ডিজিটেল ডেস্ক : কেইমাহমান পূর্বে এগৰাকী অতি প্রতিভাৱান খেলুৱৈৰ আকস্মিক মৃত্যুৰ ঘটনাই জোকৰি গৈছিল সমগ্র দেশ। উত্তৰ প্ৰদেশৰ ব্রীজেশ সোলাংকি নামৰ ২২ বছৰীয়া খেলুৱৈগৰাকীৰ মৃত্যুৰ কাৰণ আছিল জলাতংক ৰোগ। কাবাদী খেলুৱৈগৰাকীয়ে মৃত্যুৰ কেইসপ্তাহমান পূৰ্বে নলাৰ পৰা কুকুৰৰ পোৱালি এটাক উদ্ধাৰ কৰাৰ সময়তে পোৱালিটোৱে কামোৰাৰ পাছত তেওঁ বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল আৰু কোনোধৰণৰ এণ্টি ৰেবিজ ভেকচিন লোৱা নাছিল। ফলস্বৰূপে ইয়াৰ কিছুদিন পাছতেই জলাতংকত আক্ৰান্ত হৈ ব্রীজেশৰ অকাল মৃত্যু ঘটে। অকল ব্রীজেশেই নহয়, ভাৰতত বছৰি বাটৰ কুকুৰৰ চিকাৰ হয় বহু লোক। আমাৰ দেশত বছৰি ৫৭০০ লোকৰ জলাতংকত আক্রান্ত হৈ মৃত্যু হয়। ২০২৪ চনত সমগ্র দেশত ৩৭ লাখ লোকক কুকুৰে কামোৰে। ২০২৩ চনত সমগ্র দেশত ২৭.৫ লাখ লোক কুকুৰৰ চিকাৰ হয়। ৰাজধানী দিল্লীত ২০২৫ চনত ২৬,০০০তকৈ অধিক লোকক কুকুৰে কামোৰে। দিল্লীত পথৰ কুকুৰৰ সংখ্যা হৈছে ৮-১০ লাখ।
শেহতীয়া তথ্য অনুসৰি আমাৰ ৰাজ্যখনত ২০২৪ চনতেই কুকুৰে মানুহ কামোৰাৰ ১,৬৬,০০০টা ঘটনা সংঘটিত হৈছে। এয়া সৰু সংখ্যা নহয়, অতি উদ্বেগজনক কথা। আনহাতে ২০২৫ চনৰ কেৱল জানুৱাৰী মাহতেই প্রায় ২০,৯০০টা এনে ঘটনা সংঘটিত হয়। হয়তো পঞ্জীয়ন নোহোৱাকৈ থকা তথ্য ইয়াতকৈ আৰু বহু বেছি হ'ব। এই তথ্যক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আচৰিত আৰু আতংকজনক বুলি অভিহিত কৰিছে। কুকুৰৰ এই বর্ধিত সংখ্যা নিয়ন্ত্ৰণৰ পৰ্যাপ্ত ব্যৱস্থা আমাৰ ৰাজ্যখনত নাই, যাৰ ফলস্বৰূপে নিতৌ কুকুৰৰ সংখ্যা বৃদ্ধি পাইছে। পথৰ কুকুৰ ধৰি ৰখাৰ বাবে পর্যাপ্ত পাউণ্ড নথকা আৰু প্রশিক্ষিত মানৱ সম্পদৰ অভাৱে এই সমস্যা জটিল কৰি তুলিছে। জন্ম নিয়ন্ত্ৰণৰ বাবে থকা বিধিৰো উপযুক্ত ৰূপায়ণ হোৱা নাই। যাৰ বাবে ৰেবিজ বা জলাতংকই নহয়, দুর্ঘটনাৰ কাৰকো হৈ পৰিছে এই অঘৰী কুকুৰবোৰ। অৱশ্যে কেৱল বাটৰ কুকুৰেই নহয়, পোহনীয় কুকুৰৰ আক্ৰমণতো আমাৰ ৰাজ্যত বহু লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে মাজে-সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। ২০১৪ বৰ্ষত গুৱাহাটীৰ বশিষ্ঠত এটা পোহনীয়া কুকুৰৰ আক্ৰমণত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ কৰুণ মৃত্যু হৈছিল। এনেবোৰ কাৰণতেই এতিয়া আতংকৰ অন্য এক নাম হৈ পৰিছে