মুখ্যমন্ত্ৰী যোগীৰ হুংকাৰঃ কাকো ৰেহাই দিয়া নহ'ব, ৰাম মন্দিৰৰ ২০০ কোটি টকা লুট কৰা ৮জনক গ্ৰেপ্তাৰ

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ অভিযোগৰ চলি থকা তদন্তৰ মাজতে নৈতিক কাৰণত অৱশেষত শ্ৰীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায় আৰু সদস্য ন্যাসৰক্ষী ডাঃ অনিল মিশ্ৰই শুকুৰবাৰে পদত্যাগ কৰে। তেওঁলোকে ন্যাসৰ সভাপতি মহন্ত নৃত্য গোপাল দাসৰ হাতত পদত্যাগ-পত্ৰ প্ৰদান কৰে। সূত্রমতে, মন্দিৰ পৰিচালনা সমিতিৰ আন এজন বিষয়ববীয়া গোপাল ৰাওকো মন্দিৰৰ পৰিচালনাৰ পৰা বাহিৰ কৰা হৈছে। 

উল্লেখযোগ্য যে ৰাম মন্দিৰৰ দান-বৰঙনি চুৰি সন্দৰ্ভত ন্যাসৰ সদস্য কৃষ্ণ মোহনে বৃহস্পতিবাৰে সন্ধিয়া কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফ আই আৰ ৰুজু কৰিছিল। উক্ত এফ আই আৰত চম্পত ৰায়, ডাঃ অনিল মিশ্রকে ধৰি আন ঊর্ধ্বতন পদাধিকাৰীৰ নাম নাই। এফ আই আৰত নাম থকা হ'ল- অবিনাশ শুক্লা, অনুকল্প মিশ্র, লৱকুশ মিশ্র, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্র, সুভাষ শ্রীবাস্তৱ আৰু ৰামশংকৰ যাদৱ ওৰফে টিন্নু। 

বৃহস্পতিবাৰে এফ আই আৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে নিশা ৰামশংকৰ যাদৱ ওৰফে টিন্মুকে ধৰি ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কালি উক্ত ৮ অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত আৰক্ষীয়ে তেওঁলোকক আদালতত হাজিৰ কৰায়। পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Share This