চিনাকি পৰ্বৰ পৰা ৰেগিঙলৈ

dainik janambhumi May 26, 2025

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ ফল ঘোষণাৰ পাছতেই আৰম্ভ হৈছে উচ্চ শিক্ষাৰ নামভর্তি প্রক্রিয়া। ইঞ্জিনীয়াৰিং, মেডিকেল বাছনী পৰীক্ষাও অনুষ্ঠিত হৈছে- মুঠতে সৰ্বস্তৰতে নামভর্তিক লৈ এক উত্তেজনা-উৎকণ্ঠাৰ সময়। এনে সময়তে কিন্তু ছাত্র-ছাত্রী, অভিভাৱকৰ মন-মগজুত শংকা-সন্দেহেৰে খুন্দিয়াই থকা বিষয়টো হৈছে ৰেগিং। ইয়াৰ কাৰণ হ'ল সাম্প্ৰতিক সময়ত উচ্চ শিক্ষানুষ্ঠানসমূহত ৰেগিঙৰ ঘটনাই সকলোকে শংকিত কৰি ৰাখিছে।

ৰেগিঙৰ ব্যাধিয়ে দেশজুৰি কেনে ভয়ানক প্রভাৱ পেলাইছে, তাৰ এখন লোমহর্ষক চিত্র পোৱা গ'ল শেহতীয়া এক প্রতিবেদনত। ছ'চাইটি এগেইনষ্ট ভায়'লেন্স ইন এডুকেশ্যন বা চমুকৈ 'ছেভ' নামৰ বেচৰকাৰী সংস্থাটোৱে বিগত ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰৰ ৰেগিং সম্পৰ্কীয় অভিযোগৰ ভিত্তিত এই প্রতিবেদন যুগুত কৰিছে। দেখা গৈছে, এই সময়ছোৱাৰ ভিতৰত ৩,১৫৬টা ৰেগিং সম্পর্কীয় অভিযোগ পঞ্জীয়ন হৈছিল আৰু সেইবোৰ সংঘটিত হৈছিল দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত। ইয়াৰ ভিতৰত ৰেগিঙৰ বাবেই মৃত্যু হৈছিল ৫১জন শিক্ষার্থীৰ। 'ছেভ'ৰ দাবী- সমগ্র দেশৰ ভিতৰতে ৰেগিঙৰ ক্ষেত্ৰত অধিক বিপজ্জনক পৰিস্থিতি দেশৰ মেডিকেল কলেজসমূহত। তিনি বছৰত পঞ্জীয়ন হোৱা অভিযোগৰ ভিতৰত ৩৮.৪ শতাংশ অভিযোগ অকল মেডিকেল কলেজৰ পৰা অহা। ইয়াৰে আকৌ ৩৫ শতাংশ অতি গুৰুতৰ পৰ্যায়ৰ ৰেগিঙৰ ঘটনা। ৰেগিঙৰ ঘটনাৰ পৰা মৃত্যু হোৱা শিক্ষার্থীসকলো ৪৫.১ শতাংশ মেডিকেল কলেজৰ শিক্ষার্থী। প্ৰসংগতে উল্লেখযোগ্য যে সম্প্রতি এক গোচৰৰ সূত্ৰ ধৰি উচ্চতম ন্যায়ালয়ে ৰেগিং তথা ইয়াৰ ফলত হোৱা শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰ কমোৱাৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত বিচাৰপতিৰ তত্ত্বাৱধানত এটা নেশ্যনেল টাস্ক ফ'ৰ্চ গঠনৰ চেষ্টা চলাইছে। সেই গোচৰতে ৰেগিঙৰ নানান কাৰণো চৰ্চা হৈছে। ইয়াৰ ভিতৰত ৰাজনৈতিক মতপার্থক্য, জাত-পাতৰ ভিত্তিত বিভাজন, লিংগ বৈষম্য ইত্যাদি প্রধান বুলি প্রকাশ।

