ডিজিটেল ডেস্ক : 'ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তামোল-পাণ...' অসমীয়া পুৰাতন সংস্কৃতিত বহাগৰ হুঁচৰিযোৰাই গৃহস্থক এনেকৈয়ে আশীর্বাদ দিয়াৰ নিয়ম। আচলতে অসমীয়া সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ ওতপ্রোত সম্পৰ্কৰ কথা আমি এনে এজোলোকা আশীৰ্বাদৰ পৰাই উমান পাওঁ। এয়াই অসমীয়া চহা জীৱন, য'ত হাতেৰে ঢুকি পোৱাতেই ধান, মাহ, চাউলৰ পৰা ফল-মূল, শাক-পাচলি আনকি পুখুৰীৰ মাছ, চোতালত চৰি থকা হাঁহ-কুকুৰালৈকে প্ৰাচুৰ্যৰ সমাহাৰ। অৱশ্যে থাউকতে এই সম্পদ পাবলৈও হাত দুখনৰ শ্ৰম অপৰিহাৰ্য। অসমীয়া ডেকা-ডেকেৰীৰ কৰ্মঠ হাতৰ পথাৰৰ পৰা তাঁতশাললৈকে, পুখুৰীৰ পৰা পাচলিৰ বাগিচালৈকে সপোন ৰচাৰ যে ক্ষমতা আছে, সেয়া উল্লিখিত হুঁচৰিযোৰাৰ আশীৰ্বাদফাকিৰ পৰাই প্রমাণ হয়। এটা সময় আছিল, অসমৰ সামাজিক ব্যৱস্থাটোৱেই সকলোকে স্ব-নিৰ্ভৰশীল কৰি ৰাখিছিল। খেতি-বাতি, ভঁৰালভর্তি ধান, শাক-পাচলিৰে নদন-বদন আছিল প্রায় প্রতিটো ঘৰ। উল্লেখযোগ্য যে অসমৰ প্ৰায় ৮৬ শতাংশ লোকে গাঁৱত বাস কৰে আৰু তেওঁলোকৰ জীৱিকাৰ প্ৰধান উৎস হ'ল খেতি-বাতি, পশুপালন, মীন পালন ইত্যাদি। চৰকাৰী তথ্য অনুসৰি অসমত কৃষিৰ সৈতে প্রায় ৫৩ শতাংশ শ্রমজীৱী লোক জড়িত হৈ আছে। উদ্যান শস্যৰ ভিতৰত চাহ শিল্পই অসমৰ অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰি আছে। প্রতি বছৰে প্রায় ৬৩০-৭০০ মিলিয়ন কিল'গ্রাম চাহপাত অসমৰ পৰা উৎপাদিত হয়। 'আছাম টী' হিচাপে এই চাহৰ বিদেশতো নাম আছে।
অসম এখন কৃষিপ্রধান ৰাজ্য হিচাপে বিৱেচিত হৈ অহাই নহয়, অসমৰ কৃষিজাত সামগ্রী বিশ্বজুৰি চৰ্চিত হৈ আহিছে। অসমৰ কণীজহা, বৰা ধানৰ পৰা ভোটজলকীয়া, কণজলকীয়ালৈকে বৈচিত্র্যপূর্ণ কৃষিজাত সামগ্ৰীৰ উৎপাদনক লৈ অসমৰ নাম সততে উচ্চাৰিত হয়। আনকি ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰতো অসমত উৎপাদিত কেতবোৰ সামগ্ৰীয়ে বিশেষ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইক্ষেত্ৰত কাৰ্বি আংলঙৰ আদা, বোকা চাউল, জহা চাউল, কাজি নেমু ইত্যাদি অন্যতম, যিকেইটা সামগ্রীয়ে ইতিমধ্যে 'জি আই' টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এয়া অসমৰ বাবে গৌৰৱৰ বিষয়। পাচে কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো অসমত কৃষি বিপ্লৱ গঢ়ি তুলিব পৰা নাই অসমীয়াই। অসমৰ অধিকসংখ্যক খেতিয়কেই বৈজ্ঞানিক পদ্ধতিৰ পৰা আঁতৰি পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি আহিছে, যাৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন আশানুৰূপ হৈ উঠা নাই সাম্প্রতিক সময়ত। ৰাষ্ট্ৰীয় অর্থনীতিৰ তুলনাত অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ উৎপাদনৰ হাৰ যথেষ্ট কম, মাথোঁ এনে কেতবোৰ কাৰণৰ বাবেই। ইয়াৰ বাবে অসমৰ জলবায়ুকেন্দ্ৰিক কিছু সমস্যাও এইক্ষেত্রত দায়ী। উল্লেখযোগ্য যে সাধাৰণতে জেঠুৱা খৰ বুলি কোৱা জেঠ মাহৰ দিনকেইটাত উৎকট গৰম হয়। বেলিৰ তপত দহনত পথাৰত ছিৰাল ফাট মেলে। কৃষকে সিঁচি থোৱা কঠীয়া ৰুবৰ বাবে বৰষুণলৈ অপেক্ষা কৰে। সময়মতে মৌচুমী বায়ুৰ আগমনত পর্যাপ্ত পৰিমাণৰ বৰষুণ হয় আৰু কৃষকেও সময়ানুযায়ী খেতি কৰে। অসমত প্ৰকৃতিৰ এয়াই নিয়ম। ভৰ বাৰিষাৰ বৰষুণ আৰু ওফন্দি উঠা নৈৰ বাঢ়নী পানীয়ে দ অঞ্চলত বানৰ সৃষ্টি কৰে। অসমৰ বান সমস্যা নতুন নহয় আৰু বাৰিষাৰ বানৰ ভয়াৱহতাক লৈ অসমৰ মানুহ সদাপ্রস্তুত। কিন্তু এতিয়া যেন কথাবোৰ সলনি হৈছে। গোলকীয় উষ্ণতাৰ ফলত অসমলৈ মৌচুমীৰ আগমনৰ সময় সলনি হৈছে। ফলত বাৰিষাও অনিয়মীয়া হৈছে। যাৰ বাবে কোনোবাৰ প্রবল খৰাঙত পৰা কৃষকে কোনোবাৰ আবতৰীয়া বানৰ বাবে হেৰুৱাইছে কৃষিভূমি অথবা হ'বলগীয়া ফচল।
