ডিজিটেল ডেস্ক : এগৰাকী সাধাৰণ ব্যক্তি; কিন্তু সেই সাধাৰণ ব্যক্তিগৰাকীক অসাধাৰণ বুলি গণ্য কৰাৰ গত্যন্তৰ নাথাকে, যেতিয়া তেখেতৰ সৃষ্টিবিলাকৰ মাজত বিচৰণ কৰা যায়! কিছুমান বিশেষ বিষয়ক যেতিয়া সেইগৰাকী ব্যক্তিয়ে নিজৰ কলাৰ দক্ষতাবে প্রাণৱন্ত কৰি তুলিব পাৰে আৰু হাজাৰজনৰ দৃষ্টিক যেতিয়া সেই সৃষ্টিয়ে চমকিত কৰিব পাৰে, আপোনা-আপুনি সেই স্রষ্টাৰ প্রতি শ্রদ্ধাত মূৰ দোঁ খাই যায়। সৃষ্টিবে নিজক অসাধাৰণ কৰি তুলিব পৰা এগৰাকী ব্যক্তিৰ নাম ড° ৰঞ্জিত কুমাৰ বৰুৱা। বহুতে তেখেতক জানে আৰু বহুতেই চিনি নাপায়। কিন্তু তেখেতৰ সৃষ্টিবিলাকৰ প্ৰসাৰে তেখেতৰ পৰিচয়ৰ পৰিসৰ বৃদ্ধি কৰি নি আছে আৰু ই কেৱল পৰিচয়তে আবদ্ধ নাথাকি অনুৰাগীৰ এখন বহল ক্ষেত্ৰ তৈয়াৰ হৈছে। যোৱা ২৬ মে' তাৰিখৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ এখন একক ভাস্কর্য প্রদর্শনী অনুষ্ঠিত হৈছে। অহা ২ জুনলৈকে প্রদর্শনীখন চলি থাকিব। এই ভাস্কৰ্যসমূহৰ সংখ্যা ১০০টা। এই এশটা ভাস্কৰ্যই আমাৰ ৰাজ্যৰ গ্ৰাম্য সমাজখনক এনেদৰে তুলি ধৰিছে, যিবোৰ দেখিলে এক অনন্য অনুভবে হৃদয় আলোড়িত কৰে। আচলতে এই প্রতিটো ভাস্কর্যই একো একোটা কাহিনী; যেন হেৰাই যোৱা পৰিৱেশৰ একো একোখন জীৱন্ত ছবিহে!
সভ্যতাৰ চৰিত্ৰই হৈছে ৰূপান্তৰ। সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে পুৰণি কিছুমান আঁতৰি যায়, নতুন নতুন বিষয়ৰ সৈতে সমাজ জীৱন একাত্ম হৈ পৰে। অত্যাধুনিক জীৱন যাত্ৰাই আমাৰ অসমীয়া সামাজিক জীৱনৰো এনেকুৱা বহু সংস্কৃতি আঁতৰাই লৈ গ'ল, যিবিলাকে আমাৰ জাতীয় জীৱনক এটা ৰূপ দিছিল, চৰিত্ৰ দিছিল আৰু আনৰ পৰা পৃথক কৰি তুলিছিল। ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ ভাস্কৰ্যসমূহত আমাৰ সমাজৰ তেনেকুৱা কিছুমান বিষয় তথা মুহূর্তই প্রকট হৈছে, মূর্তমান হৈছে। ত্রিশ-চল্লিশ বছৰৰ আগৰ সমাজৰ পৰিচিত দৃশ্য আছিল সেইবোৰ। নিশা কোনো কোনো গঞাই হাতত জোঁৰ আৰু দা লৈ বাৰিষাৰ পথাৰৰ পানীত মাছ কাটিবলৈ যায়, মাছ ধৰিবলৈ পথাৰত চেপা পাতে, গধূলি নামঘৰত বন্তি জ্বলাবলৈ যায়। হাতত টিপচাকি, তেলৰ চিচা লৈ, ভাওনা-সবাহত মেন্থোল লাইট জ্বলাবলৈ সাজু হৈ থকা মানুহজন, গৰু চৰাবলৈ গৈ পথাৰৰ দাঁতিৰ গছৰ ফেৰেঙত আঁউজি কিতাপ পঢ়ি থকা ল'ৰা, ছয়থৰীয়া ডাঙৰিৰ ভৰত বেঁকা হৈ পৰা বিৰিয়া কান্ধত লৈ যোৱা মানুহ, নৈৰ ঘাটৰ পৰা কলহত পানী লৈ আবেলি লোঙেৰে আহি থকা গাভৰু, ভোৰতাল বজোৱা, সন্ধিয়া নামঘৰত দবা বজোৱা মানুহ, ঢকুৱাত চুঁচৰি শৈশৱ-কৈশোৰত গাঁৱৰ কেঁচা বাটত লোৱা আনন্দ, পথাৰত মৈ দিওঁতে সৰু ল'ৰা মৈত উঠা এনেকুৱা বিভিন্ন দৃশ্যই অনুপম ৰূপ পাইছে ড° বৰুৱাৰ ভাস্কৰ্যবোৰত। এই দৃশ্যবোৰ আজিকালি গ্রাম্য জীৱনতো দুর্লভ।
