অচলাৱস্থাৰ পুনৰাবৃত্তি

dainik janambhumi July 22, 2025

ডিজিটেল ডেস্ক : সংসদৰ বর্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোত সোমবাৰে পুনৰ সৃষ্টি হ'ল সেই একেই অচলাবস্থা, যিটো দেশৰ সর্বোচ্চ গণতান্ত্রিক মঞ্চখনত যোৱা দুই/আঢ়ৈ দশক ধৰি চিনাকি দৃশ্য হৈ পৰিছে। সংসদ বা বিধানসভাসমূহত অচলাৱস্থাৰ সৃষ্টি কৰাটোও এতিয়া দলবিলাকৰ ৰাজনৈতিক ৰণকৌশল যেন লগা হৈছে। সংসদীয় মঞ্চবোৰত দেশৰ তথা ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয়, জনসাধাৰণৰ সমস্যা উত্থাপন কৰি পোৱা প্ৰচাৰতকৈ অচলাৱস্থাৰ সৃষ্টি কৰি লাভ কৰা ৰাজনৈতিক মূল্য অধিক হোৱা বাবেই হয়তো শাসকেই হওক বা বিৰোধী পক্ষই হওক কিছুমান বিষয় অৱতাৰণা কৰি অচলাৱস্থাৰ পৰিৱেশ সৃষ্টি কৰাত বেছি গুৰুত্ব প্রদান কৰে। সোমবাৰে সংসদৰ উভয় সদন অচল কৰি তোলাৰ ক্ষেত্ৰত বিৰোধী আৰু শাসক দলৰ ভূমিকাত পাৰ্থক্য নাছিল।

এইবাৰ অচলাৱস্থাৰ বিষয় আছিল মূলতঃ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধখন। নিশ্চিতভাৱে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ পহলগামত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত কিছুসংখ্যক নিৰীহ পর্যটকে প্রাণ হেৰুৱাবলগা হোৱা, তাৰ প্রতিশোধকল্পে ভাৰতে 'অপাৰেশ্যন সেন্দুৰ' নাম দি পাকিস্তানৰ মাটিত থকা সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱা, দুদিন দুয়ো দেশৰ মাজত যুদ্ধ চলাৰ পাছতে হঠাৎ যুদ্ধখন বন্ধ হৈ পৰা, বাণিজ্য চুক্তিৰ টোপ দি যুদ্ধখন বন্ধ কৰা বুলি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দাবী কৰি থকা আৰু ভাৰতে এই দাবীক অস্বীকাৰ কৰা-এই বিষয়বোৰৰ আঁৰত কিছু সাঁথৰ নিহিত হৈ থকা বুলি দেশবাসীৰো একাংশই সন্দেহ কৰে আৰু বিৰোধী দলসমূহেও এই বিষয়ত চৰকাৰৰ পৰা স্পষ্ট বিবৃতি দাবী কৰি আছে। বিৰোধী পক্ষই এই সমস্ত বিষয়ৰ সংসদত বিশেষ আলোচনা দাবী কৰাক কেন্দ্ৰ কৰিয়ে সোমবাৰে বর্ষাকালীন অধিৱেশনৰ সূচনাৰ দিনটোতে সংসদৰ দুয়োখন সদনত সৃষ্টি হয় অচলাবস্থাৰ। এতিয়া স্বাভাৱিকতে প্রশ্ন উঠিব আজিৰ অচলাৱস্থাৰ বাবে দায়ী কোন? প্রসংগক্রমে উল্লেখ কৰা উচিত হ'ব যে সংসদৰ অধিৱেশনৰ প্ৰতি মিনিটত ব্যয় হয় ২.৫ লাখ টকা। এই টকা জনসাধাৰণৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি দি তোলা। সংসদৰ অধিৱেশনবোৰত হোৱা বিশাল ব্যয়ৰ বাবত জনসাধাৰণৰ কল্যাণ হ'লে ক'ব লগা একো নাছিল। 

