আজিৰ সম্পাদকীয়, নিৰ্ভৰযোগ্য বাহন আৰু সভ্যতাৰ চালক

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক: 'চকা আৱিষ্কাৰৰ পৰা বিদ্যুৎ- সময়ে সময়ে মানৱ সভ্যতাক উন্নতিৰ বেচিং টেকত ফর্মূলা-১ৰ গতিৰে দৌৰাত সহায় কৰিছে এনেকুৱা নানান অনুঘটকে। সেই অনুঘটকৰ ভূমিকা এইবাৰ ল'বলৈ আহিছে আর্টিফিচিয়েল ইন্টেলিজেন্সে (এ আই)।' নতুন দিল্লীত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত এ আই ছামিটলৈ আহি এনেকুৱা কথাই ক'লে গুগলৰ স্বত্বাধিকাৰী সংস্থা এলফাবেট ইনকৰ্প'ৰেশ্যনৰ চি ই অ' সুন্দৰ পিচায়ে। তেওঁৰ কথাত এ আই কেবল এটা প্রযুক্তিগত উদ্ভাৱন নহয়, এয়া মানৱ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উদ্ভাৱন। পিচায়ে পোনপটীয়াকৈয়ে ক'লে, 'জুই আৰু বিদ্যুতৰ আৱিষ্কাৰতকৈও এ আইৰ প্ৰভাৱ হ'ব অনেক বেছি গভীৰ আৰু গুৰুত্বপূৰ্ণ।' পিচাইৰ কথাই নিঃসন্দেহে বহু চিন্তাৰ বাট খোলে।

কেইদিনমানৰ আগলৈকে কেৱল কল্পবিজ্ঞানত ঠাই পোৱা এ আই, যাক অসমীয়াত কৃত্রিম বুদ্ধিমত্তা বোলা হৈছে, সেই বিষয়টো কিন্তু এতিয়া আমাৰ দৈনন্দিন জীৱনৰ কথা-বার্তা, কাম-কাজত নিগাজিকৈ ঠাই ল'বলৈ সক্ষম হৈছে। প্রত্যক্ষভাৱে ব্যৱহাৰ নকৰিলেও আমি সকলোৱে ক'ব নোৱৰাকৈয়ে পদার্পণ কৰিছোঁ এক নতুন যুগত, যাৰ নেপথ্যত বিৰাজ কৰিছে এ আই। 

এ আয়ে আমাৰ দৈনন্দিন জীৱন-যাত্রা সহজ কৰি পেলোৱাত আমাৰ অগোচৰেই আচলতে যথেষ্টখিনি ভূমিকা গ্রহণ কৰিছে। এনে প্রেক্ষাপটত এই প্রশ্নও প্রায়ে উত্থাপন হৈছে যে এ আই মানুহতকৈ বেছি বুদ্ধিমান নেকি? এ আয়ে শেষ কৰিব নেকি বহু মানুহৰ কৰ্ম সংস্থাপন? আনকি বহু কামত ভৱিষ্যতে মানুহৰ প্রয়োজনেই নাথাকিব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। এই সকলো প্ৰশ্নৰ আঁৰত কিন্তু এটা মৌলিক প্রশ্ন লুকাই থাকে, সেয়া হ'ল মানুহ আৰু কৃত্রিম বুদ্ধিমত্তাৰ মাজৰ পাৰ্থক্য কেৱল কোন বেছি বুদ্ধিমান, সেইটো নহয়। বৰং বুদ্ধিমত্তা বুলিলে কি বুজোঁ সেই প্ৰশ্নৰ আঁৰতহে উত্তৰ লুকাই আছে। মানুহৰ বুদ্ধিমত্তা মূলতঃ অভিজ্ঞতা আৰু অনুভূতিৰে অৰ্জন কৰা এক জীৱন্ত প্রক্রিয়া। এ আইৰ ক্ষেত্ৰত এইবোৰ কথা বিবেচিত নহয়।

