ডিজিটেল ডেস্ক : ৰাজ্যখনত যিদৰে প্ৰতি বছৰে বানত শতাধিক লোকে প্রাণ হেৰুৱাব লগীয়া হয়, ঠিক তেনেদৰে জাপানীজ এনকেফেলাইটিছ (জে ই) আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত হৈও বহু লোকে প্রাণ হেৰুৱাব লগীয়াত পৰে। যোৱা এটা দশকত ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত হৈ অসংখ্য লোকে প্রাণ হেৰুৱাব লগীয়া হৈছে। এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা অসমতেই সর্বাধিক। আমাৰ দেশত ২০১৮ চনৰ পৰা জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা ৬২ শতাংশ লোকেই হৈছে অসমৰ। বিশেষকৈ উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ কেইখনমান জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সর্বাধিক।
এইবেলিও শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাবে ক্ৰমাৎ উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়াকৈ প্ৰচণ্ড গৰমৰ সমান্তৰালভাৱে উজনিৰ পৰা নামনিলৈকে সৰ্বত্ৰ এই ৰোগত আক্ৰান্তৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে। নামনি অসমৰ ৰঙিয়াত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত তিনিজনকৈ লোকৰ প্ৰাণহানি হোৱা ঘটনাত শংকিত হৈ পৰিছে ৰাইজ। চৰকাৰী তথ্য অনুসৰি, জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত বৰ্তমানলৈকে ৰাজ্যত ৬০জনকৈ লোকৰ মৃত্যু ঘটিছে। জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকসকল হৈছে বাক্সা, কাছাৰ, চিৰাং, কামৰূপ মহানগৰ, তামুলপুৰ, বৰপেটা, যোৰহাট, লখিমপুৰ, কামৰূপ জিলাৰ।
আনহাতে এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হোৱা লোকসকল হৈছে বাক্সা, কাছাৰ, চিৰাং, গোৱালপাৰা, মৰিগাঁও, শিৱসাগৰ, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, দৰং, ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমাৰা-মানকাচৰ, তিনিচুকীয়া, চৰাইদেউ, কামৰূপ মহানগৰ, বৰপেটা, যোৰহাট, লখিমপুৰ, কামৰূপ জিলাৰ। নেশ্যনেল হেল্থ মিছনৰ তথ্য অনুসৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত ৰাজ্যত বৰ্তমানলৈকে প্রায় ৬০০ লোক আক্রান্ত হৈছে। সাধাৰণতে জুন, জুলাই আৰু আগষ্ট মাহত প্রাদুর্ভাব ঘটা এই ৰোগে প্রতিবছৰেই সৰ্বস্তৰৰ লোকক চিন্তিত কৰি আহিছে। বাৰিষা কাল অহাৰ লগে লগে ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা এই জাপানীজ এনকেফেলাইটিছ নামৰ ৰোগবিধ ফ্লেৱিভিৰিডি (Flaviviridae) পৰিয়ালৰ এক ভাইৰাছৰ পৰা হয় আৰু আৰু এই ভাইৰাছ কিউলেক্স শ্ৰেণীৰ মহৰ কামোৰৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰে। এই ভাইৰাছে মানুহৰ মগজুত আক্ৰমণ কৰে। গাহৰি আৰু বগলী চৰাইৰ শৰীৰত এই ভাইৰাছে আশ্রয় গ্রহণ কৰি থাকে যদিও সিহঁতৰ শৰীৰত কোনো ৰোগ নকৰে। মানুহৰ বাদে গৰু, ঘোঁৰা আদিৰ শৰীৰত এই ভাইৰাছে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ পূব আৰু দক্ষিণ-পূব অঞ্চলৰ দেশসমূহত এই ৰোগৰ প্রাদুর্ভাব দেখা যায় যদিও অসমতেই জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা সর্বাধিক।