কিন্তু যোৱা দুই/আঢ়ৈ দশকৰ ইতিহাসলৈ চালে দেখা যায় যে অর্থহীনভাবে ব্যয় হৈছে ৰাজকোষৰ এই বৃহৎ পৰিমাণৰ ধন। দেশৰ স্বাৰ্থ জড়িত বিষয়ক লৈ সুস্থ বিতর্ক সংসদৰ এই সময়ছোৱাৰ ইতিহাসত প্রায় নোহোৱাৰ নিচিনা হৈ পৰিছে। এইবাৰ বিৰোধী পক্ষই তোলা দাবীৰ যুক্তিযুক্ততা অস্বীকাৰ কৰিব নোৱাৰি। পহলগাম-কাণ্ডৰ পৰা পাক-ভাৰতৰ যুদ্ধখন (অপাৰেশ্যন সেন্দূৰ) বন্ধ হোৱালৈকে এই গুৰুত্বপূৰ্ণ ঘটনালানিৰ সংসদত বিশেষ আলোচনা হোৱাৰ অতি প্রয়োজন আছিল। কাৰ ভুলৰ বাবে পাকিস্তানৰ সন্ত্রাসবাদীয়ে ভাৰতৰ মাটিত সোমাই নিৰীহ পৰ্যটকক হত্যা কৰিব পাৰিলে তাৰ কাৰণ জনাৰ অধিকাৰ কি দেশবাসীৰ নাই? দুদিনৰ যুদ্ধৰ পাছত হঠাৎ যুদ্ধখন কিয় বন্ধ হৈ গ'ল বা এই যুদ্ধই ভাৰতৰ ইপ্সিত লক্ষ্য পূৰণ কৰিব পাৰিলে নে নাই সেই কথা জনাৰ অধিকাৰ কি দেশবাসীৰ নাই? এই কথাবোৰৰ সংসদত বিশদ আলোচনা হোৱা হ'লে প্রকৃত ছবি এখন দেশবাসীৰ সন্মুখত উন্মোচিত হ'লহেঁতেন বুলি ধাৰণা কৰিবৰ থল আছিল। কিন্তু চৰকাৰে বিৰোধীৰ এই অনুৰোধ বা দাবীক গুৰুত্ব দিয়া নাই। সেইবাবেই সোমবাৰৰ দিনটোজুৰি সংসদৰ দুয়োখন সদনত অধিকাংশ সময় অচল হৈ থকাৰ সংসদৰ আৰু এটা দিন অর্থহীনভারে অতিবাহিত হ'ল। এইবাৰৰ বৰ্ষাকালীন অধিৱেশনৰ সূচনাৰ আগদিনা অর্থাৎ দেওবাৰে বিজেপিৰ সভাপতি জে পি নড্ডাৰ অধ্যক্ষতাত যিখন সর্বদলীয় সভা হৈছিল, তাত বিৰোধী পক্ষই উল্লিখিত বিষয়সমূহৰ লগতে বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়ে সংসদত বিশেষ আলোচনা অনুষ্ঠিত কৰাৰ দাবী তুলিছিল। 

বিৰোধী পক্ষৰ অনুৰোধ আছিল যে প্রধানমন্ত্রীয়ে নিজে এই বিষয়বোৰৰ ওপৰত চৰকাৰৰ স্থিতি ব্যক্ত কৰি বিবৃতি দিয়ক। বিভিন্ন মাধ্যমত প্রকাশিত বাতৰি মতে বিৰোধীয়ে উত্থাপন কৰা সমুদায় বিষয়ৰ আলোচনা সংসদত কৰিবলৈ চৰকাৰ সাজু বুলি সভাত আশ্বাস দিয়া হৈছিল। এতিয়া চৰকাৰে কৈছে যে সংসদৰ নিয়ম অনুসৰিহে এই বিষয়বোৰৰ আলোচনা কৰা হ'ব। তেনেস্থলত প্রশ্ন উঠা স্বাভাবিক যে সংসদৰ নিয়মনো আচলতে কি? দুখন দেশৰ মাজত হোৱা যুদ্ধৰ বিষয়টোক লৈ যদি সংসদৰ মজিয়াত মুকলি আলোচনা নহয়, তেনেহ'লে হ'ব ক'ত? প্রধানমন্ত্রীৰেই বা সংসদত বিবৃতি দিয়াত আপত্তি কিয়? এই চৰকাৰখনৰ দেশৰ প্ৰতি থকা দায়বদ্ধতাক দেশবাসীয়ে সন্দেহ নকৰে। সেনা বাহিনীৰো ওপৰত দেশবাসীৰ আস্থা অটুট আছে। সেইবাবেই যুদ্ধখনৰ সময়ত সমূহ বিৰোধী দলসহ দেশবাসী চৰকাৰ আৰু সেনা বাহিনীৰ কাষত থিয় দিছিল। কিন্তু সন্ত্রাসবাদীৰ আক্ৰমণৰ বিষয়ে, যুদ্ধখনৰ বিষয়ে বিশেষ আলোচনাৰ পৰা চৰকাৰ আঁতৰি থাকিব খুজিলে বিৰোধী দল কিয়, জনসাধাৰণৰ মনতো সন্দেহৰ উদ্রেক ঘটিব পাৰে। চৰকাৰে নিজৰ নিষ্ঠা আৰু দায়বদ্ধতা তথা স্বচ্ছতা প্রতিপন্ন কৰাৰ স্বাৰ্থতে সংসদত বিষয়বোৰৰ মুকলি আলোচনাৰ অনুৰোধলৈ সঁহাৰি দিয়া উচিত। অন্যথা সংসদৰ বাকী থকা দিনবোৰো অচলাৱস্থাৰে বৰবাদ কৰি পেলাব।

Share This