পৰিৱৰ্তনৰ ধ্বনি

dainik janambhumi November 11, 2025

দৈনিক জনমভূমিঃ বহু দিনৰ পিছত বিহাৰত এটা পৃথক চৰিত্ৰৰ নিৰ্বাচন দেখিবলৈ পাইছে জনসাধাৰণে। দুটা পৰ্যায়ত হোৱা ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ অন্তিম পর্যায়। প্রথম পৰ্যায়ৰ নিৰ্বাচনত ভোটৰ হাৰ প্রায় ৬৫ শতাংশ, আগৰবাৰৰ বিধানসভাৰ নির্বাচনতকৈ প্রায় ১০ শতাংশ বেছি। 

ভোটৰ হাৰ বেছি হোৱাৰ ইংগিত হৈছে শাসনৰ পৰিৱৰ্তনৰ বাবে সৃষ্টি হোৱা জন মানসিকতা। তেনেহ'লে প্রশ্ন হ'ব-ৰাজ্যখনত বৰ্তমান শাসনত থকা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি (ইউ)- বিজেপি-লোক জনশক্তি মৰ্চাৰ চৰকাৰখনৰ পৰিৱৰ্তন কৰিব বিচাৰিছে নেকি তাৰ জনতাই? যদি সেয়ে হয়, তেনেহ'লে কি ৰাইজে পুনৰ আৰ জে ডি-কংগ্ৰেছৰ শাসন তাত পুনৰ প্ৰৱৰ্তন হোৱাটো বিচাৰিছে? এই অংককে লৈ সকলো ব্যস্ত থকাৰ মাজতে ৰাজ্যখনত অন্য এজাক বতাহ সকলোৰে চকুত পৰাকৈ বলি আছে। সেই বতাহজাকৰ কোব কম নহয়। এই বতাহ বলাইছে প্রশান্ত কিশোৰে। 

নির্বাচনী ৰণকৌশলৰ মন্ত্রণাদাতা হিচাপে প্রশান্ত কিশোৰক সমগ্র দেশে জানে। পিছে তেওঁ এইবাৰ মন্ত্রণাদাতা নহৈ নিজেই নেতৃত্ব লৈছে ৰাজনৈতিক পৰিৱৰ্তন অনাৰ এক ৰাজনৈতিক সংগ্ৰামৰ। 'বদলাও', অর্থাৎ পৰিৱৰ্তনৰ শ্ল'গান দি তেওঁ এইবাৰৰ নিৰ্বাচনৰ পৰিৱেশটোৱেই সলনি কৰি পেলাইছে। তেওঁৰ এই 'পৰিৱৰ্তন'ৰ শ্ল'গানে ৰাজ্যবাসীক, বিশেষকৈ যুৱচামটোক আকর্ষিত কৰা দেখা গৈছে। ফলত প্রশ্ন উঠিছে, বিহাৰবাসীয়ে এইবাৰ প্ৰশান্ত কিশোৰৰ 'পৰিৱৰ্তন'কেই বিচাৰিছে নেকি?

'পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, পিছে...'- প্রয়াত জুবিন গাৰ্গৰ এই বাক্যাংশ শিল্পীগৰাকী জীয়াই থাকোঁতেও বেছ জনপ্রিয় হৈছিল, এতিয়া তেওঁৰ মৃত্যুৰ ধুমুহাজাকৰ কোবাল জোকাৰণিয়ে ৰাজ্যখন অস্থিৰ কৰি ৰখাৰ সময়তো তাৰ চৰ্চা চলি আছে। 'পৰিৱৰ্তন' শব্দটোৰ অৰ্থৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। স্থিতাৱস্থাৰ ৰূপান্তৰ ঘটোৱাই হৈছে পৰিৱৰ্তন। কিন্তু ৰাজনীতিত 'পৰিৱৰ্তন' শব্দটোৰ ব্যৱহাৰ অলপ গোলমলীয়া। ২০১৪ চনত দেশত বিজেপিৰ ছুনামি হোৱাৰ সময়ত এই 'পৰিৱৰ্তন' শব্দটোৰ ইমান ব্যাপক ব্যৱহাৰ হৈছিল যে আমাৰ গাঁও-ভূঁইৰ সাধাৰণ মানুহে বিজেপিক 'পৰিৱৰ্তন দল' বুলিহে অভিহিত কৰিছিল। এই 'পৰিৱৰ্তন'ৰ ধুমুহাত কোন উটি যোৱা নাছিল! বিজেপি ক্ষমতালৈ আহিলেই দেশ তথা ৰাজ্যৰ 'পৰিৱৰ্তন' হৈ যাব বুলি বিশ্বাস কৰি জাকে জাকে মানুহ ওলাই গৈ গেৰুৱা আদর্শবাহী দলটোৰ প্রার্থীক ভোট দিছিল। তাৰ পিছত দেশ বা ৰাজ্যত কি 'পৰিৱৰ্তন' হ'ল? 

