আজি সম্পাদকীয়, 'পার্পল চিটি'

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : অৰণ্য কেৱল গছ-গছনিৰ সমষ্টি নহয়, ই ধৰাৰ হাঁওফাঁও, জীৱনৰ পৰম আশ্রয়। গছ-গছনিয়ে মাটিক উৰ্বৰ কৰি ৰাখে, অক্সিজেন প্ৰদান কৰে, জলবায়ুৰ ভাৰসাম্য বজাই ৰাখে আৰু জৈৱ-বৈচিত্র্য ৰক্ষা কৰে। অথচ আজি সেই বনভূমিয়েই দ্রুতগতিত ধ্বংস কৰা হৈছে। 

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)-২০২৪ বৰ্ষৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে পৃথিৱীৰ পৰা প্ৰায় ১০.৯ মিলিয়ন হেক্টৰ বনভূমি বিলোপ পাই আহিছে। এই ধ্বংসৰ ফলত জলবায়ু পৰিৱৰ্তন, জৈৱ-বৈচিত্র্যৰ হ্ৰাস আৰু মানৱ জীৱনৰ ভাৰসাম্য মাৰাত্মকভাৱে বিপন্ন হৈছে। বন ধ্বংসৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্রভাৱ পৰিছে জলবায়ু, পৰিৱেশ আৰু মানৱ সমাজৰ ওপৰত। ক্রমবর্ধমান বন ধ্বংসৰ ফলত প্রাকৃতিক ভাৰসাম্য মাৰাত্মকভাৱে নষ্ট হৈছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) আৰু পৰিৱেশ বিষয়ক সংস্থা UNEP-ৰ তথ্য অনুসৰি প্ৰতি বছৰে বন ধ্বংসৰ কাৰণে প্রায় ২.৪ বিলিয়ন টন কার্বন-ডাই-অক্সাইড বতাহত নিঃসৃত হৈছে। এই বিপুল পৰিমাণৰ কাৰ্বন নিঃসৰণ বৈশ্বিক উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে, যাৰ প্ৰভাৱত হৈছে জলবায়ু পৰিৱৰ্তন, সমুদ্র পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বৃষ্টিপাতৰ অনিয়ম আৰু সঘন প্রাকৃতিক দুর্যোগ। 

আমাৰ ৰাজ্যতো ব্যাপক হাৰত বন ধ্বংস আৰু সেউজ আৱৰণ ধ্বংস কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ নিৰীক্ষণকাৰী সংস্থা 'গ্লবেল ফৰেষ্ট ৱাছ' চমুকৈ জি এফ ডব্লিউৰ তথ্য অনুসৰি ২০০১-ৰ পৰা ২০২৫ চনলৈকে ভাৰতত প্রায় ২৪ লাখ হেক্টৰ বনাঞ্চল লোপ পাইছে। ইয়াৰ ফলত দেশৰ মুঠ বনাঞ্চলৰ ৭ শতাংশ হ্রাস পাইছে। প্রতি বেদনৰ এক উদ্বেগজনক তথ্য এয়ে যে দেশৰ মুঠ বনাঞ্চল ধ্বংসৰ ৫২ শতাংশই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ। ২০০১ৰ পৰা ২০২৫ চনলৈকে দেশৰ ভিতৰত আটাইতকৈ বেছি বনাঞ্চল ধ্বংস হৈছে অসমত। ৰাজ্যখনত প্রায় ৩৬০ হাজাৰ হেক্টৰ ভূমিৰ গছ-গছনি ধ্বংস হৈছে। আনহাতে অসমত যোৱা দুবছৰত উন্নয়নমূলক কামৰ বাবে অভিলেখসংখ্যক গছ কাটিবলগীয়া হৈছে। যাৰ বাবে বিভিন্ন সময়ত গছ কটাৰ বিৰুদ্ধে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ মাধ্যমেৰে ৰজাঘৰীয়াক টোপনিৰ পৰা জগাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাবিলে আচৰিত হ'বলগীয়া কথা। বিগত সময়ছোৱাত অসমত হাজাৰ হাজাৰ গছ কাটি তহিলং কৰি পেলোৱা হ'ল। বিভিন্ন প্রকল্প, বিভিন্ন নির্মাণকার্য, পথ-দলঙকে ধৰি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ গছ কাটি নোহোৱা কৰা হ'ল। ঘন জংঘলেৰে ভৰা অসমৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বক্ষ আজি এইদৰে উদং হৈ পৰিছে। অবৈধভাৱে গছ কটা, চোৰাং কাঠৰ সৰবৰাহৰ খবৰ নিতৌ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত-সম্প্ৰচাৰিত হৈ আহিছে। এইবোৰ ৰাইজৰ চকুৰ সমুখত হোৱা ধ্বংসলীলা। ইয়াৰ বাহিৰেও লোকচক্ষুৰ আঁৰত নিতৌ বনাঞ্চলসমূহত হাজাৰ হাজাৰ গছ-গছনি তহিলং কৰা হৈছে। এনে কাৰণতে বৃহৎসংখ্যক গছ কটাটো মানুহক হত্যা কৰাতকৈও গর্হিত কাম বুলি হয়তো দেশৰ উচ্চতম ন্যায়ালয়ে সোঁৱৰাই দিবলগীয়া হৈছে।

