বর্ষাসিক্ত জুবিন

dainik janambhumi March 19, 2026

ডিজিটেল ডেস্ক : ধুমুহা, গাজনি আৰু ধাৰাসাৰ বৰষুণৰ মাজত এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে বৰষুণলৈ ভয় নকৰে। সেয়ে, হয়তো সংগীত জীৱনৰ উদ্দাম সময়ছোৱাতো বৰষুণ অহাৰ উমান পোৱা যেন পালেই জুবিনে মঞ্চতেই হঠাতে দর্শকলৈ উদ্দেশ্যি চিঞৰে- 'বৰষুণ আহিছে, মই এতিয়া বৰষুণৰ গান গাম।' খেয়ালী জুবিনে অপ্রস্তুত সহঃ শিল্পীলৈ অপেক্ষা নকৰাকৈ গাই যায় 'এজাক বৰষুণে মোক ধুই থৈ গ'ল, এজাক সুৱাসে মোক চুই থৈ গ'ল।' জুবিন বলিয়া দর্শক-শ্রোতাই মোহাচ্ছন্ন হৈ ধাৰাসাৰ বৰষুণৰ মাজত ৰৈও প্রিয় শিল্পীৰ সৈতে গাই যায় বৰষুণৰ গান। আজিৰ পৰা মাথোঁ ছমাহ আগলৈ অসমৰ বিহু মঞ্চৰ পৰিৱেশ এনেকুৱাই আছিল। জুবিন আছিল, বৰষুণ আছিল, মতলীয়া শ্ৰোতাৰ ভিৰ আছিল। আনকি বৰষুণৰ সমান্তৰালকৈ একাংশ মতলীয়া যুৱক-যুৱতীয়ে আৰম্ভ কৰা বোকা নৃত্যত জুবিন গার্গে 'সিহঁতে মোক ভাল পায়' বুলি সহজভাবে কৈ পেলোৱা কথাবোৰক লৈও হাজাৰ-বিজাৰ বিতৰ্ক আছিল। কিন্তু এনে বিতৰ্কৰ মাজতো বটগছ এজোপাৰ দৰেই অটল হৈ আছিল জুবিন গাৰ্গ। গছ কাটিবলৈ অহা চৰকাৰী বাহিনীৰ সন্মুখত গা পাতি দিয়া জুবিন গাৰ্গে ৰাজনীতিক ঘৃণা কৰিছিল। পলিটিক্স নকৰিবা বন্ধু বুলি সজোৰে মতা জুবিন গাৰ্গে মাটিৰ অধিকাৰ, পানীৰ অধিকাৰৰ কথা কৈছিল। সততে আকাশলৈ চাবলৈ কোৱা জুবিন গার্গে মন গ'লেই বৰষুণত তিতিছিল, বিহুৰ অনুষ্ঠান কৰি আহি মাজনিশাৰ আকাশখনলৈ চাই হঠাতে কেতিয়াবা মুকলি পথাৰত শুই পৰিছিল।

