সভ্যতাৰ লক্ষণ আৰু সু-শাসন

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষক প্রাচীন সভ্যতাৰ দেশ আখ্যা দিয়া হয়। বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন সভ্যতাৰ প্ৰাচীন অৱশেষ আৱিষ্কাৰ হৈছে। সেইবোৰৰ ব্যাপক অধ্যয়ন আৰু চৰ্চা হৈ আছে। আদিম আৰু বন্য অৱস্থাৰ পৰা নানা ধৰণে বিৱৰ্তিত হৈ তুলনামূলকভাবে মানুহে পৰস্পৰক বুজি পায় সংঘবদ্ধভাৱে বা সংগঠিত ৰূপত জীৱন যাপন কৰিবলৈ শিকা আৰু জীৱন যাপনৰ বাবে প্রয়োজনীয় উপাদানসমূহ নিজে উৎপাদন বা সংগ্রহ কৰি এটা তুলনামূলকভারে উন্নত জীৱন-যাত্রা পদ্ধতি অনুসৰণ কৰাই সভ্যতাৰ আৰম্ভণি। সভ্য হোৱা মানে মানুহৰ চিন্তা আৰু আচৰণলৈ পৰিৱৰ্তন অনা। সমাজবদ্ধ মানুহে একেলগে বাস কৰাৰ এটা প্রাথমিক চৰ্ত হ'ল সমাজৰ সদস্যসকলে এনে কোনো ধৰণৰ আচৰণ নকৰাটো যাৰ ফলত সমাজৰ আন গৰিষ্ঠ সংখ্যক লোকৰ স্বাৰ্থ ক্ষতিগ্রস্ত হয় বা আনসকলে নিজকে সুৰক্ষিত অনুভৱ নকৰে। তেনে এটা অভাব পূৰণৰ বাবে কিছু সংখ্যক অনুশাসন নীতি-নিয়ম আৰোপেৰে এটা এটা সংস্কৃতিৰ সৃষ্টি হ'ল, যাৰ আনুষ্ঠানিক ৰূপক আমি ধর্ম বুলি কওঁ। নীতি-নিয়ম প্রণালীবোৰত ভাল আৰু বেয়া, শুভ আৰু অশুভৰ ধাৰণা জড়িত হৈ পৰিল। এই বিধি-বিধানবোৰ প্ৰয়োগৰ বাবে এটা মানুহতকৈ উচ্চতৰ কর্তৃত্বৰ ধাৰণাৰ সূচনা হ'ল। তাকে আমি ঈশ্বৰ, দেৱ-দেৱতা আখ্যা দিওঁ। এই দেৱ-দেৱতা বা দেৱী বা সর্বশক্তিশালী পৰমেশ্বৰ আমাৰ নৈতিক আৰু আধ্যাত্মিক কর্তৃপক্ষ হৈ পৰিল। বৰ্বৰতা তথা অৰাজকতাৰ পৰা সভ্যতালৈ মানৱ সমাজক উত্তৰণ ঘটোৱাত ধৰ্মৰো এটা ভূমিকা আছে। বিশাল বিশ্বৰ ভৌগোলিক প্রাকৃতিক কাৰণতে বিভিন্ন উপত্যকাত বিভিন্ন ধৰ্মৰ উদ্ভৱ হয়। ধৰ্ম হৈ পৰে মানুহৰ জীৱন-যাত্ৰাৰ এটা ৰূপ। সমাজ বিকাশৰ বিভিন্ন যুগত একো একোটা ধৰ্ম অনুসৰণকাৰী লোকৰ আন অঞ্চললৈও প্ৰব্ৰজন হ'ল। ইউৰোপ-এছিয়া, আফ্রিকা, আমেৰিকা আদি মহাদেশৰ মাজত আন্তঃসম্পর্ক ঘটিল। পৰিৱৰ্তনৰ পাকচক্ৰত বিশ্বৰ প্ৰায় প্ৰতিটো অঞ্চললৈ আন অঞ্চলৰ সভ্যতা-সংস্কৃতি আৰু ধৰ্মৰ প্ৰভাৱ সঞ্চালিত হ'ল। কুৰি শতিকা-একবিংশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তিৰ বিশ্বজগত হৈ পৰিল সংমিশ্রিত আৰু বহুমাত্রিক।

