দৈনিক জনমভূমিঃ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে অসমক দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ মাজৰ এখন কৰাৰ সপোনৰ কথা দোহাৰে। নিঃসন্দেহে অসমক ভালপোৱা প্রতিজন মানুহৰ সপোন আৰু লক্ষ্য হোৱা উচিত এয়া। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই সপোন, লক্ষ্য আৰু চেষ্টাৰ এক বিপৰীত ছবি প্ৰায়ে দেখা যায় ৰাজ্যৰ শিক্ষা খণ্ডত। নানান ৰোগত যেন আক্রান্ত ৰাজ্যৰ শিক্ষা বিভাগ।
চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম, চৰকাৰী বিদ্যালয় বন্ধ, একত্ৰীকৰণ কৰাৰ অলেখ বাতৰি প্ৰকাশ হৈ থাকোঁতেই কেন্দ্রীয় বিদ্যালয় শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনৰ সমগ্ৰ শিক্ষাৰ পি এ চিৰ প্ৰতিবেদনত প্রকাশ হৈছে ৰাজ্যৰ বহু গাঁৱত এতিয়াও নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়েই নাই। প্রতিবেদনখনৰ মতে, প্রাথমিক পর্যায়ত ২২২খন গাঁৱত নিম্ন প্রাথমিক বিদ্যালয়ৰ সুবিধা নাই আৰু ২২১খন গাঁৱত নাই উচ্চ প্রাথমিক বিদ্যালয়। প্রতিবেদনখনত লগতে এয়াও উল্লেখ আছে যে আন্তঃগাঁথনি উন্নয়নত ৰাজ্য চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও বিদ্যালয়ত বিশুদ্ধ খোৱাপানী, বিদ্যুৎ সংযোগ আদিৰ ব্যৱস্থা এতিয়াও শোচনীয় হৈ আছে। ৰাজ্যত থকা মুঠ ৪৫,০০৮খন বিদ্যালয়ৰ ভিতৰত বিদ্যুৎবিহীন ১৫৫৩খন বিদ্যালয়, বিশুদ্ধ খোৱাপানী নথকা ৭৫৩খন বিদ্যালয়, ছোৱালীৰ শৌচাগাৰ নথকা ১,০৭৫খন বিদ্যালয়, ল'ৰাৰ শৌচাগাৰ নথকা ১,৪৭২খন বিদ্যালয় আছে। স্বাভাৱিকতেই এই মৌলিক সা-সুবিধাসমূহ নথকাৰ কথাটোৱে বিদ্যালয়সমূহৰ সামগ্রিক মানক প্রতিফলন কৰে। তেনেদৰে একোখন একোখন গাঁৱত এই একবিংশ শতিকাতো প্রাথমিক বিদ্যালয় নথকাৰ কথাটোৱে ৰাজ্যৰ শিক্ষাৰ দুখ লগা ছবিখন প্রকট কৰে।
ইফালে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবলৈ কাগজে-কলমে চৰকাৰে বহু আঁচনি ল'লেও বা সেইবোৰ ৰূপায়ণ কৰিলেও ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰিবলৈ এতিয়াও আশানুৰূপভাবে সফল হোৱা নাই যেন লাগে। কাৰণ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে দেশৰ ভিতৰতে দ্বিতীয়। অসমৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য লোক সভাত প্রকাশ কৰিছে কেন্দ্রীয় শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে। ইফালে স্বাক্ষৰতাৰ হাৰত অসমৰ স্থান দেশৰ ভিতৰত ১৫ নম্বৰতহে। এয়াও একপ্ৰকাৰে ৰাজ্যৰ শিক্ষাৰ স্বৰূপ প্রতিফলন কৰা এখন ছবি। আনকি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰতো অসমৰ স্থান একেবাৰে তলৰ ফালেহে। তথ্য মতে, আমাৰ ৰাজ্যৰ ১৩ শতাংশ বাসিন্দাই নিচিনে আখৰ।
এইসমূহৰ উপৰি এজনীয়া বিদ্যালয়ৰ শিক্ষক, ছাত্র-অনুপাতে শিক্ষক নথকা, বিদ্যালয়ৰ আন্তঃগাঁথনি আশানুৰূপ নোহোৱা আদি অলেখ অভিযোগ সততে সুলভ। প্রতি বছৰে চৰকাৰে গুণোৎসৱ আয়োজন কৰি ৰাজ্যৰ বিদ্যালয়সমূহৰ মূল্যায়নৰ চেষ্টা কৰিছে যদিও সেইবোৰ মূল্যায়ন কিবা 'কামৰ কাম' হৈছে যেন অনুভৱ নহয়- গুণোৎসৱ যেন সঁচাকৈয়ে এক উৎসৱহে হৈছে।
সততে চকুত পৰা আৰু আশ্চৰ্যকৰ কথাটো হ'ল বেচৰকাৰী স্কুলৰ শিক্ষকৰ বেতন সাধাৰণতে চৰকাৰী স্কুলতকৈ কম। বহু সময়ত তেওঁলোকৰ শিক্ষাগত অর্হতা আৰু অভিজ্ঞতাও কম। আজিকালি বহু চৰকাৰী স্কুলত স্মার্ট ক্লাছ ৰূমকে ধৰি বৃহৎ চৌহদ বহু বেচৰকাৰী স্কুলতকৈ ভাল, কিন্তু ইয়াৰ পাছতো চৰকাৰী স্কুলত ছাত্র-ছাত্রী নাই, হয়তো কাষৰ বেচৰকাৰী স্কুলখনতকৈ পৰীক্ষাৰ ফলতো পিছপৰা। এয়া এক আজব সাঁথৰ নহয়নে?