বিপৰীতে চৰকাৰৰ সংশ্লিষ্ট বিভাগে বহু এনে গছ কাটি পেলোৱা নাই যিবোৰ কটাটো অতি জৰুৰী। যিবোৰ গছৰ আয়ুস টুটিছে, শুকাই মৰি পথৰ দাঁতিত বিপজ্জনকভাৱে আছে সেইবোৰ গছ কিন্তু সংশ্লিষ্ট বিভাগৰ কাটিবলৈ আহৰি নাই। যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে গছে বিপদ ঘটাই আহিছে। খোদ ৰাজধানী গুৱাহাটীতেই এনে বহু মৃত গছ পথৰ দাঁতিত বিপজ্জনকভাৱে থিয় হৈ আছে। এনে এজোপা প্রকাণ্ড গছেই ১২ জুনৰ দিনা কাল অমানিশা মাতি আনিলে এটা পৰিয়াললৈ। পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই গৈ থকাৰ সময়তে গুৱাহাটীৰ মাজমজিয়াত এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে। মালিগাঁৱৰ কালীপুৰত এডাল মৰা গছ হঠাৎ বাগৰি পৰাৰ ফলত ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী যুৱক আঘাতপ্রাপ্ত হয়। 

'পার্পল চিটি' হিচাপে গুৱাহাটী মহানগৰীক গঢ়ি তুলিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এইসমূহ বিষয়ৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিবনে? চলিত বর্ষত কৃত্রিম বানত কেইবাজনো লোকৰ প্ৰাণ হানি হোৱাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে আজি এগৰাকী ছাত্ৰীয়ে জীৱন বিসর্জন দিবলগীয়া হ'ল। ই সঁচাকৈয়ে মর্মান্তিক ঘটনা। কেৱল এয়াই নহয়, বর্তমান সময়ত গুৱাহাটী মহানগৰীৰৰ আৱাসিক এলেকাসমূহৰ প্ৰায় প্ৰতিটো বাইলেনত প্রকাণ্ড প্রকাণ্ড গাঁত দুৰ্ঘটনাৰ অন্যতম কাৰক হৈ পৰিছে। জাইকাৰ পানীৰ সংযোগ দিয়াৰ নামত প্রতিটো পথ-উপপথ খান্দি সঠিকভাবে পথছোৱা মেৰামতি নকৰাৰ ফলত এইবোৰ মৰণফান্দলৈ পর্যবসিত হৈছে। কেতিয়াবা যদি পানীৰ পাইপ ফুটি মুহূর্ততে এটা অঞ্চল জলমগ্ন হৈছে আন কেতিয়াবা মেনহ'লত পৰি কাৰোবাৰ প্ৰাণহানি হৈছে। এনে দুর্ভাগ্যজনক ঘটনাসমূহ ৰোধ কৰিবৰ বাবে চৰকাৰখনে সজাগ-সচেতন হৈ পদক্ষেপ গ্রহণ নকৰিলে গুৱাহাটী মহানগৰীক 'পার্পল চিটি' কৰাৰ কোনো অর্থ নাথাকিব।

Share This