খিলঞ্জীয়াৰ সুৰক্ষা প্ৰসংগ

dainik janambhumi May 31, 2025

ডিজিটেল ডেস্ক : অসম মন্ত্রীসভাই 'খিলঞ্জীয়া'ৰ সুৰক্ষা প্রশ্নত বন্দুকৰ লাইচেঞ্চ দিয়াৰ বাবে লোৱা সিদ্ধান্তক লৈ মিশ্রিত প্রতিক্রিয়া পৰিলক্ষিত হৈছে। বেছিভাগ পক্ষই ইয়াৰ ফলত সাম্প্রদায়িক সম্প্রীতি বিনষ্ট হ'ব, গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হ'ব বুলি আশংকা প্রকাশ কৰাৰ বিপৰীতে অন্য এটা অংশই চৰকাৰৰ সিদ্ধান্তক সমর্থন জনাইছে। অৱশ্যে খিলঞ্জীয়াসকলৰ সুৰক্ষা ক'ত, কেতিয়া, কেনেকৈ বিঘ্নিত হৈছে, সেই বিষয়ে কোনো বিস্তৃত আলোচনা হোৱা নাই। দেশত জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তথা আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে এটা আৰক্ষী বাহিনী আছে। অসম আৰক্ষীক বৰ দুৰ্বল বুলিব নোৱাৰি। অসম আৰক্ষীয়ে দক্ষতা আৰু কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি পোৱাৰো উদাহৰণ আছে। এই অসম আৰক্ষী অসমৰ খিলঞ্জীয়া নাগৰিকক সুৰক্ষা দিয়াত সম্পূর্ণ ব্যর্থ হৈছে- তেনে অভিযোগো আমি শুনা নাই। নাইবা অসমৰ খিলঞ্জীয়া নাগৰিকৰ সংগঠন বা উমৈহতীয়া মঞ্চৰ পৰা আগ্নেয়াস্ত্ৰৰ লাইচেঞ্চ বিচাৰি দাবী তোলা বা তেনে বিষয়ত ৰাজপথত আন্দোলন কৰাও দেখা নাই। তেন্তে আকস্মিকভাৱে 'খিলঞ্জীয়া'ৰ সুৰক্ষাৰ বাবে বন্দুকৰ লাইচেঞ্চ দিয়াৰ দৰে মাৰাত্মক চিন্তা এটাই গা কৰি উঠিলে কিয়? নানা সমস্যাৰে জৰ্জৰিত আৰু দীর্ঘকাল নানা আন্দোলন তথা সন্ত্রাসবাদী কার্যকলাপত উত্তপ্ত হৈ থকা অসমত অসম আন্দোলনৰ পিছৰ পৰা হত্যা-হিংসাৰ কাৰ্যকলাপ ধাৰাবাহিকভাৱে চলি আহিছে। এতিয়াও তাৰ অন্ত পৰা নাই। 

