আজিৰ সম্পাদকীয়, বর্ণবাদী মানসিকতা

dainik janambhumi February 26, 2026

ডিজিটেল ডেস্ক: ভাৰতৰ উত্তৰ-পূবৰ সাতভনীৰ লগতে ছিকিমকো সাঙুৰি অষ্টলক্ষ্মীৰ কথা কোৱা স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততে উত্তৰ-পূবক লৈ গৌৰৱেৰে কৈ আহিছে ঈষাণ কোণৰ অষ্টলক্ষ্মীৰ চহকী ঐতিহ্য, সম্পদৰ কথা। সমৃদ্ধিৰ আঠোটা ৰূপ বুলি গণ্য কৰা উত্তৰ-পূবৰ ঐতিহ্য, সংস্কৃতি, সম্পদক লৈ ইতিমধ্যে আড়ম্বৰপূৰ্ণভাৱে দেশৰ হৃদপিণ্ড-স্বৰূপ নতুন দিল্লীৰ মাজমজিয়াত অনুষ্ঠিত কৰা হৈছে অষ্টলক্ষ্মী মহোৎসৱ।

প্ৰধানমন্ত্ৰীৰ ডিঙিত সততে দেখা গামোচাই সোঁৱৰাই আহিছে অসমকে ধৰি উত্তৰ-পূবৰ প্ৰতি থকা আন্তৰিকতাৰ কথা। শিক্ষা, ক্রীড়া ইত্যাদি সকলোতে উত্তৰ-পূবে বিশ্বৰ মজিয়াত ভাৰতৰ মান ৰাখি আহিছে। মীৰাবাই চানুৰ পৰা মেৰীকম, লাভলীনালৈকে অনেক নাম। অসম তথা উত্তৰ-পূব দেশৰ মানচিত্ৰৰ ঈষাণ কোণক জাকত-জিলিকা কৰি অহা অংশ, ভাৰতৰ অংগ য'ত সকলোৱে অন্তঃকৰণেৰে নিজক ভাৰতীয় বুলি পৰিচয় দি আহিছে, দেশৰ দুখত কান্দিছে, সুখত উৎফুল্লিত হৈছে আৰু বিপদৰ সময়ত শত্ৰুৰ আঘাত বুকুপাতি লৈছে। তাৰ পাছতো উত্তৰ-পূবক লৈ দেশৰ ৰাজধানীত বৈষম্যমূলক আচৰণৰ ভয়াৱহতা এক চিন্তনীয় বিষয়। 

প্রতিদিনে এনে বৈষম্যৰ অনেক ঘটনাই অসম তথা উত্তৰ-পূবক অপমানিত কৰি অহাই নহয়, উত্তৰ-পূববাসীৰ নাগৰিকত্বৰ ওপৰতে প্রশ্ন তুলি আহিছে। মাথোঁ কেইদিনমান পূর্বে নতুন দিল্লীৰ মালব্য নগৰৰ এটা ঘটনাই পুনৰ স্পষ্ট কৰিছে উত্তৰ-পূববাসীৰ প্ৰতি উত্তৰ ভাৰতীয় একাংশ লোকৰ মনত খোপনি পুতি বহি থকা নিকৃষ্ট মানসিকতাৰ কথা। মালব্য নগৰৰ এটা এপার্টমেন্টত ইউ পি এছ চি পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা তিনি অৰুণাচলী যুৱতীক সামান্য বিষয়ত হোৱা তর্কাতর্কিক লৈয়েই এটা পৰিয়ালে চৰম বৈষম্যমূলক আৰু আক্ৰমণাত্মক ব্যৱহাৰ কৰিছিল। এই সমগ্র দৃশ্যটো এগৰাকী নির্যাতিত যুৱতীয়ে ম'বাইলৰ কেমেৰাত বন্দী কৰিছিল আৰু ক্ষোভিত, অপমানিত যুবতীকেইগৰাকীৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই উত্তৰ-পূবক লৈ কৰা চূড়ান্ত বৈষম্য আৰু নির্যাতনে দেশজুৰি সচেতন মহলৰ চকু কপালত তুলিছে। 

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰীত ভাৰাত থকা তিনি অৰুণাচলী যুৱতীক কোনো কথাৰ মনোমালিন্যৰ সূত্ৰ লৈ সেই এপার্টমেণ্টৰ এক আৱাসী দম্পতীয়ে 'মোমো', মাছাজ পার্লাৰত কাম কৰা 'ধন্দেৱালী' ইত্যাদি শব্দৰে তীব্ৰ আক্ৰমণ কৰাৰ উপৰি যুৱতীকেইগৰাকীৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন তোলাই নহয়, অৰুণাচল তথা উত্তৰ-পূবৰ মহিলা যুৱতীৰ চৰিত্ৰৰ ওপৰতো আঙুলি টোঁৱাইছিল। মানসিকভাৱে ভাৰাক্ৰান্ত যুৱতীকেইগৰাকীয়ে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে যদিও বিষয়টোক লৈ দেশজুৰি চৰ্চা হোৱাৰ পাছতহে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ গ্ৰহণ কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। 

উল্লেখযোগ্য যে ভাৰতীয় সংবিধানত বৰ্ণ-বৈষম্যক কঠোৰভাৱে নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু সংবিধানৰ ১৫নং দফাত মৌলিক অধিকাৰৰ জৰিয়তে বর্ণ, ধর্ম, জাতি, লিংগ তথা জন্মস্থানক লৈ সকলোধৰণৰ বৈষম্যক নিষেধ কৰা হৈছে আৰু ইয়াক ভংগ কৰাৰ অপৰাধত কঠোৰ শাস্তিয়ো আছে।


