বৰষুণ.

dainik janambhumi May 15, 2025

ডিজিটেল ডেস্কঃ সাধাৰণতে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনীভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকর্ষণ শক্তিৰ প্রভাৱত তললৈ টোপাল হিচাপে নামি অহা তৰল পদাৰ্থবিধকে বৰষুণ বুলি কোৱা হয়। 

পৃথিৱীৰ জীবকুল তথা মানুহৰ জীৱন ধাৰণৰ সৈতে এই বৰষুণৰ ওতপ্রোত সম্পর্ক আছে। আনকথাত বৰষুণেই হৈছে মানুহ আৰু জীৱকূলৰ জীয়াই থকাৰ প্ৰধান সম্বল। যিহেতু পৃথিৱীৰ জলচক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীৰ মিঠা পানীৰ জলধাৰসমূহৰ ই মূল উৎস, সেয়ে 'বৰষুণ' বুলি ক'লেই মানুহৰ এক অনির্বচনীয় সুখানুভূতি জাগৃত হয়। ভূগোলবিজ্ঞানীসকলে 'বেইন গজ' নামৰ যন্ত্ৰৰ দ্বাৰা জুখি উলিওৱা মতে পৃথিবীৰ ভূ-ভাগৰ গোলকীয় বার্ষিক গড় বৃষ্টিপাত হৈছে ৮১৫ মিঃমিঃ (২৮.১ ইঞ্চি)। কিন্তু গোটেই পৃথিবী পৃষ্ঠৰ সামগ্রিক বৃষ্টিপাত হৈছে ৯৯০ মিঃমঃ (৩৯ ইঞ্চি) তকৈও বেছি। এইখিনিতে প্রশ্ন হয়- কেৱল পৃথিৱী নামৰ গ্ৰহটোতেই বৰষুণ হয়নে? একাষাৰে 'হয়' বুলিয়ে হয়তো সাধাৰণ নাগৰিকৰ মনত ইয়াৰ উত্তৰ জাগিব। কিয়নো পৃথিবীৰ বাহিৰে আন কোনো গ্রহত পানীৰ উপস্থিতিৰ সন্ধান পোৱা হোৱা নাই। কিন্তু ভূ-বিজ্ঞানীসকলে ইয়াৰ উত্তৰ অন্য ধৰণেহে দিছে। 

বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ উপৰি সৌৰজগতৰ আন আন গ্রহতো বৰষুণ হয়। কিন্তু এই বৰষুণৰ টোপালবোৰ পানী নহয়। ইবোৰ মিথেন, নিয়ন, ছালফিউৰিক এচিড নাইবা আইৰণৰো হ'ব পাৰে। সি যি নহওক, এইকথা নিশ্চিত সত্য যে পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক বৰষুণেই স্বাভাৱিক কৰি ৰাখিছে। মানুহ, জীব-জন্তু, গছ, তৰু-তৃণক জীপাল কৰি ৰখা এই বৰষুণৰ আছে আকৌ বিভিন্ন প্ৰকাৰ। ভূ-বিজ্ঞানৰ মতে ঘণ্টাত ০.২৫ মিলিমিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত হোৱা বৰষুণক পাতল বৰষুণ, ৪-১৬ মিলিমিটাৰলৈ প্ৰচুৰ বৰষুণ, ১৬-৫০ মিলিমিটাৰলৈ অতি প্ৰচুৰ আৰু ৫০ মিলিমিটাৰতকৈ অধিক হোৱা বৰষুণক চৰম বৃষ্টি বোলা হয়। সেই একে ভূ-বিজ্ঞানতে আকৌ বৰষুণক পৰিচলন, শৈলোৎক্ষেপ, ঘূর্ণী, অক্ষীয় আৰু অৰণ্য বৃষ্টি হিচাপেও বিভক্ত কৰিছে। 