সেইবোৰ দেখি-শুনিয়ে জুবিন গাৰ্গে কৈছিল- 'পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, পিছে...!' তাৰ আগতে ১৯৭৫ চনত 'জৰুৰী অৱস্থা' ঘোষণাৰ সময়ত জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত দেশত 'সম্পূর্ণ ক্রান্তি' আন্দোলন চলিছিল আৰু সেই আন্দোলনে দেশৰ তদানীন্তন ৰাজনীতিৰ ভেটি কঁপাই দিছিল। সেই 'সম্পূর্ণ ক্রান্তি'ৰো অর্থ হ'ল 'সর্বাত্মক ৰূপান্তৰ', যাক ইংৰাজীত 'Total revolution' বুলি কোৱা হয়। সেই 'সম্পূর্ণ ক্রান্তি' আন্দোলনৰ পৰিণতিত মহাপ্রতাপী ইন্দিৰা গান্ধী গাদীচ্যুত হ'ল, দেশত প্ৰৱৰ্তন হ'ল 'জনতা'ৰ শাসন। কিন্তু তাৰ পিছত কি হ'ল? দেশৰ ৰাজনীতিৰ চাৰিত্ৰিক পৰিৱৰ্তন কিবা হ'লনে? নাই, একো নহ'ল। মাত্র হৈ থাকিল ক্ষমতাৰ অদল-বদল। সেইবাবেই আমাৰ দেশৰ ৰাজনীতিত 'পৰিৱৰ্তন' শব্দটো এতিয়া গোলমলীয়া হৈ পৰিছে আৰু ৰাজনৈতিক দলৰ 'পৰিৱৰ্তন'ৰ আহ্বানৰ ওপৰত মানুহৰ বিশ্বাস কমি গৈছে। তেনে অতীতৰ অভিজ্ঞতা আৰু বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিৰ মাজে মাজতে বিহাৰৰ নিৰ্বাচনত শুনা গৈছে 

