ডিজিটেল ডেস্ক: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতবৰ্ষত বৰ্তমানৰ সংবিধানখন প্ৰৱৰ্তন হয় আৰু সেই মর্মে ২৬ জানুৱাৰীৰ দিনটোকে গণৰাজ্য বা গণতন্ত্র দিৱসৰূপে পালন কৰা হয় যদিও গণতন্ত্ৰৰ ধাৰণাটো কিন্তু ভাৰতবৰ্ষত নতুন নহয়। ভাৰতবৰ্ষত গণতন্ত্ৰৰ ধাৰণাটো বেছ পুৰণি। প্রকৃততে বিশ্বৰ যিকেইখন দেশে গণতন্ত্ৰৰ ধাৰণাটোৰ জন্মৰ দাবী কৰে, তাৰ ভিতৰত ভাৰতবৰ্ষও অন্যতম। মন কৰিব লগীয়া যে গ্ৰীচৰ এখন নগৰ ৰাষ্ট্ৰ এথেন্সকে গণতন্ত্ৰৰ মাতৃ বুলি দীর্ঘদিন ধৰি এটা ধাৰণা চলাই অহা হৈছে যদিও এই সম্পর্কত গৱেষকসকলে নতুন চিন্তা-অধ্যয়নৰো বাট কাটিছে। বহু পণ্ডিতে ভাৰতত গণতন্ত্ৰৰ ইতিহাসক সিন্ধু-সৰস্বতী সভ্যতাৰ সময়ৰ বুলি ক'ব খোজে। সেইদৰে বেদ আৰু মহাভাৰতৰ যুগতো গণৰাজ্যৰ বিষয়ে লিখিত বিৱৰণ পোৱা যায় যদিও প্রাচীন ভাৰতৰ গণতান্ত্রিক ৰাজ্যসমূহৰ বিষয়ে স্পষ্ট বিৱৰণ বুদ্ধৰ সময়ৰ পৰাহে পোৱা যায়। এই তথ্যসমূহ গ্রীক গণৰাজ্যতকৈও পুৰণি বুলি দাবী কৰিব পাৰি। সেই দিশৰ পৰা ভাৰতবৰ্ষক নিঃসন্দেহে গণতন্ত্ৰৰ জন্মদাতা বুলি উল্লেখ কৰিব পাৰি।
উল্লেখযোগ্য যে দেশৰ স্বাধীনতা সংগ্ৰামত '২৬ জানুৱাৰী' তাৰিখটোৰ বিশেষ গুৰুত্ব আছে। ১৯২৯ চনৰ ২৯ ডিচেম্বৰত লাহোৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজক ভাৰতৰ লক্ষ্যৰূপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত হৈছিল। তাতে এইটো সিদ্ধান্ত লোৱা হৈছিল যে ২৬ জানুৱাৰীত পূৰ্ণ স্বৰাজ দিৱস পালন কৰা উচিত। সেইমৰ্মে প্ৰথমবাৰৰ বাবে ১৯৩০ চনৰ ২৬ জানুৱাৰীত পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল। ১৯৪৭ চনলৈ এই পৰম্পৰা অক্ষুণ্ণ আছিল। যদিও স্বাধীনতা অৰ্জনৰ পাছত ১৫ আগষ্ট আমাৰ স্বাধীনতা দিৱস হৈ পৰে, তথাপি ২৬ জানুৱাৰী তাৰিখটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক মহান দিন হিচাপে চিহ্নিত হৈ থাকে।
প্ৰকৃততে গণৰাজ্য দিৱস বা জনপ্রিয় অৰ্থত '২৬ জানুৱাৰী' কেৱল স্বাধীনতা আন্দোলনৰ ইতিহাস আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ স্মৃতি নহয়, বৰঞ্চ ই সংবিধানত সন্নিৱিষ্ট মূল্যবোধত পুনৰ দৃঢ়তাৰ সংকল্প লোৱাৰ দিন। ই নিজকে আৰু দেশক নিৰীক্ষণ কৰাৰ সময়, য'ত নাগৰিকে গণতান্ত্রিক নীতি ৰক্ষাৰ ক্ষেত্ৰত হোৱা কাম-কাজ, অগ্ৰগতিৰ মূল্যায়ন কৰে ইয়াৰ প্ৰকৃত সত্তা উপলব্ধি কৰাত বাধাৰূপে থিয় হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ শক্তিৰ সন্ধান কৰে। দৰাচলতে গণতন্ত্ৰৰ সাৰমৰ্ম নিহিত হৈ আছে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত জনসাধাৰণৰ গুৰুত্ব কি পৰ্যায়ৰ সেই কথাত। ইয়াত 'জনতা, জনতাৰ দ্বাৰা, জনতাৰ বাবে' নীতি সাৰোগত কৰা হয়, যাতে দেশক গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ অংশীদাৰিত্ব থাকে। সেয়ে গণতান্ত্রিক প্রক্রিয়াত দায়িত্বশীল নাগৰিকত্ব আৰু সক্রিয় অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি নাগৰিকৰ হাতত নিহিত ক্ষমতাৰ প্ৰমাণ হিচাপে এই দিনটো বিশেষভাৱে তাৎপর্যপূর্ণ।
পাহৰি গ'লে নহ'ব আমাৰ গণতন্ত্র আজি বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীনো হৈছে। সামাজিক বৈষম্য, অর্থনৈতিক বৈষম্য, ৰাজনৈতিক মেৰুকৰণ, মূল্যবোধৰ খহনীয়া আদি বিভিন্ন কাৰকে সততে দেশৰ গণতন্ত্রক বিপদাপন্ন কৰিব খোজে। দেশৰ যোগ্য নাগৰিকৰূপে দেশৰ জনতাই এই প্রত্যাহ্বানসমূহ নোহোৱা কৰিবৰ বাবেও যত্নপৰ হ'ব লাগিব।
এনে ক্ষেত্ৰত গণতন্ত্র দিৱস কেৱল এক অনুষ্ঠান অথবা পেৰেডত সীমাবদ্ধ হ'লে নহ'ব, নহ'ব এই দিনটোক কেৱল এটা 'বন্ধ বা ছুটী'ৰ দিন বুলি ভাবিলে- আচলতে এইটো দিন প্রতিজন নাগৰিকে গণতান্ত্রিক মূল্যবোধক সন্মান জনাবলৈ আৰু এইবোৰ ৰক্ষা কৰিবলৈ পণ লোৱাৰ দিন। ১৯৩০ চনত মহামানৱ মহাত্মা গান্ধীয়ে দেশবাসীক পূৰ্ণ স্বৰাজ দিৱস কেনেদৰে উদ্যাপন কৰিব লাগে, সেই বিষয়ে কৈছিল, '... যিহেতু আমি কেৱল অহিংস আৰু প্ৰকৃত পদক্ষেপৰ জৰিয়তে আমাৰ লক্ষ্য প্রাপ্ত কৰিব বিচাৰোঁ আৰু আমি কেৱল আত্ম-শুদ্ধিৰ জৰিয়তেহে এই কাম কৰিব পাৰোঁ। সেয়ে আমি সেই দিনটোত যিমান পাৰি কিছু সৃষ্টিশীল কাম কৰাত আমাৰ সময় অতিবাহিত কৰিব লাগে।' মহাত্মাৰ এই ইচ্ছা অনুসৰিয়েই গণৰাজ্য দিৱসৰ উদ্যাপনৰ গইনাৰে আমি গণতন্ত্ৰৰ ৰক্ষাৰ লগতে আমাৰ সমগ্র চিন্তা, চেতনা আৰু কার্যকলাপত সৃষ্টিশীলতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগে।