ডিজিটেল ডেস্ক : ভোটাৰ তালিকাৰ বিশেষ আৰু ব্যাপক সংশোধনীৰ প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ অ-বিজেপি শাসিত ৰাজ্যসমূহৰ শাসকীয় দলবিলাকে যৎপৰোনাস্তি চেষ্টা চলাইছে যদিও এই প্রক্রিয়াটো যে বন্ধ নহয় আৰু শীঘ্রেই সমগ্র দেশত এই ব্যৱস্থাটো কার্যকৰী হ'ব সেয়া বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানিত স্পষ্ট হৈ পৰিল। এতিয়া দেশত 'এছ আই আৰ' অর্থাৎ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ দ্বিতীয়টো অভিযান চলি আছে, যাক সংক্ষেপতে 'এছ আই আৰ ২.০' বুলিও কোৱা হয়। ইতিমধ্যে বিহাৰত 'এছ আই আৰ ১.০' হৈ গৈছে আৰু তাত বিশালসংখ্যক ভুৱা ভোটাৰক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰি যিখন 'শুদ্ধ' ভোটাৰ তালিকা প্রস্তুত কৰা হ'ল সেইখনৰ ভিত্তিতে বিহাৰ বিধানসভাৰ নিৰ্বাচন কেইদিনমান পূর্বে অনুষ্ঠিত হৈ গ'ল আৰু ২৪৩জনীয়া বিধানসভাত দুই শতাধিক আসনত বিজয় সাব্যস্ত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ তাৰ ক্ষমতাত পুনৰ অধিষ্ঠিত হ'ল। এতিয়া 'এছ আই আৰ ২.০'দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত ৰাজ্যত চলি আছে য'ত অ-বিজেপি-শাসিত কেৰালা, তামিলনাডু, পুড়ছেৰী আৰু পশ্চিম বংগকো সামৰা হৈছে। ক'বলৈ গ'লে এই তিনিখন ৰাজ্যয়েই মূলতঃ দেশত বিজেপি-বিৰোধী শক্তিৰ নিচানখন শাক্তিশালীভাৱে তুলি ধৰি ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰে কেৰালাত এই 'এছ আই আৰ ২.০' অভিযানে কোনো বাধাৰ সন্মুখীন হোৱা নাই আৰু ৰাজ্যখনৰ ৯৯% ভোটাৰক ইতিমধ্যে বি এল অ'সকলে ভোটাৰ প্ৰ-পত্র (Enumeration form) বিতৰণ কৰিছে। গতিকে, তাত শান্তিপূর্ণভাৱেই প্রক্রিয়াটো সম্পন্ন হ'ব বুলি নির্বাচন আয়োগে আশা কৰিছে। কিন্তু তামিলনাডু আৰু পশ্চিম বংগৰ শাসনাধিষ্ঠিত দুটা দল ক্রমে ডি এম কে আৰু টি এম চিয়ে 'এছ আই আৰ ২.০' বন্ধ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। এই দুটা দলৰ হৈ সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত হোৱা শুনানিত প্রতিনিধিত্ব কৰা দেশৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ আগত মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীয়ে আশ্চর্য প্রকাশ কৰি প্ৰশ্ন কৰে যে ভোটৰ তালিকা এখন শুদ্ধ কৰাত এই দল দুটাৰ আপত্তি কিয়?