'বদলাও' ধ্বনি। 'বদলাও' মানেও হ'ল 'পৰিৱৰ্তন'। বিহাৰে 'বদলাও' ধ্বনি বহুবাৰ শুনিছে। মহাত্মা গান্ধীৰ স্বাধীনতাৰ সংগ্ৰামখন প্ৰথম বিহাৰৰ চম্পাৰণৰ পৰাই আৰম্ভ হৈছিল। জয়প্রকাশ নাৰায়ণৰ 'সম্পূর্ণ ক্রান্তি' আন্দোলনৰো মূল পৃষ্ঠভূমি আছিল বিহাৰেই। সেই ঐতিহাসিক সংগ্ৰামৰ সময়ত পাটনা বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সম্পাদক হৈ থকা লালু প্রসাদ যাদৱে বিহাৰ ছাত্ৰ সংঘৰ্ষ সমিতিৰ নেতৃত্ব দি সেই আন্দোলনক কেনেদৰে শক্তিশালী কৰি তুলিছিল, সেই অধ্যায় ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। সেই লালু প্রসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল ইমান দুদিনৰ পাছতো বিহাৰৰ ৰাজনীতিত এতিয়াও প্ৰাসংগিক হৈ থকাৰ কাৰণ হ'ল- সেই সংগ্রামী ইতিহাস আৰু ১৯৭৯ চনত তেতিয়াৰ জনতা চৰকাৰে গঠন কৰা 'মণ্ডল কমিছন'ৰ প্রভাৱ; যাৰ বাবে দেশত 'পৰিৱৰ্তন'ৰ ছুনামি অনাৰ পাছতো বিহাৰত নিজৰ একাধিপত্য বিস্তাৰত ব্যর্থ হৈ আহিছে বিজেপিৰ দৰে হিন্দুত্ববাদী অতি শক্তিশালী ৰাজনৈতিক দল। সেই বিহাৰত এইবাৰ 'বদলাও', অর্থাৎ পৰিৱৰ্তনৰ ধ্বনি বিয়পাইছে প্রশান্ত কিশোৰৰ 'জন সুৰাজ পার্টি'য়ে। পূৰ্বৰ লালু প্রসাদ যাদৱৰ আমোলৰ 'জংঘলৰাজ' আৰু বৰ্তমানৰ নীতিশ কুমাৰৰ আমোলত 'অপশাসন'ৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিহাৰবাসীক আহ্বান জনাই প্রশান্ত কিশোৰে বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ কালত 'বদলাও যাত্রা' অথবা 'পৰিৱৰ্তনৰ যাত্রা'ৰে নিৰ্বাচনটোৰ ৰূপেই সলনি কৰি দিছে। ৩৮০০ কিঃমিঃ পথ সামৰা এই 'বদলাও যাত্রা'ৰ প্ৰতি জনসাধাৰণৰ সঁহাৰি অভূতপূর্ব। হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটা দেখা যায় প্রশান্ত কিশোৰৰ 'ৰেলী 'বিলাকত। প্রশান্ত কিশোৰৰ ভাষণবোৰে বিহাৰবাসীক আকৰ্ষণ কৰিছে। প্রশান্ত কিশোৰে কৈছে- লালু প্রসাদৰ 'জংঘলৰাজ'ৰ অৱসান ঘটাই জনতাই নীতিশ কুমাৰৰ চৰকাৰক আনিলে। কিন্তু এই চৰকাৰৰ দিনতো কথাবোৰ একেই আছে। চৰকাৰৰ সকলো স্তৰতে দুর্নীতি চলি আছে। ঘোচ নিদিলে একো কাম নহয়। গতিকে এইবাৰ বিহাৰত 'পৰিৱৰ্তন' আনিব লাগিব। ৰাজ্যখনৰ মানুহে কথাবোৰ ভাল পাইছে, সামাজিক মাধ্যমবোৰত 'জন সুৰাজ পার্টি'ৰ প্ৰতি সমর্থন উপচি পৰিছে। কিন্তু তথাপি এক প্রশ্নবোধক চিহ্ন ৰৈ গৈছে। বিভিন্ন মাধ্যমত প্রশ্ন উঠিছে যে 'বদলাও 'ৰ সমৰ্থনত বিহাৰত এনে ধৰণৰ যি পৰিৱেশ ৰচনা হৈছে, সেয়া ভোটলৈ ৰূপান্তৰিত হ'ব জানো? যিহেতুকে বিহাৰৰ ৰাজনীতিক 'জাত-পাত'কেন্দ্রিক চিন্তাই সুদীর্ঘ দিন ধৰি প্ৰভাৱিত কৰি আহিছে, তেনেস্থলত প্রশান্ত কিশোৰৰ 'জন সুৰাজ পার্টি'ৰ পৰিৱৰ্তনৰ ৰাজনীতিয়ে সঁচাকৈয়ে ৰাজ্যখনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'বনে? সেই কথা খাটাংকৈ কোৱা টান যদিও প্রশান্ত কিশোৰৰ 'বদলাও যাত্রা'ৰ প্ৰতি জনসাধাৰণে প্ৰদৰ্শন কৰা প্ৰবল সঁহাৰিয়ে অৱশেষত কিবা এটা 'চমৎকাৰ' হৈ যোৱাৰ সম্ভাৱনাকো নুই নকৰে।

Share This