ডিজিটেল ডেস্ক: কোনোদিনে চিগাৰেট হোপা নাই, তাতে মহিলা- কিন্তু হাওঁফাওঁৰ কেঞ্চাৰ ৰোগত আক্রান্ত। এনে ঘটনা এতিয়া ক্রমশঃ বৃদ্ধি পাইছে। এটা সময়ত ধাৰণা কৰা হৈছিল হাওঁফাওঁৰ কেঞ্চাৰ প্ৰধানতঃ ধূমপায়ী, পঞ্চাশোর্ধ্বৰ পুৰুষৰ মাজতেই সীমাবদ্ধ- এই ধাৰণা এতিয়া সলনি কৰাৰ সময় আহিছে।
ঘাতকৰূপী এই ৰোগ ক্রমশঃ বৃদ্ধি পাইছে ধূমপান নকৰাসকলৰ মাজতো, বিশেষকৈ মহিলাসকলৰ মাজত। ইণ্ডিয়ান জার্নেল অব্ মেডিকেল ৰিছাৰ্চৰ তথ্য অনুসৰি এইবছৰ ভাৰতবৰ্ষত হাওঁফাওঁৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাই হ'বগৈ ৮০ হাজাৰৰো অধিক। মন কৰিব লগীয়া যে সমগ্র বিশ্বজুৰি যিবোৰ অসংক্ৰামক ৰোগ মহামাৰিৰ পর্যায় পাইছেগৈ, তাৰ ভিতৰত হাওঁফাওঁৰ কেঞ্চাৰ অন্যতম। ভয়ৰ কথাটো হ'ল অধিকাংশ সময়তে ৰোগটো ধৰা পৰে একেবাৰে শেহৰ পৰ্যায়ত, যেতিয়া কৰিবলৈ আৰু বিশেষ একো নাথাকে।
ধূমপান নকৰা, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত হাওঁফাওঁৰ কেঞ্চাৰ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে উত্থাপন হৈছে বিষাক্ত বায়ুৰ কথা, অর্থাৎ বায়ু প্রদূষণ। কিন্তু এই প্ৰদূষণ কেৱল ঘৰৰ বাহিৰত নহয়, ঘৰৰ ভিতৰতে আছে। 'উজ্জ্বলা যোজনা'ৰ দৰে আঁচনিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে দাৰিদ্র্য সীমাৰেখাৰ তলৰ মহিলাক ৰন্ধন গেছৰ সংযোগ দিছে যদিও কেন্দ্রীয় চৰকাৰৰ শেহতীয়া এক পৰিসংখ্যা মতেই দেশৰ আধাতকৈও কম পৰিয়ালতহে ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত ৰন্ধন গেছৰ ব্যৱহাৰ হৈছে।
উল্লেখযোগ্য যে 'উজ্জ্বলা যোজনা'ৰ মূল উদ্দেশ্যই আছিল যে পাকঘৰত ৰন্ধা-বঢ়াৰ বাবে খৰি-খেৰ, গোবৰ ইত্যাদিৰ পৰা সৃষ্টি হোৱা বিষাক্ত গেছৰ পৰা মহিলাসকলক মুক্তি দিয়া। প্রসংগতে উল্লেখযোগ্য যে দেশৰ অধিকাংশ ৰান্ধনিঘৰৰে পৰিৱেশ অস্বাস্থ্যকৰ, য'ত পোহৰ-বতাহ সোমোৱাৰো বাট নাথাকে। এনেকুৱা শ্বাসৰুদ্ধ পৰিৱেশতে আজিও দেশৰ অধিকাংশ মহিলাৰ দিনটোৰ সৰহ সময় অতিবাহিত হয়। স্বাভাবিকতেই এনে পৰিৱেশে মাতে হাওঁফাওঁৰ কেঞ্চাৰৰ দৰে ঘাতকক।
ঘৰৰ ভিতৰৰ দৰে অৱস্থা ঘৰৰ বাহিৰতো। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশত ২০১৯ চনৰ পৰা আৰম্ভ কৰা নেশ্যনেল ক্লীন এয়াৰ প্ৰগ্ৰেমৰ লক্ষ্য আছিল দেশৰ ২৪খন ৰাজ্যৰ ১৩১ খন চহৰৰ বায়ু প্ৰদূষণ হ্রাস কৰা। কিন্তু আশ্চৰ্যকৰ কথাটো হ'ল দেশৰ ষোল্লখন চহৰৰ ক্ৰমবর্ধিত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্রায় ১০০০ কোটি টকা খৰচ কৰাৰ পাছতো বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৫০খন চহৰৰ ভিতৰতে সোমাই থাকিল সেই ১৬খন চহৰোহ্ল ।
