ৰাজহুৱা শিক্ষা ব্যৱস্থা

dainik janambhumi April 11, 2026

ডিজিটেল ডেস্ক : এটা পর্যায়ত ১২৬টা বিধানসভা সমষ্টিৰ বাবে নির্বাচন সুকলমে সম্পন্ন হোৱাৰ পাছদিনাই আশা কৰাতকৈ বহু পূর্বে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (এ এছ এছ ই বি)। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আজি ঘোষিত ফল অনুসৰি এইবাৰো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে। আনহাতে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ছাত্ৰীক চেৰ পেলাই এইবাৰ ছাত্ৰ আগবাঢ়িল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,২৯,২৪৯জন শিক্ষার্থী অৱতীর্ণ হৈছিল। ইয়াৰে ২,৮১,৭০১জন শিক্ষার্থী উত্তীর্ণ হয়। উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ। এই হাৰ ২০২৫ বৰ্ষৰ ফলাফলতকৈ ১.৬৪ শতাংশ অধিক। ২০২৫ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ আছিল ৬৩.৯৮ শতাংশ। আনহাতে, ২০২৪ বর্ষত উত্তীর্ণ হৈছিল মুঠ ৭৫.৭ শতাংশ ছাত্র-ছাত্রী। উক্ত বর্ষত প্ৰশ্নকাকতৰ ফাদিলৰ বিতৰ্কৰ পৰা আৰম্ভ কৰি গণিতৰ প্ৰশ্নকাকতত ভুল থকাৰ অভিযোগৰ মাজেৰে পৰীক্ষা অন্ত পৰিছিল যদিও উত্তীৰ্ণৰ হাৰ সন্তোষজনক আছিল। ২০২৩ বৰ্ষৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬৯ শতাংশ। ২০২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ দিয়া ফলাফলৰ হাৰ ৯৩.১০ শতাংশ আছিল। ২০২২ বৰ্ষত ৰাজ্যত উত্তীৰ্ণৰ হাৰ আছিল ৫৬.৪৯ শতাংশ। কভিডকালীন সময়ত ২০২১ চনত মেট্রিক পৰীক্ষাত সর্বোচ্চ ৯৩.১০ শতাংশ ছাত্র-ছাত্রী উত্তীর্ণ হৈছিল যদিও সেইবাৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। শ্ৰেণীত প্রদর্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত মূল্যায়ন কৰি সেইবাৰ ছেবাই ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাইছিল। ২০১১ আৰু ২০১৩ চনতো তুলনামূলকভাবে মেট্রিক পৰীক্ষাৰ ফলাফল উন্নত আছিল। ২০১১ চনত ৭০.৩৮ শতাংশ আৰু ২০১৩ চনত ৭০.৭১ শতাংশ ছাত্র-ছাত্রী উত্তীর্ণ হৈছিল। সেইদৰে কভিডকালীন বছৰটোৰ পূৰ্বে ২০২০ চনত ৬৪.৮০ শতাংশ আৰু ২০১৯ চনত ৬০.২৩ শতাংশ ছাত্র-ছাত্রীহে উত্তীর্ণ হৈছিল।

পূৰ্বৰ কেইবা বছৰৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ক চেৰাই বেচৰকাৰী খণ্ডৰ বিদ্যালয়ে সাফল্যত উজলি উঠিবলৈ সক্ষম হয়। আজি ঘোষিত মেট্ৰিকৰ ফলাফলত বেচৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰে চেৰ পেলাইছে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক। আগৰ দৰে মেট্রিকত এইবাৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰা নাই। এইবাৰ অসমৰ ভিতৰতে শীর্ষ ৩টা স্থান দখল কৰিছে ক্রমে-প্রথম স্থান লাভ কৰিছে শংকৰদেৱ শিশু নিকেতন, পাটাছাৰকুছিৰ জ্যোতির্ময় দাসে, দ্বিতীয় স্থান লাভ কৰিছে অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান, বিশ্বনাথৰ আকাংক্ষা ভূঞাই আৰু তৃতীয় স্থান লাভ কৰিছে দুজন শিক্ষার্থীয়ে। তেওঁলোক হৈছে-লিটিল ফ্লাৱাৰ এইচ এছ স্কুল, ডিব্ৰুগড়ৰ জীয়া ফাৰাহ ইছলাম আৰু লিটিল ফ্লাৱাৰ স্কুল, নলবাৰীৰ সুৰজিৎ আখতাৰ। এইবেলি ৮৮.২৩ শতাংশ উত্তীর্ণবে ডিমা হাছাও জিলা প্রথম, ৮৪.০৮ শতাংশ উত্তীৰ্ণৰে শিৱসাগৰ জিলা দ্বিতীয় স্থানত আৰু ৭৮.৪৬ শতাংশ উত্তীৰ্ণৰে ডিব্ৰুগড় জিলা তৃতীয় স্থানত থাকিবলৈ সক্ষম হয়। কাছাৰত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ৪৯.১৩ শতাংশ। ২০২৫ বৰ্ষত উত্তীৰ্ণৰ ক্ষেত্রত সর্বশ্রেষ্ঠ জিলা হিচাপে চিহ্নিত হৈছিল শিৱসাগৰ। জিলা ভিত্তিক ফলাফলত শিৱসাগৰৰ পাছতে উজলি উঠিছিল ডিব্ৰুগড় আৰু ধেমাজি জিলা। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। সেই অনুসৰি শিক্ষকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নতো গুৰুত্ব দিছে। 'টে'ট'ৰ জৰিয়তে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ ফলত মেধাসম্পন্ন যুৱক-যুৱতী শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ পৰিছে। শিক্ষাৰ সামগ্রিক মান উন্নত কৰাৰ বাবে বছৰি গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে। 

সাধাৰণতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বেতনৰ লগতে সা-সুবিধাও বহুত। কিন্তু ইয়াৰ পাছতো ৰাজ্যৰ চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েহে মেট্রিকত যথেষ্ট উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শিক্ষার্থীসকলৰ সুবিধার্থে ইখনৰ পাছত সিখনকৈ আঁচনিৰ সৃষ্টি কৰি চমক দি আহিছে সেই সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এনে ফলাফলে কিহৰ ইংগিত দিছে। নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীৰ বাবে প্ৰেৰণা আঁচনিকে ধৰি নানা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে অভিলাষী পদক্ষপ গ্ৰহণ কৰাৰ সময়তে চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল নিম্নগামী কিয়? মেট্রিক পৰীক্ষাৰ ফলে জীৱন গঢ়াত নির্ণায়ক ভূমিকা নলয় যদিও এই ফলাফলে শিক্ষার্থীৰ ভৱিষ্যৎ জীৱনৰ ভেটি নিৰ্মাণ কৰে। শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি অভিহিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ফলাফলে এটা কথাই প্রতিফলিত কৰিছে যে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ মান দিনক দিনে হতাশাজনক হৈ পৰিছে। বিগত ২০২৫ বৰ্ষত কামৰূপ মহানগৰৰ ৫খন শিক্ষানুষ্ঠানৰ মেট্রিক পৰীক্ষাৰ ফল অতি নিম্নগামী হৈছিল। মেট্ৰিকৰ ফলাফলত বিদ্যালয়কেইখনৰ উত্তীৰ্ণৰ হাৰ আছিল ২৫ শতাংশৰ তলত। এনে নিৰাশাজনক ফলাফলৰ পাছতো ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ নামত বছৰি কোটি কোটি টকা ব্যয় কৰা হৈছে। অসমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ এই অৱক্ষয় চিন্তনীয়।

Share This