সম্পর্ক

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : জীৱন ধাৰণৰ পৰিৱেশ সলনি হৈ অহাৰ লগে লগে সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কবোৰৰো ৰূপটো সলনি হ'বলৈ ধৰিছে। অৱশ্যে, মানুহৰ জৈৱিক গুণবোৰৰ সলনি হোৱা নাই। প্রেম-ঘৃণা, ক্রোধ-মৰম, লোভ-মোহ, কাম-নিষ্কাম, আসক্তি-নিৰাসক্তিৰ দৰে জৈৱিক গুণবোৰৰ সৈতে অন্তঃক্ষৰা গ্রন্থি (Hormonal gland)ৰ সম্পর্ক থকা বাবে যুগ যুগান্তৰ ধৰি মানৱ জীৱনত এই আৱেগিক চৰিত্ৰবিলাকে মুহুর্মুহু ক্ৰিয়া কৰি থাকে। যেনে- ডোপামিন (Dopamine) হৰমোন নিঃসৰণ হ'লে সুখানুভূতি বাঢ়ে, অক্সিটোছিন (oxytocin) নিঃসৰণ হ'লে প্রেমানুভূতি জাগ্রত হয়, কর্টিছল (cor-tisol) হৰমোনে মানসিক চাপ নিয়ন্ত্ৰণ কৰে ইত্যাদি ইত্যাদি। জৈৱিক গুণবোৰ হৰমোনৰ প্রভাৱৰ বাবে একেই আছে অথচ আবেগ নিয়ন্ত্রিত সামাজিক-পাৰিবাৰিক সম্পৰ্কবোৰৰ চৰিত্ৰ সলনি হৈছে, যাৰ বাবে উদ্বেগজনক পৰিস্থিতি কিছুমানৰো সৃষ্টি হোৱা আমি প্রত্যেকেই হয়তো লক্ষ্য কৰিছোঁ।

সামাজিক জীৱন যাপনৰ ক্ষেত্রত এই দিশটো অতি চিন্তনীয় বিষয় হৈ পৰিছে। ইয়াৰ বৈজ্ঞানিক বা মনস্তাত্ত্বিক ব্যাখ্যা কি হ'ব, সেয়া বিশেষজ্ঞসকলেহে ক'ব পাৰিব, সাধাৰণভাৱে আমি ইয়াক ভোগসর্বস্ব জীৱনৰ পিছত ঘটা গড্ডালিকা প্ৰৱাহৰ পৰিণতি বুলিয়েই ক'ব লাগিব। যোৰহাটত অলপতে ঘটা এটা ঘটনাই অনুভূতিপ্রৱণ মানুহক পাৰিবাৰিক মানৱীয় সম্পর্কক লৈ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। এগৰাকী প্রৌঢ় মহিলা যোৰহাট নগৰৰ উপকণ্ঠৰ এটা দুমহলীয়া ঘৰত অকলে বাস কৰে। তেওঁৰ পুত্ৰ-বোৱাৰী থাকে যোৰহাট নগৰৰ এটা ভাৰাঘৰত। মহিলাই বিচাৰে পুত্ৰ-বোৱাৰী তেওঁৰ লগত থাকক, কিন্তু পুত্ৰ-বোৱাৰীৰ ইচ্ছা হয়তো পৃথক। সেয়েহে, মহিলাই পুত্ৰ-বোৱাৰীক লগলৈ অনাৰ বাবে এখন ডকাইতিৰ নাটক ৰচনা কৰিলে। ডকাইতে তেওঁৰ নগদ ধন-সোণ লৈ যোৱা বুলি প্ৰচাৰ হ'ল। পাছত আৰক্ষীয়ে তদন্ত কৰি যেতিয়া ডকাইতিৰ কোনো চিন-মোকাম নাপালে, তেতিয়াহে বাৰম্বাৰ প্ৰশ্নৰ পাছত মহিলাগৰাকীৰ মুখৰ পৰা ওলাল তেওঁ ৰচনা কৰা নাটকখনৰ কথা। পুত্ৰ-বোৱাৰীৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ থকা এগৰাকী মাতৃৰ এই আচৰণক কি বুলি আখ্যা দিয়া উচিত- ভাল নে বেয়া? এই ক্ষেত্ৰত মাতৃগৰাকীৰ উদ্দেশ্য বা ব্যাখ্যা যেনেকৈ পৃথক, তেনেকৈ পুত্ৰ-বোৱাৰীৰ উত্তৰো পৃথক হ'ব পাৰে। তেওঁলোকে জীৱন-যাত্ৰাৰ এনে কিছুমান দিশলৈ আঙুলিয়াই দিব, যাক অস্বীকাৰ কৰাও হয়তো কঠিন হ'ব। কিন্তু পাৰিবাৰিক সম্পৰ্কবোৰৰ যে মিঠা মিঠা লগা স্বাদ-ৰূপবোৰ নোহোৱা হৈ গৈ আছে, জীৱন-যাত্ৰাৰ কেতবোৰ 'এৰাব নোৱৰা' বাধ্যবাধকতাই যে বহুতক নিঃসংগ কৰি পেলাইছে, সেইসকলৰ জীৱনবোৰ ৰসবিহীন কৰি তুলিছে তাৰ সমাধান ক'ত? যোৰহাটৰ ঘটনাটো একমাত্র উদাহৰণ নহয়। এয়া এতিয়া বহু ঘৰৰ কাহিনী।