সভ্যতাৰ লগত ধৰ্ম যিদৰে সম্পর্কিত ঠিক তেনেদৰে শিক্ষাও সম্পর্কিত। আচলতে শিক্ষাইহে সভাত্য-সংস্কৃতি, ৰাজনীতি, ধর্ম আদিক গতি দিয়ে। শিক্ষাই মানুহক আবদ্ধ জলাশয়ৰ ক্ষুদ্রতা গতিহীনতাৰ পৰা সাগৰলৈ ব্যাপ্তি আৰু গভীৰতালৈ আগবঢ়াই নিয়ে। মানৱ সমাজ সদায়েই সবল-দুর্বল, শাসক-শাসিত, শোষক-শোষিতৰ শ্ৰেণী বা বর্গত বিভাজিত। এই বিভাজন মূলতঃ অর্থনৈতিক আৰু ৰাজনৈতিক। ইয়াৰ বাহিৰেও আন এটা পৰিচয় সকলো দেশৰ মানুহৰে থাকে। সেয়া ধৰ্মৰ পৰিচয়। ধৰ্মৰ পাৰ্থক্য আৰু প্ৰভাৱ বৃদ্ধিৰ অঘোষিত প্রতিযোগিতাও তাকে। একোখন ৰাষ্ট্ৰ বহু ধর্মীয় গোষ্ঠীৰ আৱাসভূমিও হ'ব পাৰে। ইতিহাসৰ বিভিন্ন যুগত নানা কাৰণত এখন দেশক তুলনামূলকভাৱে সবল দেশে আক্রমণ কৰা, শাসন কৰাও এটা ঐতিহাসিক পৰিঘটনা। এয়া কাৰোবাৰ বাবে ভাল লগা বা বেয়া লগা কথা হ'লেও ই ঐতিহাসিক বাস্তবতা। ভাৰতবৰ্ষৰ পাৰস্পৰিক সংঘাতত লিপ্ত সৰু-বৰ ৰাজ্যসমূহ মধ্য প্রাচ্যৰ দিগ্বিজয়ী তুর্কী-পাঠান-মোগল আদি সামৰিকভাৱে শক্তিশালী ৰাজন্যবৰ্গৰ অধীনলৈ অহাটো সাধাৰণ ঘটনা আছিল। কাৰণ ভাৰতৰ ভিতৰতে আৰু নিজৰ ভিতৰতে সংঘাতত লিপ্ত ভাৰতৰ ৰজা-মহাৰজাসকলৰ বহিঃবিশ্বৰ ৰাজনৈতিক-সামৰিক ঘটনাৱলী নাইবা আন কথাত ক'বলৈ গ'লে তৎকালীন বিশ্ব পৰিস্থিতি সম্পর্কে বিশেষ জ্ঞান নাছিল বাবেই উদীয়মান ইছলামিক শক্তিক ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰিব পৰা নাছিল। মধ্যযুগত ভাৰতবৰ্ষৰ ক্ষুদ্র ক্ষুদ্র স্বতন্ত্ৰ ভাৰতীয় ৰাজ্যসমূহক আক্ৰমণ কৰি দখল কৰাটো দিগ্বিজয়ী ইছলামিক শক্তিসমূহৰ দোষ নাছিল। বৰঞ্চ সংগঠিতভাৱে তাৰ মুখামুখি হোৱাৰ অক্ষমতাৰ বাবে ভাৰতীয় ৰাজন্যবৰ্গহে দায়ী। এতিয়া বুৰঞ্জী নতুনকৈ লিখি হৈ যোৱা ক্ষতি পূৰাব নোৱাৰি। অলপতে প্রতিৰক্ষা উপদেষ্টা অজিত ডোভালে কৈছে- মন্দিৰ ভঙাৰ প্ৰতিশোধৰ কথা। তেনে পৰ্যায়ৰ এজন নেতা বা উচ্চ পদবীধাৰীৰ মুখত এনে মন্তব্য