আনকি সংবিধানৰ ৫১A(e) দফাত সকলো নাগৰিকক সমভাতৃত্ববোধেৰে ঐক্য-সংহতি ৰক্ষা কৰাৰ মৌলিক কৰ্তব্যও অর্পণ কৰা হৈছে। বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে সংবিধানত স্পষ্টকৈ কোৱা হৈছে যদিও এই পর্যন্ত বৈষম্য-বিৰোধী বিশেষ আইন প্রণয়ন নোহোৱাটো ধাৰাবাহিকভাৱে এনে অপৰাধত লিপ্ত অপৰাধীৰ বাবে এটা সুৰুঙা বুলিলেও ভুল কোৱা নহ'ব। আনহাতে, ভাৰতীয় ন্যায় সংহিতা (BNS) ২০২৩ত বর্ণ-বৈষম্য, বিশেষকৈ উত্তৰ-পূববাসীৰ প্ৰতি সঘনে হৈ থকা বৈষম্যৰ বিৰুদ্ধে ১৯৬ ধাৰা ধাৰ্য কৰা হৈছে য'ত ঘৃণা বিয়পোৱা শব্দ নিক্ষেপ বা গালি-গালাজ, নির্যাতন ইত্যাদি সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে ৩ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। 

আনহাতে, ৩৫১(২) আৰু ৭৯ ধাৰাত ১৯৬ ধাৰাৰ সংযুক্তকৰণেৰে এটা বিশেষ অঞ্চলক লক্ষ্য কৰি শাৰীৰিক, মানসিক নির্যাতন চলোৱাটোও শাস্তিযোগ্য অপৰাধ হিচাপে ধাৰ্য কৰা হৈছে। কিন্তু প্রধানমন্ত্রীয়ে হৃদয়ত থকা বুলি দাবী কৰা অষ্টলক্ষ্মীৰ দেশৰ আৱাসীসকলে প্রতিনিয়ত ভুগি থকা এই বৈষম্য তথা নিৰ্যাতনৰ বাবে এই ব্যৱস্থাই পর্যাপ্ত যে নহয় সেয়া শেহতীয়া ঘটনাই পুনৰ প্ৰমাণ কৰিছে। দেশৰ ভৌগোলিক মানচিত্ৰখনৰ বিষয়ে সম্যক জ্ঞান নথকা একাংশই অহর্নিশে উত্তৰ-পূবৰ মংগোলীয় মুখাৱয়বক 'চাইনিজ', 'মোমো', 'চিংকি' আখ্যা দি মানসিক নির্যাতন চলাই অহাৰ ঘটনা এতিয়াও সহজলভ্য। বাটে-পথে বাদেই, অভিজাত কেতবোৰ টিভি ৰিয়েলিটি শ্ব'তো উত্তৰ-পূবক প্রতিনিধিত্ব কৰা প্রতিযোগীয়ে সহপ্ৰতিযোগীৰ পৰা এনে বৈষম্যৰ বলি হোৱাৰ ঘটনাই বহু সময়ত বিতৰ্কৰ সৃষ্টি কৰি আহিছে। ছলমান খানৰ এখন বোলছবিত অভিনয় কৰা অৰুণাচল প্ৰদেশৰ এটি শিশুক প্রকাশ্যে তথাকথিত 'মেইনলেও ইণ্ডিয়া'ৰ এগৰাকী সাংবাদিকে ভাৰতলৈ আহি কেনেকুৱা লাগিছে বুলি প্রশ্ন কৰিছিল। উত্তৰত শিশুটিয়ে নিজৰ দেশতেই আছোঁ বুলি কৰা সবিনয় উত্তৰটো আচলতে সেই একাংশ পশ্চদগামীপ্রৱণ তথাকথিত নাগৰিকৰ মুখত চুঙা চাই সোপা আছিল। কিন্তু বিতর্ক চলিলেও পৰিৱেশ একেই থাকিল। 

অসম তথা উত্তৰ-পূবৰ বিষয়ে নজনা আৰু জানিব নোখোজা এচামৰ হাতত উত্তৰ-পূববাসী মানসিকভাৱে নির্যাতিত হৈয়ে আছে, উত্তৰ-পূবৰ চহকী ঐতিহ্য, সংস্কৃতিৰ বিকৃতকৰণ হৈয়ে আছে। শেহতীয়া ঘটনাটোত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই প্রতিক্রিয়া ব্যক্ত কৰিছে যদিও উত্তৰ-পূবৰ ৰাজনৈতিক নেতা, মন্ত্রী আনকি চৰকাৰৰ মৌনতা এইক্ষেত্রত দৃষ্টিকটু। বহু পূৰ্বৰে পৰা উত্তৰ-পূবৰ সম্পদৰ ওপৰত শেনচকু দি অহা দিল্লীৰ বাবে উত্তৰ-পূব সম্পদৰ ক্ষেত্ৰতহে অষ্টলক্ষ্মী, অষ্টলক্ষ্মীৰ দেশৰ জনতাৰ সন্মান, অভিমান দিল্লীৰ বিচাৰ্য নহয়! উত্তৰ-পূবত দশক দশকজুৰি জ্বলি থকা বিচ্ছিন্নতাবাদৰ জুই এই পর্যন্তও উমি উমি জ্বলি থকাটো সামূহিক এনে বহু বৈষম্যৰেই যে ফল এই কথা নুই কৰিব নোৱাৰি।

Share This