ডিজিটেল ডেস্ক : পশ্চিম বংগৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন অধ্যায় ৰচনাৰ সন্ধিক্ষণত কেতবোৰ হিংসাত্মক কর্মকাণ্ডই ৰাজ্যখনৰ পৰিচয়ত আৰু এটা ক'লা দাগ লগালে। পশ্চিম বংগৰ নাম উচ্চাৰিত হ'লে বহু মনীষী, ত্যাগী ব্যক্তি, অতুলনীয় প্রতিভাসম্পন্ন ব্যক্তিৰ নামৰ এখন দীঘলীয়া তালিকা মনলৈ আহে। স্বামী বিবেকানন্দ, স্বামী অৰবিন্দ, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায়, বংকিম চন্দ্র চট্টোপাধ্যায়, নেতাজী সুভাষ চন্দ্র বসু, বাঘা যতীন, সূর্য সেন, ক্ষুদিৰামৰ পৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, নোবেল বিজয়ী বিজ্ঞানী জগদীশ চন্দ্র বসু, সত্যেন্দ্র নাথ বসু, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়, অর্থনীতিবিদ অমর্ত্য সেনৰ দৰে এই ব্যক্তিসকল কেৱল বংগৰে নহয়, সমগ্র দেশৰ গৌৰৱময় অতীতৰ একো একোখন চিৰজ্যোতিষ্মান প্রতিচ্ছবি। তেনে এখন ৰাজ্যৰ গৰিমাত মাজে মাজে চিৰকাললৈ ৰৈ যোৱা কালিমা লগায় কিছুমান নিকৃষ্ট কর্ম-কাণ্ডই। ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে এনে কিছুমান হিংসাত্মক ঘটনা সংঘটিত হৈছে, যিবিলাকে কেরল বংগ বা দেশতে নহয়, সমগ্র বিশ্বলৈ বিয়পাই দিব অশুভবার্তা। বংগত হিংসা নতুন কথা নহয়।
ঊনৈশ শতিকাৰ শেষত আৰু কুৰি শতিকাৰ মধ্যভাগলৈকে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ সময়ছোৱাত বংগত হিংসাৰ বহু লোমহর্ষক কাণ্ড সংঘটিত হৈছিল। স্বদেশী আন্দোলনৰ সময়ত একাংশ বাঙালী যুৱকে হাতত অস্ত্র তুলি লৈ ব্রিটিছক খেদোৱাৰ যি সংগ্ৰামত প্রবৃত্ত হৈ দেশৰ বাবে নিজৰ জীৱন আহুতি দিছিল, সেই ইতিহাস সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে ইতিহাসৰ পাতত। আনহাতে, হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক সংঘর্ষ এই সময়ছোৱাৰ ক'লা অধ্যায়। ১৯৬০ৰ দশকত নক্সালবাড়ী সংগ্ৰামৰ ইতিহাসো বংগবাসীৰ একাংশৰ হিংসাত্মক ইতিহাসৰ অন্য এক অধ্যায়, যাক লৈ কোনোৱে গৌৰৱ কৰে আৰু কোনোৱে ধিক্কাৰ দিয়ে। কুৰি শতিকাৰ শেষত তিনিটা দশকত বাওঁপন্থীৰ চৰকাৰ চলি থকাৰ সময়তো হিংসাৰ বহু ঘটনাত আক্রান্ত হৈছিল ৰাজ্যখন, বিপর্যস্ত হৈছিল জনজীৱন। পাছত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ শাসন আহিল, তেতিয়াও ৰাজনৈতিক হিংসাৰ অনেক সৰু-বৰ ঘটনাই গৌৰৱোজ্জল অতীত থকা ৰাজ্যখনৰ ভাবমূর্তি ম্লান পৰিছিল। তেনে এখন ৰাজ্য পশ্চিম বংগত ৰাজনৈতিক হিংসা নঘটাটোহে যেন আচৰিত