আজিৰ সম্পাদকীয়,  সৌৰশক্তি

dainik janambhumi December 22, 2025

ডিজিটেল ডেস্ক : নগৰীকৰণ আৰু ঔদ্যোগিকীকৰণৰ লগে লগে বৃদ্ধি হয় বিদ্যুতৰ চাহিদা। ভাৰতৰ দৰে বিশাল দেশ এখনত বিদ্যুতৰ চাহিদা আৰু উৎপাদন সেয়ে সদায়েই এটা প্রাসংগিক বিষয়। অসমৰ দৰে ৰাজ্যসমূহে বিদ্যুৎ নাটনিৰ প্ৰসংগৰ উল্লেখেৰে প্ৰায়ে সন্মুখীন হৈছিল 'ল'ড শ্বেডিঙ'ৰ দৰে অনাহূত পৰিস্থিতিৰ। এফালে বিদ্যুতৰ চাহিদা, আনফালে বিদ্যুৎ উৎপাদনৰ ব্যয়, প্ৰদূষণ, প্রাকৃতিক ভাৰসাম্যতা আদিৰ দৰে জটিল স্পৰ্শকাতৰ বিষয়সমূহৰো মুখামুখি হ'ব লাগে তাপবিদ্যুৎ, জলবিদ্যুৎ আদিৰ দৰে বিদ্যুৎ উৎপাদনৰ পৰম্পৰাগত উৎসসমূহে। এনে পৰিস্থিতিত দীর্ঘদিনৰ পৰাই বিদ্যুতৰ উৎসৰূপে অপ্রচলিত শক্তিৰ উৎপাদনৰ প্ৰসংগটোৱে গুৰুত্ব লাভ কৰি আহিছে।

অৱশ্যে শেহতীয়া প্রায় এটা দশকত বিদ্যুৎ উৎপাদনৰ ছবিখন ধীৰে ধীৰে সলনি হৈছে। ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স এছেম্বলীত কিছুদিনৰ পূৰ্বে প্রকাশিত এক তথ্য মতে, ২০১৪ চনত ভাৰতবৰ্ষত অপ্রচলিত শক্তি উৎপাদন হৈছিল ৮১ গিগাৱাট। ২০২৫ চনত দেখা গৈছে এই উৎপাদন প্রায় তিনিগুণ বৃদ্ধি হৈ হৈছেহি ২৫৭ গিগাৱাট। ইয়াৰ ভিতৰত আকৌ সবাতোকৈ উল্লেখযোগ্য ফল দেখুৱাইছে সৌৰশক্তিয়ে। ২০১৪ চনত সমগ্র দেশত সৌৰশক্তি উৎপাদন হৈছিল মাত্র ২.৮ গিগাৱাট। প্রায় এটা দশকৰ পাছত ২০২৫ চনত দেশত সৌৰশক্তিৰ উৎপাদনৰ পৰিমাণ হৈছেহি ১২৮ গিগাৱাট। 

মন কৰিব লগীয়া যে সমগ্র পৃথিৱীজুৰি এতিয়া গ্রীন হাউছ গেছ নিয়ন্ত্রণ এক জৰুৰী বিষয়। এনে সময়ত ভাৰতৰ দৰে ১৪০ কোটি জনসংখ্যাৰ দেশ এখনত এই হাৰত অপ্রচলিত শক্তিৰ উৎপাদন বৃদ্ধি হোৱাটো নিঃসন্দেহে আশাপ্রদ বাতৰি। এটা দশকতে ভাৰতে সৌৰশক্তিকে ধৰি অপ্রচলিত শক্তিৰ উৎপাদনত যিধৰণৰ সাফল্য দেখুৱাইছে, সেয়া আন দেশৰ বাবেও ঈর্ষণীয়। বিশেষজ্ঞসকলৰ মত- দীৰ্ঘদিন ধৰি উৎপাদিত এই অপ্রচলিত শক্তিৰ প্ৰসংগটোৱে আহিব লগীয়া সময়ত আৰু উন্নতি কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও বিভিন্ন বক্তব্যত প্রকাশ কৰিছে একবিংশ শতিকাত -'উচ্চাকাংক্ষী ভাৰতত সৌৰশক্তিয়ে বিদ্যুতৰ ইন্ধনৰ চাহিদা পূৰণ কৰিব। তেওঁ সৌৰবিদ্যুতক 'নিশ্চিত, বিশুদ্ধ আৰু নিৰাপদ' বুলিও উল্লেখ কৰে। সূৰ্যৰ পৰা অবিৰত শক্তি পোৱাৰ বাবে নিশ্চিত, পৰিৱেশ অনুকূলৰ বাবে বিশুদ্ধ আৰু আমাৰ ইন্ধনৰ চাহিদা পূৰণৰ বাবে সূর্য সবাতোকৈ নিৰাপদ।