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে আমাৰ ৰাজ্যখনত ৮৪৩জন লোকে জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে। ২০১৫ চনত ১৩৫জন, ২০১৬ চনত ৯২জন, ২০১৭ চনত ৮৭জন, ২০১৮ চনত ৯৪জন, ২০১৯ চনত ১৬১জন, ২০২০ চনত ৫১জন, ২০২১ চনত ৪০জন, ২০২২ চনত ৯৬জন, ২০২৩ চনত ৩৪জন, ২০২৪ চনত ৫৩জন লোক এই ৰোগৰ চিকাৰ হৈছে। যিহেতু জাপানীজ এনকেফেলাইটিছ ৰোগৰ কোনো নির্দিষ্ট চিকিৎসা নাই, সেয়ে প্রতিৰোধেই ইয়াৰ একমাত্ৰ চিকিৎসা বুলি ক'ব পাৰি। প্ৰতিৰোধৰ পন্থা হিচাপে ৰোগ বিয়পোৱা কিউলেক্স প্ৰজাতিৰ মহৰ কামোৰৰ পৰা নিজকে বচোৱাৰ ব্যৱস্থা কৰিব লাগে। কিউলেক্স প্ৰজাতিৰ মহ আমাৰ পৰিৱেশত ব্যাপক পৰিমাণে আছে আৰু ইয়াক সেয়ে সহজে সম্পূর্ণরূপে নির্মূল কৰিব পৰা নাযায়। 'ফগিং' বা ডি ডি টি স্প্রে' কৰি মহ কিছু পৰিমাণে নিধন কৰিব পৰা যায়। মহ দূৰকাৰী ঔষধিযুক্ত আঁঠুৱা এইক্ষেত্ৰত অতি ফলপ্রসূ বাবে এনে ৰোগ প্রাদুর্ভাব হোৱা এলেকাসমূহত পর্যাপ্ত পৰিমাণে এই আঁঠুৱা বিতৰণৰ ব্যৱস্থা কৰাৰ দৰকাৰ।
চৰকাৰে এই বিষয়ত যিমান গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া হোৱা নাই। উজনি আৰু নামনিৰ যিসমূহ অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি, সেইসমূহ অঞ্চলত হ'লেও চৰকাৰে অধিক তৎপৰতাৰে উচিত পদক্ষেপ গ্রহণ নকৰিলে ক্রমশঃ এই ৰোগবিধত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পোৱাটো খাটাং। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছৰ টিকা প্ৰদান কৰাৰ কথা কৈ আহিছে যদিও ৰাজ্যখনৰ বৃহৎসংখ্যক লোকে এতিয়াও জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকা লাভ কৰা নাই। শেহতীয়াভাৱে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে গুৱাহাটীত জাপানীজ এনকেফেলাইটিছৰ ৰোগী নোলায়। জাপানীজ এনকেফেলাইটিছৰ ৰোগী ওলায় হাবি-জংঘলত, য'ত মানুহ, গাহৰি, চৰাই সকলো একে লগতে থাকে।
জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ ওচৰত কোনো ব্যৱস্থা নাই বুলি উল্লেখ কৰি তেওঁ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে। স্বাস্থ্য মন্ত্ৰীৰ এনে মন্তব্যত সাধাৰণ জনতা নিঃসন্দেহে ভীতিগ্রস্ত হৈছে। যিহেতু ভেক্সিন বা ছিটাই হৈছে জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ এক ফলপ্রসূ উপায়, সেয়ে চৰকাৰে কভিড ভেকচিনৰ লেখীয়াকৈ এই ৰোগৰ ভেকচিন প্রদানতো অধিক গুৰুত্ব প্রদানৰ সময় আহি পৰিছে। প্রশ্ন উত্থাপিত হয় যে যিসমূহ এলেকাত প্ৰতি বছৰে সৰ্বাধিকসংখ্যক লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হয়, সেই এলেকাসমূহৰ সকলো লোকক কিয় টিকা প্রদান কৰা নহয়। চৰকাৰে ভেকচিন প্রদানৰ বিষয়টোত অধিক গুৰুত্ব প্রদান কৰি যিসমূহ জিলাত ইয়াৰ প্ৰভাৱ সর্বাধিক সেইসমূহ জিলাৰ জনসাধাৰণক ভেকচিন প্রদান কৰাটো এক অভিযান হিচাপে গ্রহণ কৰা উচিত। অন্যথা অনাগত দিনত পৰিস্থিতি অধিক জটিল হৈ পৰিব।