ডিজিটেল ডেস্ক : 'সুৰক্ষিত অসম, বিকশিত অসম'- এই মূলমন্ত্ৰ লৈ এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি। ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে। আনহাতে, কংগ্ৰেছে ঘোষণা কৰিছে যে নিৰ্বাচনত ৰাজ্যবাসীৰ কাষলৈ 'নতুন বৰ অসম গঢ়া'ৰ শ্ল'গান লৈ যাব ৰাজ্যৰ প্ৰধান বিৰোধী দলটোরে। শাসক আৰু বিৰোধীৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এই দুয়োটা 'মূলমন্ত্র'ই সুন্দৰ। প্রত্যেকগৰাকী অসমবাসীয়ে কল্পনা কৰে এখন 'সুৰক্ষিত আৰু বিকশিত অসম'ৰ। 'নতুন বৰ অসম' শব্দ দুটাতো আছে পৰিৱৰ্তনৰ এটা বার্তা। বৰ্তমানৰ যিবিলাক অনাকাংক্ষিত সমস্যা বা পৰিস্থিতিয়ে ৰাজ্যবাসীক আক্রান্ত কৰি আছে আৰু ৰাজ্যৰ একতা-সম্প্রীতিলৈ ভাবুকি নমাই আনিছে তাৰ অৱসান ঘটাই শান্তি, প্রগতি, সমন্বয়ৰ এখন অসম পুনৰ নিৰ্মাণ কৰাৰ বাৰ্তা আছে এই শ্ল' শ্ল'গানটোত। আগতেও এনেকুৱা আশাপ্রদ বার্তা লৈ ৰাজনৈতিক শক্তিসমূহে নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৰাইজে দেখিছিল। অসম গণ পৰিষদে ১৯৮৫-ৰ নিৰ্বাচনত 'ঐক্য, শান্তি, প্রগতি' মূলমন্ত্র লৈ নির্বাচনত নামি কংগ্রেছক উৎখাত কৰি শাসনত বহিবলৈ সক্ষম হৈছিল। তাৰ পাছৰ ইতিহাস বহুতৰে মনত আছে। অগপৰ সেই শাসনতে অসমত জনজাতীয় আন্দোলনে নতুন ৰূপত মূৰ দাঙি উঠিলে। উগ্রপন্থী সংগঠনৰ জন্ম হৈ অসমত হত্যা- হিংসাৰ এক অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি কৰা বাবে তেতিয়াই ৰাজ্যখনক আনুষ্ঠানিকভারে 'অশান্ত অঞ্চল' ঘোষণা কৰা হ'ল। ৰাজ্যখনৰ 'প্রগতি' কি হ'ল সেয়া কাৰো অজানা নহয়। ২০১৪ চনত বিজেপিৰ উত্থানৰ সেই ৰাজনৈতিক অধ্যায়টোত গেৰুৱা দলটোৱে দেশবাশীৰ সন্মুখত তুলি ধৰিছিল 'পৰিৱৰ্তন'ৰ মন্ত্ৰ। তাৰ পাছত দেশত 'পৰিৱৰ্তন' বহুত হ'ল।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, অৰুণাচলৰ পৰা কচ্ছলৈকে দেশৰ সামাজিক ৰাজনৈতিক পটভূমিৰ সাংঘাতিক পৰিৱৰ্তন ঘটা যোৱা এটা দশকতকৈও অধিক কালত দেশবাসীয়ে দেখিলে। বহু অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীনো হ'ব লগা হ'ল দেশৰ জনসাধাৰণ। কিন্তু এই 'পৰিৱৰ্তন 'বিলাকৰ পৰা দেশৰ আৰ্থ-সামাজিক গাঁথনিটোৰ কি লাভ হ'ল বা দেশবাসীৰ মৌলিক সমস্যাবিলাকৰ সমাধান কিমানদূৰ হ'ল সেইটো সকলোৱে নিজা নিজা অভিজ্ঞতাৰে নিশ্চয় পর্যালোচনা কৰিছে। স্বৰাজোত্তৰ দেশত সাম্যবাদীসকলে 'শ্রেণীহীন' সমাজ গঢ়াৰ মন্ত্ৰৰে দীক্ষিত হৈ সমান্তৰাল বাওঁপন্থী ৰাজনীতিৰ প্ৰসাৰৰ চেষ্টা কৰিছিল। কেইবাখনো ৰাজ্যত সুদীর্ঘ দিন ধৰি বাওঁপন্থীৰ শাসনো চলিছিল। কিন্তু 'শ্রেণীহীন সমাজ' দেশবাসীয়ে পালেনে? এনেবোৰ কথাৰ বাবেই নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰৰ এনে মূলমন্ত্র বা শ্ল'গানৰ প্ৰতি জনসাধাৰণৰ আগ্রহ কমি যোৱা পৰিলক্ষিত হৈছে। আজি কংগ্রেছে 'নতুন বৰ অসম'ৰ কথা কৈছে, কিন্তু আমাৰ যিখন পুৰণি বৰ অসম আছিল, সেইখনতো স্বৰাজোত্তৰ সময়ত কংগ্ৰেছৰ শাসন কালতে খণ্ড খণ্ড হ'ল। অনুপ্রৱেশৰ কৰাল গ্রাসত আমাৰ ৰাজ্যখন আক্রান্ত হ'ব লগা হ'ল কংগ্ৰেছৰ আমোলতে। দুর্নীতি, ভ্রষ্টাচাৰ, স্বজনপ্রীতি চৰকাৰী ব্যৱস্থাটোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰিল কংগ্ৰেছৰ শাসনৰ সময়ছোৱাতে! তথাপি সেই পুৰণি দলটোৰ নতুন নেতৃত্বই এতিয়া এখন 'নতুন বৰ অসম'ৰ চিন্তা কৰিছে বা সেই মন্ত্ৰৰে অসমক নতুনকৈ গঢ়াৰ সপোন দেখিছে, সেইটো বেয়া কথা নহয়। কিন্তু সেই মূলমন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আদায় কৰাৰ কঠিন পর্যায়টো নির্বাচনী প্ৰচাৰৰ এই দিনকেইটাত কেনেকৈ দলৰ নতুন নেতৃত্বই অতিক্রম কৰিব সেইটো ডাঙৰ কথা। ইফালে, 'সুৰক্ষিত অসম, বিকশিত অসম'ৰ যি 'থীম' বা 'পান্স লাইন' শাসনাধিষ্ঠিত বিজেপিয়ে নির্বাচনী প্ৰচাৰৰ বাবে গ্রহণ কৰিছে, সেই ক্ষেত্ৰত দলটোৰ সুবিধা যেনেকৈ আছে, তেনেকৈ জটিলতাও নথকা নহয়। যোৱা পাঁচটা বছৰৰ কাৰ্যকালত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বিকাশৰ এনে কিছুমান কাম কৰিছে সেয়া আক্ষৰিক অৰ্থতে 'অভূতপূর্ব'।
আনহাতে, ডেৰ লাখ বিঘা ভূমি 'অচিনাকি' লোকৰ বেদখলৰ পৰা মুক্ত কৰা, খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া, শ্বহীদ স্মাৰক ক্ষেত্ৰ, বৰদোৱা সাংস্কৃতিক প্রকল্প নির্মাণ, ড্রাগ বিৰোধী অভিযান, প্ৰব্ৰজনকাৰী ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ দৰে কামবোৰে চৰকাৰখনৰ সক্ষমতাক লৈ ৰাজ্যবাসীৰ, বিশেষকৈ খিলঞ্জীয়া বহু লোকৰ মনত আশাৰ সঞ্চাৰ কৰিছে ঠিকেই, কিন্তু 'বিকশিত অসম, সুৰক্ষিত অসম'ৰ সংজ্ঞাটো ইমানতেই সীমাবদ্ধ থাকিব নেকি- সেইটো গুৰুত্বপূৰ্ণ প্রশ্ন। কাৰণ জন-গাঁথনিৰ সাম্প্রতিক অৱস্থাটোত খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক সামাজিক-অর্থনৈতিক নিৰাপত্তা কেৱল উল্লিখিত কামবোৰৰ দ্বাৰাই সম্ভৱ নহয়। অন্তহীন ঋণৰ বোজাৰে কৰা আন্তঃগাঁথনিৰ বিকাশকো প্রকৃত বিকাশ বুলি ক'ব পৰা নাযায়, যেতিয়ালৈকে অসমীয়া জাতিৰ নিজস্ব অর্থনীতিৰ এটা শক্তিশালী ভেটি প্রতিষ্ঠা কৰাটো সম্ভৱ হৈ নুঠে। 'টাটা গ্রুপ'ৰ ছেমি কণ্ডাক্টৰ উদ্যোগ বা আদানি গ্ৰুপৰ শক্তি প্রকল্প, টাউনশ্বিপৰ পৰা নিয়োগৰ নতুন ক্ষেত্ৰ এখন গঢ় লৈ উঠিব পাৰে। কিন্তু অসমীয়া জাতিৰ নিজস্ব অর্থনীতিৰ ভেটি ই গঢ়িব নোৱাৰে। প্ৰথমতে সুৰক্ষা আৰু বিকাশৰ সংজ্ঞাটো সু-নিশ্চিত হ'ব লাগিব। ৰাজ্যৰ ১২খন জিলাত অনুপ্ৰৱেশকাৰীৰ ৰাজনৈতিক সামাজিক-অর্থনৈতিক নেতৃত্ব প্রতিষ্ঠা হোৱাৰ পাছত আমি 'অসমীয়া'ৰ বা 'খিলঞ্জীয়া'ৰ কোনটো সংজ্ঞাক গুৰুত্ব দিম সেইটো প্রথমে নিশ্চিত হ'ব লাগিব। নিৰ্বাচনৰ এই সময়ছোৱাত শাসকীয় দলটো প্রতিপক্ষৰ এই প্ৰশ্নবোৰৰ সন্মুখীন হ'ব, বা আহিবলগীয়া সময়ত অসমৰ 'জাতীয় প্রশ্ন'ও হ'ব পাৰে এই বিষয়বোৰ। প্ৰকৃত কথাটো হৈছে দেশৰ শাসন ব্যৱস্থা, সাম্প্রতিক পৰিৱেশ পৰিস্থিতিত বহু প্ৰশ্নৰ উত্তৰ পোৱাটো বা বহু সমস্যাৰ সমাধান পেৱাটো সম্ভৱ নহয়। সেয়েহে, নিৰ্বাচনৰ সময়ত দলবোৰে প্ৰদৰ্শন কৰা এনেকুৱা 'থীম' বা শ্ল'গান, প্রতিশ্রুতি পাছত ফুটুকাৰ ফেন হৈ পৰাটো সাম্প্রতিক দেশৰ ৰাজনীতিৰ অনস্বীকার্য সত্য। তথাপি শাসকৰ 'সুৰক্ষিত অসম, বিকশিত অসম' বা বিৰোধীৰ 'নতুন বৰ অসম' গঢ়াৰ প্রতিশ্রুতিক নেতিবাচকভাবে নলৈ, যিয়েই জয়লাভ কৰক এই প্রতিশ্রুতিক যাতে সার্থক কৰে, ৰাজ্যবাসীৰ শান্তি-প্রগতি-সুৰক্ষা নিশ্চিত কৰিব পাৰে তাৰেই আশা ৰাখিব ৰাজ্যবাসীয়ে।