প্রতিবেদনত প্ৰকাশ পোৱা ধৰণৰ তথ্যসমূহে অভিভাৱক, ছাত্র-ছাত্ৰীক চিন্তিত, শংকিত কৰাই স্বাভাৱিক। আচৰিত কথা, ৰেগিং-প্ৰতিৰোধী আইন এখন আছে, শিক্ষানুষ্ঠানত নামভৰ্তি কৰোঁতেই ৰেগিঙৰ পৰা বিৰত থাকিম বুলি শপতনামাত স্বাক্ষৰ কৰিব লাগে, শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ৰেগিং-প্ৰতিৰোধী বিভিন্ন কমিটী আছে, কিন্তু তৎসত্ত্বেও ৰেগিং ব্যাধি নির্মূল হৈছে বুলি ক'ব নোৱাৰি। বৰঞ্চ 'ছেভ'ৰ দৰে সংস্থাৰ প্ৰতিবেদনত ৰেগিঙৰ ভয়ংকৰ দিশহে উদঙাই দিয়ে।

শিক্ষানুষ্ঠান এখনলৈ নৱাগত ছাত্ৰ-ছাত্ৰীসকল আহিলে পুৰণিসকলৰ লগত এক চিনাকি পৰ্বৰ পৰম্পৰা বহু আগৰ পৰাই আছিল। পাৰস্পৰিক পৰিচয় বিনিময়ৰ যোগেদি সকলোৰে মাজত বন্ধুত্বপূৰ্ণ পৰিৱেশ এটা গঢ়িবলৈ, ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ সেইটো প্রয়োজনীয় আছিল আৰু সেইটোৱেই আছিল এটা সহজ-সৰল, চিনাকি বা পৰিচয় পর্ব। তাতে কোনোবাই কেতিয়াবা গান গাইছিল, কবিতা আওৰাইছিল, দুই-এটা খুহুতীয়া প্রশ্নৰ বুদ্ধিদীপ্ত উত্তৰ দিছিল। এক কথাত এই চিনাকি পৰ্বৰ মাজেদিয়েই বহু সময়ত একোজন নৱাগত নিজৰ ব্যক্তিত্ব আৰু বাকপটুতাৰে জিলিকি উঠিছিল। এইবোৰ আছিল চিনাকি পৰ্বৰ ভাল লগা কথা। কিন্তু কোনোবা এটা সময়ত 'চিনাকি পর্ব'বোৰ 'ৰেগিং' হ'ল- নৱাগতৰ প্ৰতি পুৰণি ছাত্ৰৰ আচৰণ হিংসাত্মমূলক হ'ল, অনুৰোধবোৰ আদেশ হ'ল, কৌতুকবোৰ অনৈতিক, অশ্লীল হ'ল, মৰম-চেনেহবোৰ নোহোৱা হ'ল।