গুৱাহাটী মহানগৰ বা অন্য নগৰ-চহৰবোৰত প্ৰকাণ্ড-প্রকাণ্ড অট্টালিকা কিছুমান আছে, কিন্তু ভিতৰত কোনোবা পিতৃ বা মাতৃয়ে নিঃসংগ জীৱন কটাবলগীয়া হৈছে। এনেদৰে নিঃসংগ অৱস্থাতে মৃত্যুবৰণ কৰা কোনোবাজনৰ মৃতদেহৰ দুৰ্গন্ধতহে প্রতিৱেশীয়ে গম পাইছে তেনে একোটা নিঃসংগ জীৱনৰ বেদনাগধুৰ মৃত্যুৰ কথা। বৃদ্ধাশ্ৰমৰ জীৱনতো এতিয়া জীবন-যাত্ৰাৰ ক্রমবর্ধমান এক অংশত পৰিণত হ'ব ধৰিছে। জীৱনৰ অপৰাহ্ন সময়ত একাকীত্ব এক সাংঘাতিক সমস্যা। আমাৰ ৰাজ্যত এইটো আধুনিক সমস্যা বুলি ক'বও পৰা যায়, কাৰণ এতিয়া আমাৰ সমাজৰ যিসকলে (বিশেষকৈ নগৰীয়া) এই সমস্যাত ভুগিবলগীয়া হৈছে তেওঁলোকৰ বাবে শৈশৱ-কৈশোৰ বা যৌৱনৰ এছোৱালৈকে এইটো ভাবিব নোৱৰা কথা আছিল। বৃহৎ পৰিয়াল একোটাৰ মাজত আগবাঢ়িছিল প্রায় প্রত্যেকৰে জীৱন-যাত্রা। প্রৌঢ়সকলে পাইছিল পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ সংগ। সামাজিকভাৱেও পৰস্পৰৰ মাজত সম্পৰ্ক আছিল গভীৰ। যোৱা ২০-৩০ বছৰত পৰিৱেশ সলনি হৈ গৈছে। বৃত্তিগত প্রয়োজনত বহুতৰ সন্তান ৰাজ্যৰ বাহিৰলৈ, বিদেশলৈ গুচি যাবলগীয়া হৈছে। ৰাজ্যতে বা একে জিলাতে থাকিলেও শহুৰ-শাহুৰ লগত একেলগে নাথাকে বহুতৰ পুত্ৰ-বোৱাৰী। নাতি-নাতিনীৰ লগত ককা-আইতাৰ সংযোগ ক্ষীণ হৈ পৰে। ফলত এতিয়া বহুতৰ জীৱনত প্রৌঢ় বা বৃদ্ধ কালত নিঃসংগতা হৈ পৰিছে বহুতৰ সংগ। আমাৰ সাধাৰণ জীৱন-যাত্ৰাত বেছিভাগ লোকৰ বাবে এই নিঃসংগতা অসহনীয়, এয়া স্বাভাবিক, কিন্তু আধুনিক জীৱন-যাত্রাই সৃষ্টি কৰা এই একাকীত্বৰ সমস্যাৰ সমাধানৰ যিহেতুকে কোনো সুলভ উপায় নাই, গতিকে ইয়াক গ্রহণ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হোৱাৰ বিকল্প নাই। এনে অৱস্থাত নিঃসংগ প্রৌঢ় বা বৃদ্ধজনে কেনেকৈ জীৱনৰ অৱশিষ্ট দিন কটাব, তেওঁ প্রয়োজনীয় শাৰীৰিক বা মানসিক সমর্থনখিনি কেনেকৈ পাব তাৰ উপায় উলিওৱাটোহে এতিয়া গুৰুত্বপূৰ্ণ কথা। ইচ্ছা কৰিলে প্রৌঢ় বা বৃদ্ধাৱস্থাকো অৰ্থৱহ কৰি তুলিব পৰা বহুত উপায় আছে। তাৰ বাবে নিজক মানসিকভাৱে সাজু কৰি তুলিব পাৰিব লাগিব। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অকলে বৃদ্ধাৱস্থা কটোৱাৰ সময়ত 'ভাষাৰ দেউল' সদৃশ 'হেমকোষ' ৰচনা কৰিছিল। অধ্যয়ন কৰি, সৃষ্টিশীল কামত প্রবৃত্ত হৈ, স্থানীয় সমাজৰ সৈতে, সামাজিক অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ সৈতে সম্পৰ্ক গঢ়িও একাকীত্ব দুঃসহ অৱস্থাৰ পৰা মুক্তি পাব পৰা যায়। যিহেতুকে পাৰিবাৰিকভাৱে নিঃসংগ হৈ পৰাটো এতিয়া বহুতৰ বাবে অৱশ্যম্ভাবী হৈ পৰিছে, গতিকে এই প্রত্যাহ্বান গ্রহণ কৰিবৰ বাবে সকলোৱে মিলি পথ উদ্ভাৱনৰ চেষ্টা কৰা উচিত।

Share This