পার্শ্বক্রিয়া

dainik janambhumi May 16, 2026

ডিজিটেল ডেস্ক : ফিৰিঙতিৰ পৰাই খাণ্ডৱ বন দাহ হৈছিল। সৰু কিছুমান ঘটনাৰ পৰাই ব্যাপক সমস্যাৰ সৃষ্টি হ'ব পাৰে। শেহতীয়াকৈ মধ্যপ্রাচ্যৰ অস্থিৰতাই এনে খাণ্ডবদাহৰ দৰে পৰিস্থিতিৰেই সৃষ্টি কৰিছে। পাৰস্য উপসাগৰীয় যুদ্ধৰ সংকটে সমগ্র বিশ্বত অর্থনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিছে। এক অৰ্থত তেলৰ বজাৰৰ অস্থিৰ অৱস্থাই বিশ্বৰ প্রায়সমূহ দেশত প্রভাৱ পেলোৱাই নহয় ভাৰতৰ অৰ্থনৈতিক ক্ষেত্রখনতো গভীৰ সংকট সৃষ্টি কৰাৰ শংকাই দেখা দিছে। বিগত সপ্তাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উপৰি অনলাইন শিক্ষা, বৰ্ক ফর্ম হোম ইত্যাদি ব্যৱস্থাৰে কভিডকালীন অভ্যাস পুনৰ আৰম্ভ কৰিবলৈ দেশবাসীক আহ্বান জনোৱা কাৰ্যৰে দেশত শক্তি সংকট বা 'এনার্জী লকডাউন'ৰ ইংগিত দিয়া বুলি সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ ব্যাপক শংকাই জনতাক আতংকিত কৰিলেও চৰকাৰে এইক্ষেত্ৰত সুনিশ্চিত উত্তৰ দিয়াৰ পৰা একপ্ৰকাৰ বিৰত আছিল যদিও কালি মাজনিশাৰ পৰা পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশৰ অর্থনৈতিক পৰিস্থিতিৰ অৱনতি ঘটাৰ অশনি সংকেত দিয়ে। ইন্ধনৰ ক্ষেত্ৰত পৰনিৰ্ভৰশীলতাই এতিয়া ভাৰতৰ বাবে কাল হৈ দেখা দিছে। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল'গান যেন এনে সময়ত প্ৰসহন হৈ পৰিছে। অপৰিশোধিত তেলৰ মূল্য বিশ্বৰ বজাৰত যথেষ্ট ঊর্ধ্বমুখী হৈছিল যদিও ভাৰতত পেট্রল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ ভিতৰত আছিল। 

বিশেষকৈ হৰমুজ প্রণালী বন্ধ কৰি ৰখাৰ ফলত হ'ব লগা ইন্ধনৰ সংকটক লৈও কেন্দ্ৰীয় চৰকাৰ মৌন হৈ আছিল একমাত্র পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবেই। নিৰ্বাচনৰ ফলাফল প্রকাশৰ পাছতেই প্রধানমন্ত্রীয়ে প্রকাশ্যে ইন্ধনৰ সংকটৰ ইংগিত দিয়ে যদিও মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কিন্তু চৰকাৰে মৌনতা অৱলম্বন কৰি আহিছে। ইফালে কালি নিশাৰ পৰা পেট্রলৰ দাম প্রতিলিটাৰত প্ৰায় ৩ টকা আৰু ডিজেলৰো প্ৰতিলিটাৰত প্রায় ৩ টকা বৃদ্ধি হোৱাৰ পাছত জনতাৰ মাজত একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছে। কিয়নো পেট্রল-ডিজেলৰ দাম বৃদ্ধি মানে পৰিবহণ ব্যয় বৃদ্ধি আৰু তাৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশংলংঘী মূল্যবৃদ্ধিৰ জুই। এক অৰ্থত জনতাৰ মূৰত ৰামটাঙোন শোধাই এতিয়াৰ পৰাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিৰ জুই জ্বলিবলৈ ধৰিছে। এফালে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ ব্যাপক পতনত শংকিত প্রধানমন্ত্রীয়ে ব্যয় সংকোচনৰ বাবেই সোণ, ৰূপ ক্রয় নকৰা, বিমানৰে ভ্ৰমণ নকৰা, বিদেশ ভ্রমণ নকৰা ইত্যাদি বিলাসবহুল কাৰ্যৰ পৰা জনতাক কিছুদিন বিৰত থাকিবলৈ কৈছে। কিন্তু ইয়াৰ বিপৰীতে সাধাৰণ জনতাই এই বিলাসবহুলতা বাদেই, পেটে-ভাতে খাই জীয়াই থকাই টান হৈ পৰিছে। সমগ্র দেশতেই অর্থনৈতিক সংকটে বজাৰত জুই জ্বলোৱাৰ সমান্তৰালকৈ অসমতো এই দাম বৃদ্ধিয়ে অতি ক্ষিপ্ৰতৰ প্ৰভাৱ পেলাইছে। ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী চাউলৰ পৰা গাখীৰ, কণীলৈ আনকি জীবনদায়িনী ঔষধলৈকে সকলো সামগ্রীতে অভাৱনীয়ভাৱে দাম বৃদ্ধি হৈছে।

