ডিজিটেল ডেস্ক : ৰাজ্যত এতিয়া পৰীক্ষাৰ বতৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ উপৰি আন আন পৰীক্ষাসমূহ পূর্ণগতিত চলি আছে। আমাৰ ৰাজ্যত প্রতিবছৰে মেট্রিক নাইবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়ত কিছুমান নাভূত-নাশ্রুত ঘটনা সংঘটিত হোৱাটো এক চিৰপৰিচিত ঘটনা হৈ পৰিছে, যাক লৈ ৰাজ্য কিছুদিন তোলপাৰ লাগি থাকে। সি লাগিলে প্রশ্নকাকত ফাদিলেই হওক নাইবা পৰীক্ষা কেন্দ্রত সময়মতে প্রশ্নকাকত আহি নোপোৱা প্ৰসংগ নাইবা উত্তৰ বহী গৰুৱে ভক্ষণ কৰা ঘটনাই হওক- মুঠতে কিবা নহয় কিবা পয়মাল হ'বই।
এনেবোৰ কাৰণতেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই গৈছে বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। চলিত বর্ষতো শিক্ষা বিভাগে এনে ঘটনাৰ পৰা হাত সাৰিব নোৱাৰিলে। ধুবুৰীত পৰীক্ষা গৃহত উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকা সময়তেই অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল কৰাৰ অভিযোগত এজন পৰীক্ষাৰ্থী আটক হোৱাৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰৰ অকাজান ট্রাইবেল গাছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হয়। সেইদিনা আছিল ১৪ ফেব্ৰুৱাৰী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা আছিল। পৰীক্ষা কেন্দ্ৰটোৰ পৰীক্ষা পর্যবেক্ষকৰ দায়িত্ব লাভ কৰিছিল ধেমাজি চিটি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষাগুৰু মনমোহন গগৈয়ে। লগত আছিল আন এগৰাকী সহঃ পর্যবেক্ষক। পৰীক্ষা সমাপ্ত হ'বলৈ দহমিনিটমান থকা অৱস্থাত পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বন কৰাৰ বাবে এগৰাকী ছাত্ৰীক সহঃ পর্যবেক্ষকগৰাকীয়ে সকীয়াই দিয়ে। ইয়াৰ পাছতেই ঘটনাই অন্য ৰূপ ধাৰণ কৰে। পৰীক্ষা গৃহৰ পৰা ওলাই যোৱা ছাত্ৰীগৰাকী ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীৰ খুন্দাত আঘাতপ্রাপ্ত হয় আৰু এই ঘটনাক একাংশই ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা বুলি প্রকাশ কৰে। ইফালে একাংশ ন্যস্তস্বার্থজড়িতই ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলোৱাৰ ফলত পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। লগে লগে একাংশ পৰীক্ষাৰ্থী, অভিভাৱক পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোৰ কনফিডেন্সিয়েল কোঠাৰ লগতে কেই বাটাও কোঠাৰ আচবাব, দুৱাৰ-খিৰিকী ভাঙি তাণ্ডৱ সৃষ্টি কৰে। আক্রমণকাৰীয়ে শিলাবৰ্ষণ কৰাৰ লগতে হাতত লাঠী লৈ চলোৱা নির্বিচাৰ আক্রমণত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত থকা কেইবাজনো নিৰীক্ষক, কৰ্মচাৰী, আৰক্ষী গুৰুতৰভাৱে আহত হয়। মুঠতে এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বহুতে ডেস্ক-বেঞ্চ, টেবুলৰ তলত সোমাই কথমপি প্ৰাণ ৰক্ষা কৰে। সকলোৰে লক্ষ্য হৈ পৰে মনমোহন গগৈ। বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সুৰক্ষা বেষ্টনী ভাঙি অধ্যাপকগৰাকীক উত্তেজিত ৰাইজে চৰ-গোৰ শোধায়, গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। শিলেৰে মূৰত বেয়াকৈ আঘাত কৰাৰ ফলত তেজে তুমৰলি হৈ পৰা অধ্যাপকগৰাকীয়ে কথমপি প্ৰাণ ৰক্ষা কৰি পৰীক্ষা কেন্দ্ৰৰ বাহিৰ হয় যদিও সম্প্রতিও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি চিকিৎসাধীন হৈ আছে। ছাত্র-অভিভাৱকৰ বৰ্বৰ আক্ৰমণৰ এই ঘটনাই আমাৰ সমাজখন কি ধৰণে অসহিষুও হৈ পৰিছে তাৰ স্বৰূপ পুনৰ এবাৰ উদঙাই দিলে। নকলৰ দৰে চৌর্য প্রবৃত্তিত লিপ্ত হ'বলৈ নিদিয়াৰ বাবে শিক্ষাগুৰুক আক্ৰমণৰ ঘটনা এয়াই প্রথম নহয়। তেনেস্থলত পৰীক্ষাগৃহসমূহত কৰ্তব্যৰত নিৰীক্ষকৰ সুৰক্ষা ব্যৱস্থাত কিদৰে ইমান গাফিলতি হ'বলৈ পালে?
এটা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি একাংশ উত্তেজিত জনতাই এইদৰে শিক্ষকক বৰ্বৰভাৱে আক্রমণ চলালে আৰু অসহায় হৈ ৰ'ল প্রশাসন। ই কম লাজৰ কথানে? আৰু এজাক নৰপিশাচে বলিয়াৰ দৰে হৈ শিক্ষাগুৰুক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই অধঃপতিত সমাজখনৰ ছবি প্রতিফলিত নকৰিলেনে। জাতি গঢ়াৰ কাৰিকৰৰূপে পৰিচিত, এক মহান আৰু সন্মানীয় বৃত্তিত জড়িত এগৰাকী শিক্ষকেই যদি অপকর্মত লিপ্ত এজন শিক্ষার্থীক এষাৰ কথা ক'ব নোৱাৰে তেনেহ'লে সমাজখন কেনে এক অৱস্থালৈ গতি কৰিছে? মূল্যবোধৰ অৱক্ষয়, নৈতিকতাৰ স্খলন কেবল নতুন প্ৰজন্মৰ মাজতেই ঘটিছেনে? অভিভাৱকসকলে উন্মাদ হৈ শিক্ষকৰ ওপৰত জঁপিয়াই পৰা এই ঘটনাক কোনোপধ্যে সহজভাৱে গ্রহণ কৰিব নোৱাৰি। আনহাতে এই ঘটনাই জিলা প্রশাসনৰ সোপাঢিলা স্বৰূপটো উদঙাই দিলে। ঘটনাৰ ইমানদিন পাৰ হৈ যোৱাৰ পাছতো ৰজাঘৰীয়াই বিষয়টো যিমান গুৰুত্বসহকাৰে ল'ব লাগিছিল, তেনেদৰে লোৱা পৰিলক্ষিত নহ'ল। ৰাজনীতিৰ বোকা ছটিওৱাত ব্যস্ত সকলো। কি শাসক, কি বিৰোধী। ঘটনাৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তি বিহাই নহয়, ভৱিষ্যতে যাতে এইধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে। তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা যদিহে অতি শীঘ্ৰে গ্ৰহণ কৰা নহয়, তেন্তে পৰীক্ষা গৃহত কি বিশ্বাসত এগৰাকী নিৰীক্ষকে দায়িত্ব পালন কৰিব? চৌর্য প্রবৃত্তিত লিপ্ত শিক্ষার্থীক কি সাহসত তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দিব? আৰু ইয়াৰ বিৰূপ প্ৰভাৱ সমগ্র শিক্ষা ব্যৱস্থাটোতেই নপৰিবনে?