশ ব্যয় হয় সোণ ক্ৰয় কৰাৰ নামতেই। বিগত কিছুদিনত এই সোণৰ মূল্য বৃদ্ধি ঘটিছে ৰকেট গতিত।

অর্থনীতিবিদসকলে মন্তব্য কৰিছে বিশ্ব অর্থনীতিত লুকাই থকা গভীৰ উদ্বেগ আৰু অনিশ্চয়তাৰ প্ৰতিফলন ঘটিছে সোণৰ মূল্য বৃদ্ধিত। ২০২৫ বৰ্ষত চহকী দেশসমূহৰ ক্রমবর্ধমান আর্থিক ঘাটি, চৰকাৰৰ ঋণৰ বোজা আৰু শ্বেয়াৰ বজাৰলৈ যি শংকা, অনিশ্চয়তাৰ সৃষ্টি হৈছে, তাৰ প্রেক্ষাপটত বিনিয়োগকাৰীয়ে সোণকেই নিৰাপদ আশ্রয়ৰূপে বিবেচনা কৰিছে। সোণক বিনিয়োগকাৰীয়ে বিবেচনা কৰিছে ৰক্ষাকৱচ ৰূপে।

ভাবতবর্ষৰ ক্ষেত্রত কিন্তু সোণ কেৱল বিনিয়োগ নহয়। বৰঞ্চ সোণ ঐতিহ্যৰ অংশ, বহু সময়ত ই আনকি সম্পদৰ প্রদর্শনৰো উৎস। সেয়ে সোণৰ দাম বৃদ্ধিয়েও ইয়াৰ প্ৰতি থকা আগ্রহ পাতলাব পৰা নাই, কমা নাই চাহিদাও। এই কথাৰ প্রমাণ দেখা গ'ল পাৰ হৈ যোৱা ধনতেৰছত। ধনতেৰছ সদায়েই সম্পদ, সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক ৰূপে বিবেচিত হৈ আহিছে। সেয়ে সোণৰ আকাশলংঘী দামৰ দিনতো ধনতেৰছৰ দিনত মানুহে ভিৰ কৰিছে গহনাৰ দোকানত, কোনোবাই কিনিছে সোণৰ গহনা, কোনোবাই কিনিছে ডিজিটেল গ'ল্ড বা কইন। বিশেষজ্ঞই মন্তব্য কৰিছে এই প্ৰৱণতা ভাৰতীয় সমাজৰ আৰ্থিক চৰিত্ৰ আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতিফলন। মানুহে এফালে উৎসৱ পালন কৰিছে, আনফালে ভৱিষ্যতৰ অনিশ্চয়তাৰ কথা মনত ৰাখি সম্পদৰ নিৰাপদ আশ্ৰয়ৰূপে সোণত বিনিয়োগ কৰিছে। যাৰ ফলস্বৰূপে এইবাৰৰ ধনতেৰছত ভাৰতৰ গহনাৰ বজাৰত সোণে আকৌ অভিলেখ গঢ়িছে। ১৮ অক্টোবৰ পৰ্যন্ত দেশৰ প্ৰধান চহৰসমূহত সোণৰ দাম প্রতি ১০ গ্রামত পাইছেগৈ ১,৩৪,৮০০ টকা পর্যন্ত।