এইবোৰ পৰিৱৰ্তন কেতিয়াৰ পৰা হ'ল, কেনেকৈ হ'ল, কিয় হ'ল- নিঃসন্দেহে এই সম্পর্কত এক দীঘলীয়া আলোচনা, গৱেষণা হ'ব পাৰে। কিন্তু এই ৰেগিং ব্যাধি বিনাশ কৰিব পাৰি কেনেকৈ? সেই কথা নিশ্চয়কৈ কোনেও ক'ব নোৱাৰে। আইন এখন থকাৰ পাছতো, শাস্তিৰ ভয় থকাৰ পাছতো একাংশ ছাত্ৰৰ মনৰ জিঘাংসু প্রবৃত্তি আঁতৰ নোহোৱা কথাটোৱে প্ৰমাণ কৰে কেৰোণ হয়তো আন ক'ৰবাত আছে। প্ৰসংগতে মন কৰিব লগীয়া কথাটো হ'ল সাধাৰণতে ৰেগিঙৰ নামত ভয়াৱহ ঘটনাবোৰ ঘটিছে দেশৰ শিক্ষাৰ ক্ষেত্ৰত উচ্চ স্তৰত থকা মর্যাদাপূর্ণ শিক্ষানুষ্ঠানসমূহত। বিশ্ববিদ্যালয়, আই আই টি, চিকিৎসা মহাবিদ্যালয়ৰ দৰে উৎকৃষ্ট কেন্দ্ৰৰূপে বিবেচিত শিক্ষানুষ্ঠান আছে এই ভয়াৱহ ৰেগিং সংঘটিত হোৱা শিক্ষানুষ্ঠানৰ তালিকাত। বুজাত অসুবিধা নাই, ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ নম্বৰৰ তালিকা ভাল (যাক আমি সাধাৰণতে মেধাৱী বুলি ভাবোঁ), তদুপৰি তেওঁলোকে ইতিমধ্যে শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম কৰি আহিছে, য'ত তেওঁলোকে মার্জিত, পৰিশীলিত এজন নাগৰিকৰ পাঠ লাভ কৰি আহিছে বুলি বিশ্বাস কৰা হয়। অথচ, এইবোৰ তথাকথিত 'জিলিকি থকা' ছাত্র-ছাত্ৰীয়েই জড়িত হয় ৰেগিঙৰ দৰে দুষ্কাৰ্যত- জীৱন গঢ়াৰ সলনি কাৰোবাৰ জীৱন ধ্বংসত জড়িত হয় তেওঁলোক। মর্যাদাসম্পন্ন শিক্ষানুষ্ঠান এখনৰ 'মেধাৱী' ছাত্র এজনেই যদি ইমান অসভ্য, বৰ্বৰ, নিষ্ঠুৰ হ'ব পাৰে, অশ্লীল কথা-বার্তা, অশিষ্ট আচৰণত অভ্যস্ত হ'ব পাৰে, তেনেহ'লে তেওঁ লাভ কৰি অহা শিক্ষাৰ মূল্য কি? তেওঁ লাভ কৰা শিক্ষাই পাৰিলেনে তেওঁৰ আদিম বন্য প্রবৃত্তিবোৰ পৰিশোধন ঘটাই এজন পৰিশীলিত, সভ্য মানুহ কৰিব?

ইয়াৰ মাজতো আশাৰ বতৰা যে সকলো ছাত্র-ছাত্রী এনে জিঘাংসু প্রবৃত্তিৰ নহয়, শুভবোধসম্পন্ন, সুস্থ জীৱন ধাৰণত বিশ্বাসী ছাত্র-ছাত্ৰীৰ সংখ্যাও তাকৰ নহয়। কিন্তু ৰেগিঙৰ ঘটনাই যেতিয়া ভয়াৱহতাৰ ৰূপ লয়, কোনোবা নিষ্পাপ জীৱই যেতিয়া মৃত্যুক আঁকোৱালি লয় বা শিক্ষা আধাতে সামৰাৰ দৰে গুৰুতৰ পন্থা হাতত লয় তেতিয়া পুনৰ চৰ্চালৈ আহে ৰেগিঙৰ ভয়াৱহতাৰ কথা। এই কথা ঠিক আইন, অনুশাসন এইবোৰ লাগিবই, কিন্তু কেৱল আইন, অনুশাসনে এই সমস্যা সমাধান কৰিব যেন ভাব নহয়, যেতিয়ালৈকে ইয়াত যোগ নহ'ব

ছাত্ৰ-ছাত্ৰীৰ মনৰ গভীৰত থকা শুভবোধ। এই শুভবোধেহে দৰাচলতে শেষ কৰিব পাৰিব ৰেগিঙৰ দৰে ভয়ংকৰ ব্যাধি। এই শুভবোধৰ বিকাশ আৰু প্ৰসাৰ ঘটিব কেনেকৈ সেয়াহে এতিয়া কোটি টকীয়া প্রশ্ন।

Share This