ডিজিটেল ডেস্ক : ক্রীড়া আমাৰ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ এক বৈচিত্র্যপূর্ণ অংগ হৈ থাকিলেও চলিত শতিকাৰ প্ৰথম কেইটামান বছৰলৈকে ক্রীড়াৰ বিভিন্ন শাখাত আমাৰ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সাফল্যৰ পৰিসংখ্যা অতি সীমিত। টালিমেৰন আও (ফুটবল), ভোগেশ্বৰ বৰুৱা (এথলেটিকছ), গিলবার্টচন চাংমা (ফুটবল), বাবুল ফুকন (ফুটবল), ৰাজেশ বৰা (ক্রিকেট), গৌতম দত্ত (ক্রিকেট), জাভেদ জামান (ক্রিকেট) আৰু নেছিম আহমেদ (ক্রিকেট), মিঠু বৰুৱা (সাঁতোৰ), এলভিছ আলী হাজৰিকা (সাঁতোৰ), দীপাংকৰ ভট্টাচাৰ্য (বেডমিন্টন), কৃষ্ণা ডেকাৰজা (বেডমিন্টন), মনালিছা বৰুৱা (টেবুল টেনিছ), তৈবুন নেছা (ডিছকাছ থ্র'), জয়ন্ত তালুকদাৰ (আৰ্চাৰী), শিৱ থাপা (বক্সিং)ৰ দৰে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত নাম উজলোৱা সীমিতসংখ্যকৰ নামহে আছিল আমাক গৌৰৱান্বিত কৰা খেলুৱৈৰ তালিকাখনত। কিন্তু দেশৰ আটাইতকৈ 'গ্লেমাৰাছ' খেলৰূপে চিহ্নিত হোৱা ক্রিকেটত ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰা, অলিম্পিকত পদত জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈ উল্লিখিত সময়লৈকে ওলোৱা নাছিল। পিছে যোৱা ডেৰ দশকত আমাৰ ৰাজ্যৰ খেলুৱৈৰ সাফল্যৰ ছবিখন অকল্পনীয়ভাৱে সলনি হৈ গৈছে।
১৯৭০ৰ দশকত অর্জুন ভোগেশ্বৰ বৰুৱাই ছার্ভিচেজ দলৰ পৰা নিৰ্বাচিত হৈ বেংকক এছিয়ান গেমছত ভাৰতীয় দলক প্রতিনিধিত্ব কৰি ৮০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰিবলৈ সক্ষম হোৱাটোৱেই আছিল অসমৰ সৰ্বোচ্চ প্রাপ্তি। কোনোবা অসমীয়াই পৰৱৰ্তী সময়ত এই অভিলেখ ভাঙিব পাৰিব বুলি এটা সময়ত কল্পনাও কৰিব পৰা পৰিৱেশ নাছিল। কিন্তু ২০১৮ চনত অনূর্ধ্ব-২০
বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰি তথা জাকার্টা এছিয়ান গেমছত ৪০০ মিটাৰ ৰীলে আৰু ৪০০ মিটাৰ মিক্সড ৰীলেত সোণৰ পদক জয়ৰ উপৰি ৪০০ মিটাৰৰ একক শাখাত ৰূপ জিনি হিমা দাসে ভোগেশ্বৰ বৰুৱাই গঢ়া ইতিহাসৰ লগত সাফল্যৰ নতুন অধ্যায় এটাৰ সংযোজন ঘটাই অসমীয়াৰ বিশ্ব জয়ৰ সপোনক বাস্তৱ কৰাই নহয়, বিশ্ব জয়ৰ সপোন দেখা নতুন প্রজন্মলৈ আগবাঢ়ি যোৱাৰ বাটত এখন ৰঙা দলিচা পাৰি দিলে। সেই দলিচাৰেই আগবাঢ়ি লাভলীনা বৰগোহাঁয়ে অলিম্পিক বক্সিঙত পদক জয় কৰি প্ৰথমবাৰলৈ বিশ্বৰ সৰ্বোচ্চ প্রতিযোগিতাত অসমীয়াক জিলিকোৱাৰ স্বর্ণিল ইতিহাস ৰচনা কৰে। তাৰ পৰৱৰ্তী সময়ত বহুতো অসমীয়াই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মঞ্চত সাফল্য প্রদৰ্শন কৰি