কথা! সেয়েহে, এইবাৰৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ছোৱাত আৰু ফল ঘোষণাৰ পাছত প্রত্যাশিতভাবেই বিক্ষিপ্ত হিংসাৰ কবলত পৰে ৰাজ্যখন। আজিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত হিংসাত্মক কার্যকলাপ, ধনবল, বাহুবলৰ প্ৰদৰ্শন, দুৰ্বল প্রতিপক্ষক দমনৰ চেষ্টা নতুন কথা নহয় যদিও, এই হিংসা-উদ্ভণ্ডালিৰ নামত এনে কিছুমান কার্য সংঘটিত হৈছে, যি সভ্য সমাজক স্তম্ভিত কৰি তুলিছে। নির্বাচনোত্তৰ হিংসাত বিজেপিৰ অন্যতম মূল কর্ণধাৰ শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কজনকে ধৰি বিজেপি আৰু টি এম চিৰ কেইবাজনো নেতায়ো প্রাণ হেৰুৱাব লগা হৈছে। এয়া নিন্দনীয়, কিন্তু সমান্তৰালকৈ এচাম লোকে 'জয় শ্রীৰাম' ধ্বনি দি বুলডজাৰ লৈ যি ধ্বংসলীলা যোৱা দিনকেইটাত চলাইছে সেয়া গণতান্ত্রিক, ধৰ্মনিৰপেক্ষ দেশ এখনৰ বাবে লজ্জাজনক। এনে লোকৰ দলে বন্য উল্লাস চৰিতাৰ্থ কৰাৰ নামত বিশ্বই শ্রদ্ধা কৰা সাম্যবাদী মতাদৰ্শৰ পুৰোধা লেনিনৰ প্রতিমূর্তি এটা ধ্বংস কৰি পেলালে। নিৰ্বাচনত হৰা-জিকাৰ কথাটো বেলেগ, ইয়াক লৈ উল্লাস প্রদর্শন কৰোঁতে কিছুমান লোকৰ প্ৰৰোচনাত অবাঞ্ছিত ঘটনাও ঘটিব পাৰে, সেয়া ডাঙৰ কথা নহয়। কিন্তু মতাদর্শ এটাক হত্যা কৰিবলৈ চেষ্টা কৰাটো ধিক্কাৰযোগ্য কাণ্ড। ৫ ৰাজ্যৰ নিৰ্বাচনৰ ৪ মে'ত ফল ঘোষণাৰ পাছত দিয়া দুটা ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছিল- 'পশ্চিম বংগত বিজেপিৰ বিজয় এক 'টার্নি পইন্ট'।
এই অধ্যায়টোৱে ভীতি-হিংসাৰে পুষ্ট ৰাজনৈতিক সংস্কৃতি এটাৰ অৱসানৰ পথ প্রশস্ত কৰিলে। এতিয়াৰ পৰা ৰাজ্যখন হ'ব 'ভয়মুক্ত'।' ৯ মে'ত ৰাজ্যখনত বিজেপিৰ নতুন চৰকাৰৰ যাত্ৰাৰ সূচনা হ'ব। নিৰ্বাচনৰ ফল ঘোষণাৰ পাছত সংঘটিত উল্লিখিত ধৰণৰ হিংসাত্মক ঘটনাবিলাকে মানুহক স্বাভাৱিকভাৱেই সন্দিহান কৰি তুলিছে যে বাওঁপন্থী, টি এম চিৰ দৰে ভীতি-হিংসাপূর্ণ শাসন ব্যৱস্থা এটাৰে নতুন শাসকসকলেও পুনৰাবৃত্তি ঘটাব নেকি? পশ্চিম বংগবাসীৰ লগতে দেশৰ সকলোৱে আশা কৰিব প্ৰধানমন্ত্ৰীৰ ব্যক্যকেইটাই নতুন শাসনৰ আধাৰ হওক। হিংসা, দুর্নীতি, স্বজন প্রীতি, দম্ভালিৰ ৰাজনীতিৰ ফল ৰাজ্যখনে বহুত ভুগিলে, এতিয়াৰ পৰা সেইবোৰৰ অৱসান ঘটক। নতুন চৰকাৰে সংস্কাৰৰ পথ কিছুমান নিশ্চয় ল'ব পাৰে, কিন্তু সেয়া যাতে নীতি আধাৰিত আৰু বিদ্বেষমুক্ত হয় তাকে নিশ্চিত কৰাটোকে সকলোৱে বিচাৰিব। আজি কোনোবাই লেনিনৰ প্রতিমূর্তি ভাঙিছে, কাইলৈ অন্য কোনোবাই অন্য আদর্শক হত্যাৰ প্রচেষ্টা চলাব। এইবোৰ বন্ধ হোৱা উচিত।