মানুহৰ মনত এইবোৰ প্রশ্নই, শংকাই খেলা কৰি থাকোঁতেই যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত উল্লিখিত ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ক'লে, 'আমি এনেকুৱা এটা যুগত প্ৰৱেশ কৰিছোঁ, য'ত মানুহ আৰু বুদ্ধিমান যন্ত্রই একেলগে নিত্য নতুন উদ্ভাৱন কৰিব, একেলগে কাম কৰিব আৰু একেলগে তেওঁলোকৰ বিকাশ হ'ব।' মানুহৰ ভূমিকাক লৈ নতুন বার্তা দি প্রধানমন্ত্রীয়ে ক'লে, 'এ আই মানুহৰ বিকল্প নহয়, বৰং মানুহক আৰু দক্ষ, কাৰ্যকৰী আৰু প্ৰভাৱশালী কৰি তোলাৰ হাতিয়াৰহে।' 

প্রধানমন্ত্রীৰ কথাখিনি গুৰুত্বপূর্ণ। এ আইক কেৱল প্রযুক্তিগত প্রতিযোগিতাৰ মঞ্চ বুলি বিবেচনা কৰিলে নহ'ব, ই মানৱ কল্যাণক ত্বৰান্বিত কৰা এক শক্তিহে। মার্গ ঠিক নাথাকিলে এ আয়ে যিদৰে বিপর্যয় আনিব পাৰে, সেইদৰে সঠিক পথেৰে পৰিচালিত হ'লে ই অলেখ সমস্যাৰ সমাধানো ঘটাব পাৰে। নতুন চিন্তা-উদ্ভাৱনৰ প্ৰতি মানুহৰ শংকা, সন্দেহ স্বাভাৱিক। কম্পিউটাৰ আৰম্ভ হওঁতে, ইণ্টাৰনেটৰ সূচনা হওঁতে এনে শংকা-সন্দেহত ভুগিছিল মানৱ জাতি। চাকৰি হেৰুৱাব, সংস্থাপন নোহোৱা হ'ব, নৈতিকতাৰ স্খলন হ'ব আদি অলেখ দুৰ্ভাৱনাৰে ভৰিছিল মানুহৰ মন-মগজু। কিন্তু তাৰ পাছতো সমাজ চলিছে, জীৱন চলিছে। এ আইৰ আগ্রাসনো মানব জাতিয়ে মোকাবিলা কৰিব লাগিব সেই অর্থতে। কাৰণ এই কথাও ঠিক যে অনাগত সময়ত এ আইক পৰিহাৰ কৰি চলাৰ উপায় নাই। 

মানৱ সমাজে বিচাৰক বা নিবিচাৰক এ আইৰ আমাৰ জীৱনত এতিয়া অৱধাৰিত প্ৰৱেশ- ইয়াত নস্যাৎ কৰাৰ বাট নাই। সেয়ে ইয়াক মাথোঁ গ্রহণ কৰিব লাগিব মানৱ জাতিৰ কল্যাণ হোৱাকৈ। এ আইৰ পৰা ক্ষতি হ'ব পৰাৰ শংকা নিশ্চয় আছে, কিন্তু এনে শংকাই আজিলৈকে মানৱ জাতিৰ ইতিহাসত প্রগতিক বাধা দিয়া নাই আৰু অনাগত দিনতো সেয়া নহ'ব। অনাগত দিনবোৰ দৰাচলতে হ'ব মানুহৰ সৃষ্টিশীলতা আৰু যন্ত্ৰৰ দক্ষতাৰ একত্ৰিত প্রচেষ্টা-সেয়া লাগে দুৰাৰোগ্যৰ ৰোগৰ চিকিৎসাতেই হওক, মহাকাশৰ ৰহস্যভেদেই হওক বা যিকোনো যুগান্তকাৰী আৱিষ্কাৰেই নহওক কিয়- এই সহঃ নিৰ্ভৰশীলতাৰ যাত্ৰাত কৃত্ৰিম বুদ্ধিমত্তাই নিশ্চয় মানৱ জাতিৰ সফলতাৰ বাটৰ নিৰ্ভৰযোগ্য বাহন হ'ব, কিন্তু গন্তব্য স্থান উদ্দেশ্যি এই বাহন নিৰাপদে মানৱীয় চিন্তা-চেতনা, প্ৰমূল্যৰে চলাই নিব লাগিব মানুহেই। সভ্যতা আগবাঢ়িব এই পন্থাৰেহে।

Share This