শেহতীয়াকৈ বিভিন্ন ব্ৰেণ্ডৰ চাউল প্রতি কুইণ্টলত ১০০ টকাৰ পৰা ১৫০ টকা পর্যন্ত বৃদ্ধি হৈছে। আনকি বিভিন্ন ব্ৰেণ্ডৰ আটা, ময়দাৰ দাম প্রতি কিল'ত পাঁচ টকালৈ বৃদ্ধি হোৱাৰ লগতে কণীৰ দাম অস্বাভাবিকভাবে এটাত তিনি টকাকৈ বাঢ়িছে। আনকি গাখীৰৰ দামো প্রতিলিটাৰত আকৌ দুটকা বৃদ্ধি হোৱাত এতিয়া দুগ্ধজাত প্রতিটো সামগ্ৰীৰ দাম বাঢ়িছে। পাচলিৰ দাম বৃদ্ধিৰ কথাটো ক'বই নালাগে। আনহাতে পেট্রল-ডিজেলৰ সমান্তৰালকৈ ৰন্ধন গেছৰো নাটনিয়ে দেখা দিয়াত ৰন্ধন গেছৰো অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি হোৱাৰ দিশে আগবাঢ়িছে। বিশেষকৈ, বাণিজ্যিক চিলিণ্ডাৰৰ দাম শেহতীয়াকৈ প্ৰায় এহাজাৰ টকা বৃদ্ধি কৰাত একোটা বাণিজ্যিক চিলিণ্ডাৰ তিনিহাজাৰ টকাকৈ ক্ৰয় কৰি ব্যৱসায় কৰিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে সৰু সৰু ব্যৱসায়ীৰ পৰা ডাঙৰ হোটেল-ৰেস্তোৰাঁলৈকে। জুই লগা বজাৰত এতিয়া যিকোনো সামগ্রী ক্রয় কৰোঁতে পূৰ্বতকৈ ৪ গুণ দাম বেছি ভৰিব লগা হৈছে। পেটে-ভাতে খাই থকা বহুত সৰু সৰু ব্যৱসায়ীয়ে দোকানত তলা ওলমাবলৈ বাধ্য হৈছে। মধ্যপ্রাচ্যৰ যুদ্ধৰ বিভীষিকা অসমৰ জনতাই স্বচক্ষে নেদেখিলেও এতিয়া ভোকৰ জুইত দহিবলৈ সাজু হৈছে অসমীয়া। আনহাতে সাৰৰ বাবে দৰকাৰী প্ৰাকৃতিক গেছৰ নাটনিৰ ফলত সমগ্ৰ দেশৰ লগত অসমৰ কৃষি ক্ষেত্রতো ব্যাপক প্রভাৱ পৰিছে, যিটো দীর্ঘম্যাদী হোৱাৰ সম্ভাৱনাই বেছি। কাৰণ জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰে আহ্বান জনালেও এই ব্যৱস্থা ঘপকৈ কৰাটো কাৰো পক্ষে সম্ভৱ নহয়। এনে পৰিস্থিতিত দেশৰ কৃষি খণ্ড স্থবিৰ হৈ পৰিলে উৎপাদনশীলতাও স্থবিৰ হৈ পৰিব আৰু এই সমস্যা সমাধান কৰিবলৈ দীঘলীয়া সময় লাগিব। অর্থনৈতিক পৰিকাঠামো বিধ্বস্ত হৈ পৰিবলৈ যুদ্ধত প্রত্যক্ষভাৱে লিপ্ত হোৱাৰ প্ৰয়োজন নাই, ইয়াৰ বাবে একোখন যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই যথেষ্ট। এনে প্রেক্ষাপটত আর্থিক দুৰৱস্থাত ভোগা জনতাৰ বাবে চৰকাৰ-প্ৰশাসনৰ ওপৰত আস্থা ৰখাৰ বাহিৰে উপায় নাই। কিন্তু চৰকাৰেও যদি কেৱল খাটিখোৱা জনতাৰ ওপৰত মাধমাৰ শোধাই ঘোষণা আৰু আহ্বানতেই শাসনকার্য সীমাবদ্ধ কৰি ৰাখে, তেন্তে জনতাৰ মাজত ক্ষোভৰ উদগিৰণ হ'বলৈ বেছি পৰ নালাগিব। এনেবোৰ কাৰকেই গৃহযুদ্ধৰ শংকাও কঢ়িয়াই আনে। বিগত সময়ত শ্রীলংকাৰ পৰিস্থিতি এনে এক উদাহৰণ। মধ্যপ্রাচ্যৰ যুদ্ধৰ বিভীষিকাই এছিয়াৰ আন কিছুমান দেশত ভাৰততকৈও ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ভাৰতত এনে নহওক এতিয়া তাৰেই আশা। ইয়াৰ বাবে জনসাধাৰণৰ সহযোগিতাও লাগিব। কিন্তু জনতাৰ মূৰৰ ওপৰত কঁঠাল ভাঙি আঁচনিকেন্দ্ৰিক ৰাজনীতিৰে চৰকাৰ গঠন কৰা শাসক দলসমূহেও জনতাক গিনিপিগ নসজাই পৰিস্থিতি পাৰ্যমানে অনুকূল কৰি ৰখাৰ চেষ্টা কৰা উচিত। জনতাই জনার্দন। জৰুৰী সময়ত চৰকাৰেও জনতাৰ মৌলিক প্রয়োজনীয়তাখিনিৰ সন্মান ৰক্ষা কৰিব লাগে।

Share This