অৱশ্যে সোণৰ এই মূল্য বৃদ্ধি কেৱল উৎসৱৰ আয়োজনেই নহয়, ইয়াৰ আঁৰত গভীৰ অৰ্থনৈতিক কাৰকো আছে। সাম্প্ৰতিক ভূ-ৰাজনৈতিক উত্তেজনা, কেন্দ্ৰীয় বেংকসমূহৰ সোণ কিনাৰ প্ৰৱণতা ইত্যাদি অলেখ কাৰকৰ প্ৰভাৱত বিশ্বৰ বজাৰতেই সোণৰ দাম বিগত পাঁচ বছৰৰ ভিতৰত সর্বোচ্চ পর্যায় পাইছেগৈ। অৱশ্যে সকলোকে স্তম্ভিত কৰি ২১ অক্টোবৰৰ দিনা সোণৰ মূল্যৰ পতন ঘটে। একেদিনাই প্রায় ৬ শতাংশৰ বেছি মূল্য হ্রাস হোৱাটো এক বিৰল ঘটনা। এনেধৰণৰ মূল্য পতন ঘটিছিল ২০১৩ চনৰ মাজ ভাগতহে। হ'লেও দহ গ্রাম সোণৰ মূল্য এতিয়াও প্রায় ১ লাখ ২৩ হাজাৰ টকা, যিটো মূল্য অধিকাংশ মধ্যবিত্ত পৰিয়ালৰ বাবেই সহজসাধ্য-ক্রয় সক্ষমতাৰ ভিতৰত নপৰে। এনে পৰিস্থিতিত বিয়া-বাৰু, উৎসৱ-পাৰ্বণত ভাৰতীয় মধ্যবিত্ত সদায়েই শংকা আৰু সমস্যাত পৰে, সীমিত উপাৰ্জনেৰে সোণৰ মূল্যৰ মুখামুখি হওঁতে। তাৰ মাজতো আছে সোণৰ অলংকাৰৰ নির্লজ্জ প্রদর্শনকামিতা- যি অনেকৰ বাবে কঢ়িয়াই আনে হীনমন্যতা। সোণৰ অলংকাৰেৰে শৰীৰ শুৱনি কৰিব নোৱাৰি, অনেক ভাৰতীয় মহিলা যে এক বিশেষ ধৰণৰ হীনমন্যতাত ভোগে, তাক অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু সকলোৰে সাধ্যৰ ভিতৰত নাই এতিয়া সোণৰ গহনা।

এনে পৰিপ্ৰেক্ষিতত এক নতুন সামাজিক উদাৰতাৰ নিদৰ্শন দাঙি ধৰিছে উত্তৰাখণ্ডৰ কান্ধাৰ নামৰ ভিতৰুৱা গাঁও এখনৰ বাসিন্দাসকলে। সামাজিক অনুষ্ঠানসমূহত ক্রমবর্ধমান ব্যয় আৰু জাক-জমকতাপূর্ণ সংস্কৃতি ৰোধ কৰাৰ বাবেই তেওঁলোকে প্রচলন কৰিছে এক বিশেষ নিয়ম। বিয়া বা আন সামাজিক অনুষ্ঠানত বিবাহিত মহিলাই কিমান পৰিমাণৰ সোণৰ গহনা পিন্ধিব পাৰিব, তাক স্থিৰ কৰি দিছে গাঁৱৰ বাসিন্দাই। সেই মর্মে মহিলাসকলে নাকফুলি, কাণফুলি আৰু কেৱল মংগলসূত্ৰহে পৰিধান কৰিব পাৰিব। অন্যান্য জাক-জমকীয়া সকলো অলংকাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই সামাজিক আইন নিৰূপণ কৰি গাঁৱৰ বাসিন্দাসকলে জনায় যে তেওঁলোকে সর্বসন্মতিক্রমে এই সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁলোকে কোৱা মতে, বিয়াত অনেক পৰিয়ালৰ বিবাহিত মহিলাই গহনা প্রদর্শন কৰে।

ইয়াৰ ফলত মানসিক চাপ বাঢ়ে দৰিদ্ৰ পৰিয়ালসমূহত। দৰিদ্ৰ পৰিয়ালৰ ওপৰত পৰা মানসিক চাপ আৰু আর্থিক বোজা পাতলোৱাৰ বাবেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। গাঁওবাসীয়ে কয়, বিয়া এক পৱিত্র অনুষ্ঠান, কাৰ গাত কিমান অলংকাৰ আছে সেয়া দেখুওৱাৰ ঠাই নহয়। বাসিন্দাসকলে বিশ্বাস কৰে এনেদৰেই সমাজত প্রকৃত সমতা অর্জন কৰিব পৰা যাব। কান্ধাৰ গাঁৱত এতিয়া প্রতিটো পৰিয়ালৰ বাবে এই নিয়ম বাধ্যতামূলক। তেওঁলোকৰ বিশ্বাস- এই সামাজিক আইনে অর্থনৈতিক বৈষম্য কমোৱাত তথা বিয়াৰ অনুষ্ঠানসমূহত সমতা বৃদ্ধিত যোগাত্মক প্রভাৱ পেলাব।

সামাজিক সমতা বৃদ্ধিৰ বাবে কান্ধাৰ গাঁৱৰ এই প্রচেষ্টা আমাৰ বাবে আদর্শ হ'ব নোৱাৰেনে?

Share This