জুবিন গাৰ্গক লৈ কত এনে কথাই মুখ বাগৰি সাধাৰণ মানুহৰ বুকুলৈ সোমাই পৰিছিল, সেয়া বিতর্কই খেদি ফুৰা জুবিন গার্গে হয়তো নাজানিছিল, নাজানিছিল চৰকাৰ যন্ত্ৰয়ো। কিন্তু ১৯ ছেপ্টেম্বৰৰ পাছত ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা জুবিনে যেন আকাশ স্পৰ্শ কৰিলে। অসমীয়াৰ বুকুৱে বুকুৱে সোমাই থকা জুবিনক দেখিলে সকলোবে। জুবিন গাৰ্গ নামৰ মানুহজনক জীবনকালত থকা-সৰকা কৰাসকলেও দেখিলে ক্রমাৎ ওখ হোৱা জুবিনক, যি জুবিনে বৰষুণলৈ ভয় নকৰে, যি জুবিনে গানৰ মাজেৰে নিজেই কৈ যায় ধুমুহাৰ স'তে থকা তেওঁৰ আজন্ম সম্পৰ্কৰ কথা। সেই জুবিন এতিয়া সোণাপুৰৰ হাতীমূৰাত বৰষুণত ভিজিছে, ধুমুহাই উৰুৱাই নিছে শুই থকা জুবিনৰ মূৰৰ ওপৰৰ মূধচ। বৰষুণ ভাল পোৱা শিশুকো জানো মাতৃহৃদয়ে বৰষুণত ভিজিবলৈ এৰি দিব পাবে...! বৰষুণত কষ্ট পোৱা শিশুটিৰ বাবে কান্দি উঠাৰ দৰেই শেষ শীতৰ শেষৰজাক বৰষুণত কান্দি উঠিছে প্রতিজন অসমীয়াৰ বুকু। জুবিনৰ পত্নী গৰিমাই সামাজিক মাধ্যমতেই শোকত উথলি উঠি লিখা শব্দকেইটাই স্বাভাৱিকতেই প্রিয় শিল্পীৰ অবৰ্তমানত কান্দি উঠা অসমীয়াক আকৌ এবাৰ কন্দুৱাইছে। কথাবোৰ আৱেগিক হ'লেও বাস্তৱ পৃথিৱীখনত যেন ক'ৰবাত জুবিন গাৰ্গ নামৰ অটল-অবিচল সত্তাটোক পাহৰণিৰ গৰ্ভলৈ ঠেলিবলৈ এটা পক্ষৰ আপ্রাণ চেষ্টা চলিছে। তাৰিখ হিচাপত অসম সন্তান জুবিন গাৰ্গ কায়িকভাবে নোহোৱা হৈ যোৱাৰ ছমাহ হৈছে। ছমাহত অসমীয়াই জুবিনহীনতাত যিমান কান্দিছে, সিমানেই দেখিছে জুবিনবিহীন অসমত ৰাজনীতিৰ কৰাল ছবিখনো। অসমত এতিয়া নিৰ্বাচনৰ দহৰম-মহৰম সময়। প্রার্থিত্ব-কেন্দ্রিক দ্বন্দ্ব আৰু মুখ-চুপতিৰ সংঘাতেৰে ৰাজনীতি এনেকৈ গৰম হৈ পৰিছে যে সাধাৰণ জনতাই সুদূৰৰ মধ্যপ্রাচ্যৰ যুদ্ধৰ পার্শ্বক্রিয়াত হোৱা ৰন্ধন গেছৰ নাটনিৰ কথা ক'বলৈ লৈও মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে জুবিন গাৰ্গৰ শেষ শয়নথলীত প্রিয় শিল্পীলৈ মৰমেৰে আগবঢ়োৱা উপহাৰৰ টোপোলা বৰষুণ, ধুমুহাত নষ্ট হৈছে, ফাটি গৈছে জুবিনৰ শয়নথলীৰ ওপৰৰ তম্বুৰ কপোৰ। জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে স্বামীৰ শেষ শয়নথলীত নিজে তিৰ্পাল তৰিছেগৈ। দৃষ্টিকটু হৈছে এই অৱস্থাটো। জুবিন গার্গে প্ৰতিগৰাকী অনুভৱী অনুৰাগীৰ হৃদয়ত এনেদৰে স্থান লৈছে যে সেই সত্তাটোৰ কিঞ্চিৎ অসম্মান হোৱা দেখিলেও অনুৰাগীৰ হৃদয় মোছোকা খাই উঠে। হৃদয়ৰ সেই আৰ্তনাদৰ বাবেই বৰষুণত তচনচ হোৱা জুবিন ক্ষেত্রলৈ দৌৰি আহিছিল প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে অভিন্ন হৃদয়ৰ শিল্পী মানস ৰবীনৰ ৰবীন আর্মি। জাতিৰ প্ৰাণৰো প্ৰাণৰ 'ঈশ্বৰ পুত্ৰ' সেই শিল্পীৰ ৰহস্যজনক মৃত্যুৱে কেৱল অসমতে নহয়, সমগ্র দেশত, আনকি বিশ্বতো জোকাৰণি তুলিছিল। শোকত উঠলি উঠা অনুৰাগীয়ে শিল্পীৰ নশ্বৰ দেহক আগুৰি ধৰি যি পৰিৱেশ ৰচনা কৰিছিল, যিদৰে সোণাপুৰৰ শেষ আশ্রয়স্থানলৈ লৈ আনিছিল আৰু তাৰ পাছতো যোৱা ছমাহত সেই পৱিত্ৰ ক্ষেত্ৰত শিল্পীগৰাকীক অকলশৰীয়া হ'বলৈ নিদি দিনে-নিশাই আগুৰি আছে, দৈনিক শ্রদ্ধা-উপহাৰেৰে ওপচাই আছে শিল্পীৰ বেদী- সেয়া অভূতপূর্ব আৰু বিৰল ঘটনা। শিল্পীগৰাকীৰ সৈতে এনেদৰেই একাত্ম হৈ আছে অনুভবী অসমীয়াৰ হৃদয়। তেনে অৱস্থাত শিল্পীৰ সেই স্মৃতিস্থল বৰষুণত তচনচ হোৱা দৃশ্যই অনুৰাগীক ক্ষুব্ধ, ক্রুদ্ধ, অশান্ত কৰাই স্বাভাৱিক।

সেয়েহে, সকলোৱে কামনা কৰিছে সেই স্মৃতিক্ষেত্র অতি সোনকালে এনেদৰে নিৰ্মাণ হওক যাতে তাত জাতিৰ প্ৰাণৰ শিল্পীগৰাকীৰ সত্তাটোৱে শান্তিত থাকিব পাৰে। সাধাৰণ মানুহে নাজানে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ অৱস্থাটো কোন পর্যায়ত আছে। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সবিশেষ নক্সা প্ৰস্তুত কৰাৰ বাবে এখন সমিতি গঠন কৰাৰ কথা প্রকাশ পাইছিল। সেই সমিতিখনে কামবোৰ সঠিকভাৱে আগবঢ়াইছেনে? চৰকাৰে সেই সমিতিখনৰ প্রতি যথোচিত সহযোগিতা আগবঢ়াই আছেনে? সেই কথাবোৰ স্পষ্ট হোৱা উচিত। আৰু যদি ধনৰ অভাৱৰ বাবে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ স্তব্ধ হৈ আছে সেইটোও ৰাইজে জনা উচিত। প্রয়োজন হ'লে ৰাইজে শিল্পীগৰাকীৰ 'ৰৈ ৰৈ বিনালে 'লৈ আগবঢ়োৱা সঁহাৰিৰ দৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবেও সহযোগ আগবঢ়াবলৈ কৃপণালি নকৰিব। জুবিনে বৰষুণলৈ ভয় কৰা নাছিল; কিন্তু জুবিন ক্ষেত্ৰখন বৰষুণে তচনচ কৰি শিল্পীসত্তাটোক
অসন্মান কৰিব সেয়া অনুৰাগীয়ে সহ্য নকৰে। প্রয়োজন হ'লে হাতে-কামে লাগি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ সাহস-সামর্থ্য অনুৰাগীৰ আছে।

Share This