মৃত্যু জিনাৰ গান

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্ক : ১৯৬০ চনত ভাষাক কেন্দ্ৰ কৰি হোৱা বাঙালী আৰু অসমীয়াৰ সংঘাতৰ বাবে অসমত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়ত দুয়োটা সম্প্ৰদায়ৰ মাজৰ সংঘাত দূৰ কৰি সম্প্ৰীতিৰ এক পৰিৱেশ ৰচনা কৰিবলৈ গণনাট্য সংঘই সমগ্র অসমজুৰি এক সাংস্কৃতিক অভিযান আৰম্ভ কৰিছিল। সেই অভিযানৰ মুখ্য উদ্যোক্তা আছিল হেমাংগ বিশ্বাস। হেমাংগ বিশ্বাসৰ কাষত আছিল ভূপেন হাজৰিকা। সেই সাংস্কৃতিক অভিযানে সংঘর্ষপীড়িত অসমবাসীৰ মাজত এক অনন্য চেতনা জাগ্রত কৰিছিল। বিশেষকৈ নগাঁৱৰ নিচিনা ঠাইত, য'ত সংঘাতৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিছিল তাত সাংস্কৃতিক অনুষ্ঠান শেষ হোৱাৰ পাছত বাঙালী-অসমীয়া উভয় সম্প্রদায়ৰ মানুহ আগবাঢ়ি আহি দুয়োগৰাকী কিংবদন্তি গণ শিল্পীক আগুৰি ধৰিছিলহি। সেই সাংস্কৃতিক অভিযানৰ বাবে হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই মিলি লিখিছিল-'হাৰাধন-ৰংমনৰ কথা' নামৰ ঐতিহাসিক গীতটো। হাৰাধন বাঙালী আৰু ৰংমন অসমীয়া। দুয়োজন খাটিখোৱা সাধাৰণ মানুহ। সামাজিক সংঘাতে অনা অশান্তিত দুয়োজন ব্যথিত। তেওঁলোকৰ জীৱনৰ সংগ্ৰামে এনেকুৱা সংঘাতৰ ভাষা নুবুজে। সেয়েহে, গীতটোৰ শেষত দুয়ো আৱেগৰ বান্ধোনেৰে বান্ধ খোৱাৰ ইচ্ছাক ব্যক্ত কৰি কৈছে- 'তুমি নাচ বিহু নাচ আমি দিব তালি/ঐক্যতানে মিলি যাব বিহু-ভাটিয়ালী/দেশকে আবাৰ গঢ়বো মোৰা বুকেৰ মৰম ঢালি...'। হেমাংগ বিশ্বাসে এই গীতটোৰ আৰু সাংস্কৃতিক অভিযানৰ জনতাৰ সঁহাৰিৰ বিষয়ে নিজেই কৈ থৈ গৈছে- 'ভূপেনৰ দৰদী আৰু মিঠা কণ্ঠই হাৰাধনৰ বুকুৰ বেদনাবোৰ তুলি ধৰিছিল, মোৰ কণ্ঠত ভাটিয়ালীয়ে ৰংমনৰ বেদনা প্রকট হৈ উঠিছিল। ফলত গীতটো শুনি শ্রোতা-দর্শক আত্মহাৰা হৈ পৰিছিল।' এইবোৰেই হৈছে আচলতে মৃত্যু জিনাৰ গান। 

