ডিজিটেল ডেস্ক : অসম বিধানসভাৰ আজিৰে পৰা অনুষ্ঠিত হ'ব লগা শীতকালীন অধিৱেশনখন কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। কেইখনমান স্পৰ্শকাতৰ বিষয়ৰ বিধেয়ক আৰু প্রতিবেদন উত্থাপনৰ সিদ্ধান্তই এই অধিৱেশনৰ গুৰুত্ব বৃদ্ধি কৰিছেই, ৰাজনৈতিক দিশৰ পৰাও ইয়াৰ গুৰুত্ব বাঢ়িছে। এইসময়ত শাসক আৰু বিৰোধী পক্ষই এই অধিৱেশনৰ সময়খিনিক ছমাহৰ পিছত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিব।
বিধানসভাই হওক বা বিধান পৰিষদ, লোক সভাই হওক বা ৰাজ্যসভা-এই সংসদীয় মঞ্চবিলাক যোৱা তিনিটামান দশকত ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ স্থলী হৈ পৰাহে পৰিলক্ষিত হৈছে। কিমান ঘণ্টা বা কিমান দিন সদনৰ কাৰ্যক্ৰমণিকা স্থবিৰ কৰি ৰাখিবলৈ বিৰোধী পক্ষ সক্ষম হ'ল, সেয়াহে যেন সাফল্য! এনেকুৱা প্ৰৱণতাৰ ফলত ৰাজকোষৰ বিশাল ধনৰ ব্যয়েৰে অনুষ্ঠিত কৰা সংসদীয় মঞ্চৰ অধিৱেশনত জনসাধাৰণৰ মৌলিক সমস্যা তথা প্রয়োজনবিলাকৰ আলোচনা নোহোৱাকৈ থাকি যায় আৰু বিতর্কহীনভাৱে বহু গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিধেয়ক কেনেকৈ একপক্ষীয়ভাৱে গৃহীত হৈ যায়, সেয়া জনসাধাৰণে দেখি আছে। সদনৰ এনে অৱস্থাৰ ছবিয়ে সংসদীয় মঞ্চবিলাকৰ ওপৰত জনসাধাৰণৰ বিশ্বাস কমাই আনিছে। গণতান্ত্রিক দেশ এখনৰ বাবে এয়া শুভ লক্ষণ নহয়।
যি কি নহওক, এনে অৱস্থাৰ মাজতে অসম বিধানসভাৰ আজিৰ পৰা অনুষ্ঠিত হ'ব লগা শীতকালীন অধিৱেশনখন শাসক-বিৰোধীৰ ভূমিকা কেনেধৰণৰ হয় তাৰ প্ৰতি স্বাভাৱিকভাৱেই ৰাজ্যবাসীৰ কৌতূহলৰ সৃষ্টি হৈছে। অধিৱেশনখনৰ ৫ দিনৰ কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ মাজতে ২৬খনকৈ বিধেয়ক উত্থাপন কৰাৰ কথা, যাৰ ভিতৰত ৫খনেই নতুন। লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে, লগতে সত্ৰ সংৰক্ষণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে উত্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা বিধেয়ককেইখন ৰাজ্যৰ সাম্প্রতিক প্রেক্ষাপটত যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব সেয়া অনস্বীকার্য। এই বিধেয়ককেইখনক লৈ সদনৰ পৰিৱেশ যে উত্তাল হ'ব সেয়া প্রায় নিশ্চিত। কিন্তু তাতোতকৈও অধিক লক্ষণীয় হ'ব তিনিখন বিশেষ প্রতিবেদন উত্থাপনৰ সময়খিনি। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইতিমধ্যেই ঘোষণা কৰিছে যে ১৯৮৩-ৰ জুয়ে পোৰা নিৰ্বাচনৰ পাছত সেই ৰক্তক্ষয়ী সময়খিনিৰ গুৰুত্বপূর্ণ দলিল হিচাপে চিহ্নিত তিৱাৰী আয়োগ আৰু মেহতা আয়োগৰ প্রতিবেদন চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিব। ১৯৮৩-ৰ নিৰ্বাচনটোৰ সময়ত নেলীত সংঘটিত গণহত্যাত দুই সহস্রাধিক লোকে প্রাণ হেৰুৱাব লগা হৈছিল। কেৱল সেয়াই নহয়, অন্য গোষ্ঠী সংঘর্ষতো