সেই অনুসৰি সূৰ্যৰ প্ৰখৰ তাপত ঊর্ধ্বগামী ভূ-পৃষ্ঠৰ বায়ু জলীয়বাষ্পৰে ঘনীভূত হৈ সৃষ্টি হোৱা বৰষুণক পৰিচলন বৰষুণ, ভূ-পৃষ্ঠৰ ওপৰেৰে বলা বতাহ পৰ্বত-পাহাৰত বাধাপ্রাপ্ত হৈ ঊর্ধ্বগামী হৈ সৃষ্টি হোৱা বৰষুণক শৈলোৎক্ষেপ বৰষুণ (এই বৰষুণ পৰ্বত-পাহাৰত বেছিকৈ হয়), ঘূর্ণী বতাহৰ ফলত হোৱা বৰষুণক ঘূর্ণী, অক্ষাংশ সাপেক্ষে জলীয়বাষ্পপূর্ণ বতাহৰ দ্বাৰা হোৱা বৰষুণক অক্ষীয় আৰু গছ-গছনিৰ শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াৰ ফলত হোৱা বৰষুণক অৰণ্য বৃষ্টি বোলা হয়। 

আনহাতে উৎপত্তি, তীব্রতা, সময়কাল, বৈশিষ্ট্য আদিৰ ওপৰত ভিত্তি কৰিও বৰষুণক বিভিন্ন ভাগত ভাগ কৰা হৈছে। যেনে-সংবহনীয় বৰষুণ (কম সময়ৰ বাবে হোৱা তীব্ৰ বৰষুণ), স্তৰীয় বৰষুণ (লঘু, মধ্যমীয়া, তীব্র আদি লেঠাৰিকৈ হৈ থকা বৰষুণ), অৰ'গ্ৰাফিক বৰষুণ (oro-graphic) (পৰ্বত-পাহাৰৰ বতাহৰ দিশত হোৱা বৰষুণ), সম্মুখৰ বৰষুণ (Up-coming or forecoming) (ব্যাপক আৰু স্থায়ীৰ দৰে হোৱা বৰষুণ), ড্রিজল বৰষুণ (drizzle) (সৰু, মিহি টোপাল অবিৰতভাৱে সৰে), শ্লিট বৰষুণ (sleet) (ড্রিজলতকৈ সৰু আৰু মিহি টোপালৰ বৰষুণ), হিমশীতল বৰষুণ (অতিপাত ঠাণ্ডা বৰষুণ), শিলাবৃষ্টি (পানী গোট মাৰি বৰফৰ টুকুৰা হৈ সৰে) আদি। আমাৰ অসমীয়া সমাজতো বৰষুণক লৈ অনেক নাম প্রচলিত আছে। যেনে- কিনকিনীয়া বৰষুণ, ছাগলী খেদা বৰষুণ, নেৰানেপেৰা বৰষুণ, শিল বৰষুণ, জাগল পতা বৰষুণ, মুষলধাৰ বৰষুণ, সাধাৰণ বৰষুণ, বৰুৱা বৰষুণ (বৰুৱা বতাহৰ (ধীৰ-স্থিৰ বতাহ) সৈতে হোৱা বৰষুণ), শীতল বৰষুণ, বৰফৰ বৰষুণ, তৰুণ বৰষুণ (পানীৰ পৰিমাণ অধিক হয়), বতাহৰ বৰষুণ, ধুমুহা-বৰষুণ আদি। সি যি নহওক, বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা দেশসমূহৰ ভিতৰত আমাৰ ভাৰতবৰ্ষও অন্যতম। ইয়াৰ কাৰণ হৈছে-দক্ষিণ-পশ্চিম মৌচুমী বতাহ। এই বতাহ প্রায় এশদিন সক্রিয় হৈ থাকে আৰু ই বংগোপসাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। যাৰ ফলত গোটেই ভাৰততে যথেষ্ট পৰিমাণে বৰষুণ হয়। বংগোপসাগৰৰ পৰা কঢ়িয়াই অনা জলীয় বাষ্প অসমত পোনে পোনে প্ৰৱেশ কৰাৰ উপৰি হিমালয়ত বাধাগ্রস্ত হৈ আগবাঢ়িব নোৱৰাৰ ফলত অসমতো প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেয়ে হয়তো অসমত বৰষুণ  হোৱাৰ কাৰকসমূহক এনেদৰে ভাগ কৰা হৈছে- দক্ষিণ-পশ্চিম মৌচুমী বতাহ, মনছুন ট্রাফৰ অৱস্থান (monsoon trough), মৌচুমীকালত বংগোপসাগৰত সৃষ্টি হোৱা বা-মাৰলী, পছোৱা বা-মাৰলী, সাধাৰণ ধুমুহা-বৰষুণ আৰু বৰদৈচিলা। সমগ্ৰ অসমত গড়ে বছৰি প্রায় ২৮১৮ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ৰাজ্যখনত মাৰ্চৰ মাজ ভাগৰ পৰা বৰষুণৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। জুলাইৰ পৰা ছেপ্টেম্বৰৰ শেষলৈ লাহে লাহে কমি আহে। সেইদৰে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাইলৈ বৰষুণৰ পৰিমাণ যথেষ্ট কমি যায়। অসমত বৰষুণৰ ওপৰত ভিত্তি কৰি বছৰটোক চাৰিটা ঋতুত ভাগ কৰি লোৱা হৈছে। সেয়া হৈছে-প্রাক-মৌচুমী কাল বা গ্রীষ্ম কাল, মৌচুমী কাল, পশ্চাৎ-মৌচুমী কাল বা শৰৎ কাল আৰু শুকান ঋতু বা শীত কাল। এই ঋতু অনুসৰি অসমৰ কৃষিকার্য তথা শস্যৰ ৰোপণো নিজাববীয়াকৈ স্থিৰ কৰি লৈছে কৃষকসকলে। কিন্তু আশংকাৰ কথাটো হৈছে গড়ে বছৰি প্ৰায় ২৮১৮ মিলিমিটাৰ বৰষুণ হোৱা অসমত শেহতীয়াকৈ বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্রাস পাইছে। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বতেই বৰষুণৰ স্বাভাবিক মাত্রা বিঘ্নিত হৈছে। এবছৰ আগৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অসমত জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্রাস পাইছে। সেইদৰে হ্রাস পাইছে অৰুণাচল, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়তো। ইয়াৰ পৰিৱৰ্তে কিন্তু তাপমাত্রা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২০২৩ বৰ্ষটোত কামৰূপ মহানগৰ, নলবাৰী, দৰং, বাক্সা আদি জিলাত ১০০ শতাংশ বৰষুণ হ্রাস পাইছে। বৰপেটা, কাছাৰ, ধুবুৰী, গোলাঘাট, কাৰ্বি আংলং, কৰিমগঞ্জ, ডিমা হাছাও, নগাঁও, ওদালগুৰি আদি জিলাত হ্রাস পাইছে ৯০ শতাংশৰ ওপৰত। প্রশ্ন হ'ব পাৰে-বৰষুণ হ্ৰাসৰ কাৰণ কি? উত্তৰো কিন্তু সকলোৱে জনা সেই একেই- পৰিৱেশ বিধ্বংসী 'কার্য বৃদ্ধি, যেনে- বনাঞ্চল ধ্বংস, প্ৰদূষণ সৃষ্টি কৰা কৃত্ৰিম বস্তুৰ ব্যৱহাৰ আদি। কোনো কোনোৰ মতে, মৌচুমী বায়ুৰ গতিপথৰ পৰিৱৰ্তনো ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে।

 সেয়া যিয়েই নহওক আজিৰ মানুহে কিন্তু সকলোবোৰ পৰিৱেশ-প্রতিকূল কাম বন্ধ কৰিবৰ হ'ল। চলিত মে' মাহৰ যোৱা পষেকত প্রচণ্ড গৰমৰ মাজতে মাজে মাজে দিয়া বৰষুণজাকে জনগণক যথেষ্ট সকাহ দিছে। কিন্তু এদিন এনে এটা দিন অহাৰো আশংকা আছে, য'ত উগ্র উষ্ণতাত ছটফটাই থকাৰ পৰা মানুহক সকাহ দিবলৈ এই চিনাকি 'নুপূৰ পিন্ধা বৰষুণজাক' নোহোৱা হৈ পৰিব। সেইদৰে বৰষুণক লৈ চলি থকা মানুহৰ আৱেগিক কথাবোৰো অতীত হ'বলৈ বেছিদিন নেলাগিব!

Share This