গতিকে ক'ব পাৰি যে এই ভাস্কৰ্যসমূহে ৩০-৪০ বছৰৰ আগৰ আমাৰ পৰিচিত গ্রাম্য জীৱনটোক ধৰি ৰাখিলে। ইচ্ছুক নতুন প্ৰজন্মই এই ভাস্কৰ্যসমূহৰ মাজেৰে সেই গ্রাম্য জীৱনক চোৱাৰ আৰু উপলব্ধি কৰাৰ সুযোগ থাকিব। এই ভাস্কৰ্যসমূহৰ মাজেৰে উদ্ভাসিত হোৱা ড° ৰঞ্জিত কুমাৰ বৰুৱা শিল্পীজনৰ মহত্ত্ব ইমানতে সীমাবদ্ধ নহয়। তেওঁ এগৰাকী নিপুণ চিত্ৰকৰো। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক হৃদয়ত স্থাপন কৰি তেওঁ ইতিপূর্বে এনে কিছুমান শিল্পকর্ম জাতীয় জীৱনক উপহাৰ দিছে, সেইবিলাক এক কথাত ক'বলৈ গ'লে জাতিৰ অমূল্য সম্পদ। তেওঁ গুৰুজনাৰ বিশাল মুর্তি নিৰ্মাণ কৰি মধুপুৰ সত্ৰত প্ৰতিষ্ঠা কৰিছে। তদুপৰি তেওঁ বিশ্বৰ বিভিন্ন স্থানত থকা গুৰুজনাৰ দ্বাৰা নিৰ্মিত বৃন্দাৱনী বস্ত্ৰৰ খণ্ডসমূহ দৰ্শন কৰি, তাৰ বিভিন্ন দিশ অধ্যয়ন কৰি নিজেই ঘৰত তাঁতশাল পাতি বৈ উলিয়ায় ১০ ফুট বহল, ৩৮ ফুট দীঘল এখন বিশাল 'বৃন্দাৱনী বস্ত্র'। কিছুদিন পূর্বে সেই 'বৃন্দাৱনী বস্ত্ৰ'ৰ আনুষ্ঠানিক প্ৰদৰ্শন কৰা হয় গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত। ইমানেই নহয়, তেওঁ গুৰুজনাৰ শৈশৱৰে পৰা মহাপ্রয়াণলৈকে বিশেষ বিশেষ উল্লেখযোগ্য অধ্যায়বিলাকক সামৰি ৩৮খন বিশাল বিশাল তৈলচিত্র অংকন কৰিছে। সেই চিত্ৰসমূহৰ একাংশৰ প্ৰদৰ্শনো অলপতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হৈ যায়। সেই ছবিসমূহ যিসকলে দর্শন কৰিছে, তেওঁলোকেহে অনুভৱ কৰিব পাৰে ড° বৰুৱাৰ চিত্ৰকৰ্মৰ মহত্ত্বক।
চৰিত পুথিসমূহৰ আধাৰত ৰচনা কৰা জীৱনী গ্ৰন্থৰ পৰা গুৰুজনাৰ সুদীর্ঘ জীৱনৰ বৈচিত্র্যপূর্ণ অধ্যায়বোৰৰ বিষয়ে জানিছে আৰু গুৰুজনাৰ সকলো অনুৰাগীয়ে সেই অধ্যায়বোৰৰ কল্পিত দৃশ্য হৃদয়ত কঢ়িয়াই ফুৰিছে। ৰঞ্জিত কুমাৰ বৰুৱাই সেই অধ্যায়বোৰকে ৰং-তুলিকাৰে প্ৰাণৱন্ত কৰি সেই তৈল ছবিসমূহ নিৰ্মাণ কৰিছে। প্রথমতেই উল্লেখ কৰা হৈছে যে ৰঞ্জিত কুমাৰ বৰুৱা আপাতঃ দৃষ্টিত এগৰাকী সাধাৰণ মানুহ। তেওঁ বিজ্ঞানৰ ছাত্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। কিন্তু তেওঁৰ সমগ্ৰ সত্তা কলাৰে সমৃদ্ধ হৈ আছে। তেওঁৰ সেই শিল্পী সত্তা প্রতিভাত হৈছে চিত্র-ভাস্কৰ্যসমূহত, বৃন্দাৱনী বস্ত্ৰত। এই সৃষ্টিসমূহত তেওঁ কেৱল মন-প্রাণ-শ্রমেই দিয়া নাই, ব্যয় কৰিছে জীৱনৰ সমস্ত অর্জন। সৃষ্টিৰ এই সাধনাই সাধাৰণ মানুহ ড° ৰঞ্জিত কুমাৰ বৰুৱাক কৰি তুলিছে অসাধাৰণ।