ছ'চিয়েল মিডিয়াৰ নিচা

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক : সাম্প্রতিক সময়ত ছ'চিয়েল মিডিয়াৰ নিচাত ডুবিছে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোক। কি শিশু কি বৃদ্ধ, সকলো ব্যস্ত ছ'চিয়েল মিডিয়াত। যাৰ ফলস্বৰূপে মানুহে আজিকালি বিশ্বৰ প্রতিটো কোণৰ ভাল-বেয়া সকলো খবৰ মুহূৰ্ততে লাভ কৰে। সময়ৰ লগে লগে হোৱা পৰিৱৰ্তনৰ ফলত ৰেডিঅ', বাতৰিকাকত আৰু শেহতীয়াভাৱে টেলিভিছনৰো ঠাই পূৰ কৰিলে ছ'চিয়েল মিডিয়াই। সেয়ে আজিকালি প্ৰতিখন ঘৰত প্ৰতিগৰাকী সদস্যৰ হাতত থকা ম'বাইল ফ'নটোৱেই হৈ পৰিছে দেশ-দুনীয়াৰ খবৰৰ বাহক। স্মার্ট ডিভাইচৰ সৰু পর্দাখনে পৃথিৱী আৰু সংকুচিত কৰিছে, কাষ চপাই আনিছে। প্রযুক্তিৰ অপ্ৰতিৰোধ্য বিকাশৰ এই যুগত পুৱা শুই উঠাৰ পৰা দুপৰ নিশালৈকে কেৱল এটা ক্লিকতেই মনৰ চাহিদা পূৰাইছে ম'বাইল ফ'নটোৱে। বা-বাতৰিৰ পৰা শোৱনি কোঠাৰ কাজিয়ালৈকে, বীৰ পৰা পর্ন ভিডিঅ লৈকে মুঠতে যেন এক মনোৰঞ্জনৰ থলীলৈ পর্যবসিত হৈছে এই ছ'চিয়েল মিডিয়াৰ জগতখন। যাৰ যি মন তাকেই কৰি গৈছে বাধাহীনভাবে। দিনটোৰ অধিকাংশ সময় ব্যস্ত হৈ থকা এই জগতখনে এতিয়া ধন উপাৰ্জনৰ পথো হৈ পৰাত সমাজৰ অধিকাংশই নামি পৰিছে ইয়াৰ সুবিধা গ্রহণত। বহু ভাল কাম এই ছ'চিয়েল মিডিয়াৰ যোগেদি হোৱাৰ সময়তে সাম্প্রতিক সময়ত বেয়া কামৰ থলীও হৈ পৰিছে এই প্লেটফর্ম। নেতিবাচক চিন্তা-চর্চা, কথা-বতৰাৰ থলী হৈ পৰিছে ছ'চিয়েল মিডিয়া। তথ্য অনুসৰি গড়ে এজন ভাৰতীয়ই ৩.২ ঘণ্টা সময় ছ'চিয়েল মিডিয়াত কটায়। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ১০২ কোটি। অৱশ্যে ইয়াৰ এটা দশক আগলৈকে অর্থাৎ ২০১৪ চনত এই সংখ্যা আছিল ২৫ কোটি। এক অর্থত ক'বলৈ গ'লে এতিয়া 'ডিজিটেল এডিশ্যন' ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ধর্মীয় ঘৃণা, সাম্প্রদায়িক বিষবাষ্পৰ অধিক পয়োভৰ ঘটা সামাজিক মাধ্যমৰ জৰিয়তে এচামে ব্যক্তিগত স্বার্থসিদ্ধিৰ বাবে গৈ উচটনিমূলক বক্তব্য বিয়পাই সমাজ ধংস কৰাৰ চক্রান্তও কৰিছে। বহু সময়ত ৰজাঘৰীয়াৰ বিৰুদ্ধে সৰৱ হৈ প্রতিবাদ, আন্দোলন কৰাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ম'বাইল ফ'ন, ছ'চিয়েল মিডিয়া, মেছেজিং এপ আৰু সম্প্রতি কৃত্রিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰে প্ৰতিবাদী জনতাক একত্ৰিত কৰা কামটোক সহজ কৰি তুলিছে।