তেওঁলোকে ভোটাৰ তালিকাৰ এই বিশেষ আৰু ব্যাপক সংশোধনী প্রক্রিয়াটো কেনেকৈ অধিক উন্নত কৰিব পৰা যায় তাৰ পৰামৰ্শ দিয়াহে উচিত আছিল। অধিবক্তা ছিবালে বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে গাঁৱৰ অশিক্ষিত মানুহক প্ৰ-পত্ৰ পূৰণ কৰিবলৈ দিয়া হৈছে, তেওঁলোকে এইবোৰৰ একো আও-ভাও বুজি নাপায়। তেতিয়া বিচাৰপীঠে ওলোটাই ছিবালকহে কয় যে এগৰাকী প্রবীণ ৰাজনীতিক আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্যক্তি হিচাপে ছিবালে নিশ্চয় জানে যে গাঁৱৰ মানুহে ভোটদানৰ প্রক্রিয়াটো উপভোগ কৰে, এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট সচেষ্টা, উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ এই স্থিতিৰ পৰা স্পষ্ট হৈ পৰিল যে অ-বিজেপি শাসিত ৰাজ্যকেইখনে 'এছ আই আৰ ২.০' বন্ধ কৰাৰ ক্ষেত্ৰত আইনী সহায় নাপায়। বিহাৰত 'এছ আই আৰ ১.০' সুকলমে সম্পন্ন হোৱা আৰু তাত বিশালসংখ্যক 'ভুৱা ভোটাৰ'ৰ নাম কর্তন হেৱাৰ পাছতো এজনো লোকে আপত্তি কৰিবলৈ আগবাঢ়ি নহাত নির্বাচন আয়োগৰ লগতে উচ্চতম ন্যায়ালয়ো দ্বিধাহীন আৰু সাহসী হৈ পৰিছে। ফলত দেশৰ ভোটাৰ তালিকাৰ পৰা সকলো ভুৱা ভোটাৰৰ নাম কৰ্তন কৰাত যে এতিয়া আৰু কোনেও বাধা দিব নোৱাৰে সেইটো স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত এতিয়া বিশেষকৈ পশ্চিম বংগ আৰু তামিলনাডুৰ ওপৰত কৌতূহলী লোকৰ দৃষ্টি নিবদ্ধ হৈছে। পশ্চিম বংগত বিশাল সংখ্যক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন হ'ব পাৰে বুলি চর্চা চলিছে এইবাবেই যে তাত ২০০২ চনৰ ভোটৰ তালিকাৰ লগত বৰ্তমানৰ ভোটাৰ প্ৰ-পত্ৰ বিতৰণ প্ৰক্ৰিয়াৰ তুলনা কাৰোঁতে ২৬ লাখ ভোটাৰৰ ক্ষেত্রত থকা বৈশাদৃশ্য নির্বাচন আয়োগৰ চকুত পৰিছে। আনহাতে, ৭ কোটিৰো অধিক ভোটাৰ থকা ৰাজ্যখনত ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া (ইউ আই ডি এ আই)ৰ তথ্য অনুসৰি আধাৰ পঞ্জীভুক্ত ৩০ লাখ লোকৰ যোৱা সময়ছোৱাত মৃত্যু হৈছে। ৰাজ্যখনত প্রয়োজনীয় নথি-পত্ৰ পৰীক্ষা কৰোঁতে আৰু কিমান সন্দেহযুক্ত ভোটাৰ ওলায় ঠিকনা নাই। আনহাতে, তামিলনাডুৰ তি কনেলভেলি নামৰ জিলাখনতে ওলাইছে ১.২১ লাখ এনে ভোটাৰ যাৰ পৰিচয় নিশ্চিত নহয় অথবা আন ঠাইলৈ গুচি গৈছে অথবা মৃত্যু হৈছে। দেশৰ বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অভিযোগ কৰা মতে, মুখ্যমন্ত্রী এম কে স্টালিনৰ সমষ্টিতে ৪,৩৭৯গৰাকী ভুৱা ভোটাৰ আছে। গতিকে, তাতো যে বৃহৎ সংখ্যক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সেইটো নিশ্চিত।
সেয়েহে, প্রশ্ন উঠিছে যে মমতা বেনাৰ্জীৰ টি এম চি বা এম কে ষ্টালিনৰ ডি এম কেই ভোটাৰ তালিকাৰ এই বিশেষ আৰু ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাৰ কাৰণ কি? ইয়াৰ ফলত তেওঁলোকৰ ৰাজনৈতিক আধিপত্যত ব্যাঘাত জন্মিব পাৰে নেকি? প্রশ্ন যিয়েই নুঠক বা পৰিস্থিতি যিয়েই নহওক ভোটাৰ তালিকাৰ এই বিশেষ-ব্যাপক সংশোধনী যিহেতুকে এটা বৈধ আৰু প্রয়োজনীয় পদক্ষেপ আৰু উচ্চতম ন্যায়ালয়ে অতি সূক্ষ্মভাৱে এই প্রক্রিয়াটো নিৰীক্ষণ কৰি আছে, গতিকে দুটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ নেতা হিচাপে মমতা বেনার্জী আৰু এম কে ষ্টালিনে ইয়াৰ প্ৰতি সমর্থন আগবঢ়োৱা হ'লেহে বুদ্ধিমানৰ কাম হ'লহেঁতেন। গণতন্ত্রক শক্তিশালী কৰিবলৈকে ভোটাৰ তালিকা ভুৱা আৰু অবৈধ ভোটাৰমুক্ত হোৱা উচিত আৰু সৎ নাগৰিকে শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিতহে নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে। ৰাজনৈতিক চিন্তাৰ পৰা ঊর্ধ্বলৈ গৈ সকলোৱে এই প্রক্রিয়াত সহযোগ কৰা উচিত।