ডিজিটেল ডেস্ক : Push back (পুশ্ব বেক)ৰ অৰ্থ হ'ল ঠেলি দিয়া। সম্প্রতি ৰাজ্যত 'পুশ্ব বেক'ৰ অধ্যায় এটা চলি আছে। উজনি অসমৰ কেতবোৰ স্থানৰ পৰা অনুপ্রৱেশকাৰী বুলি 'চিনাক্ত' কৰা কিছুসংখ্যক লোকক ৰাজ্য চৰকাৰে আটক কৰি পাছত তেওঁলোকক সীমান্তৰক্ষী বাহিনী বি এছ এফৰ জৰিয়তে 'পুশ্ব বেক' কৰা হৈছে বাংলাদেশলৈ। স্বাভাৱিকভাৱেই এই প্রক্রিয়াটোৱে খিলঞ্জীয়াক সন্তুষ্টি দিছে। আনহাতে, কংগ্রেছ, চি পি আই (এম)ৰ দৰে ৰাজনৈতিক দলে বাংলাদেশী বিতাৰণৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে। কংগ্ৰেছৰ এগৰাকী ধৰ্মীয় সংখ্যালঘু সাংসদে অসমত বাংলাদেশী বিতাৰণৰ নামত চলা নিৰ্যাতনৰ বিষয়টোৰ হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰও প্ৰেৰণ কৰিছে। এনেকুৱা ঘটনাবোৰত আচৰিত হ'বলগা নাই এইবাবেই যে 'ঐতিহাসিক' অসম আন্দোলনৰ পৰাই অসমৰ জনসাধাৰণৰ এই বিষয়ক লৈ বহুত অভিজ্ঞতা হৈছে। অৱশ্যে, 'পুশ্ব বেক' বা অনুপ্ৰৱেশকাৰীক ধৰি বাংলাদেশলৈ ঠেলি পঠোৱাৰ বিষয়টো ৰাজ্যবাসীৰ বাবে নতুন। অসমত অবৈধ বিদেশীৰ সংখ্যা আৰু তাৰ বিপৰীতে চিনাক্ত বিদেশী আৰু বহিষ্কৃত বিদেশীৰ যিবোৰ পৰিসংখ্যা সময়ে সময়ে চৰকাৰী, বেচৰকাৰী পৰ্যায়ত ওলাই থাকে সেইবোৰ দেখি-শুনি অবৈধ বাংলাদেশী বিতাৰণক লৈ অসমৰ মানুহৰ বৰ এটা উচ্চাশা এতিয়া নাই। বৰঞ্চ কংগ্ৰেছ, অগপ, বিজেপিৰ চৰকাৰবোৰৰ চৰিত্ৰ এই ক্ষেত্রত একেই বুলিহে অসমবাসীয়ে সন্দেহ কৰিবলৈ বাধ্য হৈছে। অসম আন্দোলনৰ পৰা এতিয়ালৈকে অবৈধ বিদেশীৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰবোৰৰ লীলা খেলা দেখি এনেদৰে আশাহত আৰু আৱেগহীন হৈ পৰা অৱস্থাত 'পুশ্ব বেক'ৰ অধ্যায়টোৱে ৰাইজৰ মাজত কিছু চাঞ্চল্যৰ সৃষ্টি নকৰাকৈ থকা নাই।
ৰাজ্যত, বিশেষকৈ উজনি অসমত আৰক্ষীয়ে যোৱা কেইদিনমানত এনেকুৱা পৰিৱেশ ৰচনা কৰি দিলে যে তাকে দেখি জনসাধাৰণৰ এনে ধাৰণাই সৃষ্টি হৈছিল যেন আৰক্ষীয়ে তন্ন-তন্নকৈ বিচাৰি উলিয়াই সকলো অবৈধ বাংলাদেশীক ধৰি জাকে জাকে নি বাংলাদেশত সুমুৱাই থৈ আহিবগৈ। কিন্তু ৰহস্যজনকভাৱে দুটামান দিন আৰক্ষীৰ এই তৎপৰতা চলাৰ পাছতে ই নিস্তেজ হৈ পৰিল। আচলতে এই অভিযানটোৰ লগত পাকিস্তানৰ বিৰুদ্ধে চলা 'অপাৰেশ্যন সেন্দূৰ'ৰ এটা অদৃশ্য যোগসূত্র আছিল। কাৰণ 'অপাৰেশ্যন সেন্দুৰ'ৰ যুদ্ধ-বিৰতিৰ ঠিক পাছতে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে অবৈধ বিদেশী চিনাক্তকৰণৰ এমাহৰ সময়সীমা নির্ধাৰণ কৰি দি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক নির্দেশনা প্ৰেৰণ কৰাৰ পাছতে কেতবোৰ ৰাজ্যত আৰম্ভ হৈছিল বাংলাদেশী বিৰোধী অভিযান। গুজৰাট, ৰাজস্থান, দিল্লীকে ধৰি মধ্য ভাৰতৰ হিন্দী বলয়ত বিশেষ তৎপৰতাৰে চলা এই অভিযানত আটক হৈছিল যথেষ্ট সংখ্যক বাংলাদেশী। গুজৰাটৰ ৰাজধানী আহমেদাবাদৰ 'মিনি বাংলাদেশ' নামেৰে খ্যাত এটা অঞ্চলৰ ৮ সহস্রাধিক ঘৰ ভাঙি পেলোৱা হৈছিল। এই অভিযানৰ জৰিয়তে আটক কৰা দুই