ডিজিটেল ডেস্ক: 'ইস্তাহাৰ' শব্দটোৰ নিৰ্বাচনৰ সৈতে ওতপ্রোত সম্বন্ধ আছে। ইস্তাহাৰৰ ইংৰাজী প্রতিশব্দ হ'ল 'Menifesto'- ইয়াৰ অৰ্থ হ'ল কোনো ব্যক্তি, ৰাজনৈতিক দল বা সংগঠনৰ পৰিকল্পনা, লক্ষ্য, আদর্শ আৰু প্রতিশ্রুতিসমূহ লিখিত ৰূপত জনসাধাৰণৰ সন্মুখত প্ৰকাশ কৰা বা ঘোষণা কৰা। আমাৰ দেশৰ নিৰ্বাচনবোৰত আগতে প্ৰতিটো দল কিম্বা প্রার্থীয়ে নিজৰ লক্ষ্য, উদ্দেশ্য, পৰিকল্পনাৰ বিষয়ে যি লিখিত প্রতিশ্রুতি দিছিল তাক 'ইস্তাহাৰ' বুলিয়েই শিৰোনাম দি প্ৰকাশ কৰিছিল। কিন্তু যোৱা কিছু বছৰত এই শিৰোনাম সলনি হৈছে। কোনোবাই যদি ইয়াক 'দৃষ্টিপত্র' (ভিছন ডকুমেন্ট) নাম দিছে, আন কোনোবাই দিছে 'ঘোষণা-পত্র'। এইবাৰ আমাৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন উপলক্ষে সোমবাৰে পুৱা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যিখন ইস্তাহাৰ মুকলি কৰিলে তাৰ নাম দিয়া হৈছে 'সংকল্প-পত্র'।
আনহাতে, ৰাজ্যৰ প্ৰধান বিৰোধী দল তথা ঐক্যবদ্ধ বিৰোধী শক্তিৰ নেতৃত্ব প্রদান কৰা কংগ্ৰেছে যোৱা দেওবাৰে নাওবৈচাত প্ৰকাশ কৰা ইস্তাহাৰখনৰ নাম দিছে 'ঘোষণা-পত্র'। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেকেইগৰাকী নেতাৰ উপস্থিতিত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই মুকলি কৰা এই 'ঘোষণা-পত্র'ত কংগ্ৰেছে অসমবাসীৰ সন্মুখত পাঁচটা 'গেৰান্টি' ঘোষণা কৰিছে। সেই অৰ্থত এই ইস্তাহাৰখনক 'গেৰাণ্টী-পত্ৰ' বুলিও ক'ব পৰা যায়।
'ইস্তাহাৰ' বুলি ক'লে মানুহৰ মনলৈ অহা প্রথম ধাৰণাটো হ'ল- এয়া এনে কিছুমান প্রতিশ্রুতিৰ বৰষুণ যিবোৰৰ বেছিভাগ শাসনৰ গাদীত বহাৰ পাছত জনপ্রতিনিধিসকলে পাহৰি যায়। ভোটাৰৰ মন ভুলাবলৈ এনেকুৱা প্রতিশ্রুতিও ইস্তাহাৰত সন্নিবিষ্ট কৰা হয়, যাক পূৰণ কৰিবলৈ গ'লে অন্য কিছুমান নতুন সমস্যাৰহে উদ্ভৱ হয়। উদাহৰণ স্বৰূপে, হিতাধিকাৰীমূলক আঁচনিসমূহৰ কথাই ধৰা যাওক। কিছুমান দলে ইস্তাহাৰত বিনামূলীয়া বিজুলী, বিনামূলীয়া পানী যোগান আদিৰ প্রতিশ্রুতি দিয়ে।
আমাৰ ৰাজ্যত চৰকাৰে নিৰ্বাচনত দিয়া প্রতিশ্রুতি অনুসৰিয়ে লাখ লাখ মহিলাক 'অৰুণোদয়' আঁচনিৰ জৰিয়তে মাহে মাহে ধন দিছে, যাৰ বাবে ব্যয় হৈ আছে ৰাজকোষৰ কোটি কোটি টকা। এক অর্থত ক'বলৈ গ'লে, কোন দলে কাক কিমান বিনামূলীয়া সা-সুবিধা দিব পাৰে 'ইস্তাহাৰ'ত তাৰেই যেন প্রতিযোগিতা চলে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৈছে যে এনেকুৱা আঁচনি দিয়াটো অপৰাধ বুলি ক'ব পৰা নাযায়, কিন্তু ইয়াৰ ফলত ৰাজ্যসমূহৰ অৰ্থনীতিৰ ওপৰত যি হেঁচা পৰে সেয়া উদ্বেগজনক। ইয়াৰ এক বিধিগত অধ্যয়নৰ প্ৰয়োজন আছে বুলি উচ্চতম ন্যায়ালয়ে ইতিপূর্বে মত প্রকাশ কৰি গৈছে। ইস্তাহাৰ বা সংকল্প-পত্র বা ঘোষণা-পত্ৰক লৈ এনেবোৰ চৰ্চা চলি থকাৰ মাজতে অসম বিধানসভাৰ নিৰ্বাচন উপলক্ষে যিবোৰ ইস্তাহাৰ প্ৰকাশ হৈছে সিবিলাকতো কিন্তু একে প্ৰৱণতাই পৰিলক্ষিত হৈছে। অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত, বিশেষকৈ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত লাখ লাখ হিতাধিকাৰীলৈ 'অৰুণোদয়', 'উদ্যমিতা', 'আত্মনিৰ্ভৰ অসম' আদি আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ ধনৰ হস্তান্তৰ কৰা বিষয়টোক লৈ হিতাধিকাৰীসকল উৎফুল্লিত যদিও বিৰোধী দলসমূহে ইয়াৰ তীব্র সমালোচনা কৰিছিল।