পৰীক্ষাৰ ফলৰ প্ৰশ্ন উত্থাপন হ'লেই প্রায়ে আঙুলি টোঁৱোৱা হয় শিক্ষকসকললৈ। হয়, শিক্ষকসকলৰ গুণগত চৰিত্ৰৰ পৰিৱৰ্তন ঘটিছে, তাহানিৰ আদৰ্শ শিক্ষক আজিকালি প্রায় দুর্লভ। শ্রেণীত পাল মাৰিব খোজা, নিজৰ দায়িত্বৰ প্ৰতি অমনোযোগী শিক্ষক আজি দেধাৰ। তথাপি বিদ্যালয়লৈ ছাত্র-ছাত্রী নহা, পৰীক্ষাৰ ফল বেয়া হোৱাৰ সকলো দায়িত্ব শিক্ষকৰ কান্ধলৈ ঠেলিলেই হ'বনে? একোজন শিক্ষক, যাক সমাজে 'গুৰু'' বুলি মানে তেনে একোজন শিক্ষকক ৰাজহুৱাকৈ যেতিয়া কোনো মন্ত্রী-আমোলাই তীর্যক মন্তব্যৰে ৰাজহুৱাকৈ অপমান কৰে, সেই অপমানেৰে সমগ্র শিক্ষক সমাজেই লজ্জিত নহয়নে? এজনৰ দোষৰ ভাগ সমগ্র সম্প্রদায়টোৰ ওপৰত পৰাৰ পাছত নৈতিকভাৱে তেওঁলোকে যোগাত্মক মনোভাবৰ হৈ থাকিবনে? সেইদৰে মধ্যাহ্ন ভোজনৰ দাইল-তেলৰ হিচাপ ৰখাৰ পৰা অমৃত বৃক্ষ, নেমু পুলি, তুলসী পুলি ৰোপণৰ পৰা বিভিন্ন জৰীপ আৰু নিৰ্বাচনৰ দৰে অগণন অনা শৈক্ষিক কামত শিক্ষকসকলক নিয়োগ কৰা হয়, তাৰ সামগ্রিক নেতিবাচক ফল ৰাজ্যৰ শিক্ষা বিভাগত নাইপৰা বুলি ক'ব পাৰিনে? ৰাজ্যৰ শিক্ষাৰ উৎকৰ্ষ সাধনৰ কথা ভাবিলে এইবোৰ কথাও ভাবিব লাগিব।
এই কথা ঠিক ৰাজ্যৰ শিক্ষা খণ্ডৰ সামগ্রিক বিকাশ অবিহনে আমাৰ ৰাজ্যৰ সৰ্বাংগীণ বিকাশ সম্ভৱ নহয়, সপোনো সাকাৰ নহয় দেশৰ উন্নত পাঁচখন ৰাজ্যৰ এখন হোৱাৰ। সেয়ে ৰাজনীতিৰ ঊর্ধ্বত থাকি, ভৱিষ্যদর্শী, যুগোপযোগী পৰিকল্পনাৰে ৰাজ্যৰ শিক্ষাক আগুৱাই নিয়াৰ কথা নেতৃত্বই ভাবিব লাগিব। কেৱল পদূলিয়ে পদূলিয়ে বিশ্ববিদ্যালয় পাতি, বিৰাট নিয়োগ মেলা পাতি, বৃহৎ ঘৰ-দুৱাৰ সাজিলেই ৰাজ্যৰ শিক্ষাৰ উন্নতি নহয়- গুণগতমান উন্নত কৰাৰ কথা চৰকাৰে গুৰুত্বসহকাৰে ভাবক। গুণগত বিকাশেহে শিক্ষাৰ মান ৰাখিব, ৰাজ্যকো দিব সন্মান।