অশোভনীয়। ভাৰতীয় মন্দিৰসমূহত ভক্তই দান কৰা ধন-সোণৰ ভাণ্ডাৰ আছিল। একাংশ পুৰোহিতেও উপার্জিত ধন-সোণ চোৰৰ পৰা ৰক্ষা কৰিবলৈ মন্দিৰৰ ভিতৰ-বাহিৰৰ চুকে-কোণে লুকুৱাই ৰাখিছিল। চুলতান মামুদে যি বিশাল পৰিমাণৰ ধন-সোণ সোমনাথ মন্দিৰৰ পৰা কঢ়িয়াই নিছিল সেয়া কোনো ৰজাৰ ধন-সোণ-ৰত্ন ভাণ্ডাৰত থকা সম্পদ যেনহে লাগিছিল। সম্পদ লুণ্ঠন বিজয়ী শক্তিৰ এটা বৈশিষ্ট্যই। চিৰাজোদ্দৌলাক পলাচীৰ যুদ্ধত পৰাস্ত কৰাৰ পাছত নবাবৰ বিশাল সম্পদ দহ-পোন্ধৰখন ডাঙৰ জাহাজত ৰবাৰ্ট ক্লাইবে লণ্ডনলৈ কঢ়িয়াইছিল। প্রায় এবছৰতকৈ অধিক কাল লুণ্ঠিত সম্পদ কঢ়িয়াইছিল। তাৰো আগতে ময়ূৰ সিংহাসন লণ্ডনলৈ নিছিল। এইবোৰ ঐতিহাসিক কথাৰ পৰা আমি আহৰণ কৰিব লগা শিক্ষা হ'ল সকলো যুগৰ, সকলো দেশৰ আক্ৰমণকাৰীৰ বা দিগ্বিজয়ী শক্তিৰ এটা শ্ৰেণী চৰিত্ৰ থাকে সেই শক্তিবোৰৰ ধৰ্ম যিয়েই নহওক কিয়! তাৰ বাবে ব্যক্তিগতভাৱে কোনো ধৰ্মৰ অনুসৰণকাৰীক দায়ী কৰিব নোৱাৰি। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ প্ৰথম আৰু একমাত্ৰ পৰিচয় নাগৰিক ৰূপেহে। জাতি-ধর্ম-বর্ণ নির্বিশেষে সু-শাসন লাভ কৰাটো নাগৰিকৰ অধিকাৰ।

ৰাষ্ট্ৰসংঘৰ অধীনৰ এটা সংস্থা United Nations Racial Discrimination committee (CERD)য়ে ভাৰত চৰকাৰৰ বাবে উত্তৰ বিচাৰিছে- কিয় ভাৰতৰ অসম ৰাজ্যৰ চৰকাৰে অসমত থকা বংগ মূলীয় মুছলমানসকলক দীর্ঘদিন ধৰি নানা প্ৰকাৰে নিপীড়ন চলাইছে আৰু শেহতীয়াকৈ ভোটাৰ তালিকাৰ নাম কটাৰ পৰা এন আৰ চিৰ নামত হোৱা লঘু-লাঞ্ছনাৰ প্ৰসংগও আহিছে। বেদখল উচ্ছেদৰ নামত চলোৱা একপক্ষীয় প্রশাসনিক ব্যৱস্থাও সমালোচিত হৈছে। এই কথাই ভাৰতৰ অভ্যন্তৰীণ গণতন্ত্ৰ সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সুনাম নষ্ট কৰাৰ কাৰণ হৈ উঠিব পাৰে। তেনে পটভূমিত ৰাজ্যৰ শাসনৰ গুৰিধৰাসকলেই বিশেষ কিছুমান বিষয়ত কৰা প্ৰৰোচনামূলক আৰু লঘু মন্তব্যই সংবিধানিক নীতিনিষ্ঠাকে লংঘন কৰা নাই, সভ্যতা আৰু শিষ্টাচাৰকো উপলুঙা কৰাৰ দৰে হৈছে। এনে মন্তব্য পৰিহাৰ্য।

Share This