কিন্তু কংগ্ৰেছ দলে যোৱা দেওবাৰে প্ৰকাশ কৰা ঘোষণা-পত্ৰখনৰ ৫টা গেৰাণ্টিৰ ভিতৰত দুটাই হিতাধিকাৰীলৈ প্ৰত্যক্ষ ধন হস্তান্তৰ বিষয়ক। এটা হৈছে প্ৰতিগৰাকী মহিলাৰ বেংক একাউন্টলৈ চর্তবিহীন মাহিলি ধন হস্তান্তৰ আৰু ব্যাৱসায়িক সহায়ৰ বাবে ৫০ হাজাৰ টকা। আনটো হৈছে জ্যেষ্ঠ নাগৰিকক মাহিলি ১,২৫০ টকাৰ পেঞ্চন। অর্থাৎ বিজেপিৰ 'অৰুণোদয়', 'উদ্যমিতা'ৰ লগত এই দুটা প্রতিশ্রুতিৰ কোনো পার্থক্য নাই। ইয়াৰ পৰা এটা কথাই প্রতিপন্ন হৈছে যে বিনামূলীয়া আঁচনিৰ প্রতিশ্রুতিক বাদ দি নির্বাচনত অৱতীৰ্ণ হোৱাৰ সাহস এতিয়া প্ৰায়বোৰ ৰাজনৈতিক দলৰে নাই। অন্য এটা দিশ হৈছে এই 'সংকল্প-পত্র', 'ঘোষণা-পত্র'বোৰত উল্লেখ থকা কিছুমান প্রতিশ্রুতি পূৰণৰ সম্ভাৱনা। এই ক্ষেত্রত আমি যদি বিজেপিৰ 'সংকল্প-পত্ৰ'খনলৈ চাওঁ তেতিয়া দেখিম যে ইয়াত সন্নিৱিষ্ট প্রথম প্রতিশ্রুতিটোৱেই হৈছে 'অবৈধ বিদেশীক চিনাক্তকৰণ আৰু বহিষ্কৰণ'।
'সংকল্প-পত্র' খনত বিজেপিয়ে অবৈধ বিদেশীয়ে বেদখল কৰি থকা ভূমি উদ্ধাৰ কৰা, সত্ৰৰ অৱশিষ্ট ভূমিও বেদখলমুক্ত কৰাৰ প্ৰতিশ্রুতি দিছে ঠিক আছে, কিন্তু বিদেশীক কেনেকৈ চিনাক্ত কৰিব আৰু বহিষ্কাৰ কৰিব তাৰ স্পষ্ট ব্যাখ্যা নাই। এই ক্ষেত্ৰত অনুপ্ৰৱেশকাৰী (অসমৰ প্ৰা বহিষ্কৰণ) আইন ১৯৫০ক ভিত্তি হিচাপে ল'ব বুলি ঘোষণা-পত্ৰত উল্লেখ আছে যদিও ইতিমধ্যে ৰাজ্যৰ ৯খন জিলাক নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্ষম হোৱা তথা ৰাজ্যৰ প্ৰায়বোৰ জিলালৈকে বিস্তাৰিত হৈ পৰা লাখ লাখ অবৈধ বিদেশীক বৰ্তমানৰ ব্যৱস্থাৰে চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰাটো বাস্তৱ ক্ষেত্ৰত সম্ভৱ হ'বনে সেয়া এক সাঁথৰ। অন্যহাতে, বেদখলৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনৰ স্থিতি স্পষ্ট আৰু ইতিমধ্যে ডেৰ লাখ বিঘা ভূমি চৰকাৰে বেদখলমুক্ত কৰিছেও।
গতিকে, 'সংকল্প-পত্ৰ'ত বেদখলৰ বিৰুদ্ধে অভিযানৰ যি প্রতিশ্রুতি আছে, সেয়াও বিজেপি পুনৰ ক্ষমতালৈ আহিলে পূৰণ হ'ব বুলি আশা কৰিব পাৰি। কিন্তু এই বেদখলমুক্ত ভূমিবোৰৰ ভৱিষ্যৎ কি হ'ব, খিলঞ্জীয়াৰ এই ভূমিৰ ওপৰত নিয়ন্ত্ৰণ কেনেকৈ বর্তি থাকিব বা জাতীয় অর্থনীতি গঢ়াৰ বাবে এই ভূমিৰ ব্যৱহাৰ হ'বনে, তাৰ ব্যাখ্যা কিন্তু সংকল্প-পত্ৰত নাই। গতিকে, কংগ্ৰেছৰ 'ঘোষণা-পত্ৰ'ক লৈ যেনেকৈ প্রশ্ন আছে তেনেকৈ বিজেপিৰ 'সংকল্প-পত্ৰ'ৰ প্রতিশ্রুতিসমূহক লৈও আছে বহু প্রশ্ন। এই প্রশ্নবোৰৰ স্থানান্তৰত উত্থাপন তথা আলোচনা হৈ থাকিব। নিৰ্বাচনৰ পাছত বিজয়ী হোৱা জনপ্রতিনিধিসকলে, গঠন হ'বলগীয়া চৰকাৰে 'প্রতিশ্রুতি 'বোৰ কেনেকৈ পূৰণ কৰে তালৈ জাতিয়ে লক্ষ্য ৰাখিব।