বন্দুকৰ লাইচেঞ্চ প্ৰৱৰ্তনৰ আগতেই অসম ৰক্তাক্ত হৈ পৰিছিল। ছবছৰীয়া অসম আন্দোলন, তাৰ পাছত অসম চুক্তি, অসম চুক্তিৰ পাছত আঞ্চলিক দলৰ চৰকাৰ, আঞ্চলিক দলৰ চৰকাৰৰ পাছত আলফাৰ উত্থান, ধন দাবী, অপহৰণ, হত্যা আদিৰ দুৰ্যোগ। সেইবোৰ দিন পাহৰণিৰ গৰ্ভলৈ যাবলৈ এতিয়াও বহু বাকী। অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ এটা বিশেষ ৰাজনৈতিক ধাৰা আৰু কিছুমান সংগঠনে 'খিলঞ্জীয়া' শব্দটো বৰকৈ উচ্চাৰণ কৰি আহিছে। কিন্তু বান-খহনীয়াকে ধৰি অসমৰ থলুৱা কৃষক-শ্রমিকৰ সমস্যা সম্পর্কত একো কৰিব পৰা নাই। বৰষুণ আৰু বানপানীৰ বতৰত কেৱল বান সমস্যাক 'ৰাষ্ট্ৰীয়' সমস্যা ঘোষণাৰ দাবী একোটা কৰে। অসমৰ খিলঞ্জীয়া লোক যে সংস্থাপনহীন, উৎপাদনবিমুখ আৰু কৰ্মসংস্কৃতিবিহীন হৈ পৰিছে আৰু কুটিল সাম্প্রদায়িক ৰাজনীতিৰ বলি হ'ব লগা হৈছে- সেই বিষয়ৰ প্ৰতি 'খিলঞ্জীয়া'ৰ সুৰক্ষা বিচৰা নেতা নিস্পৃহ। খিলঞ্জীয়াৰ অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰশ্ন কেৱল ভোট লাভৰ আশাত সৃষ্টি কৰা কেতবোৰ আঁচনিতে সীমাবদ্ধ। নাগৰিকৰ নিৰাপত্তা বিষয়টো যিহেতু আৰক্ষীৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে এই ক্ষেত্ৰত আৰক্ষীৰ প্ৰসংগ অৱধাৰিতভাৱেই আলোচনালৈ আহিব। অসমৰ আৰক্ষী বাহিনী পৰিচালনা কৰে গৃহ বিভাগে। সেয়েহে অসম আৰক্ষীয়ে যদি খিলঞ্জীয়া নাগৰিকক নিৰাপত্তা দিয়াত ব্যর্থ হৈছে, তেন্তে তাৰ বাবে নীতিগতভাৱে দায়ী হ'ব গৃহ বিভাগ। আনহাতে, জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ নীতি গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰৰ কার্যকালত বেদখল উচ্ছেদকে ধৰি ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ কিছুমান লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে চৰকাৰে। কিছুমান বিশেষ অপৰাধৰ ক্ষেত্ৰত আৰক্ষীক 'ফ্রী হেণ্ড' দিয়াৰ ঘোষণাও স্বয়ং মুখ্যমন্ত্ৰীয়ে কৰি থৈছে। অসমত ভুৱা এনকাউন্টাৰত বহু অভিযুক্তক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ আছে। উচ্চতম ন্যায়ালয়ে তেনে ১৭১টা গোচৰৰ তদন্তৰ দায়িত্ব অলপতে মানৱ অধিকাৰ আয়োগলৈ প্রেৰণ কৰিছে। সেই ফালৰ পৰা চাবলৈ গ'লে যোৱা সময়ছোৱাত অসমৰ কোনো স্থানৰ পৰা কোনো খিলঞ্জীয়া লোক কাৰোবাৰ হাতত আক্রান্ত হোৱা নাই বা জীৱন-সম্পত্তিৰ প্ৰতি অহা ভাবুকিৰ বাবে নিজ ঠাই এৰি পলাই আহিব লগা হোৱাৰ অভিযোগ নাই। যাৰ বাবে বন্দুকৰ লাইচেঞ্চ জৰুৰী হৈ উঠিব পাৰে। তেনে অৱস্থাত আগ্নেয়াস্ত্ৰৰ লাইচেঞ্চৰ বিষয়টো হঠাৎ কিয় আহিল সেই প্রশ্ন উঠা স্বাভাৱিক। এয়া জুইৰ লগত কৰা খেলৰ দৰে এটা বিপজ্জনক কথা। চৰকাৰে গভীৰভাৱে চিন্তা নকৰাকৈ আগবাঢ়িলে বিপদ অনিবার্য। আলফা, এন ডি এফ বি, বি এল টি, কার্বি উগ্রপন্থী, ডিমাচা উগ্রপন্থী আদি সংগঠনৰ কেতবোৰ ভয়াৱহ হঠকাৰী কাৰ্য আমি পাহৰিব নালাগিব। এই সকলো আছিল 'খিলঞ্জীয়া'ৰ স্বাৰ্থ ৰক্ষাকাৰী সংগঠন। এই অস্ত্ৰৰ খেলত বহু খিলঞ্জীয়া লোকে, বহু বিশিষ্ট ব্যক্তিয়ে প্রাণ হেৰুওৱা বিষয়টোও পাহৰিলে নচলিব। 

অজস্র নিৰীহ লোকৰ তেজেৰে হাত ৰাঙলী কৰা হৈছিল। তেনে সংগঠনৰ গৰিষ্ঠসংখ্যক 'খিলঞ্জীয়া' নেতাই পাছত আত্মসমর্পণ কৰি ব্যৱসায়ী আৰু ৰাজনৈতিক নেতা ৰূপে আত্মপ্রকাশ কৰিছে। আৰু প্ৰতিষ্ঠা লাভো কৰিছে। অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত তেনে লোকে দপদপাই আছে। বহু সময়ত তেনে লোকৰ প্ৰতিহে ৰাইজ ভীতি সংকুচিত হৈ থাকিব লাগে। তেনে হ'লে 'খিলঞ্জীয়াৰ নিৰাপত্তা'ৰ নামত আকৌ নতুনকৈ এখন খেলৰ প্রয়োজন কিয় হ'ল। অসমৰ সাংবিধানিক সুৰক্ষা আৰু ৰাজনৈতিকভাৱে সেই প্রশ্নটো উত্থাপনৰ প্ৰসংগ আহিলেই অসম চুক্তিৰ ষষ্ঠ দফা প্ৰসংগৰ কথা আহে। অথচ এই বিষয়টোক কৌশলেৰে দীঘলীয়া কৰি নি গুৰুত্বহীন কৰিব খোজা হৈছে। খিলঞ্জীয়াক অস্ত্ৰৰে নহয়, সাংবিধানিক ব্যৱস্থাৰে, যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ভিতৰত চুক্তি মর্মে অধিকাৰ দিব লাগে। পিছে সেই কথা বাদেই, বর্তমান ছেটেলাইট নগৰীৰ নামত পলাশবাৰীৰ বৰদুৱাৰত তিনি সহস্রাধিক জনজাতীয় লোকক উচ্ছেদ কৰি বণিক গোষ্ঠীক মাটি দিব খোজা হৈছে। এফালে খিলঞ্জীয়াক অধিকাৰ বঞ্চিত কৰা, আনফালে বন্দুকৰ লাইচেঞ্চ দিয়া- এনেধৰণৰ স্ব-বিৰোধী সিদ্ধান্ত এসময়ত আত্মঘাতী হৈ উঠিব পাৰে।

Share This