ছ'চিয়েল মিডিয়া এতিয়া নতুন প্ৰজন্মৰ মাধ্যম বুলি অভিহিত কৰা হয়। অর্থাৎ শিশু, তৰুণ, যুৱ প্ৰজন্মৰ মাজত ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ উন্মাদনা অধিকতৰ ৰূপত দেখা যায়। সেয়ে বিশ্বৰ ভিন্ন প্রান্তত তৰুণ প্ৰজন্মৰ ওপৰত ছ'চিয়েল মিডিয়াই পেলোৱা নেতিবাচক প্রভাৱক লৈ যথেষ্ট গৱেষণা হৈছে। বিশ্বখ্যাত পিউ বিছাৰ্চ চেণ্টাৰ (Pew Research Centre)-এ ইউৰোপৰ শিশুসকলৰ ওপৰত ছ'চিয়েল মিডিয়াৰ প্রভাৱক লৈ এক গবেষণা সম্পন্ন কৰিছিল। টীন্‌ছ, স্ক্রীন্‌ছ এণ্ড মেন্টেল হেল্থ (Teens, screens and mental health) শীর্ষক উক্ত গৱেষণাত দেখা পোৱা গৈছিল যে প্রতি দহগৰাকীৰ মাজত এটি কিশোৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ফলত সমস্যাত ভুগিছে। কিশোৰীসকলৰ ক্ষেত্ৰত এই সমস্যা কেইবা গুণে অধিক। এয়াই নহয় ছ'চিয়েল মিডিয়াই সৃজনীশীলতা আৰু কৰ্মদক্ষতাতো বিৰূপ প্রভাৱ পেলাইছে। ছ'চিয়েল মিডিয়াই মানুহক অথর্ব, খঙাল আৰু আসক্ত কৰিও তুলিছে। এই আসক্তি ড্ৰাগৰ আসক্তিতকৈও অধিক বুলিলে ভুল কোৱা নহ'ব। ইয়াৰ লগতে স্বাস্থ্যতো বিৰূপ প্রভাৱ পেলাইছে। নিদ্রাহীনতা, পড়াশুনাত মন নবহা হোৱা, ব্যক্তিগত সম্পর্কত প্রভাৱ পৰা, অৱসাদ, উদ্বেগ, মানসিক অস্থিৰতা, আত্মহত্যাৰ প্ৰৱণতা আদি ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বদ্ধি পাইছে অসহিষ্ণুতা। মানুহৰ প্রতি ভালপোৱা, সম্মান, শ্রদ্ধা আদিৰ দৰে কথাবোৰ ক্ৰমাৎ যেন নাইকিয়া হ'বলৈ ধৰিছে। যাৰ প্ৰতিফলন আমি প্রতিদিনে দেখিবলৈ পাইছোঁ। ছ'চিয়েল মিডিয়া স্কুলৰ অভ্যাসে আমাৰ মনটোক এক নেতিবাচক চিন্তাৰ উৰ্বৰ থলীলৈ ৰূপান্তৰ কৰিছে। 

শেহতীয়াভাৱে মনোৰোগ বিশেষজ্ঞৰ ওচৰত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই লোকসকলৰ অধিকাংশই হৈছে Social media anxietyত ভোগা লোক। অসহিষ্ণুতাই চৰম ৰূপ ধাৰণ কৰাৰ প্ৰতিফলন দেখা পোৱা গৈছে ছ'চিয়েল মিডিয়াত। যিকোনো এটা বিষয়ত ন ন নেৰেটিভ সৃষ্টি কৰি মুহূৰ্তৰ ভিতৰতে উবুৰি খাই ফুৰা লোকৰ সংখ্যা অগণন। অশ্লীল কমেন্ট, গালি-গালাজেৰে ওপচাই পেলায় ফে'চবুকৰ মজিয়া। এচামে আকৌ নেতিবাচক কথাবোৰ প্ৰচাৰ কৰিয়েই হিৰ' হ'ব খোজে। সেই একেখিনি মানুহেই সেই সময়খিনি যদিহে কিছু গঠনমূলক কামত ব্যৱহাৰ কৰে তেনেহ'লে সমাজখনৰ বহু উন্নতি সাধন হ'লহেঁতেনে। কাৰণ এই জগতখনৰ জৰিয়তে বহু ভাল কামো হৈছে। বাতৰিকাকত-নাইবা আলোচনীৰ দৰে ইয়াত কোনোধৰণৰ সম্পাদক নাথাকে বাবেই যিয়ে যিহকে পাই তাকেই কৰি থাকিলে সমাজখন গেলিবলৈ বেছি দিন নালাগিব। এই কথা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়েই ভাবি চাবৰ হ'ল। কাৰণ চৌপাশৰ পৰিৱেশ বেয়া হ'লে এজনে অকলে ভালে থাকি কোনোপধ্যেই আগবাঢ়ি যাব নোৱাৰে। সেয়ে সময় থাকোঁতেই বিষয়টো গুৰুত্ব সহকাৰে ল'লে সকলোৰে মংগল।

Share This