কৃষিকৰ্মৰ বাবে অসমৰ ভূমি উৰ্বৰা। প্রাকৃতিক সম্পদেৰেও অসম চহকী। কিন্তু ভৌগোলিক কেতবোৰ পৰিঘটনাৰ লগতে চৰকাৰী বঞ্চনা আৰু অসমৰ কৃষকৰ চৰকাৰৰ ওপৰত অধিক নিৰ্ভৰশীলতাই অসমৰ উৰ্বৰ কৃষিভূমিৰ চৰিত্ৰত যেন শেহতীয়াকৈ আঘাত হানিছে। স্মর্তব্য যে অসমৰ মুঠ কৃষিভূমি ২৬.৯৯ লাখ হেক্টৰ যদিও জলসিঞ্চন আঁচনিৰ ব্যৱস্থা আছে মাথোঁ ২.৬০ লাখ হেক্টৰ কৃষিভূমিতহে। খৰাঙে জুৰুলা কৰা অসমীয়া কৃষকৰ খেতি বছৰৰ প্ৰতিটো বানেও ধুই মোহাৰি নিয়ে। বানে প্রায়েই কৃষিভূমি উছন কৰিলেও চৰকাৰে এনে উদাস্ত কৃষকক সাহায্য দিয়াৰ সলনি পাছে এইখিনি কৃষকক লৈ প্ৰতিবছৰে ৰাজনীতিহে কৰি আহিছে। থলুৱা কৃষকৰ বাবে জলসিঞ্চন আঁচনি যিদৰে ধোঁৱাচাঙত, সেইদৰে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা, কৃষকলৈ ঋণ আঁচনি ইত্যাদিয়ো অর্থহীন হৈ থকা দেখা গৈছে থলুৱা কৃষকৰ ক্ষেত্ৰত। এইখিনিতে উল্লেখযোগ্য যে মধ্যপ্রাচ্যৰ যুদ্ধই সৃষ্টি কৰা অর্থনৈতিক সংকটে অসমতো ব্যাপক প্রভাৱ পেলাইছে। কিন্তু চহৰতকৈ গাঁও এলেকাত এতিয়ালৈ এই সংকট মাৰমুখী হোৱা নাই, কাৰণ গাঁৱত ইন্ধনকেন্দ্রিক নাটনিয়ে এতিয়াও বৰ বিশেষ প্রভাৱ পেলাব পৰা নাই। আনহাতে, ঘৰৰে ধান, চাউল, পাচলিৰ খেতি তথা বিল-পুখুৰীৰ মাছ আৰু ঘৰতে পোহা হাঁহ, পাৰ, কুকুৰাই আটুক নাটুককৈ হ'লেও অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ প্ৰয়োজন পূৰ কৰি আছে। আনহাতে, চৰকাৰে দিয়া বিনামূলীয়া চাউল, দাইল, চেনি, নিমখেৰেও দুখীয়া শ্রেণীটোৱে সহায় লাভ কৰি আছে। কিন্তু এয়া যে দীর্ঘম্যাদী নহয় সেয়া ধুৰুপ। কিয়নো দেশৰ তীব্র অর্থনৈতিক সংকটৰ সময়ত ব্যয় সংকোচনৰ প্ৰভাৱ চৰকাৰ তথা সাধাৰণ জনতা দুয়োটাৰে ওপৰত পৰিছে, যাৰ ফলত চৰকাৰী ৰেছন কাৰ্ডৰ চাউলৰ বাহিৰে আন সামগ্রী বিতৰণত হাত ধৰাৰ কথা ঘোষণা কৰা হৈছে। ইফালে, ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলোতে পৰাৰ দৰে গাঁও অঞ্চলতো অতি সোনকালেই পৰিব, কিয়নো ধানৰ ক্রমহ্রাসমান মূল্য আৰু বজাৰৰ অচলাৱস্থাই থলুৱা কৃষকৰ ওপৰত প্রভাৱ পেলাব। গতিকে বিশ্বৰ এই অর্থনৈতিক সংকটৰ পৰা শিক্ষা লৈ আহিব লগা সময়ত যাতে গ্রাম্য অর্থনীতিক বিপ্লৱৰ ৰূপ দিব পাৰি, তাৰ চিন্তা কৰাৰ সময় সমাগত। সাম্প্রতিক সময়ত মহিলা আত্মসহায়ক গোটসমূহৰ দ্বাৰা এই অর্থনীতিক এক নতুন গতি প্রদান কৰিব পৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে গ্ৰাম্য অর্থনীতি আৰু কৃষকসকলক সবল কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। এই আঁচনিসমূহ কাগজত আবদ্ধ নাৰাখি সঁচা অৰ্থত কৃষকৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ষুদ্ৰ কৃষকসকলেও চৰকাৰী সা-সুবিধাৰে হ'লেও খেতি-বাতি টনকিয়াল কৰিবলৈ সজাগ হোৱাটো জৰুৰী। কিয়নো গাঁৱৰ টনকিয়াল অর্থনীতিয়েহে দেশৰ অৰ্থনীতিত সঁচা অৰ্থত বিপ্লব আনিব পাৰে।