কথাবোৰ কিন্তু বায়ু প্ৰদূষণতে শেষ নহয়, আছে ৰাজনৈতিক কথা-বতৰাও। দিল্লীৰ বায়ু প্ৰদূষণ এতিয়া সর্বত্র চর্চিত বিষয়। এনে প্রেক্ষাপটতে দিল্লী বায়ু প্ৰদূষণৰ বিৰুদ্ধে যোৱা ২৪ নৱেম্বৰত ইণ্ডিয়া গেটৰ কাষত হোৱা এক শান্তিপূর্ণ প্রতিবাদক দিল্লী চৰকাৰে পুলিচ লগাই নিয়ন্ত্রণ কৰিলে। প্রশ্ন উঠিছে- এক শান্তিপূর্ণ, ন্যায্য প্রতিবাদক পুলিচ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ ইমান তৎপৰ হ'ল কিয়? জনগণৰ সুৰক্ষাতকৈও ৰাজনৈতিকভাবে বিব্রত হোৱা অবস্থা এটাৰ পৰা পৰিত্ৰাণ পোৱাটো বেছি গুৰুত্বপূৰ্ণ হ'ল নেকি চৰকাৰৰ বাবে? আচলতে বিভিন্ন উৎসৰ পৰা হোৱা বায়ু প্ৰদূষণৰ সৈতে সহাৱস্থান কৰিবলৈ দিল্লীৰ মধ্যবিত্তই অশেষ ধৈৰ্যৰে চেষ্টা চলাই আহিছে। কিন্তু তেওঁলোকৰো ধৈৰ্যৰ বান্ধ ছিগে। তাৰেই ফল এই প্রতিবাদ। অথচ নাগৰিকৰ সমস্যা আৰু উদ্বেগৰ প্রতি সহমর্মিতা প্রকাশ কৰি সমস্যা সমাধানৰ বাট বিচৰাতকৈ নাগৰিকৰ ন্যায্য প্রতিবাদক দমন কৰাই সহজ আৰু প্ৰয়োজনীয় বুলি বিবেচনা কৰে চৰকাৰে। অপ্রিয় হ'লেও সত্য, কেৱল দিল্লীতে নহয়, সমগ্র দেশতে শাসনযন্ত্ৰৰ চৰিত্ৰ প্রায় এনেকুৱা ধৰণৰেই।
বায়ু প্ৰদূষণৰ কথাটোলৈ দিল্লীৰ প্ৰসংগৰে অধিক চর্চা হ'লেও কম-বেছি পৰিমাণে এই একেই ছবি দেশৰ সৰ্বত্ৰ। দূষিত বতাহ এতিয়া এক স্বাভাৱিক ঘটনাৰ দৰেই। বুজাত অকণো অসুবিধা নহয়, দূষণ নিয়ন্ত্ৰণৰ বাবে যিবোৰ কাৰ্যপন্থা লোৱা হৈছে, সেইবোৰ পৰ্যাপ্ত নহয়। এই সমস্যা কেৱল শীতকালতে হোৱা সমস্যা বুলি বহু তথাকথিত ৰাজনৈতিক পণ্ডিতে বিষয়টো লঘু কৰিব খুজিলেও প্রকৃত কথাটো হ'ল এয়া এক স্থায়ী সমস্যা আৰু এক স্থায়ী সমস্যাৰ বাবে স্থায়ী সমাধান-সূত্রও লাগিবই। পৰিৱেশ সম্পর্কিত বিষয় নিয়ন্ত্রণ, পদক্ষেপ আৰু সিদ্ধান্ত ল'বৰ বাবে প্রধানতঃ দায়িত্ব থাকে কেন্দ্রীয় মন্ত্ৰ্যালয়, ৰাজ্যৰ পৰিৱেশ বিভাগ আৰু পৌৰ নিকায়সমূহৰ ওপৰত। প্রত্যেকৰে এক্তিয়াৰ ভিন্ন। এয়াৰ কোৱালিটী মেনেজমেণ্টৰ বাবে কমিছন প্রস্তুত হৈছিল এই সকলোৰে সমন্বয় সাধনৰ বাবেই।
কাৰ্বন নিঃসৰণ নিয়ন্ত্রণকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত এতিয়া সক্রিয়তা প্রয়োজনীয়। কার্বন নিঃসৰণ একেই ৰাখি কাগজে-কলমে জোৰা-টাপলি মৰা তথ্যৰে 'পৰিষ্কাৰ বায়ু'ৰ ছবি দিয়া কাৰ্য বন্ধ হ'ব লাগিব। চৰম বিপৰীতমুখী ছবিখন হ'ল- এফালে দেশৰ শীর্ষ নেতৃত্বই আন্তর্জাতিক জলবায়ু সন্মিলনসমূহত উন্নত দেশৰ দায়িত্ববোধৰ কথা সকীয়াই দিছে, আনহাতে দেশৰেই অসংখ্য লোক, দৰিদ্ৰ পৰিয়ালৰ মহিলাসকল অকণমান নিৰ্মল বতাহৰ অভাৱত ৰোগাক্রান্ত হৈছে, মৃত্যুৰ সৈতে যুঁজিব লাগিছে। এইবোৰ পৰিস্থিতিৰ অৱসান ঘটিবই লাগিব, চৰকাৰ সজাগ হ'বই লাগিব- বায়ু পৰিষ্কাৰ নহ'লে দেশ সবল নহয়।