হতাহত হৈছিল অসংখ্যজন। এই লোমহর্ষক অধ্যায়টোৰ অন্তৰালৰ ৰহস্য উদ্ঘাটনৰ বাবে চৰকাৰে তিৱাৰী আয়োগ গঠন কৰাৰ বিপৰীতে আন্দোলনকাৰী পক্ষ, বিশেষকৈ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সম্মিলনৰ উদ্যোগত ইউ টি মেহতাৰ নেতৃত্বত এখন বেচৰকাৰী আয়োগ গঠন কৰা হৈছিল। এই দুয়োখন আয়োগৰ প্রতিবেদনেই আজি বিধানসভাৰ মজিয়াত দাখিল কৰিব ৰাজ্য চৰকাৰে। ৪০ বছৰ পুৰণি এই প্রতিবেদন দাখিল কৰিলে পুৰণি ঘা এটুকুৰা খজুওৱাহে হ'ব বুলি বহুতে কৈছে যদিও এই কথাও ঠিক যে ১৯৮৩-ৰ নির্বাচনকেন্দ্ৰিক পৰিৱেশটোৰ বিষয়ে আজিৰ প্ৰজন্ময়ো জনা উচিত। বিধানসভাত দাখিল কৰিবলগীয়া প্রতিবেদন দুখন অধ্যয়ন কৰি সেই সময়ৰ ঘটনাৰাজিৰ অন্তৰালৰ ৰহস্যবোৰৰ বিষয়ে সকলোৱে এক স্পষ্ট ধাৰণা ল'ব পাৰিব আৰু দুয়োখন প্রতিবেদনে দিয়া পৰামৰ্শৱলীয়ে চৰকাৰৰ পৰা কেনেধৰণৰ গুৰুত্ব পালে, সেই বিষয়েও জানিব পাৰিব। আনহাতে, ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্রতিবেদনখন বিধানসভাত দাখিল হ'ব ২৭ নৱেম্বৰৰ দিনা। এই দিনটো ৰাজ্যৰ বাবে এটা গুৰুত্বপূর্ণ দিন। কিয়নো এই মন্ত্রী গোটৰ প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ কৰিছে ছটা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা পোৱা-নোপোৱাৰ ভৱিষ্যৎ। জনজাতিকৰণৰ দাবীক লৈ ৰাজ্যৰ সাম্প্ৰতিক পৰিৱেশ কেনেকুৱা তাক সকলোৱে দেখিছেই। যোৱা এমাহৰো অধিক কাল ধৰি মৰাণ-মটক, টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ লোকে প্রায় প্রত্যেকদিনাই বিশাল বিশাল জোঁৰ সমদল উলিয়াই ৰাজ্যখনৰ বহু স্থান উত্তাল কৰি ৰাখিছে। জনজাতিকৰণৰ দাবীত ছটা জনগোষ্ঠীৰ আন্দোলনৰ বিপৰীতে ২৬টা জনজাতিৰ সমন্বয়ৰক্ষী মঞ্চই জনজাতিকৰণৰ বিৰোধিতা কৰি ইতিমধ্যে শক্তি প্রদর্শন কৰিছে। এনে উত্তাল আৰু সংঘাতপূর্ণ পৰিৱেশৰ মাজত সম্ভলন ৰক্ষা কৰি মন্ত্ৰী গোটে প্রতিবেদনত কি পৰামৰ্শ দিয়ে, সেয়া চাবলগীয়া হ'ব আৰু ইয়াৰ পাছত ৰাজ্যৰ পৰিৱেশে কি ৰূপ ধাৰণ কৰে সেইটোও হ'ব লক্ষণীয়।
গতিকে এইবাৰ বিধানসভাৰ অধিৱেশনখনে কেইটামান বিষয়ত বিস্ফোৰণ ঘটাব বুলিয়েই ধাৰণা কৰিব পাৰি। এইবিলাকৰ মাজতে বিধানসভাত অৱধাৰিত হৈ পৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকেন্দ্রিক আলোচনা। অন্যবিলাক বিষয়ত বিৰোধী দলসমূহৰ ভূমিকা কি হয় সেয়া সময়ত দেখা যাব, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো আৰু ইয়াৰ ৰহস্য উদ্ঘাটনৰ বাবে চলা এছ আই টিৰ তদন্তক লৈ বিষয়টোৱে যে চৰকাৰক শ'লঠেকত পেলাবলৈ সর্বাত্মক চেষ্টা চলাব, সেয়া ধুৰুপ। চৰকাৰে এইক্ষেত্ৰত বিৰোধীৰ আগ্রাসন কেনেকৈ প্রতিহত কৰে, সেইটো চাবলগীয়া হ'ব। মুঠৰ ওপৰত অসম বিধানসভাৰ এই অধিৱেশন হ'ব ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অধিৱেশন।