অৱশ্যে এই ভাল খবৰ আমাৰ দেশৰ অকলশৰীয়া খবৰ নহয়, সমগ্র বিশ্বজুৰি আছে এই ভাল খবৰ। তথ্য অনুসৰি, ২০২৫ চনত প্ৰথমবাৰৰ বাবে পৃথিৱীত কয়লাৰ উৎপন্ন শক্তিক চেৰাই গ'ল অপ্রচলিত শক্তিৰ পৰিমাণে। যি সময়ত পৰিৱেশ বিজ্ঞানীসকলে বাৰম্বাৰ পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ হাৰ ৰোধ কৰিবৰ বাবে গ্রীন হাউছ গেছৰ নিয়ন্ত্ৰণত গুৰুত্ব দি আহিছে, সেই সময়ত অপ্রচলিত শক্তিৰ উৎপাদন বঢ়া খবৰটোৱে অনাগত দিনত কেৱল শক্তিখণ্ডৰ বাবেই নহয়, পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতিও বহু ইতিবাচক সম্ভাৱনা বহন কৰিছে।

ভূ-প্রাকৃতিক কাৰণতেই দেশৰ গুজৰাট, ৰাজস্থান, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশ, তামিলনাডু, তেলেংগানা, ওড়িশা, পশ্চিম বংগৰ দৰে ৰাজ্যসমূহে সূৰ্যৰ পোহৰ কামত লগাই প্ৰচুৰ পৰিমাণৰ সৌৰশক্তি উৎপাদন কৰা সম্ভৱ। আমাৰ অসমতো সৌৰশক্তি উৎপাদনৰ কিছু কাম হোৱা চকুত পৰিছে। ইতিমধ্যে ৰাজস্থান, গুজৰাট আদি কেইখনমান ৰাজ্যই বিৰাট এলেকাজুৰি সৌৰ পেনেল বহুৱাই যথেষ্ট পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰাৰ বাতৰি প্ৰকাশ হৈছে। প্রকৃততে ভাৰতৰ দৰে গ্ৰীষ্মপ্রধান দেশত দূৰৱৰ্তী এলেকাত বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰত, বিশেষকৈ দূৰ সংযোগ ব্যৱস্থা, গ্রাম্য বৈদ্যুতিকীকৰণ, পানী যোগান, শীতলীকৰণ ইত্যাদি ক্ষেত্রত সৌৰশক্তি দ্রুতগতিত জনপ্রিয় হ'বলৈ ধৰিছে।

অসমত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰে 'প্রধানমন্ত্রী সূৰ্য ঘৰ' আঁচনিৰ ৰূপায়ণত যথেষ্ট মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। এ পি ডি চি এলৰ সূত্র মতেই, ৰুফ টপ সৌৰপেনেল স্থাপনৰ ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যতকৈ তেওঁলোক কিছু আগবাঢ়িহে আছে। সামগ্রিকভাৱে বৰ্তমানলৈকে প্রায় ২৬০০০টা সৌৰ পেনেল স্থাপন কৰা হৈছে, যাৰ মুঠ উৎপাদন ক্ষমতা প্রায় ৮৫ মেগাৱাট। এই আঁচনিৰ যোগেদি আৱাসিক গৃহত সৌৰশক্তি ব্যৱহাৰ কৰাৰ ফলত বিদ্যুৎ বিলত যথেষ্ট সকাহ পোৱাৰ কথাও জানিব পৰা গৈছে। এইবোৰ দিশৰ পৰা সৌৰশক্তিয়ে অনাগত দিনলৈ বিৰাট সম্ভাৱনা কঢ়িয়াই আনিছে।

Share This