কুকুৰ। উল্লেখ্য যে ৰেবিজ বা জলাতংক হৈছে এবিধ ভাইৰাছজনিত ৰোগ। সাধাৰণতে ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কুকুৰে কামুৰিলে নাইবা আচুৰিলে এই ৰোগ মানুহৰ দেহলৈ বিয়পে। এনে কুকুৰৰ লেলাউটি মানুহৰ চকু, মুখ বা নাকত লাগিলেও ৰেবিজ বিয়পিব পাৰে। কুকুৰৰ বাহিৰেও মেকুৰি, শিয়াল, বনৰীয়া কুকুৰ, বাদুলি আদি বহুতো স্তন্যপায়ী জন্তু এই ৰোগত আক্রান্ত হ'ব পাৰে। এই ৰোগত আক্রান্ত ৰোগীৰ মৃত্যু অনিবার্য। গতিকে প্ৰতিৰোধ ব্যবস্থা শক্তিশালী কৰাৰ বাহিৰে গত্যন্তৰ নাই। মানুহৰ বাহিৰে গৰু, ছাগলী আদি ঘৰচীয়া জন্তুবোৰক ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কুকুৰে কামুৰিলে এই ৰোগ হ'ব পাৰে। আক্রান্ত জন্তুবে মানুহ বা গৰাকীক চিনি নোপোৱা হয় তথা অতর্কিতে আক্রমণ কৰিবলৈ উদ্যত হয় তথা আক্রমণো কৰে। জলাতংক মানুহ তথা জীৱকুলৰ বাবে ভাবুকিস্বরূপ। কিন্তু এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। পোহনীয়া তথা বাটৰুৱা কুকুৰৰ ছিটা প্রদান, কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ আদি ইয়াৰ প্ৰধান উপায়। এনে কুকুৰে আক্ৰমণ কৰাৰ পাছত এণ্টি ৰেবিজ ভেকচিন লোৱাটো অতিকে জৰুৰী। কিন্তু আজিৰ তাৰিখতো আমাৰ ৰাজ্যৰ ভালেমান চিকিৎসালয়ত এনে ভেকচিন উপলব্ধ নহয়।
অতি পৰিতাপৰ কথা যে যোৰহাট চিকিৎসা মহাবিদ্যালয় (জে এম চি এইচ) ৰ দৰে চিকিৎসালয়তো দিনৰ পাছত দিন ধৰি নাথাকে ভেকচিন। তথ্য অনুসৰি বিগত পোন্ধৰ দিনে চিকিৎসালয়খনত নাই এন্টি ৰেবিজ ভেকচিন। কুকুৰ-মেকুৰীয়ে কামোৰা লোকৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। কুকুৰ-মেকুৰীয়ে কামোৰাৰ ফলত এন্টি ৰেবিজৰ বেজী ল'বলৈ যোৱা লোকে বিষণ্ণ মনে ঘূৰি আহিব লগীয়া হৈছে। ই অতি দুর্ভাগ্যজনক ঘটনা। বিষয়টো অৱজ্ঞা কৰিব লগা বিধৰ নহয়। চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে জনসচেতনতা সৃষ্টিৰ বাবে পদক্ষেপ লোৱাটো অতি জৰুৰী। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এই ৰোগ তথা ইয়াৰ প্ৰতিকাৰৰ বিষয়ে সভা, বক্তৃতা ইত্যাদি অনুষ্ঠিত কৰি ব্যাপক সজাগতা সৃষ্টি কৰাৰ সমান্তৰালভাৱে প্ৰতিখন চৰকাৰী হস্পিটেলত প্রতি মুহূর্তত যাতে এণ্টি ৰেবিজ ভেকচিন উপলব্ধ হয় সেই বিষয়টো গুৰুত্বসহকাৰে নল'লে জলাতংকত মৃত্যু হোৱা লোকৰ সংখ্যা অনাগত সময়ত যথেষ্ট বৃদ্ধি পাব।