সমাজৰ নিষ্পেষিত, নিপীড়িতজনৰ হকে সাংস্কৃতিক, সাহিত্যিক সংগ্ৰামৰ মাজেৰে জীৱন পাত কৰা হেমাংগ বিশ্বাসে ড° ভূপেন হাজৰিকাৰ কণ্ঠত, মঘাই ওজাৰ ঢোলৰ চাপৰত থকা মহত্ত্বক উপলব্ধি কৰিব পাৰিছিল বাবেই জাতিৰ সংঘাতৰ সময়ত এই দুই শিল্পীক লগত লৈ মানুহৰ মাজত সোমাইছিল। সোমবাৰৰ পৰা (৮ ছেপ্টেম্বৰ, ২০২৫) দেশ-বিদেশৰ প্রান্তে প্রান্তে গণশিল্পী ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আৰম্ভ হৈছে। প্রত্যাশিতভাৱেই তেখেতৰ গানবিলাকে মানুহৰ মাজত বিয়পাই দিয়া অনন্য চেতনা-উপলব্ধিৰ চৰ্চা হৈছে। অতি সংঘাতপূর্ণ ব্যক্তিগত জীৱনৰ বহু ঘাত-প্রতিঘাত অতিক্রম কৰি এই গানবোৰৰ মাজেৰেই ভূপেন হাজৰিকা সকলো পৰিধি চেৰাই গৈ উদ্ভাসিত হৈ পৰিছিল বিশ্বশিল্পীৰ ৰূপত। গান গোৱা মানুহ বহুত আছে। সুৱদী কণ্ঠৰ অধিকাৰী শিল্পীও আছে অলেখ। গানেৰেই বিখ্যাত হৈ ঐশ্বর্যশালী হোৱা শিল্পীও আমি দেখিছোঁ বহুত। কিন্তু সংকটৰ সময়ত পীড়িত মানুহক দিক্কদর্শন দিব পৰা শিল্পী তেনেই তাকৰ। ভূপেন হাজৰিকা আছিল সেই স্তৰৰ শিল্পী। যেনেকৈ ১৯৬০-ৰ সেই সংঘাতৰ সময়ত 'হাৰাধন-ৰংমন'ৰ গীত গাই ভূপেন হাজৰিকাই অগণন মানুহৰ ভাষিক উন্মাদনা প্রশমিত কৰিছিল আৰু সংঘাতত লিপ্ত মানুহক সম্প্ৰীতিৰ দোলেৰে বান্ধ খুৱাবলৈ সক্ষম হৈছিল, তেনেকৈ জুয়ে পোৰা তিৰাশীয়ে অসমখন ক্ষত-বিক্ষত কৰি তোলাৰ সময়তো ভূপেন হাজৰিকাই গান গাই গাই নুমুৱাইছিল মানুহৰ মাজত জ্বলা বিদ্বেষৰ জুই। সেইবাবেই অসমৰ বিভিন্ন জটিল ক্ষণত ভূপেন হাজৰিকা মুম্বাইৰ পৰা অসমলৈ নহাকৈ থাকিলেই মানুহে হুলস্থূল লগাই দিছিল- জাতিৰ এই সংকটৰ সময়ত ভূপেন হাজৰিকা ক'ত? আৰু যেতিয়াই ভূপেন হাজৰিকাই আহি অসমৰ মাটিত ভৰি থৈছিল তেতিয়া সকলো অভিমান কপূৰৰ দৰে উৰি গৈছিল। কাৰণ ভূপেন হাজৰিকাৰ কণ্ঠত যেনেদৰে আছিল সন্মোহনী শক্তি, তেনেদৰে গানৰ প্ৰতিটো শব্দ শ্ৰোতাৰ অনুভৱৰ গভীৰতম অংশত আঘাত কৰিব পৰা। সেই কাৰণেই এইজনা গণশিল্পীৰ গানবোৰেই উদ্বেলিত কৰিছিল মানুহক, এই গানৰ ধ্বনিতে উত্তাল হৈছিল অসম আন্দোলন। 

আমি প্ৰতিগৰাকী অসমবাসী, প্রতিগৰাকী উত্তৰ-পূববাসী সৌভাগ্যৱান-ভূপেন হাজৰিকা আছিল এই ভূখণ্ডৰ সন্তান। আজি কায়িকভাৱে ভূপেন হাজৰিকা আঁতৰি গ'লেও তেওঁৰ সেই মানুহৰ প্ৰাণক প্রয়োজনত উদ্বেলিত কৰিব পৰা, প্রয়োজনত প্রশমিত কৰিব পৰা গানবোৰ আছে। আজি সেই গণশিল্পীৰ জন্ম শতবার্ষিকীৰ সময়ত আমি এটা কথা লক্ষ্য ৰখা উচিত যে প্ৰজন্মৰ মানসিকতাৰ পাৰ্থক্যৰ বাবে ভূপেন হাজৰিকাৰ গীতবোৰৰ প্ৰতি এই শতিকাত জন্ম লোৱাসকলৰ আৱেগ বা আগ্রহ একেদৰে নাথাকিব পাৰে, যি আৱেগ বা অনুৰাগ ১৯৫০-৬০ৰ দশকত জন্ম লোৱাসকলৰ আছে। গতিকে, 'জেনেৰেশ্যন গেপ'ৰ বলি হৈ মহান শিল্পীগৰাকীৰ সেই অনন্য মহান গীতবোৰৰ চর্চা যাতে শেষ হৈ নাযায়, অৱহেলিত হৈ পৰি নাথাকে তাৰ প্ৰতি এতিয়াই গুৰুত্ব দিব লাগিব। নতুন প্রজন্মক বুজাব পাৰিব লাগিব, উপলব্ধি কৰিবলৈ শিকাব লাগিব ড° ভূপেন হাজৰিকাৰ গানবোৰ মৃত্যু জিনাৰ গান, গণ জীৱনৰ সাহ হ'ব পৰা গান।

Share This