ন্যায় লাভৰ অধিকাৰ

dainik janambhumi October 17, 2025

ডিজিটেল ডেস্কঃ যোৱা ১৯ ছেপ্টেম্বৰৰ বিয়লি কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আনকি চুবুৰীয়া বাংলাদেশ-পাকিস্তানৰো সংগীত অনুৰাগীৰ অতিকে প্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক আৰু ৰহস্যজনক পৰিস্থিতিত ছিংগাপুৰত ঘটা মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সমগ্র দেশৰ লগতে বিশেষভাৱে অসমত এটা উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। জুবিন গাৰ্গ অসমৰ জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে সকলোৰে এটা ঘৰুৱা নাম।

সকলোৰে পৰিচিত আপোনজন। তেনে এজন শিল্পীৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত অনুৰাগীসকল শোকস্তব্ধ হৈ পৰাটো স্বাভাৱিক কথা। কিন্তু এই শোকৰ লগত ক্ষোভআৰু খঙো যোগ হ'ল যেতিয়া মৃত্যুৰ পূৰ্বে সাগৰত আন বহুকেইগৰাকী লোকৰ সৈতে ভাগৰুৱা শিল্পীজনে সাঁতোৰা দৃশ্য আৰু ক্ৰমশঃ দুর্বল হৈ গৈ অৱশেষত নিথৰ হৈ পৰা ভিডিঅ'ৰ দৃশ্য প্ৰচাৰিত হয়। 

ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰসংগ আহি পৰে। ইয়াৰ পাছত স্বয়ং মুখ্যমন্ত্রীয়ে যেতিয়া জুবিন গাৰ্গৰ এজন সহযোগীৰ বক্তব্যৰ সূত্ৰ ধৰি ঘোষণা কৰে যে জুবিনক আচলতে হত্যাহে কৰিছে। এয়া স্বাভাৱিক মৃত্যু নহয়। নিজৰ প্ৰাণৰো প্ৰাণৰ শিল্পীজনক কোনোবাই চক্রান্ত কৰি হত্যা কৰিব, এই কথা অনুৰাগীয়ে কেনেকৈ মানি ল'ব? প্রথম কেইদিন শোকাকুল জনতাই শ্রদ্ধা জ্ঞাপন, শেষকৃত্য সম্পন্ন, আদ্যশ্রাদ্ধ, স্মৃতি-শ্রদ্ধাঞ্জলি অনুষ্ঠান আদিত ব্যস্ত থাকিল। কিন্তু আদ্যশ্রাদ্ধ পাৰ হৈ যোৱাৰ পাছতেই হত্যাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰাসকলৰ শাস্তি আৰু ঘটনাৰ অন্তৰালৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে তদন্তৰ দাবীত উত্তাল হৈ পৰিল। এয়া স্বতঃস্ফূর্ত প্রতিবাদ। বাৰৰ পৰা চৈধ্য লাখ মানুহ কোনোবা বিৰোধী ৰাজনৈতিক দলৰ প্ৰৰোচনাত ৰাজপথলৈ ওলাই অহা নাই। তেনে এক অস্থিৰ পৰিস্থিতিক নিয়ন্ত্রণলৈ আনিবলৈ হ'লে চৰকাৰ সতৰ্ক হ'ব লাগিব। বিক্ষুব্ধ জনতাক অধিক বিক্ষুব্ধ হৈ পৰা ধৰণৰ কোনো কাম কৰিব নালাগিব। চৰকাৰৰ দায়িত্বশীল মহল আৰু বিশেষকৈ মুখ্যমন্ত্রীজনে বাক্ সংযম, শিষ্টাচাৰ ৰক্ষা কৰি চলিব লাগিব। কিন্তু কথাবোৰ যেন ক্ষমতাত থকাসকলে প্রথমৰ পৰাই গভীৰভাৱে নল'লে। বৰঝাৰ বিমান বন্দৰৰ পৰা শিল্পীজনৰ মৃতদেহ গুৱাহাটীলৈ অনাৰ বাটত গোট খোৱা হাজাৰ অনুৰাগীৰ প্ৰতি আৰক্ষীয়ে কঠোৰ ব্যৱহাৰ কৰিলে। তাৰ পাছত গুৱাহাটীত জুবিন অনুৰাগী সংগঠনৰ নেতাক মাতি নি আৰক্ষীয়ে জুবিনৰ মৃত্যুৰ প্ৰতিবাদত সভা-সমিতি, প্রতিবাদী অনুষ্ঠান পতা নহয় বুলি লিখাই ল'লে।

জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু এটা সাধাৰণ ঘটনা নহয়। যোৱা এশ বা ততোধিক বছৰৰ ভিতৰত অসমত তেনে দ্বিতীয় এটা ঘটনা ঘটাৰ নজিৰ নাই। ভাৰতৰ সীমাৰ সিপাৰতো এই ঘটনাৰ ক্ৰিয়া-প্রতিক্রিয়া হৈছে। তেনেস্থলত জুবিনৰ মৃতদেহ অনা, ৰাজহুৱা অনুষ্ঠানেৰে শেষকৃত্য সম্পন্ন কৰা আৰু তাৰ পাছত বিভিন্ন পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা কিছুমান মন্তব্য আৰু বক্তব্যই ৰাইজক অধিক বিচলিত আৰু প্ৰৰোচিত কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কাৰণ ৰূপে সন্দেহ কৰাসকলৰ বিৰুদ্ধে কোনো থানাত গোচৰ তৰা অনুৰাগীক আৰক্ষীয়ে ভাবুকি দিয়া, থানালৈ মাতি নি বহু সময় বহুৱাই থোৱা, গ্ৰেপ্তাৰ কৰা আদি কাৰ্য আচলতে চৰকাৰৰ দমন নীতিৰ নামান্তৰ। শোকাকুল-বিক্ষুব্ধজনে নিজৰ ক্ষোভ প্রকাশ কৰিবই, ন্যায় লাভৰ অধিকাৰ তেওঁলোকৰ আছে। প্রতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ, মানহানি মোকদমা আদি তৰি বিক্ষুব্ধজনক নিমাত কৰিব নোৱাৰি। তেনে এক সময়তে স্বয়ং মুখ্যমন্ত্রীয়ে অৱতাৰণা কৰিলে দীপান্বিতা পতা আৰু ফটকা-আতচবাজী ব্যৱহাৰৰ প্ৰসংগ। এনে এক পৰিস্থিতিত শোকাকুল-ন্যায় বিচৰা বিক্ষুব্ধ জনতাৰ আগত ফটকা ফুটুৱা, বৰপেটাৰ আতচবাজীৰ কথা কোৱা মানে শোকাকুলজনৰ অনুভূতিক আঘাত কৰা। প্রিয়জনক হেৰুৱাই ম্রিয়মাণ হোৱা অনুৰাগীয়ে সেইবাবেই ক'লে- বিহু-পূজা পাতিবলৈ ধন দিয়া চৰকাৰে বৰপেটাৰ আতচবাজী কাৰিকৰসকলকো ক্ষতিপূৰণ দিয়ক। চি আই ডিৰ অনুসন্ধান, অভিযুক্তৰ তালিকাত ছিংগাপুৰৰ অসমীয়াসকল অন্তর্ভুক্ত নোহোৱা আদি কথাও জুবিন অনুৰাগীয়ে সতর্কতাৰে লক্ষ্য কৰি আছে। আনহাতে, প্রধান অভিযুক্ত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভ্রাতৃ প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত এতিয়াও অসমৰ মুখ্য তথ্য আয়ুক্তৰ পদত আছে। সেইবাবেই এই তদন্ত নিৰপেক্ষ নহ'ব বুলি জুবিন অনুৰাগী সন্দিহান। তেনে এক পৰিস্থিতিতে বাক্সাৰ নৱনির্মিত কাৰাগাৰলৈ শ্যামকানু প্রমুখ্যে অভিযুক্তসকলক অসম আৰক্ষীয়ে সুৰক্ষিত অৱস্থাত ৰাখিবলৈ নিয়ে। এই কথা জানিব পাৰি বিক্ষুদ্ধ জুবিন অনুৰাগীৰ একাংশ গৈ বাক্‌সাৰ কাৰাগাৰৰ কাষত সমৱেত হৈ প্রতিবাদ কৰে। এয়া কোনো ৰাজনৈতিক প্রতিবাদ নহয়। কোনো দল বা শক্তিয়ে প্ৰৰোচিত কৰা নাই। যি শক্তিৰ দ্বাৰা জনতা প্রভাবিত আৰু অদমনীয় হৈ উঠিছে-সেই শক্তিৰ নামেই জুবিন শক্তি। এই শক্তি অসমৰ প্রান্তে প্রান্তে বিদ্যমান। তেওঁলোকে ভাষা-ধর্ম-জাতি-গোষ্ঠী চেতনা অতিক্ৰম কৰি জুবিন চেতনাৰে উদ্বুদ্ধ হৈছে। লাঠীলৈ তেওঁলোকৰ ভয় নাই, ভয় নকৰে আৰক্ষীৰ গুলীকো। এই বিক্ষুব্ধ গণ জোৱাৰক অৱহেলা নকৰিব। তুচ্ছ-তাচ্ছিল্য নকৰিব। ভয়-ভাবুকি, দমন-নিপীড়নলৈ মানুহে এটা পর্যায়লৈকেহে ভয় কৰে। এটা সময়ত ভয়ৰ বান্ধ, দমন-নিপীড়নৰ কঠোৰতা কামত নহা হয়। যোৱা সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰীয়ে এনে কেতবোৰ মন্তব্য কৰিছে, কথা কৈছে, যি কথা দেশ এখনত এটা বিস্ফোৰক পৰিস্থিতি চলি থাকিলে নিতান্তই অবাঞ্ছিত আৰু অশোভনীয় বুলি বিবেচিত হয়। ন্যায়ৰ এই যুদ্ধত বিক্ষুব্ধ জনতাৰ স্থিতি স্পষ্ট। পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজন প্রথমে নিজে স্বাভাৱিক অৱস্থালৈ আহিব লাগিব। ইয়াৰ কোনো বিকল্প নাই

Share This