দেশ-জাতিক গর্বিত কৰা তালিকাখন বাঢ়ি গৈ আছে। ২০২২ৰ বার্মিংহাম কমনৱেলথ গেমছত লন বলত স্বর্ণ জয় কৰি তাৰকাৰ শাৰীলৈ উন্নীত হয় নয়নমণি শইকীয়া। হৃদয় হাজৰিকাই নিজৰ নাম উজলাইছে শ্বুটিঙত, প্রিয়া দেৱীয়ে দেশক প্রতিনিধিত্ব কৰিছে চেপাক টাক্ৰ'ত, দৌৰত জিলিকিছে অম্লান বৰগোহাঁই, সাঁতোৰত শিবাংগী শৰ্মা, আস্থা চৌধুৰী, বিক্রম চাংমাই, ফুটবলত দুর্গা বড়োৰ পিছত এলেন দেউৰী, হলীচৰণ নাৰ্জাৰী, প্রজ্ঞান গগৈ, পার্থিৱ গগৈ, মহিলা ফুটবলত অপূর্ণা নাৰ্জাৰী, বেডমিন্টনত অস্মিতা চলিহা, বক্সিঙত অংকুশিতা বড়ো, বেডমিন্টনত বর্ণিল আকাশ চাংমাই, শান্তিপ্রিয়া হাজৰিকা। যোৱা ডেৰ দশকত ক্রীড়া ক্ষেত্ৰত অসমীয়াৰ সাফল্যৰ এই যাত্ৰাক অধিক গৌৰৱময় কৰি তুলিছে দুটা নামে: ক্রীড়ানুৰাগীৰ অতি পৰিচিত সেই নাম হ'ল ৰিয়ান পৰাগ আৰু উমা চেত্রী। দুয়ো ক্রিকেটত অসমৰ স্থান কেনেদৰে অভাৱনীয় উচ্চতালৈ লৈ গৈছে সেয়া দোহৰাৰ প্ৰয়োজন নাই। ১৯৪৮ চনত অসমৰ ৰঞ্জি ট্ৰফীত অভিষেক ঘটিছিল। তেতিয়াৰ পৰা বহু প্রতিভাৱান ক্রিকেটাৰৰ উত্থান ঘটিছিল। ইয়াৰে একাংশৰ নাম ওপৰত উল্লেখো কৰা হৈছে। কিন্তু ৰাষ্ট্ৰীয় ক্রিকেট দলত, যাক 'টীম ইণ্ডিয়া' বুলি কোৱা হয়, তাত অসমৰ খেলুৱৈয়ে স্থান পোৱাটো আছিল যেন অলীক কল্পনা। কিন্তু ৰিয়ান পৰাগ আৰু উমা চেত্রীয়ে সেই দেৱালখন ভাঙি পেলালে। ভাৰতীয় টি-২০ আৰু এদিনীয়া দলত স্থান লাভ কৰা ৰিয়ান পৰাগ উত্তৰ-পূবৰ একমাত্ৰ খেলুৱৈ।
আনহাতে দেওবাৰে বোকাখাতৰ উমা চেত্ৰীয়ে গঢ়িলে অন্য এক স্বর্ণিল অধ্যায়। মহিলা এদিনীয়া বিশ্ব কাপৰ বাংলাদেশৰ বিৰুদ্ধে মেচত মূল একাদশত স্থান লাভ কৰি উমা চেত্রীয়ে গঢ়িলে দুর্লভ সাফল্যৰ এই বিৰল অধ্যায়। ভাৰতীয় দলৰ উপ-অধিনায়ক তথা বিশ্বৰ অন্যতম শ্রেষ্ঠ তাৰকা স্মৃতি মান্ধানাই উমা চেত্ৰীলৈ ১৫৭ নম্বৰৰ নীলা টুপীটো আগবঢ়াই দি তেওঁক সাবটি ধৰা দৃশ্যই অসমৰ ক্ৰিকেট অনুৰাগীক দিয়া পুলক আৰু গৰ্বৰ অনুভৱ তুলনাবিহীন। টুপীটো আগবঢ়াই স্মৃতি মান্ধানাই কোৱা কথাকেইটাও গুৰুত্বপূর্ণ। মান্ধানাই কয়, 'উমা, তুমি আমাৰ দলৰ অন্যতম পৰিশ্ৰমী খেলুৱৈ। শ্রম, শাৰীৰিক সক্ষমতা আৰু 'এথলেটিচিজিম'ৰ বাবে তুমি আমাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছা। এই কঠোৰ শ্রম অব্যাহত ৰাখা আৰু ভাৰতক বিজয়ৰ সোৱাদ দিয়াৰ ক্ষেত্ৰত অৱদান অব্যাহত ৰাখা।' বোকাখাতৰ এটা অত্যন্ত সাধাৰণ পৰিয়ালৰ পৰা নিজক এই স্থানলৈ নিবলৈ সক্ষম হোৱা উমা চেত্রীক অভিনন্দন জনাইছোঁ। উদীয়মান প্রজন্মৰ বাবে উমা চেত্ৰীৰ সাফল্য আৰু উদ্দীপনা আদৰ্শ হৈ ৰ'ব।