সহস্রাধিক বাংলাদেশীক ইতিমধ্যে বাংলাদেশলৈ 'পুশ্ববেক' কৰা হৈছে বা ঠেলি পঠোৱা হৈছে। অসমৰ পৰা 'পুশ্ববেক' কৰা লোকৰ সংখ্যা ১২৪ বুলি প্রকাশ পাইছে। বাকীবিলাক ৰাজ্যৰ উদ্দেশ্য কি, সাফল্য কিমান সেয়া জনা নাযায়, কিন্তু অসমত এইকেইটা দিনত বাংলাদেশী খেদাৰ নামত যি হুলস্থূল চলিল সেয়া 'নাটক' বুলিহে বহুতৰে ধাৰণা হৈছে। কিয়নো লাখ লাখ অনুপ্রৱেশকাৰীয়ে ভাৰাক্ৰান্ত কৰি ৰখা ৰাজ্যখনত মাত্র ১২৪জন বাংলাদেশীক বিচাৰি উলিয়াই 'পুশ্ববেক' কৰাৰ পৰা ৰাজ্যখনৰ কি লাভ হ'ল, সমস্যাটোৰ সমাধানত ই কেনেদৰে প্ৰভাৱ পেলালে বা পেলাব সেয়া অবুজ সাঁথৰ। জনা মতে পুলিচে ধৰি-বান্ধি 'পুশ্ববেক' কৰিবলৈ নিয়া এজন 'অবৈধ বাংলাদেশী' সীমান্তৰ পৰা মৰিগাঁৱৰ ঘৰলৈ ঘূৰি আহিল। গোলাঘাট আৰু দৰঙৰ ৬ পুৰুষ-মহিলাক বি এছ এফৰ পৰা গ্ৰহণ কৰিবলৈ বাংলাদেশৰ সীমান্তৰক্ষী বি জি আৰ অমান্তি হোৱাত বি এছ এফে তেওঁলোকক 'ন' মেন্ছ লেণ্ডত এৰি থৈ আহে।
এতিয়া তেওঁলোক বি জি আৰৰ জিম্মাত আছে যদিও বি জি আৰে তেওঁলোকক হেনো ভাৰতলৈ ওভতাই পঠাব। সেই ৬জন ব্যক্তিৰ হাতত হেনো 'ভাৰতীয়' বুলি প্রতিপন্ন হ'ব পৰা সকলো নথি আছে। এনেকুৱা ঘটনাবোৰৰ বাবেই চৰকাৰৰ বাংলাদেশী বিৰোধী অভিযানৰ নিষ্ঠা আৰু সাৰ্থকতাক লৈ বিভিন্ন মহলত প্রশ্ন উত্থাপন হোৱা শুনা গৈছে। প্রশ্নটো হৈছে চৰকাৰৰ বৰ্তমানৰ যি 'পুশ্ববেক' নীতি সেয়া একপক্ষীয় নে বাংলাদেশৰ সৈতে বুজাবুজি সাপেক্ষ? এই 'পুশ্ববেক' অভিযানৰ মাজতে আমাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৈছে যে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ৩০ হাজাৰ এনে লোক অসমত আছে যিসকলে ন্যায়াধিকৰণৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্রত্যাহ্বান জনোৱা নাই, সেইসকলক বিতাৰণ অর্থাৎ 'পুশ্ববেক' কৰা হ'ব। যিসময়ত ৰাজ্য চৰকাৰে 'পুশ্ববেক' কৰিবলৈ সীমান্তলৈ নিয়া ১২৪জন লোকৰে সকলোকে বাংলাদেশে গ্রহণ কৰা নাই, তেনে অৱস্থাত উক্ত ৩০ হাজাৰ লোকক দেশখনে গ্রহণ কৰিব জানো? বিভিন্ন পক্ষই দাবী জনাই আহিছে যে বাংলাদেশৰ সৈতে আমাৰ দেশৰ চৰকাৰে অবৈধ বিদেশী প্রত্যর্পণ চুক্তি কৰিব লাগে, তেতিয়াহে বিদেশী বিতাৰণ সম্ভৱ হ'ব। কিন্তু তেনে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা নাই। ইফালে, যোৱা কেইটামান দিনৰ বিদেশী চিনাক্তকৰণৰ সীমিত অভিযান উজনি আৰু মধ্য অসমৰ কেইখনমান স্থানতহে চলিল। অনুপ্ৰৱেশকাৰী অধ্যুষিত নামনি অসমত বিদেশী চিনাক্তকৰণৰ কোনো তৎপৰতাই পৰিলক্ষিত হোৱা নাই। বিদেশী চিনাক্তকৰণৰ এনেকুৱা সংগতিবিহীন তৎপৰতা, 'পুশ্ববেক'ৰ ক্ষেত্ৰত অস্বচ্ছতা, বিদেশী বিতাৰণৰ লক্ষ্যহীনতা, ৰাজ্যত কোন বৈধ, কোন অবৈধ তাৰ কোনো স্পষ্ট সীমাৰেখা নোহোৱা, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষক লৈও ৰাজ্যত চৰকাৰ ভেদে মতৰ অমিল আদি বিষয়বোৰে বিদেশী সমস্যাটোৰ সমাধানৰ পথ কি বা এই বিতৰ্কৰ শেষ ক'ত এই বিষয়বোৰ দুর্বোধ্য কৰি তুলিছে।